সাধু কথাৰ জোলোঙা/বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা

ৱিকিউৎসৰ পৰা

[ ১৯ ]

বুঢ়া বাপেকে নেগুৰ পিন্ধি নচা।

 এজন বুঢ়াৰ তিনটা পুতেক আছিল। পুতেক কিটা সচ্চৰিত্ৰ, পৰিশ্ৰমী আৰু বুদ্ধিমান লৰা আছিল। সিহঁতে নানা অসুবিধা ভোগ কৰিও বুদ্ধি আৰু পৰিশ্ৰমৰ বলত ভাল লেখা পঢ়া শিকি কালত ডাঙৰ ডাঙৰ কামত সোমাই বিয়া-বাৰু কৰাই সুখে বাস কৰিবলৈ ধৰিলে। এটা কথাৰ পৰা কিন্তু সিহঁতৰ মনত বৰ বেজাৰ। সেইটো কথা এই :—

 ৰথযাত্ৰাত বছৰি হনুমানৰ চং দিয়া লৰাকালৰে পৰা বাপেকৰ অভ্যাস আছিল। অৰ্থাৎ ৰথযাত্ৰাত তেওঁ হনুমানৰ সাজ এটা পিন্ধি, পাছ ফালে বৰ দীঘল নেগুৰ এদাল লগাই লই বান্দৰ হই, লম্ফঝম্ফ কৰি, নানা ভেক্‌চালি কৰি দেখুৱায় আৰু দেশৰ বুঢ়া-ডেকা-কেচুৱা সকলোৱে বুঢ়াৰ নেগুৰ টানি, গালৈ ধূলি বালি চেতিয়াই, তেওঁক জোকায় আৰু তেওঁ দেও দিবলৈ ধৰিলে সিহঁতে হাত চাপৰি বাই পাৰেমানে হাঁহে।

 পুতেকহঁত লৰা হই থকাকালত বুঢ়াই এনে কাত কোনেও আপত্তি কৰা নাছিল। কিন্তু সিহঁত ডেকা হলত বাপেকৰ এই কাণ্ডত সিহঁতে লাজ পাবলৈ ধৰিলে আৰু [ ২০ ] তেনে নকৰিবলৈ তেওঁক বহুত কাকুতি কৰিলে। কিন্তু পুতেকহঁতৰ সকলো কথা নিষ্ফল হইছিল। কাৰণ তেতিয়া বুঢ়াই পুতেকহঁতব কথাক কথা যেন বুলি নেভাবিছিল। কাজেই পুতেকহঁতে তেতিয়া লগৰীয়াবিলাকৰ নানা উপহাস সহি কোনো মতে দিন নিয়াব লগাত পৰিছিল।

 কিন্তু এতিয়া সিহঁতে পঢ়ি শুনি উঠি ধন ঘটি গোটেইটো পৰিয়ালকে পতিপাল দিছে। কাজেই বাপেক এতিয়া সিহঁতৰ হাতৰ মুঠিলৈ আহিছে। কাজেই এতিয়া সিহঁতে বাপেকৰ বলিয়ামি গুচাবৰ নিমিত্তে নানা চেষ্টা কবিবলৈ ধৰিলে। বুঢ়াই কিন্তু বান্দৰ হই নাচিবলৈ নেৰিলে। পুতেকহঁতে ইয়াত বৰ লাজ পাই বুঢ়াই চং দিয়া বন্ধ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হল আৰু নানা প্ৰকাৰে তেওঁক বুজাই কলে—

 “পিতা, আপুনি ভাল পায় দেখি বা পুণ্য হব বুলি ভাবি ৰথযাত্ৰাত হনুমানৰ চং দিয়ে। আমি কিন্তু আপোনাৰ এই কাৰ্য্য দ্বাৰা সমাজত বৰ লঘূ পৰোঁ। পিতৃ মাতৃৰ প্ৰতি পো-জীৰ বৰ ডাঙৰ কৰ্ত্তব্য আছে হয়, কিন্তু উপযুক্ত পো-জীৰ প্ৰতি যে পিতৃ মাতৃৰ একো কৰ্ত্তব্য নাই তেনে নহয়। আপোনাৰ মনত বেজাৰ লাগিবৰ ভয়ত কৰিবৰ মন গলেও ভালেমান কাম আমি নকৰাকৈ থাকোঁ৷ আপুনি এই দৰে চং ওলালে আমাৰ মনত বৰ বেজাৰ [ ২১ ] লাগে। আপুনি আমাৰ নিমিত্তে অলপ ত্যাগস্বীকাৰ কৰি ৰথযাত্ৰাত চং ওলোৱা বন্ধ কৰক। ধৰ্ম্ম উপাৰ্জ্জনৰ আন বহুত বাট আছে। আপুনি সেইবিলাক সজ বাটৰ অনুসৰণ কৰক। আমি কায়মনোবাক্যে : আপোনাৰ সহায়তা কৰি নিজক কৃতাৰ্থবোধ কৰিম। আপুনি যদি আমাৰ ইমান নিৰ্ব্বন্ধতো চং দিবলৈ নেৰে, তেনেহলে আমি এই দেশ এৰি দূৰৈ বিদেশত কাম লমগৈ। আপুনি আমাক দেখা নেপাব। আপোনাক আমি পোহপাল দিম কিন্তু আমাৰ ভক্তিশ্ৰদ্ধা আপুনি আৰু নেপাব।” ইত্যাদি।

