সমললৈ যাওক

শীতলা

ৱিকিউৎসৰ পৰা
শীতলা
শ্ৰীকৃষ্ণায় নমঃ
ৰাগ দিয়ালি
বন্দো গুৰুদেৱ পদে অৱনী লুটিয়া।
চৰণে শৰণ লৈলো কিছু কৰা দয়া।।
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু আদি দেৱ।
গুৰু বিনে সংসাৰত আন নাহি কেৱ।।১
নাম গুৰু এক কৰি ভজা নাৰায়ণ।
বিনা আত্মা পৰিচয় নঘটে এখন।।
প্ৰথমতে আদ্য গুৰু কৰোঁহো বন্দন।
যিবাজনে দিয়া আছে মানৱ জনম।।২
দ্বিতীয়-গুৰুক বন্দো যিজনে পঢ়াইলা।
যেন অন্ধকক দুই চক্ষু দান দিলা।।
তৃতীয় গুৰুৰ পাৱে পশিলো শৰণ।
যাহাৰ প্ৰসাদে হোৱে সংসাৰ তৰণ।।৩
হাট গুৰু বাট গুৰু কৰো নমস্কাৰ।
শীতলা দেৱীৰ স্তুতি কৰিবো প্ৰচাৰ।।
যিবাজনে পঢ়ে শুনে শীতলাৰ পদ।
সৰ্ব্বদোষ হৰে তাৰ খণ্ডয় আপদ।।৪
একচিত্ত মনে যিবাজনে সেৱা কৰে।
ধন জন সম্পদ বঢ়ায় তাৰ ঘৰে।।
যিবা জনে পূজয় শীতলা দেৱীৰ।
শ্ৰীযশ তাৰ ঘৰে বাঢ়ে নিৰন্তৰ।।
গাৱয় সমাজে গীত শীতলা দেৱীৰ।
কহে জয়ৰামে মই অধম পামৰ।।
ৰাগ।।কৰণ-কেদাৰ।।
গুৰুৰ চৰণ,        কৰোহো বন্দন,
অনুগ্ৰহ কৰা মোক।
মোৰ যেন মনে,         তোমাৰ চৰণে,
সহজে ভক্তি হৈয়োক।।৭
ইটো জগতত,        যতেক সমস্ত,
তাক মোৰ বুলি মানে।
সংসাৰ তাৰণ,        তোমাৰ চৰণ,
তাক মনে নাহি জানে।।৮
তুৱা কৃপা বিনে,        নোহে মোৰ মনে,
তোমাৰ চৰণে ৰতি।
মই মহা পাপী,        ধৰা পদে চাপি,
কৰা অগতিৰ গতি।।৯
গুৰুত ভকতি,        জানিয়ো সম্প্ৰতি,
বিনে আন গতি নাই।
তযু কৃপা বিনে,        ভাৰত বৰিষে,
দুৰ্ল্লভ শৰীৰ পাই।।১০
ইটো ব্ৰহ্মাণ্ডত,        আছে সাধু যত,
তাইকো কৰো বন্দন।
কৰযোৰ কৰি,        দান্তে তৃণ ধৰি,
চৰণে লৈলো শৰণ।।১১
পূৰ্ব্বৰ কৰিতা,        আছে নানা মত,
মোক জানি মহা মূৰ্খ।
মোৰ পদ বুলি,        পেপেলবা ঠেলি,
মোত নলৈবাহা দুঃখ।।১২
সজ্জন জনৰ,        ক্ষমা ধৰ্ম্মপৰ,
হিতক চিন্তিয়া কয়।
নিন্দিত যতেক,        পৰম প্ৰত্যেক,
দোষক মাত্ৰ দেখয়।।১৩
নহে অহঙ্কাৰী,        মোৰ উপকাৰী,
তাক হাতযোৰে মাগি।
নিন্দি তুষ্ট হৌক,        মোৰ মনে ৰৌক,
গুৰুৰ চৰণে লাগি।।১৪
গুৰুক আৰাধো,        একমাত্ৰ সাধু,
সন্ত যে সাধুৰ গুণ।
গুৰু পৰশণে,        জয়ৰাম ভণে
ভকতিৰ মূল শুন।।১৫
দিহা।।
অনাথৰ নাথ গোসাঁই পশিলো শৰণে
সৰ্ব্ব দুঃখ দুৰ কৰে তোমাৰ চৰণে।।
পদ।।
মনসাৰ নাতিমূলে শীতলা জন্মিলা।
মৃণালৰ তন্ত যেন অষ্টমূৰ্ত্তি ভৈলা।
পদ্মৰ পত্ৰত উঠি স্নান আৰম্ভিল।
