সাঁচ:নিৰ্বাচিত লেখা/২০২৫/জানুৱাৰী
অৱয়ব
বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
লেখক : হিৰণ্ময়ী দেৱী(২০২০)
১৯৪৭ চনত যেতিয়া ইন্দিৰা মিৰি শিক্ষা-বিষয়া ৰূপে নেফাত উপস্থিত হৈছিল তেতিয়া তাত শিক্ষানুষ্ঠান বুলিবলৈ মাথোন তিনিখন প্ৰাথমিক বিদ্যালয় আছিল, এখন পাছীঘাটত, এখন শদিয়াত আৰু ৩ য় খন মেকাত। পাছীঘাটৰ স্কুলখন টানমুদ মৰাং নামৰ এজন মিৰিলোকে চলাইছিল। শদিয়াৰ খনৰ দায়িত্বত আছিল খ্ৰীষ্টিয়ান মিছনেৰী; চিলিণ্ডাৰ চাহাব নামে খ্যাত এজন ইউৰোপীয়ৰ তত্ত্বাবধানত সেইখন চলিছিল। মেকাৰ স্কুলখনৰ শিক্ষক আছিল ডুগিয়ন লেগো নামে এজন আবৰ লোক। তিনিওখনৰে মাধ্যম অসমীয়া আছিল। তিনিওখনতে অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমেই চলিছিল।