ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ
লেখক লক্ষ্মীনাথ বেজবৰুৱা
সুৰভি গ্ৰন্থৰ প্ৰথম গল্প


                                          ‘’’ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ’’’


“আইটী শয়নি অ! মাৰক ক, আজি আঞ্জাত লোণ দিবৈ পাহৰিলে। ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল। ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল।“ হাকিম ডিম্বধৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি এগৰাহ ভাত মুখত দি এই কথা কোৱা মাত্ৰকে, বেৰৰ সিফালে আখলৰ চৰুৰ কাষৰ পৰা হাকিমনী মুনচুপনীয়ে ঠেহেৰ কৰে মাত লগালে-“ আমি ৰান্ধিলে আঞ্জাত লোণ নহয়, ভাত আধাফুটা হয়, মাছ কেঁচাই থাকে; কিবা বোলেনে ঢেৰুৱাৰ ঠাৰি নিসিজে। ৰান্ধনি বামুণ নাইবা খানচামা নেৰাখে বা কিয়? সিহঁতে ৰান্ধি দিলেই দেখোন জুতি ধৰি খাব পাৰে; আৰু কিবা বোলেনে গোলামীজনীয়েও ছুটী পায়।“

হাকিম!-উস! এইটো ভয়ঙ্কৰ কথা দেখিছোঁ যে, আঞ্জাত লোণ নহ’লে নাই হোৱা বুলি ক’ব নেপায়; ভাত দেই গ’লে বা শুকাই কৰ্কৰা হ’লে দেই গ’ল বা কৰ্কৰা হ”ল বুলি ক’ব নাপায়। গাখীৰ কুৰূচিলে কুৰূচি গ’ল বুলি ক’ব নাপায়, ল’ৰা-ছোৱালীক কন্দুৱালে কি কন্দুৱাইছ বুলি সুধিব নাপায়! এনে কথা ক’ত আছে, ক’ত দেখিছা! মোৰ ঘৰত মই কোনো নহওঁনে ? এইখন ঘৰৰ গৰাকী কোন ? এইখন মান-মৰাণৰ মলুক হ’ল নেকি ?”

হাকিমনী।–“এৰা এইখন মান মৰাণৰ মলুক হ’ল, মই নাননী মৰাণনী হ’লোঁ! মই আজিৰ পৰা ভাত ৰান্ধিব নোৱাৰোঁ, নেৰান্ধো, সকলোকে কৈ দিলোঁ। আজিৰ পৰা কোনে মোৰ হতুৱাই ভাত ৰন্ধাই খায়, তাকো দেখিম। বোলোঁ দেখিম, দেখিম, দেখিম! বোৱাৰীয়েকহঁতে এগাল ৰান্ধি ভৰিৰে গৰাই দিলে তেতিয়া সকলোৱে হেঁপাহ পলুৱাই খাব।“

হাকিম।–“কি কলি পাষণ্ডী! পাপিষ্ঠী! তোৰ ইমান মুখ বাঢ়ি গৈছে!” এইবুলি দিম্বধৰ বৰুৱা মুনচুপ ডাঙৰীয়া হাকিমে কাঁহীৰ ভাত কাঁহীতে এৰি, চুৱা হাতেৰেই ঘৈণীয়েক মুনচুপনী হাকিমনীক ভালকৈ এখুন্দা দিবলৈ গোণা মহে চোঁচা লোৱাদি চোঁচা ল’লে। পুতেক শূলধৰ তৌজিনবিচ, ডেকা-বৰুৱায়ো বাপেকৰ ওচৰতে বহি, পেট নামে, ভূ ভাৰতত জনম লোৱা সেই নিজা ছালৰ মোনাত একান্তমনে গৰাহে গৰাহে ভাত খাজি আছিল। কিন্তু কথা বিসঙ্গতি হ’ল দেখি তেওঁ একে চাবেই উঠি বাপেকৰ ভৰিত সাবট মাৰি ধৰিলে; আৰু ডাঙৰীয়ায়ো মস্তি চৰা মখনা হাতীয়ে উচাল মাৰি ভিৰৰ বান্দা ছিঙাদি পুতেকৰ সেই হাতৰ বান্ধ ছিঙি যাব খোজোঁতেই মাটিত গুৰিকঠালটো পৰাদি হামকূৰিখাই পৰিল; আৰু তাৰফলস্বৰূপে তেওঁৰ মুখৰ চিকচিকীয়া আগদাঁত এটা চিৰকাললৈ ভাগি থাকিল! তাৰ উপৰিও ঘিঁউ চেনি ভিতৰলৈ সুমুৱা আৰু তিতা মাত বাহিৰলৈ উলিওৱা তেওঁৰ বহুমূলীয়া ওঁঠখন কাটি তাৰ পৰা বোম্বানলে তেজ ববলৈ ধৰিলে। ডাঙৰীয়া মূচকছ গ’ল। ক্ষন্তেকতে ঘটনাটো গৈ গুৰুতৰ হ’ল দেখি চাৰিওফালৰ পৰা লগুৱা-লৈকচৌ টেকেলা-বেঙেনা য’ত যি আছিল আটাইবোৰ লৰি আহি ডাঙৰীয়াক তুলি ধৰি বহুৱাই তেওঁৰ মূৰত তেল পানী দি বিচিবলৈ লাগি গ’ল। ডাঙৰীয়ানীয়েও কি কৰোঁতে কি হ’ল দেখি, আখাৰ আৰু খঙৰ অঙঠাবোৰত হুৰহুৰ কৰে পানী ঢালী দি, “অ, মোৰ ভৈয়াইৰ কি হ’ল ঔ! মোৰ ভৈয়াইক হাততে হেৰুৱালোঁ নে কি ঔ!” বুলি ৰাউচি মাৰি দি উধাতু খাই লৰি আহিল।

