স্বাগতম পৰীক্ষা/দ্ৰুত লিখনৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

ৱিকিউৎসৰ পৰা

[ ৪৩ ]

 

দ্ৰুত লিখনৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা

 পৰীক্ষাৰ আগমুহূৰ্তৰ আটাইতকৈ দৰকাৰী এই সময়ছোৱাতে পৰীক্ষাক এটি চিনাকি বন্ধুৰ দৰে কৰি তুলিব লাগে। লগে লগে আৱশ্যক, পৰীক্ষা লিখাৰ বাবে আৱশ্যকীয় তীব্ৰ দ্ৰুতি আয়ত্তৰ বাবে প্ৰচেষ্টা। প্ৰায়বিলাক বিষয়ৰ ক্ষেত্ৰতেই নিৰ্দিষ্ট সময়ৰ ভিতৰত শুদ্ধভাৱে যিমান বেছি লিখিব পাৰি সিমানেই বেছি নম্বৰ বা উচ্চ গ্ৰেড পোৱাৰ সম্ভাৱনা থাকে। গতিকে লিখা বা লগতে ছবি আদি অঁকাৰ তীব্ৰ দ্ৰুতি থাকিলেহে পৰীক্ষাৰ্থীসকলে কম সময়তে বেছি বিষয়বস্তু শুদ্ধভাৱে পৰীক্ষাৰ বহীত উপস্থাপন কৰিব পাৰিব আৰু সেয়ে দ্ৰুতি তেওঁলোকৰ বাবে এটা অতি আৱশ্যকীয় বিষয়। তদুপৰি দ্ৰুত লিখনৰ জৰিয়তে কম সময়ৰ ভিতৰতে যদি কোনো এখন প্ৰশ্নকাকতৰ উত্তৰ লিখি শেষ কৰিব পৰা যায়, তেন্তে পুনৰবাৰ পঢ়ি চোৱাৰ বাবে বা ৰিভাইছ কৰাৰ বাবে বেছি সময় হাতত পোৱা যায়। ফলত ভুলৰ মাত্ৰা কমে। টোকা লিখি শেষ কৰাৰ পিছত ইয়াক আয়ত্ত কৰিবলৈ লোৱা পৰীক্ষাৰ আগৰ এই সময়খিনিয়েই দ্ৰুতি বৃদ্ধিৰ বাবে চেষ্টা কৰাৰ প্ৰশস্ত সময়। কম দ্ৰুতি থকা পৰীক্ষাৰ্থীসকলে পৰীক্ষাত ভাল ফলাফল আশা কৰিলে চেষ্টাৰ জৰিয়তে দ্ৰুতি বৃদ্ধি কৰিবই লাগিব। কিন্তু প্ৰশ্ন হ’ল, দ্ৰুতি কেনেদৰে বৃদ্ধি কৰা যায়। লিখাৰ দ্ৰুতি বৃদ্ধি কৰাৰ একমাত্ৰ উপায় হৈছে অভ্যাস। পৰীক্ষাৰ্থীসকলে অভ্যাসৰ জৰিয়তে লিখাৰ দ্ৰুতি আৱশ্যকীয় পৰ্যায়লৈ অনায়াসে বৃদ্ধি কৰি ল’ব পাৰিব। তাৰ কাৰণে পৰীক্ষাৰ্থীসকলে প্ৰথমে উল্লেখ কৰা অনুসৰি কাগজ-কলম গোটাই ল’ব লাগে। কোনো এটা বিষয় পঢ়ি লিখিবৰ সময়ত দ্ৰুতভাৱে লিখি যাব লাগে। এই ক্ষেত্ৰত মেজ আৰু চকীৰ উচ্চতা সঠিক আৰু আৰামদায়ক হ’ব লাগে। প্ৰতিবাৰ লিখোতে দ্ৰুতি ক্ৰমাগতভাৱে বঢ়াই যাবলৈ চেষ্টা কৰিব লাগে। এনে ক্ষেত্ৰত এটা সময়ত লিখাখিনি পঢ়িব নোৱাৰা অৱস্থা পাব। এই সময়ত বেছি পঢ়িব নোৱাৰা হোৱা আখৰবোৰ বাছি উলিয়াব লাগে আৰু সেইবোৰ দ্ৰতভাৱে কিন্তু বুজিব পৰা হোৱাকৈ বেলেগকৈ লিখাৰ অভ্যাস কৰিব লাগে। দ্ৰুতভাৱে লিখাৰ অভ্যাস কৰাৰ ক্ষেত্ৰত আখৰ খুব ভাল কৰিবলৈ যত্ন কৰাৰ আৱশ্যক নাই আৰু ই সম্ভৱো নহয়। কিন্তু দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আখৰ বুজিব নোৱাৰা হোৱাটো বিপদজনক। তেতিয়া হ’লে দ্ৰুতি বৃদ্ধি কৰাৰ কোনো অৰ্থই নাথাকিব। আখৰ সৰু হোৱাতকৈ কিছু ডাঙৰ আৰু সমান জোখৰ হোৱাটোৱেই বাঞ্ছনীয়।