গীতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গীতা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
সুৰভি গ্ৰন্থৰ দ্বিতীয় গল্প


"ধ্যায়তো বিষয়ান্‌ পুংসঃ সঙ্গস্তেষুপজায়তে।
সঙ্গাৎ সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোহতিজায়তে।।
ক্ৰোধাদ্ভুৱতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিভ্ৰমঃ।
স্মৃতিভ্ৰংশাদ্‌ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি।।"

মাঘৰ বিহুৰ দিনা পুৱাই গা ধুই আধা পোৰা মেজি এটাৰ কাষত মুঠাৰ কঠ এখনত বহি কাঠৰ হেঙুলীয়া ঠগা এখনৰ ওপৰত সাঁচিপতীয়া শ্ৰীমদ্ভাগৱদ্‌গীতা পুথি এখন মেলি লৈ, সুৰ ধৰি ডাঙৰকৈ শ্লোক মাতি তাৰ অৰ্থ ব্যাখ্যা কৰিব লাগিছোঁ; একান্তমনে গীতাৰ সেই ব্যাখ্যা শুনি মেজিকাষৰীয়া ডেকা-বুঢ়া শ্ৰোতাসকলৰ মন জ্ঞানযোগ, কৰ্ম্মযোগ আৰু ভক্তিযোগত যোগ হৈ ধৰ্ম্মৰ ভাবত সিজিব লাগিছে, আৰু তপত ছাই আৰু পকা আঙঠাৰ ভিতৰত ল'ৰাহঁতে সুমাই দিয়া সমসাময়িক কেঁচা মোৱাঁ আলু, কাঠ আলু আৰু কেঁচা আপইতা বাঁহৰ চুঙাত খুন্দি ঠাঁচি ভৰোৱা বৰা চাউলৰ পিঠাও লগে লগে জুইৰ ভাপত সিজি যাব লাগিছে; এনেতে, যাত্ৰী লৈ যোৱা ৰেলগাড়ীয়ে হুচ্‌ হুচ্‌ কৰে গৈ থাকোঁতে বাটত ক্ষন্তেকলৈ গাড়ী ৰখাব লগীয়া কোনো ষ্টেচন পোৱাদি ওপৰত কোৱা শ্লোকটোত উপস্থিত হোৱাহি গ'ল। শ্লোকটো সুৰ লগাই মাতি অঁতাইছোঁ হে মাথোন, হঠাৎ কোনোবাই উচুপি উচুপি কন্দা যেন মোৰ কাণত পৰিল। "কাৰ নো কি হ'ল আকৌ?" বুলি মই মূৰ তুলি চাই দেখিলোঁ যে, ওচৰতে মোৰ ঘৰৰ চোতালৰ কেয়াঁবন চিকুণাই থকা কয়েদী কুলি এটাই সেইদৰে কান্দিছে। কি আহুকালৰ কথা! পুথি পঢ়া বন্ধ কৰি কয়েদীটোক কাষলৈ মাতি আনি তাৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলোঁ। এইখিনিতে কৈ আসোঁৱাহ মাৰি থওঁ যে, জেল দাৰোগাৰে সৈতে বন্ধবস্ত কৰি, দিন দিয়েকমানৰ পৰা বৰফাটকৰ কয়েদী গোটাচেৰেক অনাই মোৰ ঘৰৰ আলি-পদূলি আৰু চোতালৰ ঘাঁহ-বনবোৰ চিকুণাবৰ দিহা কৰিছিলোঁ। সেই কয়েদীটোও সিহঁতৰ ভিতৰৰে এটা। "তোৰ কি হৈছে ক?" বুলি আকৌ তাক সোধাত সি উত্তৰ দিলে, "দেউতা! হঠাৎ বন্দীৰ কান্দোন ওলাইছিল, বন্দীৰ অপৰাধ মৰ্ষণ কৰক।" মই কলোঁ, "কিয় তোৰ কান্দোন ওলাইছিল ক! ভয় নকৰিবি; মই একো জগৰ নধৰোঁ; নিশ্চয় তোৰ কান্দোনৰ কাৰণ আছে।"