কিছুমান বেলিৰ মূৰত ডাঙ্গৰীয়া সু্স্থ হ’ল। ঘৰত মুনচুপ ডাঙৰীয়া আৰু বনত দাঁত ভগা ফেঁটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ডাঙৰীয়াই শত্ৰুক সুবিধা দি, লাহে লাহে চেঁচা পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কাছাৰীলৈ বুলি যাবলৈ ওলাল। ওলাল মানে গ’লেই বুলিব লাগে; কাৰণ, বেলি দুপৰীয়া হৈ গৈছিল দেখি খৰধৰকৈ তেওঁ যাবলৈ বাধ্য হৈছিল, মাথোন বাটত হাঠাত্ ডাঙৰীয়াৰ আগত পৰি, তুৱাই তৰণিয়ে ভৰিত বুট জোতাৰে সৈতে ডাঙৰীয়াক ‘চেলাম’ কৰাত, তুৱাইক “কুকুৰৰ পো কটা” বুলি ডাঙৰীয়াই গালি পাৰি এখুন্দা দিব খোজাত হে যি অলপ অচৰপ পলম হৈছিল। সি যি হওক, ধুমুহা বতাহৰ কোবত ডাৱৰ উৰি যোৱাৰ পিছত ৰ’দ ৰেঙোৱাৰ দৰে সেই দিনাৰ দুৰ্যোগ কাটি গ’ল। হাকিম ডাঙৰীয়া এজলাচত বহিল আৰু তেওঁৰ মুখত সুখৰ ৰেঙণি ওলাল। কিন্তু দুৰ্ঘোৰ বাৰিষা কালত ৰেঙোৱা ৰ’দ খন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙণিও ক্ষন্তেক থাকি মাৰ গ’ল। হাকিমে কাপ লৈ কিবা কাকত এখন চহী কৰোতে দেখিলে যে কাপৰ মুখখন কাকতত চেৰ্চেৰাই গৈছে। হাকিমে সেই চেৰ্চেৰণিটো কাকতে কাপৰ ওপৰত কৰা গোচৰ বুলি ধৰি লৈ তত্ক্ষণাত কাপৰ ‘জৱানবন্দী’ লৈ চুমাৰি বিচাৰ কৰি কাপটোক কলীয়াপনীলৈ পঠিয়ালে, আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক ৫ টকা জৰিমনা কৰিলে। বাৰ বাজি পোন্ধৰ মিনিট হৈ গ’ল, তেতিয়াও মিনাৰাম পেচকাৰে মকৰ্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই। মিনাৰামৰ কামত বৰ “গাফিলী” বুলি হাকিমে তেওঁক এমাহৰ দৰমহা জৰিমনা বিহিলে।

ইয়াৰ পিছত এটা ছোৱালী চুৰি মকৰ্দমাৰ নথি হাকিমৰ হাতত পৰিল; আৰু “আচামী ফৰিয়াদীৰ ফোকাৰ হ’ল।“ ফৰ্চাচিং কনিষ্টবলে ভুলকৈ “ফোকাৰিলে” জয়ৰাম কলিতা আচামী হাজিৰ।“

