সাঁচ:নিৰ্বাচিত লেখা/২০২৪/ডিচেম্বৰ
অৱয়ব
অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল
লেখক : ঈশানন্দ ভঁড়ালী(১৮৮৫)
সমুদ্ৰৰ পানী মাজত ঘোৰ নীলা আরু এনে ফট্ফটিয়া যে কাঁহি এখন পৰিলে বহুত হাতৰ দ লকে দেখিবলৈ পোৱা যায়। কিন্তু কাসৰৰ পানী প্ৰায় ঈষৎ সৌজীয়া; কাৰণ তাত নদী বিলাকৰ ঘোলা পানী সাগৰৰ পানীৰে সৈতে মিল হৈ থাকে। সমুদ্ৰৰ পানী নীলা হোৱাৰ কাৰণ শুধিলে, মাত্ৰ ইয়াকে কব পাৰি যে স্বচ্চ পৰিষ্কাৰ পানীৰ স্বাভাবিক বৰণেই ঈষৎ নীল; বৰ দ পানীত নীল বৰণ ওলায়; অলপ পানীত হলে তাক নেদেখি যেনেকৈ বৰণ নথকা আৰ্চি এডোখৰ দীঘে দীঘে তাৰ ভিতৰেদি চালে কোনো এটা ৰঙ দেখি অথচ পথালিকৈ ওপৰেদি চালে বৰণ নথকা যেন অনুমান হয়।