সুৰভি
প্ৰকাশকঃ
সাহিত্য-প্ৰকাশ
গুৱাহাটী—৩
প্ৰথম প্ৰকাশঃ
১৮৩০ শক, মাঘ
১৯০৯ চন, জানুৱাৰী
দ্বিতীয় প্ৰকাশঃ
১৮৮৮ শক; বহাগ
১৯৬৬ চন, এপ্ৰিল
শ্ৰীমতী ৰত্নাৱলী বৰুৱাৰ দ্বাৰা
সৰ্ব্বস্বত্ব সংৰক্ষিত
গুৱাহাটী ট্ৰিবিউন প্ৰেছত
মুদ্ৰিত
মূল্যঃ দুটকা পয়সত্তৰ পইচা
ৰসৰাজ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ “সুৰভি” গল্প-গ্ৰন্থৰ দ্বিতীয় প্ৰকাশ প্ৰায় ৫৭ বছৰৰ পিছত আমি পঢ়ুৱৈ সমাজলৈ সবিনয়ে আগবঢ়ালো। এইখন অসমীয়া ভাষাতে পোন প্ৰথম গল্প-গ্ৰন্থ। ইংৰাজী ১৯০৯ চনত ইয়াৰ প্ৰথম প্ৰকাশ হোৱাটো এক প্ৰকাৰ বিস্ময়কৰ। কাৰণ গল্প সাহিত্যৰ জন্মভূমি পাশ্চাত্যতে তেতিয়া ইয়াৰ পূৰ্ণ বিকাশ হোৱা নাছিল। অসমীয়া গল্পৰ ৰসজ্ঞ আৰু, অনুসন্ধিৎসু, পাঠকসকলে সেয়ে এই দুষ্প্ৰাপ্য সংকলনটিলৈ আজি বহুত দিনৰে পৰা বাট চাই আছিল।
কিতাপ খনিৰ সৈতে এটি বৰ শোকৰ স্মৃতি জড়িত হৈ আছে। “সুৰভি আইটি” লক্ষ্মীনাথ বেজবৰুৱাৰ বৰ আদৰৰ বৰ জীয়ৰী আছিল, যি নিচেই কুমলীয়া বয়সতে দেউতাকৰ “হৃদয় এডোখৰ ভাঙি নি” ইহলীলা সম্বৰণ কৰিছিল। সুৰভিয়ে বেজবৰুৱা পৰিয়ালৰ বন্ধু-বান্ধবৰ কিমান খিনি ঠাই আগুৰি আছিল সেই কথা এই পুথিৰ আৰম্ভতে জুৰি দিয়া দেউতাকৰ কৱিতাটিৰ উপৰি দুগৰাকী মহিলাই লিখা দুটি বঙলা কৱিতাই প্ৰমাণ কৰিছে। তাৰে এগৰাকী ইন্দিৰা দেৱী আছিল বিশ্বকৱি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বিতীয় ভ্ৰাতৃ প্ৰথম ভাৰতীয় আই-চি-এছ সত্যেন্দ্ৰ নাথ ঠাকুৰৰ জীয়ৰী। বেথুন কলেজৰ স্নাতিকা ইন্দিৰা দেৱী সেই কালৰ বঙ্গদেশৰ এগৰাকী সংগায়িকা আছিল। আন গৰাকী সৰোজ কুমাৰী দেৱী আছিল, বেজবৰুৱাৰ “জীৱন সোৱঁৰণ” মতে, সম্বলপুৰৰ গৱৰ্ণমেণ্ট উকীল যোগেন্দ্ৰনাথ সেনৰ সহধৰ্মিনী; এই পৰিয়ালটি বেজবৰুৱা পৰিয়ালৰ বৰ বন্ধু, আছিল আৰু, তেওঁলোকৰ অনুৰোধত বেজবৰুৱা পৰিয়াল গৈ মাজে মাজে সম্বলপুৰত আছিল। সৰোজ কুমাৰীয়ে সুৰভিক আগতে দেখা নাছিল, কিন্তু মৃত্যুৰ পিছত সুৰভিৰ ছবি এখন দেখি কৱিতাটো লিখি বেজবৰুৱাক দিছিল।
বেজবৰুৱাৰ নিজৰ ভাষাত “.........অলপ কালৰ ভিতৰতে তাই নিজৰ ৰূপৰ উপৰিও গুণৰ চিনাকি এনেকৈ দিছিল যে তাইক দেখাসকলে তাইৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। .......তাইৰ কথা-বাৰ্ত্তা অতি মিঠা, আৰু, বয়সীয়া মানুহৰ দৰে সঙ্গত আছিল। ভয় নামৰ বস্তুটোৰে সৈতে তাইৰ চিনাকি একেবাৰে নহৈছিল।......... বিধিৰ নিষ্ঠুৰ বিধানত তেনেজনী ছোৱালীক তাইৰ পাঁচ বছৰ বয়সতে মই হেৰুৱালো। সুৰভিয়ে আমাৰ গোটেই হিয়াখনি জুৰি আছিল। তাই আমাৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি আমাক এৰি গুচি গল। .........