সদস্য বাৰ্তা:Himashree Borah
বিষয় যোগ কৰক নমস্কাৰ, Himashree Borah অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ! ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়। অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে। অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে। যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ তালিকা চাওক। টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ ইয়াত ক্লিক কৰক। |
— AdoroniBot (বাৰ্তা) ১৮:২৮, ৬ এপ্ৰিল ২০২৪ (IST)
সম্ভাৱনাপূৰ্ণ ন-সম্পাদক পদক
[সম্পাদনা কৰক]সম্ভাৱনাপূৰ্ণ ন-সম্পাদক পদক | ||
প্ৰিয় ৱিকিসতীৰ্থ, ৱিকিউৎসত আপুনি আগবঢ়োৱা নিৰলস অৱদানৰ বাবে আপোনালৈ অসমীয়া ৱিকি সমাজৰ হৈ শলাগৰ চিন-স্বৰূপে এই পদকটি আগবঢ়ালোঁ৷ আশাকৰোঁ, আগলৈয়ো একেই সক্ৰিয়তাৰে অসমীয়া ৱিকিমিডিয়াৰ সৈতে জড়িত হৈ থাকিব৷ সুস্বাস্থ্য কামনা কৰিলোঁ৷- Pranamikaadhikary (বাৰ্তা) ২২:২৫, ১৪ আগষ্ট ২০২৪ (IST) |
- অশেষ ধন্যবাদ বাইদেউ Himashree Borah (বাৰ্তা) ১২:৫৩, ১৭ আগষ্ট ২০২৪ (IST)
ৱিকিউৎস সাংস্কৃতিক পদক
[সম্পাদনা কৰক]ৱিকিউৎস: সাংস্কৃতিক পদক | ||
অসমীয়া ৱিকিউৎসত ভটিমা গ্ৰন্থখন যোগ কৰি দিয়াৰ লগতে আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। - অসমীয়া ৱিকিমিডিয়া সমাজ |