"দেউতাই যদি জগৰ নধৰো বুলিছে আৰু ক'বলৈ হুকুম দিছে, তেন্তে কওঁ, শুনক! দেউতাই এতিয়া যে গীতাৰ শ্লোকটো মাতিছিল, সেইটো শুনি মোৰ আগৰ কথা মনত পৰি কিবা এটা ভাব খেলাই হঠাৎ কান্দোন ওলাই গল। বন্দীয়ে চম্ভালিব নোৱাৰিলোঁ দেউতা।"

‌ মই আকৌ তাক নিৰ্ভয় দি কিয় তাৰ তেনে ভাব হৈছিল, সকলো কথা ভাঙ্গি-পাতি ভালকৈ কবলৈ কোৱাত, সি "দেউতাৰ যি আজ্ঞা" বুলি হাতযোৰ কৰি কবলৈ ধৰিলে।

"দেউতা, মই অধম পাপীৰ ঘৰ পছিমৰ গোৱালিয়ৰ জিলাত। মোৰ নাম ভগবানদাস বাবাজী। সৰুতে মই সন্ন্যাস গ্ৰহণ কৰি সন্ন্যাসী হলোঁ। আই-বোপাই ইষ্ট-কুটুম্ব মোৰ সকলো আছিল। কিন্তু, মই কাৰো হকাবধা নুশুনি পৰম ধাৰ্ম্মিক অগাধ পণ্ডিত ঈশ্বৰদাস পুৰীৰ ওচৰত মন্ত্ৰ ললোঁ; আৰু তেওঁৰ চেলা হৈ দেশ বিদেশৰ নানা তীৰ্থ ভ্ৰমণ কৰিবলৈ ধৰিলোঁ। গুৰুজীৰ মোৰ ওপৰত বিশেষ কৃপা আছিল গুণে মই অলপ কালৰ ভিতৰতে অনেক শাস্ত্ৰত পঁড়িত হৈ উঠিলোঁ। বেদ বেদান্ত আৰু ঘাইকৈ শ্ৰীমদ্ভাগৱত আৰু গীতাত মই সুনিপুণ হলোঁ। শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মই পৰম ভক্তি ভাবে পঢ়িলোঁ। আৰু মোৰ শুকান অন্তৰত ভক্তি প্ৰেমৰ নিজৰা ববলৈ ধৰিলে। দেউতাই পঢ়া গীতা-শাস্ত্ৰ মোৰ কণ্ঠস্থ আছিল। গঙ্গা, গয়া, কাশী, মথুৰা, বৃন্দাবন, বদৰিকাশ্ৰম, পুষ্কৰ, আন কি ৰামেশ্বৰ সেতুবন্ধলৈকো মই গৈছিলোঁ। এনেতে মোৰ দুৰ্ভাগ্যক্ৰমে গুৰুজী মহাৰাজৰ দেহান্তৰ ঘটিল। গুৰুৰ পুণ্যৰ ডৌকাৰ ঢাকোন মোৰ মূৰৰ ওপৰত নাইকিয়া হল।
"গুৰুঃ পিতা গুৰুৰ্মাতা গুৰুৰ্দেৱো নসংশয়ঃ।
কৰ্ম্মণা মনসা বাচা তস্মাৎ শিষ্যৈঃ প্ৰসেৱ্যতে।।
গুৰু প্ৰসাদতঃ সৰ্ব্বং লভ্যতে শুভমাত্মনঃ।
তস্মাৎ সেৱ্যো গুৰুনিৰ্ত্যমন্যথা ন শুভং ভবেৎ।।"

"এনেকুৱা গুৰুহীন হৈ মই কিছুমান দিন পুৰুষোত্তম ক্ষেত্ৰত থাকি তাতে জনচেৰেক সন্ন্যাসী লগ পাই, পৰশুৰাম কুণ্ডলৈ যাবলৈ বুলি আহি এই কামৰূপ কামাখ্যা ওলালোহি, আৰু ইয়াতে মোৰ শেষ পদস্খলন হল। মোৰ পূৰ্ব্ব প্ৰাক্তনৰ ফলত এই পাণ্ডৱবৰ্জ্জিত দেশত মোৰ ভৰি পিছলিল, মই দুৰ্ঘোৰ নৰকৰ পল-বোকাত পৰিলোঁ। কেনেকৈ মোৰ সৰ্ব্বনাশ ঘটিল তাক চমুকৈ বন্দীয়ে দেউতাৰ চৰণত নিবেদন কৰোঁ। মই পৰশুৰাম কুণ্ডলৈ যাবলৈ আহি শিৱসাগৰ জিলা পাই মোৰ গা বেয়া হোৱা বাবে কিছুমান দিন জিৰাবৰ মনেৰে বলিয়াঘাট বোলা ঠাইৰ গাঁও এখনৰ এটা ৰাজহুৱা নামঘৰত ঠাই ললোঁ। মোৰ লগৰীয়া সন্ন্যাসীবিলাক দুই চাৰি দিনৰ পিচতে মোক এৰি পৰশুৰাম কুণ্ডৰ ফালে গুচি গল। মই মোৰ গা ভাল নোপোৱা বাবে তেওঁলোকৰ লগত যাব নোৱাৰিলোঁ। সেই গাঁৱৰ মানুহবিলাকৰ যত্ন আৰু সেৱা-শুশ্ৰূষাত এমাহমানৰ মূৰত যদিও মই মোৰ গা টঙাব পৰা হলোঁ, তথাপি তেওঁলোকৰ মোলৈ আস্তিক আৰু শ্ৰদ্ধাৰ ভাব দেখি মই নামঘৰতে নাম প্ৰসঙ্গ শুনি আৰু কিছুমান দিন থাকিবলৈ মনস্থ কৰিলোঁ। এইদৰে থাকোঁতে থাকোঁতে তাতে প্ৰায় ছমাহ হলগৈ। মোৰ শাস্ত্ৰজ্ঞান আৰু ধৰ্ম্মালাপ, বিশেষকৈ বৈষ্ণৱ ধৰ্ম্ম বিষয়ে উপদেশ আদি শুনি গাঁৱৰ সকলোৰে মোৰ ওপৰত ভকতি বাঢ়িল। মোৰ আগৰ পৰা গাখীৰ, কল, কুঁহিয়াৰ, ভাৰ-ভেটী নুগুচা হল। মোৰ শৰীৰ ৰক্ষাৰ নিমিত্তে যিমান খোৱা বস্তুৰ আৱশ্যক, তাতকৈ এশগুণ সৰহ বস্তু মোৰ কাষত গোট খাবলৈ ধৰিলে; আৰু লগে লগে মোৰ ভোজনৰ জোখও নেবাঢ়ি নেথাকিল। ভুৰি ভোজ্য আৰু ভোজনৰ লগতে ভোজ্য বস্তুৰ ওখ আৰু নীহ কুলৰ বিচাৰ কৰিবৰ পৰ্কিতিয়েও মোৰ গাত ঠাই ললে। মাণিকীমধুৰী জহা আৰু গৰুণপখী ধানৰ চাউলে মোৰ জিভাত, সিহঁতৰ ভিতৰত থকা প্ৰভেদ জ্ঞান উৎপাদন কৰিবলৈ ধৰিলে। মলখু চাউল, মলঙা চাউল, ভাল আটাগুৰি, বেয়া আটাগুৰি, ভাল ঘিঁউ, কৰুৱা ঘিঁউ ইত্যাদি কথাৰ মৰ্মবোধ মোৰ বিশেষৰূপে হবলৈ ধৰিলে। মই নিপনীয়া গাখীৰ খাবলৈ ভাল পাওঁ দেখি এজন বুঢ়াই মোক এজনী খীৰতী গাই দিলে। গাইজনীত মোৰ মৰম সোমাল, দেখিলোঁ তাইক ঘাঁহ-পানী খুৱাই পতি কৰিবলৈ এটা মানুহ নহলে নচলে। মঙলা বুলি মোৰ ভকত মানুহ এটাই আপোন ইচ্ছাতে সেই কাম কৰিবলৈ গাত ললে, আৰু ময়ো সেই ভাৰ তাৰ গাত দিলোঁ। তাৰ মন পুতি কৰা যত্নত গাইজনীৰ শ্ৰীবৃদ্ধি হবলৈ ধৰিলে। মঙলাৰ এজনী ভনীয়েক আছিল; তাইৰ নাম চেনেহী। চেনেহী কুৰি বছৰ বয়সীয়া আবিয়ৈ গাভৰু ছোৱালী। তাই আহি দিনৌ গাইজনীৰ গাখীৰ খীৰাই দি যাবৰ বাব তাইৰ গাত পৰিল। মঙলাই পথাৰত হাল-কোৰ বাব লগা বাবে কোনো কোনো দিন আহিবলৈ আহৰি নোপোৱা হলে, চেনেহীয়েই মঙলাৰ বাবৰ সকলোখিনি কাম কৰি দি যায়হি। মই দেখিলোঁ, চেনেহীৰ কাম মঙলাৰ কামতকৈ ভালেমান গুণে শুৱলা হয়। আহাৰ-শাওণ মহীয়া পথাৰৰ কামত সৰহকৈ মন দিবলগীয়া