শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঁচালী

ৱিকিউৎসৰ পৰা
শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঁচালী
লেখক অজ্ঞাত
শ্ৰীশ্ৰীসত্যনাৰায়ণ নমঃ
ধ্যানঃ-ধ্যায়েত্ সত্যং গুণাতীতং, গুণত্ৰয়সয়ন্বিতম্
লোকনাথং ত্ৰিলোককেশং পীতাম্বৰ ধৰং হৰিম।
ইন্দীবৰদলশ্যামং শংখচক্ৰগদাধৰম।
নাৰায়ণং চৰ্তুব্বাহুং শ্ৰীবত্সপদভূষিতম। গোবিন্দং
গোকুলানন্দং জগতঃ পিতৰং গুৰুম্।।
পদ
প্ৰণামোহো নাৰায়ণ দেৱ ভগৱান।
যাহা হন্তে দুঃখীজনে পায় পৰিত্ৰাণ।।
শিৰ নত কৰি বন্দো নাৰায়ণ প্ৰতি।
তান দুই ভাৰ্য্যা বন্দো নাৰয়ণ প্ৰতি।
তান দুই ভাৰ্যা বন্দো লক্ষ্মী-সৰস্বতী।।
শ্ৰীৰাম-ৰক্ষণ বন্দো ৰাৱণ নিধন।
হাতযোৰে প্ৰণামো মই সত্যনাৰায়ণ।।
কলিযুগে ভগৱন্ত ভৈলা অৱতাৰ।
দৰিদ্ৰ ব্ৰাহ্মণ হন্তে ভৈলন্ত প্ৰচাৰ।।
পূৰ্বে কাশীপূৰে এক ব্ৰাহ্মণ আছিল।
অতি দুঃখী দীনহীন ভক্ষাই সম্বল।।
নিৰবধি সেই ব্ৰাহ্মণ কৰয় মাগল।
পুত্ৰ-কণ্যা সেই মতে কৰয় পালন।।
একদিনা সেই ব্ৰাহ্মণ ভিক্ষাহেতু যায়।
সত্যনাৰয়ণক বাটতে লগ পায়।।
ব্ৰাহ্মণৰ দুঃখে দুকী হৈয়া ত্ৰিদশ ঈশ্বৰ।
সুধিলা কৈক যোৱা তুমি দ্বিজবৰ।।
দৰিদ্ৰ ব্ৰাহ্মণ কয় ভিক্ষা হেতু যাওঁ।
অতি দীন-হীন মই ভিক্ষা মাগি খাওঁ।
ব্ৰাহ্মণৰ বাক্য শুনি কহে নাৰায়ণ।
উপদেশ দিওঁ মই শুনাহা ব্ৰাহ্মণ।।
ময়েই সত্যনাৰায়ণ কহিলোহো সাৰ।
দৰিদ্ৰতা দূৰ হৈব মহিমা অপাৰ।।
সাৱধানে শুনা তুমি সেৱাৰ প্ৰকাৰ।
কহিবে লাগিলা কথা কৰিয়া বিস্তাৰ।।
শুনি বিপ্ৰে ভক্তিভাবে আনন্দিত হৈয়া।
দণ্ডবত্ হৈলা দিঙিত গামোছা বান্ধিয়া।।
আজি সুপ্ৰভাত মোৰ পুহাইল ৰজনী।
কিভাৱে কৰিম পূজা কহা চক্ৰপাণি।।
মহাদুঃখী দাল-দৰিদ্ৰ একোনাই মোৰ।
কিমতে সেৱিম দেৱ চৰণ তোমাৰ।।
ঈষত্ হাঁহিৰে কয় সত্য়নাৰায়ণ।
মম পূজায় নলগায় বহু ধন।।
আধা কেজি তণ্ডলচূৰ্ণ একত্ৰ কৰিব।
যথাসাধ্যে মালভোগ কলেৰে মথিব।।
এৱাঁ-দৈ ঘৃত-মৌ-গুড় শক্তি অনুসাৰে।
ভক্তিভাৱে অৰ্পি দিবা শুদ্ধ যে মনেৰে।।
ইষ্ট-মিত্ৰ বন্ধু আদি আনিবা সাদৰি।
মোহোৰ পাঁচালী শুনিবাহা কৰ্ণ ভৰি।।
পাঁচালী প্ৰবন্ধে সবে কহিৱে কথন।
মোহোৰ সকলো কথা কৈবা বিৱৰণ।।
কথা শেষ হৈলে সবে ভক্তিযুক্ত হৈয়া।
দণ্ডবতে সেৱা লৈবা মোক উদ্দ্যেশিয়া।।
মোৰ প্ৰসাদসবে ভগাইয়া খাইব।
যাৰ যি মনে থাকে সেইমত হইব।।
এইৰূপে সেৱা যেবে কৰয় আমাৰ।
মনৰ কামনা সিদ্ধি কৰিম তাহাৰ।।
সেৱাৰ যতেক বস্তু কৰিবা সত্ত্বৰ।
এই বুলি ভগৱন্ত ভৈলন্ত অন্তৰ।।
হেন অদ্ভুত ৰূপ দেখিয়া সাক্ষাত।
চহৰে ভিক্ষাক গৈলা ব্ৰাহ্মণৰ সুত।।
যিমতে নিয়ম দিলা সত্য নাৰায়ণ।
ভিক্ষা শেষে নিজ ঘৰে ফিৰিলা ব্ৰাহ্মণ।।
সত্যনাৰয়ণ লগে যেন কথা ভৈলা।
সকলো কথাক ব্ৰাহ্মণী আগে কৈলা।।
শুনি আনন্দিত হৈল ব্ৰাহ্মণৰ নাৰী।
সৱাৰ যতেক বস্তু যোগাইল তাৰাতাৰি।।
আত্মীয়-বন্ধু-পাৰাবাসী আনিল ব্ৰাহ্মণ।
গধূলিতে আৰম্ভিল সত্যৰ সেৱন।।
এইদৰে সত্যৰ সেৱা ব্ৰাহ্মণ কৰয়।
দৰিদ্ৰতা দূৰ হৈল অতীব ত্বৰায়।।
অল্পদিনে বহু-ধন পাইল ব্ৰাহ্মণ।
ধুলা চুলে সোণ হয় ঈশ্বৰ বিধান।।
অধম ধৰিত্ৰী কহে শুনা সৰ্বজন।
দুৰ্গতি নাশৰহেতু ভজা নাৰায়ণ।।
একদিনা খৰিকটিয়া মিলি চাৰিজন।
অৰণ্যত প্ৰৱেশিলা খৰিৰ সন্ধান।।
বহুকষ্টে খৰি লৈ গধুলি ফিৰিল।
পিয়াহত অণ্ঠ-কণ্ঠ শকাইলা গৈল।।
কোনোমতে আহি পাইলা ব্ৰাহ্মণৰ ঘৰ।
চোতাল আহি পায় দেখে পূজা আৰম্বৰ।।
খৰিকটিয়া সবে বোলে ব্ৰাহ্মণৰ প্ৰতি।
কাহাৰ পূজা দেউ কৰাহা সম্প্ৰতি।।
কিমতেনো সেৱা হয় কহা তত্ত্বসাৰ।
কিমতে দুৰ্গতি নাশ হৈল তোমাৰ।।
ব্ৰাহ্মণে বোলন্ত ভাই শুনাহে বচন।
আপদ নাশিলা মোৰ সত্য নাৰায়ণ।।
খৰিকটিয়া বোলে কোৱাহে ব্ৰাহ্মণ।
কিমতে দুৰ্গতি নাশ কৈলা নাৰায়ণ।।
সৰ্বতত্ত্ব বিৱৰিয়া কহিলা ব্ৰাহ্মণ।
ক'তো শুনা নাই এনে অপূৰ্ব কথন।।
দৰিদ্ৰ ব্ৰাহ্মণ খুজি খাইলা ঘৰে ঘৰে।
নাৰায়ণ সেবি সুখী ভৈলা কাশীপুৰে।।
এইখিনি কলো মই শুনা বাই সৱ।
কৰিবা সত্যৰ সেৱা যেহেন সম্ভৱ।।
দৃঢ়মতি কৰি সৱে যুক্তি কৰে সাৰ।
খৰি বেচি কৰিব সবে সত্যৰ সেৱাৰ।।
এইসব যুক্তি কৰি চাৰিও জন।
খৰি লৈ ঘৰে ঘৰে কৰিল প্ৰস্থান।।
খৰি লৈ আহিলা সকলে বজাৰ।
বেচিলা দুগুণ দৰত একো একো ভাৰ।।
সেৱাৰ যতেক দ্ৰব্য আনিলা কিনিয়া।
নিজ ঘৰে প্ৰবেশিলা আনন্দি হুয়া।।
ভাৰ্য্যাৰ আগত আহি সমস্ত কহিলা।
সেৱা সমস্ত বস্তু জোগাৰ কৰিলা।।
ইষ্ট-মিত্ৰ বন্ধুবৰ্গ আনিলা অপাৰ।
কবলৈ ধৰিলে কথা কৰি যে বিস্তাৰ।।
যিৰূপে ব্ৰাহ্মণদেৱে কহিছে কথন।
পাঁচালী প্ৰবন্ধে কহে সব বিৱৰণ।।
কথা অন্তে সৱে ভক্তিযুক্ত হইয়া।
দণ্ডবত্ কৈলা সৱে গলবস্ত্ৰ লৈয়া।।
প্ৰাসাদ লভিয়া পাছে শিৰত বন্দিয়া।
ঘৰে ঘৰে গৈলা সৱে প্ৰণাম কৰিয়া।।
খৰিকটিয়াই এইদৰে কৰিলা সেৱণ।
খৰিকটা এৰি পাছে পাইল বহুধন।।
গন্ধৰ্ব সমান পুৰী হৈলেক সবাৰ।
ঘৰবাৰী হয়-হস্তি লৈলেক অপাৰ।।
সংক্ষেপে কৰিল পদ ধৰিত্ৰী অধম।
ৰচিলো পাঁচালীখনি কৰিয়া যতন।।
এইমতে কিছু দিন সেৱে সৰ্বজন।
একমনে শুনা সবে সাধু বিৱৰণ।।
উল্কামুখ নামে এক নৃপতি-নন্দন।
নদী পাৰে সদা কৰে সত্যৰ সেৱন।।
সেই নদীত সদাগৰে নাও লৈ যান্ত।
মানুহৰ কথা শুনি নাও ৰাখিলন্ত।।
সুধিলন্ত সদাগৰে প্ৰতি জনেজন।
কি কাৰ্য্য কৰাহা কাহাৰ সেৱন।।
সৱে বোলে সেৱা কৰো সত্যনাৰায়ণ।
বহু আৰম্বেৰে সেৱে নৃপতি নন্দন।।
পুনৰাই সদাগৰে বুলিলা বচন।
ইয়াক সেৱিলে সিজে কোন প্ৰয়োজন।।
যদি দৃঢ়চিত্ত কৰি সেৱে চৰণ তাহাৰ।
সত্যৰ সম মহিমা শক্তি আছে কাৰ।।
অপুত্ৰৰ পুত্ৰ হৱে নিৰ্ধনীৰ ধন।
অন্ধজনে চকু পায় বন্ধ বিমোচন।।
কামনা কৰিয়া যদি কৰয় চিন্তন।
যিবৰ মাগে তাঙ্ক দিয়ে নাৰায়ণ।।
পুনৰাই সদাগৰে বুলিলা বচন।
আমাৰ কামনা এক শুনা সৰ্বজন।।
পুত্ৰ-কন্যা মোৰ ঘৰে কিছুয়েই নভৈল।
অপুত্ৰক কৰি মোৰ বিধিয়ে স্ৰজিল।।
কিবা পুত্ৰ কিবা কন্যা মোৰ ঘৰে হয়।
এহিসে তোমাৰ স্থানে কৰিলো বিনয়।।
তেতিয়া জানিম মই দৃঢ় সত্যনাৰায়ণ।
সুবৰ্ণ পতাকা দিয়া কৰিম সেৱন।।



লোকে বোলে শুনা সাধু বচন আমাৰ।
কৰা নাৰায়ণ সেৱা হৈবেক কুমাৰ।।
পাছে সদাগৰে কামনা কৰিয়া।
নিজপুৰে গুছি আইলা নাওত চৰিয়া।।
সত্বৰে পাইলন্ত গৈয়া আপোন নগৰ।
বেপাৰৰ বয়-বস্তু লৈয়া গৈল ঘৰ।।
আনন্দিত সদাগৰ চৰ্তুদোলে চড়ি।
পুৰে প্ৰবেশিলা চতুৰঙ্গ দলে বেঢ়ি।।
এহিমতে ক'তো দিন আছে লক্ষপতি।
গৰ্ভৰ লক্ষণ হৈল পত্নী লীলাৱতী।।
কিছুদিন পিছে এক কন্যা উপজিল।
নানা বাদ্য ভাণ্ড বজাই মঙ্গল কৰিল।।
শিশুকাল বহি গৈল আহিল যৌৱন।
চিন্তিব লাগিলা সাধু বিবাহ কাৰণ।।
কাঞ্চন নগৰ পুৰি আতি অনুপাম।
বণিককুলত জন্ম শঙ্খপতি নাম।।
কাৰ্ত্তিক সমান ৰূপ আতি মনোহৰ।
আদৰি আনিলা লক্ষপতি সদাগৰ।।