 বুঢ়াই “আৰু চং নোলাওঁ বাৰু” বুলি মুখেৰে স্বীকাৰ কৰিলে কিন্তু পেটে পেটে “বছেৰেকৰ মুৰৰ চংটো নিদিয়াকৈ নো কেনেকৈ বাৰু?” বুলি সময়ত চং ওলাবলৈ ঠিক কৰি থলে!

 ৰথযাত্ৰাৰ দিন ওচৰ চাপিল। বুঢ়াৰ এটা নেগুৰ লগোৱা হনুমানৰ সাজ আছিল। বুঢ়াই কেবাবাৰো মুখেৰে ‘চং নোলাওঁ” বুলি কইও কাৰ্য্যত চং ওলোৱা প্ৰমাণ পুতেকইতে ইতিপূৰ্ব্বে হাতে হাতে পাই থইছিল। সেই দেখি সিহঁতে এইবাৰ বুঢ়াৰ কথাত সম্পূৰ্ণৰূপে পতিয়ন নগৈ সাজটো ভালকৈ লুকুৱাই থবৰ দিহা কৰিলে। সাজটো সদাই বুঢ়ীৰ পেৰাত থাকে; পুতেকহঁতে এইবাৰ সাজটো বুঢ়ীৰ হাতৰ পৰা লই, অন এটা পেৰাত ভালকৈ [ ২২ ] চাবি মাৰি থই, চাবি “ন-বোৱাৰীৰ’’ হাতত জমা দিলে আৰু বুঢ়াই কেনেবাকৈ সাজৰ বিচাৰ ললে “কব নোৱাৰোঁ” বুলি কবলৈ ঘৰৰ সকলোকে কই থলে।

 ক্ৰমে ৰথযাত্ৰা আহি পালেহি। ঢোলৰ ধুমধুমনিত, লৰাৰ কোঢ়ালত কানত খলক লগা হল। বুঢ়াৰ গাত তত্ নোহোৱা হল! পুতেকহঁত ৰাতিপুৱাই কামলৈ গইছিল “সিহঁতে গধূলি গধূলিহে আহি ঘব পাবহি। এই চেগতে মই সাজটো পিন্ধি দুটামান দেওদি আহি নিয়ম ৰক্ষা কৰি থলেনো কোনে জানিব খুইছে? সিহঁতে কামৰ পৰা আহি পায়হিমানে মই ঘূৰি আহিমেই” ইত্যাদি চিন্তা বুঢ়াৰ মনত খেলাবলৈ ধৰিলে! বুঢ়া থিৰেৰে থাকিব নোৱাৰা হল! একে জাপে বুঢ়ীৰ ওচৰ পালেগৈ। বুঢ়ীক সুধিলে “ও বুৰী, ও বুৰী, সাউৎ কৰে সাজটো উলিয়াই দেছোন। মই দেও দুটামান মাৰি থই আহি নিয়ম ৰক্ষা কৰি থওঁ”। বুঢ়ীয়ে সাজটোৰ কথা ‘কব নোৱাৰোঁ’ বুলি কোৱাত বুঢ়াই বুঢ়ীৰ ওপৰত মহা তৰ্জ্জন গৰ্জ্জন কৰিবলৈ ধৰিলে। আৰু বুঢ়ীৰ পৰা চাবি লই নিজে পেৰা মেলি চাই যেতিয়া সাজটো তাত নেপালে, তেতিয়া বুঢ়া বলিয়া যেন হল। বুঢ়ীক তৎক্ষণাৎ সাজ কত আছে উলিয়াই দিবলৈ কলে, নহলে ‘নাদত পৰি মৰিমগৈ’ বুলি নিজৰ চুলি নিজে চিঙিবলৈ ধৰিলে। বুঢ়ীয়ে ততমত, নেপাই সকলো কথা ভাঙি কই পেলালে। বুঢ়াই সাজৰ খবৰ পোৱা মাত্ৰকে [ ২৩ ] একে লৰে “ন-বোৱাৰীৰ’’ ওচৰ পালেগৈ। আৰু সাজটো উলিয়াই দিবলৈ “ন-বোৱাৰীক” নানা প্ৰকাৰে ফুচুলাবলৈ ধৰিলে;— “আয় মোৰ, সোনা মোৰ, পোহঁত নিমৰমীয়াল হল বুলি, তোহোঁতেও নিমৰমীয়াল হব পাৱনে? মইনো আৰু কেইটা দিন জীয়াই থাকিব খুইছোঁ হোঁ?” ইত্যাদি ইত্যাদি। বোৱাৰীয়েকে গিৰিয়েকৰ ভয়ত সাজটো দিবলৈ কোনোমতে মান্তি নোহোৱাত বুঢ়াই কলে, “বাৰু, সাজটো মোক দিব নেলাগে। কিন্তু দূৰৈৰ পৰা মোক এবাৰ দেখুৱা। তেনে হলেই হব। কোনো মতে বছেৰেকৰ নিয়মটো ৰলেই হল।” বোৱাৰীয়েকে বুঢ়াৰ কথা এৰাব নোৱাৰি আৰু বুঢ়াৰ কথাত পতিয়ন গই সাজটো উলিয়াই আনি দূৰৈৰ পৰা বুঢ়াক দেখুৱাবলৈ ধৰিলে। সাজটো দেখি বুঢ়াৰ গাত তৰণী নোহোৱা হল। কাবৌ কাকুতি কৰি “অলপ ছুই চাওঁ” বুলি সাজটো বোৱাৰীয়েকৰ হাতৰ পৰা ললে আৰু নিজৰ হাতলৈ অহা মাত্ৰকে “অলপ পিন্ধি চাওঁ” বুলি তাক পিন্ধিবলৈ ধৰিলে। বোৱাৰীয়েকে বৰকৈ ওজৰ কৰাত কলে, “মই সাজটো পিন্ধি বাহিবলৈ নেযাওঁ। বাহিৰলৈ গলেহে পোহঁতৰ লাজ। মই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰি সাজটো আকৌ সোলোকাই থই দিম।” সাজটো পিন্ধা হলত বুঢ়াই ঘৰৰ ভিতৰতে কেইটামান জাপ মাৰিলে। তাৰ পাছত “ঘৰৰ ভিতৰত ঠাই নিচেই ঠেক, চোতালত কেইটামান জাপ মাৰি লওঁ” [ ২৪ ] বুলি কই সাউৎ কৰে চোতাললৈ ওলাই গল। বুঢ়াক চোতাললৈ ওলাই যোৱা দেখি বোৱাৰীয়েকহঁতে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু সাজটো উলোটাই দিবলৈ কলে। কিন্তু বুঢ়াই চোতালত কেইটামান জাপ মাৰিয়েই “এতিয়াই আহিমগৈ” বুলি একে চাতেই ৰথৰ ফাললৈ লৰ মাৰিলে। বুঢ়ী আৰু বোৱাৰীয়েকহঁতে বুঢ়াক সাজটো পিন্ধিবলৈ দিয়াৰ ভুল বুজিব পাৰি পৰস্পৰ কোঢ়াল কৰিবলৈ ধৰিলে। আৰু বুঢ়াক কোনোমতে উলোটাই অনিবৰ নিমিত্তে মানুহ পঠিয়াই দিলে।

 বুঢ়াই কিন্তু ৰথৰ ঠাইত উপস্থিত হই পুতেকহঁতৰ কথা সম্পূৰ্ণৰূপে পাহৰি গল। তেওঁ আন আন বছৰৰ দৰে ভাও দেখুৱাবলৈ ধৰিলে। গাঁওৰ ডেকা-বুঢ়া-লৰা সকলোৱে বুঢ়াক পাই, আগৰ দৰে নানা চুপটি কৰি, হাত চাপৰি বাই হাঁহিবলৈ ধৰিলে। বুঢ়াক কোনেও উলোটাই আনিব নোৱাৰিলে।

 ক্ৰমে গধূলি হল। তিনোটা পুতেক কামৰ পৰা উভতি আহিছে। সিহঁতে আলচি আহিছে “এইবাৰ সাজটো লুকুৱাই থই আমি বৰ ভাল কৰিলোঁ। সাজটো নেপালে বুঢ়াই কেতিয়াও চং ওলাব নোৱাৰে। চং দিবলৈ নেপাই পিতাই চাকৈ আজি বেজাৰ মনেৰে বহি আছে। আমি আজি নানা প্ৰকাৰে তেওঁৰ মন ভাল লগাবলৈ চেষ্টা কৰিব লাগিব।”

[ ২৫ ]  এই দৰে আলচি বিলচি সিহঁত ৰথৰ ওচৰ পাওঁ পাওঁ হলহি৷ কাৰণ সিহঁতৰ ঘৰলৈ যোৱা আলিৰ দাতিত ৰথৰ ঠাই। দূৰৈৰে পৰা সিহঁতে দেখিলে আজিও কোনোবাই হনুমানৰ চং দিছে। সিহঁতে ভাবিলে অজি বাপেক নহাত তেওঁৰ সলনি অইন কোনোবাই হনুমান হইছে হব পায়। কিন্তু ওচৰ চাপিলত সিহঁতে সাজটো তৎক্ষণাৎ চিনি পালে আৰু অবাক হল। কিন্তু অইন কোনোবাই চং দিবলৈ সাজটো ধাৰ লৈ আনিছে বুলি ভাবি নিশ্চিন্ত হই আগবাঢ়িবলৈ ধৰিলে। ওচৰ চাপি কিন্তু যি দেখিলে তাত সিহঁত লাজত মৰা যেন হল। কি আচৰিত! সিহঁতৰ বাপেকেই চং দিছে হয়!! লৰাবিলাকৰ কোনোটোৱে বুঢ়াৰ নেগুৰ টানিছে! কোনোটোয়ে তেওঁৰ গালৈ দলি মাৰিছে! সকলোৱে বুঢ়াৰ ভাওত পাৰেমানে চিঞৰিছে আৰু হাঁহিছে!! বুঢ়াই তাই উৎসাহিত হই আৰু দেওদি দেওদি নানা প্ৰকাৰ ভেকচালি দেখুৱাইছে! পুতেক কিটাক দেখি জুমৰ মানুহবিলাকে আৰু হাঁহিবলৈ ধৰিলে। সিহঁতে সেই ফাললৈ চকু নিদি লৰালৰিকৈ ঘৰৰ ফাললৈ বেগ দিলে। সিহঁতে ঘৰ পাই সকলো বৃত্তান্ত শুনি কপাল খুন্দিয়াই খুন্দিয়াই বেজাৰ কৰিবলৈ ধৰিলে।

 পুতেক কিটা সচাকৈয়ে দেশত্যাগী হইছিল নে নাই হোৱা কব নোৱাৰোঁ। কিন্তু এইষাৰ কথা কব পাৰোঁ যে, ভালেমান দিনলৈকে সেই ঘৰ মানুহৰ ভাতৰ চৰুৰ তললৈ [ ২৬ ] জুই যোৱা নাছিল। বুঢ়াই ক্ষন্তেকলৈ চং দি যি ৰঙ পাইছিল, পুতেকহঁতৰ শ্ৰদ্ধা ভক্তি জনমলৈকে হেৰুৱাই তাৰ সহস্ৰ যোখ অনুতাপ কৰিব লগাত পৰিছিল৷ বুঢ়াই অৱশ্যে এইবাৰৰ পৰা চং দিয়া অভ্যাস সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছিল।

⸺⸺

কাবুলী সাধু।

 কাবুল এখন মছলমান ৰাজ্য। ইয়াৰ ৰজাক “আমীৰ” বোলে।

 এসময়ত এজন বৰ মৰমীয়াল প্ৰজাহিতৈষী “আমীৰে” কাবুলত ৰাজত্ব কৰিছিল। তেওঁ প্ৰজাৰ অৱস্থা নিজ- চকুৰে চাই বুজিবৰ নিমিত্তে, কেতিয়াবা কেতিয়াবা অচিনাকী ভাৱেৰে ৰাজ্যৰ ভিতৰত ফুৰাচকা কৰিছিল। এবাৰ তেওঁ এইদৰে ভেখ্‌চন্‌কৈ ফুৰোঁতে এজাক “নোমেড্‌” জাতীয় মানুহ লগ পালে। এই জাতীয় মানুহৰ কোনো নিৰ্দিষ্ট ঘৰ বাৰী নেথাকে। ইহঁতে উট পোহে আৰু লৰাই দামৰীয়ে বস্তুৱে বাহনীয়ে উটৰ ওপৰত উঠি দেশে দেশে ফুৰি ফুৰে। ইহঁতে সামান্য সামান্য বস্তুৰ বেহা কৰি আৰু নানা প্ৰকাৰ ফাঁকিফুকা কৰি পেট মোকোলায়।