পেচকাৰে লাহেকৈ ফৰ্চাচিঙক ক’লে, “জয়ৰাম কলিতা নহয়, জিতৰাম কলিতাহে।” ফৰ্চাচিঙৰ দুৰ্ভাগ্যৰ গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গ’ল। হাকিমে তেতিয়াই ধৰি ফৰ্চাচিঙক “চাচপেণ্ড” কৰি থ’লে। মকৰ্দমাত জিতৰাম দোষী প্ৰমাণ নাই হোৱা বুলি জিতৰামৰ পক্ষৰ উকীল বিদ্যাৰাম শইকীয়াই কৈ দীঘলকৈ বক্তৃতা মেলিব খোজোঁতেই উকীলক “চুপৰও” বুলি হাকিমে ভেকাহি মাৰি দি জিতৰামক তিনি মাহলৈ ফাটেকত দিবলৈ হুকুম দিলে। বিদ্যা উকীলে আকৌ কিবা ক’ব খোজাত “আদালত অৱমাননা” বুলি হাকিমে উকিলক কৰি টকা জৰিমান কৰি সেই গোচৰৰ সেইখিনিতে সামৰণি ঘেটা মাৰিলে।

কুগ্ৰহে পোৱা হাকিমৰ কথা আমি এইখিনিতে এৰি দুৰ্ভগীয়া পেচকাৰৰ কথা কওঁ। গধূলি বেলিকা পেচকাৰে এবোকোচা মনৰ দুখ কছাৰীঘৰৰ পৰা ভৰ বৈ ঘৰলৈ আনি, তেওঁক হাত মুখ ধুবলৈ পানী এলোটা দিয়াত নাম মাত্ৰ পলম হোৱাত, আৰু তাৰ পিছত ধঁপাত এচিলিম লগাই দিবলৈকো তেনে হোৱাত, লগুৱা ল’ৰাটোক ঠলামূৰীয়াই দিলে। অন্যায় দেখি আৰু গিৰিয়েকৰ সেইদিনাৰ মানসিক অৱস্থাৰ বিষয়ে একো সম্ভেদ নেজানি, পেচকাৰণীয়ে লগুৱাটোৰ হৈ একেষাৰ মতাত, পেচকাৰে পেচকাৰণীৰ সৈতে ঢেঁকীথোৰা এটাৰ নতুন বিধৰ চিনাকি কৰি দিব খোজোঁতেই টেঙৰী পেচকাৰণীয়ে লৰ মাৰি কলাবাৰীত সোমাই নিজৰ প্ৰাণ আৰু নীতি-শাস্ত্ৰৰ মান ৰক্ষা কৰিলে। কিন্তু অৰসিক লগুৱাটোৱে পেচকাৰ ডাঙৰীয়াৰ লপা-থপা কিলকেইটাক গুৰুলাগুৰুল কিলৰ শাৰীত পেলাই তেতিয়াই নিজৰ লামলাকটু কেইডাল লৈ পেচকাৰক ঘৰতে এৰি গুচি গ’ল; লাভৰ ভিতৰত লগুৱাৰ অভাৱত পেচকাৰণীয়ে এমাহলৈ চুৱা ধুবলগীয়াত পৰিল; আৰু পেচকাৰে স্বহস্তে তিয়নী চেপা, ধঁপাত লগোৱা আদি কাম নথিৰে সৈতে সমানে পেচ কৰিবলগীয়া হ’ল।
ফৰ্চাচিং কনিষ্টবলে সঁচাসঁচিকৈয়ে “চাচপেণ্ড” হৈ ছাপৰাছ পাগুৰি শোধাই দি মনৰ দুখত মদৰ দোকানত সোমাই টেটুলৈকে মন খাই মতলীয়া হৈ তাতে আৰু এটা মতলীয়া মানুহেৰে সৈতে প্ৰথমতে কোলাকুলি দ্বিতীয়তে গলিয়াগলি তাৰ পিছত মৰামৰি আৰু শেহত মূৰ ফলাফলি কৰি হস্পাতাল পালেগৈ আৰু দণ্ডবিধি আইনৰ ৩৫২ ধাৰা মতে তাৰ ওপৰত গোচৰ “ৰুজো” হ’ল।