হোৱাত, মঙলাই আহৰি একেবাৰেই নোপোৱা হ'ল; আৰু চেনেহীৰ গাতে তাৰ বাব গোটেইটো পৰিল। তেনে হোৱাত ময়ো সন্তুষ্ট হলোঁ। কাৰণ, তাইৰ কাম মোৰ চকুত মঙলাৰ কামতকৈ চিকুণ যেন লাগিছিল। চেনেহীয়ে গাইৰ গাখীৰ খীৰায়, গোবৰ পেলায়, গোহালি অঁতায়, তাৰ উপৰি মোৰ টৌ মলে, কাঁহী বাটি ধোৱে, আৰু জুহালৰ জুই ধৰি দিয়া আদি কাম কৰে। তাই অতি সন্তৰ্পণে ভক্তি-ভাৱে একান্ত মনে তাইৰ এই বিলাক কাম কৰিবলৈ ধৰিলে; কিন্তু স্পষ্টকৈ গম ধৰিব নোৱাৰাকৈ এখোজ দুখোজকৈ আহি, সংসাৰত্যাগী সন্ন্যাসীৰ শৰীৰত, বিষয়-বিৰাগী বৰাগীৰ গাত, দুষ্ট কলি প্ৰবেশ কৰিলে; বৰাগীৰ মনত বিকাৰ উপস্থিত হল। সন্ন্যাসীৰ শান্তিপূৰ্ণ মনত কৰবাৰ পৰা আহি অশান্তি সোমাল, নিৰুদ্বেগ অন্তৰত উদ্বেগে ঠাই ললে, ঈশ্বৰ চিন্তাৰ ঠাই চেনেহীৰ চিন্তাই বলেৰে 'দখল' কৰিলে। কোনো দিনা চেনেহীয়ে বনবাৰী কৰিবলৈ অহাত পলম কৰিলে মোৰ মন উগুলথুগুল লাগি পৰে, মই সকলো কাম এৰি তাই অহা বাটলৈ চাই থাকোঁ। খোপে খোপে মোৰ মন ঈশ্বৰ চিন্তাৰ পৰা নামি আহি চেনেহীৰ চিন্তাত পৰিল, আৰু শেহত তাৰ পৰা একেবাৰেই উঠিব নোৱাৰা হল। হিচাপৰ বহীত আজি এক অনা চেনেহীৰ ভাবনা, পোন্ধৰ অনা ঈশ্বৰৰ ভাবনা; কাইলৈ চাৰি অনা চেনেহীলৈ চিন্তা আৰু ঈশ্বৰলৈ বাৰ অনা চিন্তা, পৰশুইলৈ চেনেহীলৈ আঠ অনা, ঈশ্বৰলৈ আঠ অনা, তৰশুইলৈ চেনেহীলৈ বাৰ অনা, ঈশ্বৰলৈ চাৰি অনা; এইদৰে জমা খৰচৰ বঢ়া টুটা হৈ হৈ শেহত ঈশ্বৰৰ চিন্তাৰ ঘৰত শূন্য আৰু চেনেহীৰ চিন্তাৰ ঘৰত ষোল অনা জমা হ'ল গৈ। ঈশ্বৰ-চিন্তা-পুখুৰীৰ পানী কলিয়ে লেহতীৰে সিঁচি চেনেহী চিন্তা-পুখুৰীত ভৰালে। ঈশ্বৰ-চিন্তা-পুখুৰীৰ পানীৰে চেনেহী-চিন্তাৰ-পুখুৰী ভৰিল আৰু সেই পাৰমাৰ্থিক পুখুৰী শুকাই সাংসাৰিক পুখুৰী চপ্‌চপীয়া হ'ল। সন্ন্যাসীৰ মনৰ ধৰণী ভাগিল, খুটা উভলিল, ভৰিৰ তলৰ বৰপীৰাৰ খুৰা ভাগিল। বাবাজী ভগবান দাস, কাকিনি তামোল গছৰ আগৰ পৰা তামোল চোৰে পাৰি তললৈ পেলাই দিয়া পকা তামোলৰ থোকা পৰা দি তলত পৰিল। গুৱালৰ জীয়াৰী গুৱালনী "চেনেহী মোৰ জপৰ মলা অতি যতনৰ ধন। চেনেহী বিনে আৰু কোনো নাই বাবাজী শ্ৰীচৰণ।।" হল। দেখোঁতে দেখোঁতেই মোৰ বহুকলীয়া শুকান সুঁতিত এদিন কৰবাৰ পৰা বৰ ধল আহি চেনেহীৰ যৌৱন-সৰ্ব্বস্বৰ ভৰাৰে ভৰপূৰ নাও কাচি ছিঙি উটাই