সুৰভি আছিল a poem এটি কৱিতা। .........জীৱনত প্ৰথমতে আমি এই দাৰুণ শোক পালোঁ। মাকৰ আৰু মোৰ হিয়া ভাগি টুকুৰা টুকুৰ হ'ল। ৰাতি শৱটো কোনে নি নিমতলা ঘাটত পুৰিলেগৈ আজিলৈকে মই কব নোৱাৰো, কাৰণ মোৰ তেতিয়া একপ্ৰকাৰ অজ্ঞান অৱস্থা।” ডিপথেৰিয়া ৰোগত মৃত্যু হোৱা সুৰভিৰ ‘পেৰিচ-প্লাষ্টাৰ’ৰ আবক্ষমূৰ্ত্তি এটি বেজবৰুৱাই কৃষ্ণনগৰৰ নিপুণ খনিকৰ যদু পালৰ হতুৱাই নিৰ্মাণ কৰাই হাওৰাত থাকোতে মন্দিৰৰ নিচিনাকৈ সৰু ঘৰ এটি সজাই তাত আল-ফুলে স্থাপন কৰিছিল। এনে এটি অতি পৱিত্ৰ স্মৃতিত এই গল্প-গ্ৰন্থৰ নামকৰণ হৈছিল। অসমীয়া গল্প সাহিত্যত আগৰণুৱা বেজবৰুৱা ডাঙৰীয়াৰ গল্প জগতৰ প্ৰথম মানস সন্তানটিও অসমীয়া সাহিত্যৰ বুৰঞ্জীত চিৰস্মৰণীয় হৈ ৰব, সন্দেহ নাই।
সেই কামত সামান্য বৰঙণি যোগাব পাৰিছে বুলিয়েই প্ৰকাশকসকল ধন্য।
⸻
। উৎসৰ্গ।
সৰগৰ শোভা তই সুৰভি আইটি,
নিঃকিনৰ ধন।
বিলালি সৌৰভ পিতৃ মাতৃৰ হিয়াত,
আৰু বন্ধুজন।
দুদিনতে সমাপিলি মৰতৰ লীলা,
সপোনৰ প্ৰায়।
ভাঙ্গি নিলি এডোখৰ হৃদয় আমাৰ,
চিৰদিন হায়।
দেৱলোকে তৰাৰূপে পোহাৰিছ তই,
প্ৰিয় দৰশন।
অকণি হাতত ল উপহাৰ মোৰ,
সুৰভি ৰতন!
“পাপা”।
। সুৰভি।
সুৰভি ছিল তোমাৰ নাম,
তাই বুঝি ফুলেৰ মতন
সৌৰভ কৰিয়া বিতৰণ,
দুদিনে ত্যজিলে মৰ্ত্ত্যধাম।
সে সৌৰভ চিৰ দিন ৰাত
বহিল মোদেৰ এই ঘৰে
তুমি থাক দেবতাৰ তৰে
অমৰ অমল পাৰিজাত।
শ্ৰীইন্দিৰা দেবী।
। সুৰভি।
(চিত্ৰ দৰ্শনে)
সহসা বেসুৰো কৰি দুটি হৃদি বীণা।
কোন নন্দনেৰ বনে,
খেলিতে মলয়া সনে,
গিয়েছে সুৰভি মেয়ে ভুলিয়া আপনা।
এসেছিল পথ ভুলে,
মা বাপেৰ স্নেহ কোলে,
সহসা ভেঙ্গেছে ঘোৰ, খেলাৰ বাসনা।
তাই সে গভীৰ ৰাতে,
গেছে স্বৰগেৰ পথে,
ধৰাৰ বাঁধন খুলি, স্নেহেৰে কামনা।
কে কৰে মৰুৰ মাঝে ফটায়েছে ফুল।
কবে এই ধৰা পৰে,
পাৰিজাত শোভা কৰে,
সুৰভি কে লভে কোথা, এ যে শুধু ভুল।
ত্ৰিদিবেৰ শোভা ৰাশি,
ধৰায় কে দেবে আসি,
দৰিদ্ৰ মানব বুকে আকাঙ্ক্ষা বিপুল।
সুখেৰ স্বপন প্ৰায়
চকিতে মিলাল হায়,
শুধু ভেঙ্গে দিয়ে গেল দুটি হৃদি কুল।
স্বৰ্গেৰ সুৰভি সে যে সুৰভিৰ প্ৰায়।
মধুৰ সুবাস ধাৰা,
ঢালিয়া জগতে সাৰা,
চলে গেছে মুগ্ধ কৰি মানব হিয়ায়।
সুৰভি পৰশ কৰে,
কে কোথা পেয়েছে ভবে,
শুধু অনুভব কৰ শিৰায় শিৰায়।
স্মৃতিৰ নিৰালা ঘৰে,
জাগাইয়া অশ্ৰু, থৰে,
স্নেহ মন্দাকিনী ধাৰ সিঞ্চিও তাহায়।
শ্ৰীসৰোজ কুমাৰী দেবী।
সূচী
পিঠি |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )