শ্ৰীশ্ৰী বিশ্বকৰ্মা পাঁচালী

ৱিকিউৎসৰ পৰা
।।শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ জন্ম বৃত্তান্ত।।
নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমস্
দেৱীং সৰস্বতীঞ্চৈৱ ততো জয়মুদীৰয়েত্।।
নৈমিষ অৰণ্য ধৰামাজে আতি বিতোপন
ঋষিমুনি সবে কৰে ধৰ্ম আলোচনা।।
দেৱতাৰ লীলা-খেলা যতই সমস্যা
তাহাতেই সমাধান হোৱই অৱশ্য।।
আনন্দে বহিয়া সবে কৰে আলোচন
সব ঋষিগণে সৌতিক কৰি সম্বোধন।।
বিশ্বকৰ্মা বিশ্বশিল্পী ৰূপে ভৈলা বাখান
সৌতৈ বোলে শুনা সবে অদ্ভূত কথন।।
সৃষ্টি পাতি ব্ৰহ্মাদেৱে ভাৱয় অন্তৰে
বিশ্বৰ কৰ্মভাৰ দিওঁ কাৰ কৰে।।
অতীব কঠিন কাম আছে পৃথিৱীত
অসম্ভবো সম্ভৱ কৰ্ম কৰিব মহীত।।
পুত্ৰ চিন্তা কৰি বিধি ধ্যানত বহিলা
সুচিত্ৰ কৰ্মকাৰক মানস কৰিলা।।
ধ্যান অন্তে বিশ্বকৰ্মা হৰ্ষ হইয়া মনে
জনম লভিলা বিধি নাভি পদ্মাসনে।।
জনমিয়া বিষ্ণু ধ্যান কৰিয়া কুমাৰ
বিষ্ণুনাম হৃদিমাজে কৰিলন্ত সাৰ।।
পিতৃক প্ৰণাম কৰিলা ভক্তি ভৰে
মাথে হস্ত দিয়া পিতৃ আশীৰ্ব্বাদ কৰে।
হোৱা পুত্ৰ যশবান সংসাৰ মাজত
থাকিব তোমাৰ যশ তিনিও লোকত।।
হৃস্তচিত্তে ব্ৰহ্মাদেৱে স্ৰজিলা কুঞ্জৰ
পুত্ৰৰ বাহন কৰি দিলন্ত সত্বৰ।।
।।চক্ৰ আৰু বজ্ৰ নিৰ্মাণ।।
হয়গ্ৰীব নামে এক অসুৰ আছিল
একদিনা ভগৱন্তে তাহাঙ্ক বধিলা।।
সেহি অসুৰৰ অস্থি আনি জনাৰ্দন
বিশ্বকৰ্মাৰ হাতে দিলা চক্ৰৰ কাৰণ।।
দেৱশিল্পী গঢ়ে চক্ৰ অতিকে সুন্দৰ
অপূৰ্ব হাড়ৰ চক্ৰ আতি ভয়ঙ্কৰ।।
অদ্ভূত আকাৰ চক্ৰ ধৰি দেৱ হৰি
ভক্তজনে ৰক্ষা কৰে সেই চক্ৰ ধৰি।।
হেন বিশ্বকৰ্মাক সহস্ৰ নমস্কাৰ
য়াৰ কৰ্মে দেৱ হৰি ৰাখিছে সংসাৰ।।
তাৰ পাছে শুনা সবে ইন্দ্ৰ বজ্ৰ খণ্ড
বৃত্ৰাসুৰে দেৱ পুৰী কৰে লণ্ড-ভণ্ড।।
সব দেৱজাক মিলি বিষ্ণু আগে যায়
হৰি দুঃখ নহৰিলে আন গতি নাই।।
দেৱৰ প্ৰাৰ্থনাত হৰি তুষ্ট ভৈলা
বৃত্ৰাসুৰ বধ উপায় কহিবে লাগিলা।।
শুনা শুনা দেৱজাক হুইয়া মতি
বিশ্বকৰ্মা দেৱশিল্পী খণ্ডাব দুৰ্গতি।।
মহৰ্ষি দধিচী আগে প্ৰাৰ্থনা কৰিবা
বজ্ৰ নিৰ্মাণক লাগি অস্থি খুজি লৈবা।।
মহা জ্ঋানবন্ত মুনি দেৱ হিতকৰ
দেহ ত্যাগী দিব অস্থি আনাহা সত্বৰ।।
হৰিৰ আদেশে দেৱে অস্থিক আনিলা
বিশ্বকৰ্মাই নিমিষে বজ্ৰ বনাইলা।।
