দ্ৰুত লিখনৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তা
পৰীক্ষাৰ আগমুহূৰ্তৰ আটাইতকৈ দৰকাৰী এই সময়ছোৱাতে পৰীক্ষাক এটি চিনাকি বন্ধুৰ দৰে কৰি তুলিব লাগে। লগে লগে আৱশ্যক, পৰীক্ষা লিখাৰ বাবে আৱশ্যকীয় তীব্ৰ দ্ৰুতি আয়ত্তৰ বাবে প্ৰচেষ্টা। প্ৰায়বিলাক বিষয়ৰ ক্ষেত্ৰতেই নিৰ্দিষ্ট সময়ৰ ভিতৰত শুদ্ধভাৱে যিমান বেছি লিখিব পাৰি সিমানেই বেছি নম্বৰ বা উচ্চ গ্ৰেড পোৱাৰ সম্ভাৱনা থাকে। গতিকে লিখা বা লগতে ছবি আদি অঁকাৰ তীব্ৰ দ্ৰুতি থাকিলেহে পৰীক্ষাৰ্থীসকলে কম সময়তে বেছি বিষয়বস্তু শুদ্ধভাৱে পৰীক্ষাৰ বহীত উপস্থাপন কৰিব পাৰিব আৰু সেয়ে দ্ৰুতি তেওঁলোকৰ বাবে এটা অতি আৱশ্যকীয় বিষয়। তদুপৰি দ্ৰুত লিখনৰ জৰিয়তে কম সময়ৰ ভিতৰতে যদি কোনো এখন প্ৰশ্নকাকতৰ উত্তৰ লিখি শেষ কৰিব পৰা যায়, তেন্তে পুনৰবাৰ পঢ়ি চোৱাৰ বাবে বা ৰিভাইছ কৰাৰ বাবে বেছি সময় হাতত পোৱা যায়। ফলত ভুলৰ মাত্ৰা কমে। টোকা লিখি শেষ কৰাৰ পিছত ইয়াক আয়ত্ত কৰিবলৈ লোৱা পৰীক্ষাৰ আগৰ এই সময়খিনিয়েই দ্ৰুতি বৃদ্ধিৰ বাবে চেষ্টা কৰাৰ প্ৰশস্ত সময়। কম দ্ৰুতি থকা পৰীক্ষাৰ্থীসকলে পৰীক্ষাত ভাল ফলাফল আশা কৰিলে চেষ্টাৰ জৰিয়তে দ্ৰুতি বৃদ্ধি কৰিবই লাগিব। কিন্তু প্ৰশ্ন হ’ল, দ্ৰুতি কেনেদৰে বৃদ্ধি কৰা যায়। লিখাৰ দ্ৰুতি বৃদ্ধি কৰাৰ একমাত্ৰ উপায় হৈছে অভ্যাস। পৰীক্ষাৰ্থীসকলে অভ্যাসৰ জৰিয়তে লিখাৰ দ্ৰুতি আৱশ্যকীয় পৰ্যায়লৈ অনায়াসে বৃদ্ধি কৰি ল’ব পাৰিব। তাৰ কাৰণে পৰীক্ষাৰ্থীসকলে প্ৰথমে উল্লেখ কৰা অনুসৰি কাগজ-কলম গোটাই ল’ব লাগে। কোনো এটা বিষয় পঢ়ি লিখিবৰ সময়ত দ্ৰুতভাৱে লিখি যাব লাগে। এই ক্ষেত্ৰত মেজ আৰু চকীৰ উচ্চতা সঠিক আৰু আৰামদায়ক হ’ব লাগে। প্ৰতিবাৰ লিখোতে দ্ৰুতি ক্ৰমাগতভাৱে বঢ়াই যাবলৈ চেষ্টা কৰিব লাগে। এনে ক্ষেত্ৰত এটা সময়ত লিখাখিনি পঢ়িব নোৱাৰা অৱস্থা পাব। এই সময়ত বেছি পঢ়িব নোৱাৰা হোৱা আখৰবোৰ বাছি
উলিয়াব লাগে আৰু সেইবোৰ দ্ৰতভাৱে কিন্তু বুজিব পৰা হোৱাকৈ বেলেগকৈ লিখাৰ অভ্যাস কৰিব লাগে। দ্ৰুতভাৱে লিখাৰ অভ্যাস কৰাৰ ক্ষেত্ৰত আখৰ খুব ভাল কৰিবলৈ যত্ন কৰাৰ আৱশ্যক নাই আৰু ই সম্ভৱো নহয়। কিন্তু দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আখৰ বুজিব নোৱাৰা হোৱাটো বিপদজনক। তেতিয়া হ’লে দ্ৰুতি বৃদ্ধি কৰাৰ কোনো অৰ্থই নাথাকিব। আখৰ সৰু হোৱাতকৈ কিছু ডাঙৰ আৰু সমান জোখৰ হোৱাটোৱেই বাঞ্ছনীয়।শাৰীবোৰ পোন কৰিবলৈ যত্ন কৰিব লাগে আৰু দুটা শাৰীৰ মাজত কিছু ফাঁক ৰাখিব
৪৩