অতি আৰম্বৰে বিয়া পাতিলা শঙ্খপতি।
কাৰ্ত্তিক সম দৰা কন্যাও ৰূপৱতী।।
সত্য সেৱা নকৰিয়া কন্যা বিয়া দিলা।
জোঁৱাইক লগত লৈ বাণিজ্যে চলিলা।।
সন্মুখে দেখিলা এক ৰজাৰ নগৰ।
সেই ৰাজ্যে নাও লগাইলা সদাগৰ।।
সেই ঠায়ে বাসগৃহ কৰিয়া নিৰ্মাণ।
বেচিব-কিনিব তাত পাতিলা দোকান।।
তাহাতে কুপীত হৈল সত্যনাৰায়ণ।
কামনা হইয়াছে সিদ্ধি নকৰে সেৱন।।
চোৰ পঠাই দিলে ৰাজ অন্তঃপুৰে।
ৰজাৰ সমস্ত ধন চুৰি কৈলা চোৰে।।
সোণ-ৰূপ মণি-মুক্তা যিমান আছিল।
সমস্ত কৰিলা চুৰি একো নাৰাখিল।।
ৰাজ চৌকিদাৰ ভয়ে কম্পে থৰে থৰে।
চোৰাংচোৱা ৰূপ ধৰি ফুৰিল বাজাৰে।।
বিচাৰি বিচাৰি যেবে চোৰক নাপায়।
অন্তৰিক্ষে নাৰায়ণ হইয়া সদয়।।
গুণ গুণ বোলে পাছে সত্য নাৰায়ণ।
সদাগৰে চুৰি কৰি পাতিছে দোকান।।
আকাশবাণী শুনি চোৰাংচোৱা প্ৰফুল্লিহুয়া।
সদাগৰে কাষে গৈলা শীঘ্ৰগতি ধায়া।।
শহুৰ-জোঁৱাই দুইকো একত্ৰে বান্ধিয়া।
সমজাই দিলে গৈ ৰজাৰ কাষত নিয়া।।
কূপীত হৈল যে ৰাজ্যৰ ঈশ্বৰ।
বন্দি কৰি ৰাখা হৈ দ্বাদশ বত্সৰ ।।
দাৰুণ কটোৱালে ৰাজআজ্ঞা পায়।
পোতাশালত পেলাই থৈল শহুৰ-জোঁৱাই।।
এই মতে সদাগৰে দ্বাদশ বত্সৰ।
কান্দি কান্দি বাস কৰে জেলৰ ভিতৰ।।
বাৰ বছৰ লীলাৱতী কি কৰি চলিল।
সমস্ত সম্পত্তি বেচি দৰিদ্ৰ হইল।।
পৰিধান বস্ত্ৰ আৰু যত ধন-সোণ।
সকলো বেচি দিলে নাথাকিল অকন।।
সুধি ফুৰে লীলাৱতী প্ৰিত জনে জনে।
কতো খবৰ নাপায় কান্দে দুঃখ মনে।।
পাছে দাসী কাম কৰি যি পায় মজুৰী।
তাকে খায় দিন কাটে আতি কষ্ট কৰি।।
এক দিনা প্ৰভাততে সদাগৰ নাৰী।
মজুৰী হেতু গৈয়া পাইলা ব্ৰাহ্মণৰ বাৰী।।
দেখে বিপ্ৰ বহি আছে সত্যৰ সেৱনে।
হাতযোৰে সুধিলে ব্ৰাহ্মণৰ স্থানে।।
প্ৰসাদ লভিয়া তবে শিৰত বন্দিয়া।
কহিতে লাগিলা কান্দিয়া কান্দিয়া।।
স্বামী-জোঁৱাই নাপাও যাৱত।।
কাতৰ দেখিয়া তবে বুলিলা ব্ৰাহ্মণ।
একচিত্তে পূজা গৈ সত্যনাৰায়ণ।।
যদি কৃপযুক্ত হয় প্ৰভু তোমাৰ উপৰ।
স্বামী-জোঁৱাই আহি পাব তব ঘৰ।।
এইমতে উপদেশ দিলন্ত ব্ৰাহ্মণ।
দণ্ডৱত্ কৰি গৈলা আপোনা ভবণ।।
ঘৰে আহি কলাবতী কহয় উত্তৰ।
দেখিলো ব্ৰাহ্মণৰ কাৰ্য্য অবধান কৰ।।
এক অদ্ভূত আমি দেখিলো নয়নে।