শাৰীবোৰ পোন কৰিবলৈ যত্ন কৰিব লাগে আৰু দুটা শাৰীৰ মাজত কিছু ফাঁক ৰাখিব [ ৪৪ ] লাগে, যাতে ৰৈ যোৱা কথা পিছত সুমুৱাই দিব পৰা যায়। দ্ৰুতভাৱে লিখি যোৱাৰ মাজে মাজে কেতিয়াবা দ্ৰুতি অলপ কমাই দি আখৰবোৰ ভাল কৰিবলৈ যত্ন কৰিব লাগে। পুনৰ পিছত দ্ৰুতি বঢ়াই লিখিব লাগে। এনেদৰে অভ্যাস কৰিলে লিখাৰ দ্ৰুতি বৃদ্ধি পোৱাৰ লগে লগে আখৰৰ গঢ়ো ভাল হৈ থাকে। হেলনীয়া আখৰৰ ক্ষেত্ৰত লিখাৰ দ্ৰুতি বাঢ়ে বুলি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবে। কিন্তু ই ভুল ধাৰণা। টোকা প্ৰস্তুত কৰোতে পৰীক্ষাৰ্থীসকলে যেনে ধৰণৰ আখৰ— পোন বা হেলনীয়া ব্যৱহাৰ কৰিছিল, অভ্যাসৰ ক্ষেত্ৰতো তেনে আখৰহে ব্যৱহাৰ কৰা উচিত। ছবিবোৰ অঁকাৰ ক্ষেত্ৰতো একে ধৰণৰ প্ৰণালীয়েই অনুসৰণ কৰিব লাগে। ছবিবোৰ সুন্দৰ কৰাতকৈ শুদ্ধভাৱে আৰু দ্ৰুততাৰে অঁকাৰ ওপৰতহে গুৰুত্ব দিব লাগে। মানচিত্ৰ বা বিজ্ঞানৰ ছবিবোৰৰ ক্ষেত্ৰত মূল বা জটিল অংশবোৰ আগতে আঁকি ল’ব লাগে। এনেবোৰ অংশ প্ৰথমে যথাস্থানত আঁকি লৈ পিছত সেইবোৰ যোগ কৰি গ’লেই সুন্দৰ ছবি পোৱা যায়। জ্যামিতিৰ চিত্ৰসমূহৰ পৰাপক্ষত হাতেৰেই সুন্দৰকৈ আঁকিবলৈ চেষ্টা কৰিব লাগে। অত্যন্ত প্ৰয়োজন নহ’লে স্কেল, কাঁটা-কম্পাছ আদি ব্যৱহাৰ কৰিব নালাগে। আজিকালি বজাৰত এনেবোৰ সুঁজলিতকৈ সুবিধাজনক আন এবিধ সুঁজলিহে পোৱা যায়। এই প্ৰকাৰৰ সঁজুলিত প্লাষ্টিক বা এলুমিনিয়ামৰ পাতত সৰু-ডাঙৰ বিভিন্ন জোখৰ বৃত্ত, উপবৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ, বহুভুজ, কোণ, সমান্তৰাল, সৰলৰেখা আদি বিভিন্ন জ্যামিতীয় আকৃতি কটা থাকে। ছাত্ৰ-ছাত্ৰীসকলে এইখিনি সময়তে এনে প্ৰকাৰৰ সঁজুলি ব্যৱহাৰ কৰাৰ অভ্যাস কৰিলে পৰীক্ষাগৃহত অতি কম সময়তে সুন্দৰ চিত্ৰ উপস্থাপন কৰিব পাৰিব। উৎসাহী আৰু বুদ্ধিমান ছাত্ৰ-ছাত্ৰীসকলে আনকি নিজৰ সুবিধামতে তেনে সঁজুলি নিজে নিজে তৈয়াৰ কৰি লোৱাটোও অসম্ভৱ নহয়। এইখিনিতে উল্লেখযোগ্য যে, বহুতো ছাত্ৰ- ছাত্ৰীয়ে লিখা বা অঁকাৰ সময়ত কলমৰ সাঁফৰখন কলমৰ পিছপিনে লগাই লয়। ই এটা বেয়া অভ্যাস। লিখাৰ দ্ৰুততাৰ বাবে কলম যিমান পাৰি পাতল কৰি ৰাখিব লাগে যাতে হাত আৰু আঙুলিত জোৰ নপৰে। এনে ক্ষেত্ৰত অনাৱশ্যকভাৱে সাঁফৰৰ ওজনখিনি কঢ়িয়াই ফুৰাৰ প্ৰয়োজন কি? তদুপৰি লিখা বা অঁকাৰ দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলিৰ জোৰ বৃদ্ধি কৰা তথা বেছি সময় ইয়াক ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে কৰিবলগীয়া এই ব্যায়ামবোৰ যিকোনো ভাল ব্যায়ামৰ পুথিতে পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকলে এইবোৰৰ কিছুমান বছা বছা ব্যায়াম আয়ত্ত কৰি নিয়মিতভাৱে অভ্যাস কৰিব লাগে। মুঠতে শৰীৰ আৰু মন সুস্থ ৰাখি, উপৰোক্ত নিয়মসমূহ পালন কৰি, নিয়মিত অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰীসকলে যে কম সময়তে আৱশ্যকীয় দ্ৰুতি আয়ত্ত কৰিব পাৰিব তাত কোনো সন্দেহ নাই।