সেই বজ্ৰে অসুৰক বধিলা সাক্ষাতে
তথাহন্তে সেই বজ্ৰ থাকে ইন্দ্ৰ হাতে।।
।।অস্ত্ৰ, বাদ্য, যজ্ঞশালা নিৰ্মাণ।।
এক মন হুইয়া শুনা মুনিগণ
বিশ্বকৰ্মাৰ গুণ ৰাজি কৰিম বৰ্ণন।।
দুৰন্ত মহিষাসুৰ আতি ভয়ঙ্কৰ
তাৰ ভয়ে দেৱজাকে কৰে হাহাকাৰ।।
অসুৰ বিনাশ হেতু চিন্তে দেৱগণ
শক্তি অবিহনে দৈত্য নহব নিধন।।
দেৱসৱৰ তেজ হন্তে দেৱী জন্ম ভৈলা
দহ কৰে মুৰ সৱে নানা অস্ত্ৰ দিলা।।
নিৰ্মিলা পৰশু এক আতি তীক্ষ্ণ কৰি
শক্তি হেতু দিলা বিশ্বকৰ্মা গঢ়ি।।
চণ্ডেশ্বৰী নাম লৈ সেই অস্ত্ৰ ধৰি
হেলাৰঙে অসুৰক বধে তাৰাতাৰি।।
সৌতি কয় শুনা সৱে শিল্পী নোহে সৰু
অস্ত্ৰ কিবা সাৰ গঢ়ে হৰৰ ডম্বৰু।।
মহা মানিক্যৰ গঢ়া কলহ লক্ষ্মীৰ
তাকো গঢ়ি দিলে বিশ্বকৰ্মা ধীৰ।।
ভাৰতীৰ হস্তে যিটো যন্ত্ৰ বীণা
বিয়াল্লিচ ৰাগিনী সহ বিশ্বকৰ্মা জানা।।
মনুষ্যৰ হস্তে আছে যি যি কৰম
সকলো জানিব বিশ্বকৰ্মা অৱদান।।
নন্দী গাওঁত ৰাজভবন কৰিলা নিৰ্মাণ
ৰাজ্যভাৰ ভৰতক দিলা নাৰায়ণ।।
সেই গাওঁত ভৰদ্বাজ মুনি অপোধন
যজ্ঞ শালা ভৰদ্বাজ কৰিলেক ধ্যান।।
ধ্যান শেষে মহাশিল্পী ব্ৰহ্মাৰ কুমাৰ
দ্বিতীয় অমৰাপুৰী আতি মনোহৰ।।
দিব্য ধনুৰ্বান বিশ্বশিল্পীৰ নিৰ্মাণ
ৰামক অগস্ত মুণি কৰিলন্ত দান।।
বিধিৰ বৰত ৰাবন জিনে ত্ৰিভূবন
লংকাপুৰী গঢ়ে মহাশিল্পী জন।।
কল-কব্জা বিমাণ যত মহাযান
একে একে বিশ্বকৰ্মা কৰিলা নিৰ্মাণ।।
লৌহ কাষ্ঠ যত যত ধাতুৰ ব্যৱহাৰ
বাহ আদি তৃণ-তৰু সবাৰ উপকৰা।।
নানা সৰঞ্জাম লাগে মনুষ্যক
শিল্পীৰ জ্ঞানে লাভ কৰে সব সমস্যাক।।
সকলো কৰ্মৰে হয় বিশ্বকৰ্মা দাতা
মনুষ্যৰ উপকাৰী পৰম দেৱতা।।
অনুদিলা ধৰিত্ৰীদ্বিজ শিল্পীৰ গুণগাণ
কলি কালে শিল্পী বিনা নাহি নাহি আন।।
।।বিশ্বকৰ্মাৰ পুত্ৰ আদি।।
কহয় সৌতি মুণি শুনা মুণিগণ
বিশ্বশিল্পীৰ পুত্ৰ-কন্যা আতি বিতেপান।।
বিশ্বকৰ্মা ঘৰিণী হয় গোপিনী ভামিনী
পতিব্ৰতা সতীতেন অপূৰ্ব শুৱনি।।
নৱপুত্ৰ জন্ম ভৈল গোপিনী উদৰে
নানা বিদ্যা দানি থাপিলা পুত্ৰৰে।।
সৰ্ব কৰ্মে পুত্ৰগণ ভৈলাহা শিক্ষিত
আৰু কোনো কৰ্ম নাই ধৰাৰ মাজত।।
বিশ্বকৰ্মা মানাপুত্ৰ নল মহাধীৰ
সিন্ধু মাজে সেতু কৰিলন্ত স্থিৰ।।
শিলাখণ্ডে সাগৰত কৰিলা বন্ধন
মাজে শিৱ লিংগ কৰিলা স্থাপন।।