তুৱাই তৰিণিৰ ছোৱা শুনিলে গাৰ তৰণি হেৰাবৰ কথা। ৰাজআলিত বাটৰুৱা মানুহৰ আগত ওপৰত কৈ অহাৰ দৰে তেওঁ অপমান আৰু লাজ পাই ক্ৰোধত জৰ্জৰিত হৈ মুনচুপ ডাঙৰীয়াৰ নামে হুৰমতৰ দাবী গোচৰ কৰিবলৈ বাৰেবঙলুৱা ভাষাত আৰ্জি এখন লিখি লৈ তেওঁৰ উকীল ত্ৰাহিৰাম শৰ্মাক দেখুৱালে। ঘটনা গুৰুতৰৰ ফালে অহা দেখি উকীলে তুৱাইক তপত-চেঁচা অনেক বিধৰ কথাৰে সেকিপুটকি শান্ত কৰি কোনো মতেহে সেই আৰ্জিখন দাখিল নকৰাকৈ ৰাখিলে। কিন্তু, কঁকালৰ কোব নেপাহৰা সাপৰ দৰে তুৱায়ে সেই অপমানৰ কোব নেপাহৰি, দুদিনৰ পিছতে ধৰ্ম্মাৱতাৰ হাকিমৰ গাত ভেটী-খোৱা অপবাদ দি, চীফকমিছনৰ চাহাবলৈ বেনামীকৈ চিঠি এখন লিখি পঠিয়াই অঁতাইহে কোনোমতে চেঁচা পৰিল।

দুখীয়া ৰামগোলাম দপ্তৰীয়ে অলপ কচুৰতে পাঁচ টকা জৰিমনা ভৰি, দুখৰ ভাৰ মনত লৈ ঘৰ পাই, ঘৈণীয়েকে তিনি বছৰৰ আগেয়ে কৰা পুৰণি জগৰ এটা সুঁৱৰি, তাৰ বাবে তাইক এখুন্দ দি চতাই বেহেৰাৰ ঘৰ ওলালেগৈ। চতায়ে ছমাহৰ আগেয়ে ৰামগোলামৰ পৰা টকাত চাৰি পইচা বাঢ়িত ছটকা ৰূপ ধাৰে নিছিল। ৰামগোলামে তাৰ কঁকালৰ গাঁঠিত কম পৰা ৰূপ ছটকা ছপাই আনিবলৈ গৈছিল। “এতিয়া মোৰ হাতত ৰূপ নাই, দিব নোৱাৰো, পিছত দিম” বুলি চতায়ে কোৱাত, কমাৰৰ হাতুৰিৰ মুখৰ পৰা ফিৰিঙতি ওফৰাদি ৰামগোপালৰ খঙৰ ফিৰিঙতি উফৰি যাবলৈ ধৰিলে। ক্ষন্তেকতে দুয়ো গালিয়াগলি আৰু তাৰ পিছত হতাহতি লাগিলে। তাৰ পিছত, বেহেৰাৰ ঘৈণীয়েক বেহেৰাণীয়ে বাঢ়নী হাতত লৈ সেই ভাওনাত প্ৰৱেশ কৰি ৰামগোলামক খুঁচি দিলত বেহেৰা চতায়ে ঘৈণীয়েকৰ সোঁশৰীৰে সম্পূৰ্ণ সহানুভুতি আৰু সহায় লভি পৰম উত্সাহিত হৈ বপুৰা ৰামগোলামক গতাৰে শোধ-পোছ কৰি আগবঢ়াই থৈ আহি সেই ক্ষুদ্ৰ অথচ গপগপীয়া ভাওনাৰ ওৰ পেলালে। ৰাম গোলামে কিন্তু চতাই-চতায়নীৰ নামে পিছদিনা কছাৰীত মাৰপিটৰ গোচৰ নকৰাকৈ নেৰিলে। এইখিনিতে ক’বলৈ পাহৰিছোঁ যে, চতাি-চতায়নীয়ে ৰামগোলামক মাৰ-ধৰ কৰাত “কি অন্যায় কথা, চতাই কাই! তহঁতে মানুটোক কিয় অনাহকতে মাৰিছহঁক” বুলি ওচৰচুবুৰীয়া পিথু শইকীয়াই মাত লগোৱাত, চতায়নীয়ে পিথুক তাৰ সাতপুৰুষ উকতি গালি পাৰি দিলে, আৰু তাৰ ফলস্বৰূপে পিথুৰ বিয়াখন ভাগি থাকিল!