সত্যনাৰায়ণ সেৱে ব্ৰাহ্মণ সজ্জনে।।
কলিযুগে সত্যনাৰয়ণ অৱতাৰ।
যেই যি কামনা কৰে সিদ্ধিহোৱে তাৰ।।
আমিও কামনা কৰিলো তাসম্বাক।
স্বামী ও জোঁৱাই ফিৰি আহক গৃহক।।
যাৱত শৰীৰে মোৰ থাকয় জীৱন।
তাৱত কৰিম সেৱা সত্যনাৰায়ণ।।
এই কথা গৃহে সৱে শুনিলা শ্ৰবণে।
কৰিব সত্যৰ সেৱা আতি ৰঙ্গমনে।।
মায়ে-জীয়ে দুইজনী ভীক্ষাত চলিল।
সত্যনাৰয়ণ প্ৰভু মনতে ভাবিল।।
পাইলা বহুতো দ্ৰব্য কি কহিব আৰ।
দিন অৱসানে আহিল নিজ ঘৰ।।
সেৱাৰ ব্যৱস্থা কৈলা যিহয় উচিত্।
বন্ধু-মিত্ৰ আনিলা কুল পুৰোহিত।।
কৰিলা সেৱন বহু হইয়া ব্যগ্ৰতা।
লীলাবতী কলাবতী জননী দুহিতা।।
প্ৰসাদ ভগাই দিলা প্ৰতি জনে জনে।
ভকত বত্সল প্ৰভু দয়া হৈল মনে।।
কেদাৰ মানিক্যপুৰে ৰজা সত্যবান।
স্বপ্নত কহিলা গৈয়া তাৰ বিদ্যমান।।
সুখনিদ্ৰাত ৰজা সুতিয়া আছন্ত।
ব্ৰাহ্মণৰ বেশে প্ৰভু স্বপ্ন-দেখাইলন্ত।।
উঠ উঠ সত্যবান ক'ত নিদ্ৰা যাস।
মই সত্যনাৰায়ণ চকু মেলি চাস।।
লক্ষপতি-শঙ্খপতি দুই সদাগৰ।
বন্দিকৰি ৰাখি আছা দ্বাদশ বছৰ।।
ৰাজ্যৰক্ষা প্ৰাণৰক্ষা চোৱা নৃপবৰ।
আতি শীঘ্ৰে এৰি দিয়া মোহোৰ নকৰ।।
স্বপ্ন দেখি প্ৰভাততে উঠি নৃপমণি।
চৰক নিৰেখি ৰাজা বুলিলন্ত বাণী।।
শুনা শুনা কঠোৱালে সত্বৰে চলিলা।
সাধু বিদ্যামানে আহি সকলো কহলা।।
কথা শুনি আনন্দিত সাধুৰ নন্দন।
ৰজাৰ কাষত গৈলা আনন্দিত মন।।
ৰজা বোলে শুনা সাধু বচন আমাৰ।
কোনৰাজ্যে থাকা কি নাম তোমাৰ।।
সাধু বোলে ৰত্নপুৰে আমাৰ বসতি।
বণিক কুলত জন্ম নাম লক্ষপতি।।
বাণিজ্য কৰিব আইলু তোমাৰ নগৰ।
শঙ্খপতি নামে এই জোঁৱাই আমাৰ।।
সাধুৰ বচনে লজ্জাপায় নৰপতি।
নাপিত আনায়া ক্ষৌৰ কৰা হে সম্প্ৰতি।।
তেল আদি গাৱে দিয়া স্নান কৰাইলা।
দিব্য অন্ন পালে দুইকো ভোজন কৰাইলা।
ৰাজ্য বিদ্যমানে তেৱে সাধুৰ নন্দন।
আজ্ঞা পাইলা নিজদেশে কৰিব গমন।।
কটোৱালে বোলে গুণ ভাণ্ডাৰী বচন।
নাও ভৰি দিয়া গৈ যত লাগে ধন।।
পূৰ্বৰ যতেক ধন নিয়াজ লুটিয়া।
শীঘ্ৰ কৰি দি আহা নাৱত ভৰিয়া।।
এই আজ্ঞা শুনি ধন তুলিলা নাৱত।
ৰাজাক প্ৰণাম কৈলা ভুমিত পৰিয়া।
সম্ভাষ কৰিলা ৰাজা যোৰহাত হৈয়া।।
গলে ধৰি সত্যবান বুলিলা সাধুৰে।
নজানিয়া দুঃখ দিলো ক্ষমা কৰ মোৰে।।
সাধু বোলে তুমি মহাৰাজা ৰাজেশ্বৰ।
তব কিবা দোষ কৰ্মফল মোৰ।।
আলিঙ্গনে আহ্লাদিত লভি নৰপতি।
নিজ ঘৰে চলিলা সঙ্গত শঙ্খপতি।।
দ্বিজ ধৰিত্ৰী কয় শুনা সৰ্বনৰে।
এই ৰূপে দেখা দেন্ত সেৱকৰে।।
নাওত বহি হৰি হৰি কয় সদাগৰ।
শীঘ্ৰগতি নাও চলে দেশক যাইবাৰ।।
মধ্য হ্ৰদত গাধুই কিছু মাত্ৰ খায়।
দিন-ৰাতি ভেদে নাও চলি যায়।।
নক্ষত্ৰ সঞ্চাৰ যেন নাওৰ চলন।
দেখিয়া কুপীত ভৈলা সত্য নাৰায়ণ।।
শীঘ্ৰ বেগে নদী তীৰে কৰিলা গমন।
সন্ন্যাসীৰ বেশে প্ৰভু দিলা দৰশন।।
সন্ন্যাসী দেখয় নাও যায় আথে-বেথে।
ধাউ গেৰি দিলা প্ৰভু ত্ৰিলোকৰ নাথে।।
কি ভাড়া ভৰি নিয়া কহিয়ো সত্ত্বৰে।
ত্ৰিদশ ঈশ্বৰ প্ৰভু সুধিলা সদাগৰে।।
সত্যৰ কপটে তাৰ বুদ্ধি নাশ ভৈলা।
বন-লতা ভৰি আনিছো বুলিলা।।
যি বুলিলা সেয়ে হৌক বোলে নাৰায়ণে।
বন-লতা হৈ গ'ল নাওৰ ধন-সোণ।।
কিছু দূৰে সদাগৰ নাওলৈয়া গৈল।
ভাৰি বস্তু নাই নাও ভাসিয়া উঠিলা।।
বজ্ৰাঘাত পৰিল তাহাৰ যেন মুণ্ডে।
স্তব্ধ হৈলা সদাগৰ বাক্য নাই তুণ্ডে।।
নাও লৈ সদাগৰ সমুদ্ৰৰ কোলে।
ডাণ্ডি-মাঝি পাইক সবে কান্দে উচ্চ ৰোলে।।
হাহাকাৰ শব্দ কৰি সুমৰে গোসাই।
গলাগলি কৰি কান্দে শহুৰ-জোঁৱাই।।
বজ্ৰঘাত শব্দ যেন নোলায় বচন।
পৰিল ভূমিত সাধু হইয়া অচেতন।।
কান্দিয়া কান্দিয়া স্থিৰ ভৈলা সদাগৰ।
শঙ্খপতি বোলে পাছে যুৰি দুই কৰ।।
আমি নিবেদন কৰো শুনা মহামতি।
আমাৰ বচন যদি কৰা আবগতি।।
এই যে সন্ন্যাসী বহি আছে নদী তীৰে।
শীঘ্ৰগতি চলি যাও তাহাৰ গোচৰে।।
জোঁৱাইৰ বচনে সাধু সত্বৰে চলিল।
সন্ন্যাসীৰ আগে আহি দণ্ডৱত্ত কৈল।।
কোন দেৱ হোৱা তুমি কোন আৱতাৰ।
কোন দোষে সৰ্বনাশ কৰিলা আমাৰ।।
চৰণে ধৰিয়া বোলে বণিক নন্দন।
কৃপা কৰা প্ৰভু মই পশিলো শৰণ।।
সত্যনাৰায়ণ বোলে শুনা লক্ষপতি।
কিহেতু কৰা তুমি এনেকৈ কাকূতি।।
মই কি কৰিব পাৰো বুলিলা বচন।
সাধু বোলে বনলতা হৈলা সব ধন।।
ঈষত্ হাঁহি বোলে সত্যনাৰায়ণ।
পূৰ্ব কথা তব কিবা হোৱয় স্মৰণ।।
উল্কামুখ নামে মায়া নদী তীৰে।
তাহাৰ সমীপে নাও ৰাখিয়া সত্বৰে।।
সোধাহা তোমা সবে কৰা কাহাৰ সেৱণ।
খৰিকটাই বোলে সেৱো সত্যনাৰায়ণ।।
আমিও সেৱিবো সত্যনাৰায়ণ চৰণে।
তাহাতে কামনা কৰি গৈলাহা ভবণে।।