লিঙ্গ পূজা কৰে ৰাম আনন্দ অপাৰ
দেৱজাকে প্ৰসংশিলা ৰামক বাৰবাৰ।।
জম্বু দ্বীপে শিৱলিঙ্গ আছে যতমান
লোক সৱে আনন্দেৰে কৰয় পূজন।।
।।জগন্নাথ নিৰ্মাণ।।
ইন্দ্ৰদ্যুন্ম নামে ৰজা পুত্ৰবত্ পালে প্ৰজা
বিষ্ণুক কৰয় সদা তুতি;
ৰজাৰ প্ৰাৰ্থনাত আনন্দিত নাৰায়ণ
ৰাজগৃহত আহে শীঘ্ৰ গতি।।
বিষ্ণুক ভাবি মহাৰাজ সুখে নিদ্ৰা যায়
দেখিলন্ত স্বপ্ন অদ্ভূত;
চাৰি বাহু অস্ত্ৰ ধৰি দেখা দিলা শ্ৰীহৰি
শুনা ৰজা আমাৰ বচন;
ধন্য হেৰা মহাৰাজ তোমাৰ মনে শুভ আশ
প্ৰতিমাৰ কৰিছাহা মন।।
সমুদ্ৰ পাৰে যাবা তাত এক কাষ্ঠ পাবা
আনি কৰা প্ৰতিমা সাজন।।
অদ্ভূত স্বপ্ন দেখি ৰজা ভৈলা চমকিত
বিষ্ণুৰূপ কৰিলন্ত ধ্যান;
যতন কৰিয়া কাষ্ঠ আনিলন্ত মহাৰাজ
প্ৰতিমা গঢ়াৰ মন।।
বিশ্বকৰ্মা দেৱ হৰি ব্ৰাহ্মণৰ বেশ ধৰি
দেখা দিলা ৰজাৰ সকাশ।।
ব্ৰাহ্মণক দেখি ৰজা ভক্তি ভাৱে কৰি সেৱা
স্বপ্ন কথা সমস্তে কহিলা।।
শুনি ব্ৰাহ্মণ ৰূপধাৰী শিৰে আশীৰ্বাদ কৰি
কহিলন্ত আমিয়েই বিশ্বকৰ্মা
তব বাঞ্চা পূৰ্ণ কৰিবহো আমি।।
বুলিলন্ত ৰজা বাণী শুনা বিশ্বকৰ্মা জ্ঞানী
প্ৰতিমাক সজোৱা আপুনি,
উত্তৰত জগন্নাথ, দক্ষিণত বলোৰাম
মাজে জানা সুভদ্ৰা ভগিনী।
অপূৰ্ব সাজেৰে দেৱ প্ৰতিমাক গঢ়ি দিয়া
কিৰীটি কুণ্ডল মনোহৰ,
যেয়ে দৰশন কৰে জগতৰ পাপ হৰে
কহিলোহো অতি সাৰে সাৰ।
ৰজাৰ অভিপ্ৰায় শুনি বিশ্বকৰ্মা মহাজ্ঞানী
প্ৰতিমাক আৰম্ভিলা
সংগ্ৰাহক ধৰিত্ৰী ব্ৰাহ্মণ দেৱশিল্পীৰ চৰণ চিন্তি
পাঁচালী প্ৰবন্ধ সামৰিলা।।
।।বিশ্বকৰ্মা মাহাত্ম্য।।
সৌতিয়ে কহয় শুনা মুণিগণ
দোৱশিল্পীৰ পাঁচালী ভৈলা সমাপন।
হেনয় দেৱশিল্পীৰ কথা শুনা সৰ্বজনে
তৰিবা সংসাৰ সিন্ধু ই কথা শ্ৰৱণে।।
পূজা শেষে পাঁচালী শুনিবা সাৱধান
তেৰাৰ দয়াত সৰ্বকৰ্ম হয় সমাধান।।
ভক্তিসহ পাঁচালী কৰিলে শ্ৰৱণ
শিল্প জ্ঞানে নিপুনতা লভে সেইজন।।
বিদ্যাহীন জনেওঁ লভয় শিল্পজ্ঞান
হৃদিমাজে থাকে যাৰ শিল্পীৰ আসন।।
কৌটি নমস্কাৰ কৰো বিশ্বকৰ্মা প্ৰতি
জ্ঞানে বা অজ্ঞানে তোমাপদে হওক মতি।।
সমজুৱা ভাই সবে লোৱা হৰি নাম
দুৰ্গতি গুছোক লোৱা বিশ্বকৰ্মা নাম।।
।।প্ৰণাম মন্ত্ৰ।।
নমো দেৱশিল্পী মহাভাগ দেৱানাং কাৰ্য্যসাধক
বিশ্বকৰ্মণ্ নমস্তুভ্যং সৰ্বাভীষ্ট ফলপ্ৰদ।।