বিদ্যাৰাম উকীলৰ কীৰ্তি ফেৰাও এইখিনিতে কৈ, এই বেগেতীয়া সাধুৰ ওৰ পেলাব খোজোঁ। তেওঁ বিয়া কৰোৱা ছোৱালীৰ, পোন্ধৰ দিনৰ আগেয়ে নোৱাই-তোলনি বিয়া হৈ গৈছিল। মনত বেজাইৰে তেওঁ সেইদিনা ঘৰলৈ আহি শহুৰেকলৈ ৰাতিয়েই চিঠি লিখি পঠিয়ালে যে “মোৰ মক্কেলৰ কথামতে মই অমুকা শহুৰেকলৈ এই জাননী দি জনালো যে, অহা সপ্তাহৰ ভিতৰতে দিনবাৰ চাই তেওঁৰ জীয়েকক মোৰ মক্কেলৰ সৈতে শান্তি দিব লাগিব, নতুবা মোৰ মক্কেলে সেই ছোৱালীৰ স্বত্ব পৰিত্যাগ কৰিব আৰু শহুৰেকৰ নামে দেৱানী কাৰ্যবিধি আইনমতে ক্ষতিপূৰণ দাবী গোচৰ কৰিব।” শহুৰেক জোঁৱায়েকৰ এই অদ্ভুত উকীলি চিঠি পাই বিমোৰ হৈ উত্তৰ পিঠিয়ালে, “বোপা, তোমাৰ গা কেনে আছে এই পত্ৰবাহকৰ মাৰ্ফত জানিব দিবা মই বৰ চিন্তিত হৈ আছো। বিশেষ মোৰ পক্ষে ইমান লৰালৰিকৈ শান্তি দিবলৈ দিহা কৰি উঠা একেবাৰেই অসম্ভৱ। মই অকলশৰীয়া মানুহ তুমি দেখোন জানায়েই। অৱশ্যে এমাহমানৰ মূৰত মই ছোৱালী শান্তি দিবলৈ যথাসাধ্য চেষ্টা কৰিম। সম্প্ৰতি মই বৰ চিন্তিত হৈছোঁ; তোমাৰ গা কেনে আছে জানিবলৈ দিবা। যদিহে গা ভাল নহয়, তেন্তে মই বেজবৰুৱাক লগত লৈ এতিয়াই তোমাৰ তালৈ যাম।”

জোঁৱাই বোপাই শহুৰেকৰ উত্তৰ পাই ঘৃতাহুতি হৈ উঠিল। তেওঁৰ মূৰৰ তালুত খঙে ইমান উপদ্ৰৱ লগালে যে, তেওঁক দেখোতাৰ মনত খেলাবলৈ ধৰিলে যেন তেওঁৰ খং জুইত চুলিবিলাক পুৰি থোপাথোপে কুকুহা উৰি যাব লাগিছে। তত্ক্ষণাত্ তেওঁ আকৌ এখন চিঠি তেতিয়াই শহুৰেকলৈ লেখি পঠিয়ালে যে, যদি অহা সপ্তাহত শহুৰেকে ছোৱালী শান্তি নিদিয়ে, তেন্তে তেওঁৰ মক্কেলে, অৰ্থাত্ তেৱেঁই নিশ্চয় নিশ্চয় সেই ছোৱালী পৰিত্যাগ কৰিব। আৰু যদিহে শহুৰেকে পইচাৰ অভাৱত জীয়েকক শান্তি দিবলৈ পাছ হুহকিছে তেন্তে তেওঁৰ জীয়েকক এনেই পিঠাই দিব পাৰে। শহুৰেকে সেই চিঠি পাই কান্দিকাটি পিছ দিনা জীয়েকক দোলা এখনত তুলি লগত ওচৰ চুবুৰীয়া তিৰোতা মানুহ এজনী দি, লোটা-বাটি, কাঁহী-কলহ গোটাচেৰেকে সৈতে জোঁৱায়েকৰ ঘৰলৈ পঠিয়াই দিলে; আৰু সেইদিনাই তেওঁৰ ভাত চৰুটো পেলাই দি সকলোকে কৈ দিলে যে তেওঁৰ জীয়েক-জোঁৱায়েক জহনিত গ’ল।



(লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)