সমললৈ যাওক

সাঁচ:নিৰ্বাচিত লেখা/২০২০/জুন

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল- লেখক: ঈশানন্দ ভঁড়ালী


ঈশানন্দ ভঁড়ালীয়ে ৰচনা কৰা "অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল" গ্ৰন্থখন ১৮৮৫ চনত প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ বাৰটা অধ্যায়ত পৃথিৱী, বায়ুমণ্ডল, পানী, ভূমিকম্প, প্ৰাণী আদি ভূগোলৰ বিভিন্ন বিষয় পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰহ-নিপানীকৈ লিখা হৈছে।

লৰাহঁত! তোমালোকে যি পৃথিবীৰ ওপৰত খোজ কাঢ়ি ফুৰা, যি আকাশৰ তলত থাকা, যি পানীত গা ধোৱা আরু যাক পী খোৱা, তাৰ বিষয়ে একো জানিবৰ মন নেযায়নে? তোমাৰ ভৰিৰ তলত ভূমিকম্প, আকাশত বিজুলি আৰু গাজনি, আরু মেঘৰ পৰা বৰষুণ কেনেকৈ হয় তাক জানিবৰ নিমিত্তে হেপাহ নাই নে? এই হেপাহ সকলোৰে থাকে। কিবাহব তোমালোকেও সরুতে মাৰ বাপেৰাৰ ওচৰত বহি এই বিলাকৰ কথা অনেক বাৰ সুধিছিলা। কিন্তু তেওঁবিলাকৰ মুখত বা কোনো কিতাপত এই বিষয়ৰ কথা আদিৰ পৰা অন্তলৈকে শুনিবলৈ বা পঢ়িবলৈ নেপাই তোমালোকৰ সেই হেপাহ গুচিব পাৰে। এতিয়া আমাৰ ইচ্ছা এই যে তোমালোকৰ সেই নুমুৱা পিয়াহ আকৌ যেন জলিব। সেই ভাবিয়েই এই সরু পুথী খনি লিখিছোঁ; তোমালোকে পঢ়ি চাবা। ইয়াক পঢ়িলে ভূমিকম্প বৰষুণ আদি সকলো নৈসৰ্গিক ঘটনাৰ কথা জানিব পাৰিবা। কিন্তু যি বিলাক কথা বুজিবলৈ তোমালোকক উচটাইছোঁ সেই এটাই বিলাক কথা সহজে পতিওৱা টান; কিয়নো যাৰ কথা কম সেই বিলাক বস্তু তোমালোকৰ আগলৈ আনি দেখুৱাব নোৱাৰিম।