পৃষ্ঠা:Swagatam Pariksha.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


লাগে, যাতে ৰৈ যোৱা কথা পিছত সুমুৱাই দিব পৰা যায়। দ্ৰুতভাৱে লিখি যোৱাৰ মাজে মাজে কেতিয়াবা দ্ৰুতি অলপ কমাই দি আখৰবোৰ ভাল কৰিবলৈ যত্ন কৰিব লাগে। পুনৰ পিছত দ্ৰুতি বঢ়াই লিখিব লাগে। এনেদৰে অভ্যাস কৰিলে লিখাৰ দ্ৰুতি বৃদ্ধি পোৱাৰ লগে লগে আখৰৰ গঢ়ো ভাল হৈ থাকে। হেলনীয়া আখৰৰ ক্ষেত্ৰত লিখাৰ দ্ৰুতি বাঢ়ে বুলি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবে। কিন্তু ই ভুল ধাৰণা। টোকা প্ৰস্তুত কৰোতে পৰীক্ষাৰ্থীসকলে যেনে ধৰণৰ আখৰ— পোন বা হেলনীয়া ব্যৱহাৰ কৰিছিল, অভ্যাসৰ ক্ষেত্ৰতো তেনে আখৰহে ব্যৱহাৰ কৰা উচিত। ছবিবোৰ অঁকাৰ ক্ষেত্ৰতো একে ধৰণৰ প্ৰণালীয়েই অনুসৰণ কৰিব লাগে। ছবিবোৰ সুন্দৰ কৰাতকৈ শুদ্ধভাৱে আৰু দ্ৰুততাৰে অঁকাৰ ওপৰতহে গুৰুত্ব দিব লাগে। মানচিত্ৰ বা বিজ্ঞানৰ ছবিবোৰৰ ক্ষেত্ৰত মূল বা জটিল অংশবোৰ আগতে আঁকি ল’ব লাগে। এনেবোৰ অংশ প্ৰথমে যথাস্থানত আঁকি লৈ পিছত সেইবোৰ যোগ কৰি গ’লেই সুন্দৰ ছবি পোৱা যায়। জ্যামিতিৰ চিত্ৰসমূহৰ পৰাপক্ষত হাতেৰেই সুন্দৰকৈ আঁকিবলৈ চেষ্টা কৰিব লাগে। অত্যন্ত প্ৰয়োজন নহ’লে স্কেল, কাঁটা-কম্পাছ আদি ব্যৱহাৰ কৰিব নালাগে। আজিকালি বজাৰত এনেবোৰ সুঁজলিতকৈ সুবিধাজনক আন এবিধ সুঁজলিহে পোৱা যায়। এই প্ৰকাৰৰ সঁজুলিত প্লাষ্টিক বা এলুমিনিয়ামৰ পাতত সৰু-ডাঙৰ বিভিন্ন জোখৰ বৃত্ত, উপবৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ, বহুভুজ, কোণ, সমান্তৰাল, সৰলৰেখা আদি বিভিন্ন জ্যামিতীয় আকৃতি কটা থাকে। ছাত্ৰ-ছাত্ৰীসকলে এইখিনি সময়তে এনে প্ৰকাৰৰ সঁজুলি ব্যৱহাৰ কৰাৰ অভ্যাস কৰিলে পৰীক্ষাগৃহত অতি কম সময়তে সুন্দৰ চিত্ৰ উপস্থাপন কৰিব পাৰিব। উৎসাহী

আৰু বুদ্ধিমান ছাত্ৰ-ছাত্ৰীসকলে আনকি নিজৰ সুবিধামতে তেনে সঁজুলি নিজে নিজে তৈয়াৰ কৰি লোৱাটোও অসম্ভৱ নহয়। এইখিনিতে উল্লেখযোগ্য যে, বহুতো ছাত্ৰ- ছাত্ৰীয়ে লিখা বা অঁকাৰ সময়ত কলমৰ সাঁফৰখন কলমৰ পিছপিনে লগাই লয়। ই এটা বেয়া অভ্যাস। লিখাৰ দ্ৰুততাৰ বাবে কলম যিমান পাৰি পাতল কৰি ৰাখিব লাগে যাতে হাত আৰু আঙুলিত জোৰ নপৰে। এনে ক্ষেত্ৰত অনাৱশ্যকভাৱে সাঁফৰৰ ওজনখিনি কঢ়িয়াই ফুৰাৰ প্ৰয়োজন কি? তদুপৰি লিখা বা অঁকাৰ দ্ৰুতি বৃদ্ধি কৰাৰ বাবে আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলি আৰু হাতৰ কিছুমান বিশেষ ব্যায়ামৰো প্ৰয়োজন। হাত আৰু আঙুলিৰ জোৰ বৃদ্ধি কৰা তথা বেছি সময় ইয়াক ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে কৰিবলগীয়া এই ব্যায়ামবোৰ যিকোনো ভাল ব্যায়ামৰ পুথিতে পোৱা যায়। ছাত্ৰ-ছাত্ৰীসকলে এইবোৰৰ কিছুমান বছা বছা ব্যায়াম আয়ত্ত কৰি নিয়মিতভাৱে অভ্যাস কৰিব লাগে। মুঠতে শৰীৰ আৰু মন সুস্থ ৰাখি, উপৰোক্ত নিয়মসমূহ পালন কৰি, নিয়মিত অভ্যাস কৰিলে ছাত্ৰ-ছাত্ৰীসকলে যে কম সময়তে আৱশ্যকীয় দ্ৰুতি আয়ত্ত কৰিব পাৰিব তাত কোনো সন্দেহ নাই।

৪৪