পুত্ৰ-কন্যা যদি মোৰ কিছু মাত্ৰ হয়।
সুবৰ্ণ পতাকা দিয়া সেৱিবো নিশ্চয়।।
বৰ দিলো কন্যা হৈল বিয়া দিলা তাৰে।
কত দুঃখ ৰৈ গ'ল আমাৰ অন্তৰে।।
বন্দিশালে দুঃখ দিলো দ্বাদশ বছৰ।
তেবে লীলাবতী সেৱে মোক নিৰন্তৰ।।
প্ৰসন্ন হুয়া পিছে মই দিলো বৰ।
বৰ মাগে লীলাৱতী যুৰি দুই কৰ।।
কন্যা বোলে সাধু সঙ্গে জোঁৱাইক আহক।
সিকাৰণে স্বপ্ন মই দেখাইলো ৰজাক।।
প্ৰবন্ধে এৰাইলো মই কহিলো তোমাৰে।
পূৰ্ব কথা স্মৰণ কৰাইলো নিৰন্তৰে।।
নাও মেলি দেশত যাৱ পৰম হৰিষে।
কৌতুক দেখাইতে আইলু সন্ন্যাসীৰ বেশে।।
কপটে হৰিয়া ধন দিলো বনলতা।
শুনিয়ো কহিলো মই সব সত্য কথা।।
এতেকে কহিলা যদি সত্য নাৰায়ণ।
পূৰ্বৰ বৃত্তান্ত সাধু কৰিলা স্মৰণ।।
গলে বস্ত্ৰ লৈ বোলন্ত সদাগৰ।
লক্ষ মুদ্ৰা বন্ধ গৈল তোমাৰ গোচৰ।।
গৃহে গৈয়া প্ৰথমতে কৰিবো সেৱন।
হেনকালে ঈশ্বৰ আহি কৰিল কথন।।
ঘাটে আইলা সদাগৰ ধন মান লৈয়া।
সত্বৰে জানাইল সদাগৰ ঘৰে গৈয়া।।
জোঁৱাই আহিল বুলি ৰঙ্গভৈল মনে।
কলাৱতী প্ৰসাদক থৈলা সেহি স্থানে।।
ত্বৰিত গমনে গৈলা অঙ্গৰ সাজনী।
স্বামীক দেখিব যায় খ়্জন গামিনী।।
শুভধ্বণী সাধুৰ শুনিলা লীলাৱতী।
প্ৰসাদ নাখায়া গৈলা যথা নিজপতি।।
তাতে সত্যনাৰয়ণ পাইলেক চল।
শঙ্খপতি সাধুৰ নাও ঘাটে গৈলা তল।।
ভাহিলা বাসতে যেবে চাহিলা সদাগৰ।
জোঁৱাই নেদেখি সাধু হৈলা শোকাতুৰ।।
জোঁৱাই জোঁৱাই বুলি মাতে ঘনে ঘন।
ভূমিত পৰিল সাধু হৈলা অচেতন।।
ধৰিত্ৰী বোলয় সাধু নকৰা হাহাকাৰ।
অৱশ্যে পাইবা জোঁৱাই ধন তোমাসাৰ।।



ছবি।।
জোঁৱাইক মনে স্মৰি         কত গৈলা মোক এৰি
কান্দে সাধু কৰিয়া বিষাদ
নানা ৰত্নে ভৰা তৰি         অবিলম্বে আহা ঘূৰি
তাতে হেনো মিলিল প্ৰমাদ।।
কলাৱতী কোলে কৰি        পৃথিৱীত গড়াগৰি
কান্দে সাধু বিষাদ কৰিয়া
কলাৱতী বোলে বাপ        শৰীৰে নসহে তাপ
পোৰে প্ৰাণ প্ৰভুক নেদেখিয়া।।
মাৱে-জীৱে গলাগলি        কান্দয় বিলাপ কৰি
কোন হেতু অকাল মৰণ
কলাৱতী কয় মাৱ         তোমাসৱে ঘৰত যোৱা
মই ইয়াত ত্যেজিম জীৱন।।
কন্যাৰ কাৰুণ্য দেখি        লীলাৱতী বোলে বাণী
স্থিৰ হোৱা নকৰা ৰোদন
দ্বিজ ধৰিত্ৰী বোলে        নাৰয়ণ পদতলে