লৈ গুচি গল। লাহে লাহে মোৰ গতি-গোত্ৰ চলন-ফুৰণ আচাৰ-ব্যৱহাৰৰ পৰিবৰ্ত্তন ঘটিল আৰু সি লোকৰ চকুত পৰিবলৈ সৰহ দিন নেলাগিল। চেনেহীৰে সৈতে মোৰ অবৈধ প্ৰণয়ৰ কথা প্ৰথমতে লোকে বী-বী-বা-বা কৰিবলৈ ধৰিলে, তাৰ পিছত মুখ ফুটাই কবলৈ ধৰিলে। গতি বিষম দেখি চেনেহীৰ ককায়েকে চেনেহীক মোৰ ওচৰলৈ আহিবলৈ হাক দিলে। তাইৰ অহা বন্ধ হ'ল। মই অধৈৰ্য্য হৈ পৰিলোঁ। বিচ্ছেদ যন্ত্ৰণাত মই চট্‌ফট্‌ কৰিবলৈ ধৰিলোঁ। শেহত মোৰ অসহ্য হৈ উঠিলত এদিন এখোজ-দোখোজকৈ চেনেহীৰ ঘৰ ওলালোগৈ। তাইক তাই মোৰ কাষলৈ নহাৰ কথা সুধিলোঁ। তাই কলে, 'ককায়ে হাক দিছে।' মই কলোঁ, 'ককায়েৰৰ হাক নুশুনিবি।' তাই উত্তৰ দিলে, 'নুশুনি নোৱাৰোঁ গাঁৱৰ মানুহে আমাক বেয়া বুলিছে। তেওঁলোকে আমাক এঘৰীয়া কৰিব খুজিছে। আকৌ তোমাৰ গুৰিলৈ গলে ককায়ে মোক ছোৱা-ছোৱাকৈ কাটিব বুলি কৈছে।' এই কথা শুনি মই খঙত বলিয়া হলোঁ; মোৰ হিতাহিত জ্ঞান শূন্য হ'ল। দৈৱ দুৰ্ব্বিপাকত এনে সময়তে চেনেহীৰ ককায়েক পথাৰৰ পৰা তাত ওলালহি। সোধপোছ নাই, সিহঁতৰ চোতালত মেলি দিয়া ডোখোৰা খৰি এডাল মই তুলি লৈ তাৰে তাৰ মূৰত এমাৰ লগাই দিলোঁ। একে মাৰতে তাৰ মূৰটো ফাটিল, আৰু সি মাটিত ধুপুৰ কৰে পৰি মৰি থাকিল।

"সেই অপৰাধতে, দেউতা মোৰ এই দুৰ্দ্দশা! পাঁচ বছৰ কঠোৰ পৰিশ্ৰমেৰে সৈতে মই ফাটক খাটিবৰ হুকুম হ'ল। তাৰে তিনি বছৰ উকলিছে, আৰু দুবছৰ আছে। দেউতাই যেতিয়া গীতাৰ সেই শ্লোকটো পঢ়িছিল, তাৰ মানেটো সম্পূৰ্ণৰূপে মোৰ গাত খাটিছিল দেখি মোৰ কান্দোন ওলাই গল। মই ধৰ্ম্ম আৰু ঈশ্বৰ চিন্তা এৰি এখোজ দোখোজকৈ বিষয় চিন্তাত আগবাঢ়ি শেহত বিষয়ত মোৰ সম্পূৰ্ণ আসক্তি জনমিল। আসক্তিৰ পৰা মোৰ মনত কামনা অৰ্থাৎ ইন্দ্ৰিয় চৰিতাৰ্থৰ বাসনা আহিল আৰু তাৰ ব্যাঘাতত ক্ৰোধৰ উদ্ৰেক হ'ল, ক্ৰোধৰ পৰা মোহ অৰ্থাৎ হিতাহিত জ্ঞান-শূন্যতা, আৰু মোহৰ পৰা স্মৃতি-বিভ্ৰম অৰ্থাৎ স্মৃতিভ্ৰংশ হ'ল আৰু স্মৃতিভ্ৰংশ হোৱাৰ বাবে বুদ্ধিনাশ ঘটিল, আৰু তাৰ ফলত মই নৰহত্যা পাতকত পৰিলোঁ, মোৰ সকলো ভ্ৰষ্ট হ'ল।"

কয়েদীটোৰ এই বৃত্তান্ত শুনি মই অলপমান বেলি টভক মাৰি থাকি, লাহেকৈ পুথিখন সামৰি থলোঁ। তাক আৰু তাৰ লগৰীয়া কয়েদী কেইটাক তেতিয়াই সিহঁতৰ গোটেই দিনৰ হাজিৰাৰ ধন দিবলৈ গাত লৈ বিদায় দিলোঁ।