সাঁচ:নিৰ্বাচিত লেখা/২০২০/ছেপ্টেম্বৰ

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

আব্ৰাহাম লিঙ্কনৰ বক্তৃতা- লেখক: আব্ৰাহাম লিংকন, ১৯৫৯


এই গ্ৰন্থখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষোড়শ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ দ্বাৰা প্ৰদান কৰা বিখ্যাত গেটীচবাৰ্গ ভাষণৰ দৰে বহুকেইটা উল্লেখযোগ্য ভাষণ, ঘোষণাপত্ৰ, তথা চিঠিৰ সংকলন। আমেৰিকা যুক্তৰাষ্ট্ৰ তথ্য সেৱাৰ পৃষ্ঠপোষকতাত এইসমূহক অসমীয়াৰ লগতে আন বিভিন্ন ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে।

৮৭ বছৰ আগত আমাৰ পূৰ্ব্বপুৰুষসকলে এই মহাদেশত এটা নতুন জাতিৰ সৃষ্টি কৰিলে। এই জাতিটোৰ ভিত্তি হল স্বাধীনতা আৰু আদৰ্শ হল সকলো মানুহৰ সমান জন্মগত অধিকাৰ। সম্প্ৰতি আমি এখন বিৰাট গৃহযুদ্ধত লিপ্ত হৈছোঁ। এই ভিত্তি আৰু আদৰ্শত প্ৰতিষ্ঠিত আমাৰ জাতিটো অথবা আন যি কোনো জাতি টিকি থাকিব পাৰেনে নোৱাৰে এই গৃহযুদ্ধই তাকেহে প্ৰমাণ কৰিব। আমি গৃহযুদ্ধৰ এখন বিৰাট সমৰক্ষেত্ৰত সমবেত হৈছোঁ, আৰু এই সমৰক্ষেত্ৰৰ এটা অংশক সেই লোকসকলৰ অন্তিমশয্যাৰ কাৰণে উছৰ্গা কৰিবলৈ আহিছোঁ যি সকলে এই জাতিটোক জীয়াই ৰখাৰ কাৰণে প্ৰাণ বিসৰ্জন দিছে। এনে কৰাটো আমাৰ পক্ষে তেনেই সমুচিত। কিন্তু বৃহত্তৰ অৰ্থৰ পৰা বিবেচনা কৰিলে আমি ন কৈ এই ভূমি উছৰ্গা কৰিব নোৱাৰোঁ,— পবিত্ৰ কৰিব নোৱাৰোঁ। যিসকল— জীৱস্ত অথবা মৃত সাহসী পুৰুষে ইয়াত যুদ্ধ কৰিছে তেওঁলোকেই এই ভূমিক পবিত্ৰ কৰি তুলিছে। ইয়াক কম বা বেছি পবিত্ৰ কৰাৰ ক্ষমতা আমাৰ নাই।