সমললৈ যাওক

সাঁচ:নিৰ্বাচিত লেখা/২০২৪/জুলাই

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

জ্ঞান-মালিনী
লেখক : মফিজুদ্দিন আহমদ হাজৰিকা (১৯৫৯)


সাৱধান! সাৱধান! দেখিলে সি লীলা,
ভোল-গই তিলেকতে হ'বি পাছে শিলা!
পাহৰিবি হাট্-বাট্ লগ-লগৰুৱা,
ততচুৰ্তি হেৰুৱাবি লাগি হুৱাদুৱা!
যিবা কথা বান্ধিছিলি আহিবৰ কালে,
সি কথাকো পাহৰিবি লীলা-ৰূপ চালে। পাহৰিবি নৰকৰ শাস্তি ভয়ঙ্কৰ,
আৰু, সেই মন-লোভা পুৰী বৈকুণ্ঠৰ;
সি মহা প্ৰলয়-কাল, চুলি যেন সাঁকো
লীলা-ওমলাত পৰি পাহৰিবি তাকো।