জীৱ তব বণিক নন্দন।।
পদ।।
য়েতিয়া আছিল প্ৰভু দেশৰ অন্তৰে।
দেশত আহি নাও-তল পালেঙৰ উপৰে।।
মনত ভৰষা পালো সাধু আহিল দেশে।
চকু মেলি নেদেখিলো প্ৰাণ পতিতে সে।।
পাপকৰ্ম হেতু হেন পক্ষ হুয়া যাওঁ।
কত গৈলা প্ৰাণপতি ক'ত লগ পাওঁ।।
মই অভাগিণী খণ্ডব্ৰত আচৰিলো।
তাৰ ফলে অবিলম্বে তোমাক নাশিলো।।
কন্যাৰ লগত কান্দে ৰাণী লীলাৱতী।
ভূমিত পৰিয়া কান্দে সাধু লক্ষপতি।।
ইমত দাৰুণবিধি কিহেতু কৰিল।
আনন্দৰ মাজে বৰ প্ৰমাদ ঘটিল।।
মাথে হাত দিয়া কান্দে বণিক নন্দন।
অন্তৰিক্ষে থাকি মাতে সত্যনাৰায়ণ।।
নাকান্দা নাকান্দা সাধু স্থিৰ কৰা মতি।
তোমাৰ কন্যাৰ দোষে এই ভৈলা গতি।।
কলাৱতী পেলাইছে প্ৰসাদ আমাৰ।
সেহি হেতু মৰি আছে জোঁৱাই তোমাৰ।।
পানী হন্তে উপজিব কৈলো সত্য বাণী।
প্ৰসাদ খাওক গৈয়া তোমাৰ নন্দিনী।।
আমাৰ প্ৰসাদ কন্যা নাখাব যাৱত।
সত্য কলো তান পতি নিজীৱ তাৱত।।
আকাশী বচন শুনি চমকিত মন।
কৰ যুৰি মাতিলন্ত সাধুৰ নন্দন।।
অধমক কৃপা কৰা সত্যনাৰায়ণ।
লক্ষ ধন দিয়া মই কৰিমে সেৱন।।
এহি বুলি প্ৰসাদ আনিলা লক্ষপতি।
আজ্ঞা হইল প্ৰসাদ খাওক কলাৱতী।।
এই শুনি কলাৱতী প্ৰসাদ ভুঞ্জিলা।
সত্বৰে স্বামীৰ ডিঙা ভাসিয়া উঠিলা।।
মঙ্গল কৰিলা লক্ষপতি সদাগৰ।
জোঁৱাই-শহুৰ আহিলা নিজ ঘৰ।।
শহুৰ-জোঁৱাই দুয়ো একত্ৰ যে হুয়া।
নাওৰ যতেক ধন আনিলা তুলিয়া।।
লক্ষ মুদ্ৰা ভাঙি সেৱে সত্য নাৰায়ণ।
সুবৰ্ণ পতাকা দিলে আতি বিতোপণ।।
শহুৰ-জোঁৱাই দুয়ো পুৰে প্ৰবেশিলা।
সাধুৰ সেৱাত প্ৰভু বৰ তুষ্ট ভৈলা।।
ভক্তিভাবে এই ৰূপে সেৱে যিবাজন।
ধনে-ধানে পুত্ৰ-পৌত্ৰে বাঢ়ে সৰ্বক্ষণ।।
কামনা কৰিয়া যেবে সেবে চিৰকাল।
সত্যৰ প্ৰসাদে তাৰ গুঠে আহুকাল।।
ইঙ্গিত কৰয় যেবা অৱজ্ঞা কৰিয়া।
অঞ্চলে অগণি বান্ধি মৰিব পুৰিয়া।।
পাৱয় পৰম পদ সেৱি নাৰায়ণ।
অপুত্ৰৰ পুত্ৰ হোৱে নিৰ্ধনীৰ ধন।।
অন্ধজনে দৃষ্টি পায় বন্ধ বিমোচন।
হেন জানি নেৰিবাহা সত্যৰ সেৱণ।।
যিবা শুনি যিবা পঢ়ে সত্যৰ পাঁচালী।
সংসাৰ ত্যেজিয়া যায় বিষ্ণুপুৰী।।
হেন জানি নৰলোক এৰি আন কাম।
ভজিয়ো সত্বৰে প্ৰভু সত্যৰ চৰণ।।
কলি যুগে আন ধৰ্মে নপাৱয় গতি।
সত্যনাৰায়ণ নাম ঘুষিয়ো সম্প্ৰতি।।
সমাপ্ত