তেতিক্ষণে অষ্টনামে শীতলা জন্মিল।। ১৬
নাভি কমলৰ হন্তে জন্ম লভিলন্ত।
অষ্টজন শীতলা পৰম মূৰ্ত্তিমন্ত।।
হেন শুনি মনসাৰ আনন্দ ভৈল মন।
আমাৰ সমীপে আসি আছে অষ্টজন।।১৭
সেহিবেলা নিশাচৰ অসুৰ দুৰ্জ্জন।
বিমোহিত হুয়া চাই আছে কতক্ষণ।।
জলৰ উপৰে আছে পদ্মাসন কৰি।
মহেশ্বৰ চৰণক হৃদয়ত ধৰি।।১৮
জলে নামিলেক পাপী অসুৰ পামৰ।
অষ্ট শীতলাৰ ৰূপ দেখি মনোহৰ।।
কামভাৱে পৰশিবে চাৱে তাসম্বাক।
দেখি অষ্টজনে বুলিলেক অসুৰক।।১৯
নাহি ছুবি পাপী তই সত্বৰে অন্তৰ।
এই বুলি গৈলা সবে কৈলাস শিখৰ।।২০
দিহা।।
এ মানৱ মনসাৰ, নাভি মূলে জন্ম ভৈলা শীতলাৰ।
পদ।।
মহেশৰ চৰণত প্ৰণাম কৰিলা।
পিতৃ বুলি প্ৰাৰ্থি সবে জানু পাৰি ৰৈলা।।
হেন শুনি তাসম্বাক বুলিলে বচন।
পৃথিৱীক লাগি সবে কৰিও গমন।।২১
গোবিন্দক মনসাই স্মৰণ কৰিলা।
সেহিবেলা তাৰাসৱে জনম লভিলা।।
ৰাম নাম শুনি মহা আনন্দক পাইবা।
মনুষ্যৰ হন্তে মহা পূজাক লভিবা।।২২
বায়ু ৰূপ ধৰি সবে পৃথিৱী ফুৰিবা।
জ্বাৰ তাপ ৰূপে মনুষ্যক দুখ দিবা।।
বিস্ফোটক নামে প্ৰসাদ ব্যক্ত কৰিবা।
তাত হন্তে মহাঘোৰ পূজাক লভিবা।।২৩
চৌষষ্টি যোগিনীগণ লগতে চলোক।
মনুষ্যত হন্তে সৱে পূজা বলি খাওক।।
যিটো জনে পূজি সদা চিন্তে সৰ্ব্বক্ষণ।
তাসম্বাক হন্তে সদা কৰিবা ৰক্ষণ।।২৪
এহি আজ্ঞা পিতৃ মুখে শুনি তেতিক্ষণ।
পৃথিৱীক লাগি সবে কৰিলা গমন।।
মহেশ্বৰ আজ্ঞা দেৱী শৰোগত কৰি।
পৃথিৱী পৰ্য্যতি ফুৰে বায়ু ৰূপ ধৰি।।২৫
মনুষ্যক নানাবিধ কৰে উত্পাত।
তাসম্বাৰ হিত চিন্তি পুছিলো তোমাত।।
শীতলাৰ পদ শুনিয়োক সভাসদ।
শীতলাৰ চৰণ চিন্তি তৰিয়ো আপদ।।২৬
বিস্ফোটক গলগণ্ড গুচিবে সকলে।
হেন জানি চৰণ নেৰিয়ো অবিকলে।।
নিন্দা নকৰিবা মোক পদ বঢ়া পায়।
শীতলা চৰণ চিন্তি জয়ৰামে গায়।।২৭
ৰাগ মালৱ।
দিহা।।
নমোহোঁ ব্ৰাহ্মণ্য দেৱী চণ্ডিকা গোসাঁনী।
নমোহোঁ চণ্ডিকা দেৱী গৌৰী নাৰায়ণী।।
পদ।।
নমো শিৱ ৰূপীণী নমো শিৱৰ ৰমণী।
নমো দুৰ্গা ভগৱতী জগত জননী।।১৮
নমো সুলোচনী মহাদেৱী মহামায়া।
নমোহো সাৱিত্ৰী দেৱী দিয়া পদ ছায়া।।
শীতলাৰ নাম গুণ গাৱে যিবা জননে।
যিবা জনে শুনে ভণে একচিত্ত মনে।।২৯
মুকুতি সুখক সিটো ভুঞ্জে এহি ঠাই।
মৰিলে শিৱৰ পুৰি কৈলাসকলযায়।।
কহে জয়ৰামে গুৰু চৰণ প্ৰণামি।।৩০
ৰাগ কৌ।
দিহা।।
এ আই মাতা আনন্দে আসিয়ো মোৰ ঘৰে
যি মই আসন দিবো বসিবা তোমাৰে।।
পদ।।
ঈশ্বৰ হৃদয়ে যাৰ ভৈলেক আসন।
তাৰ উপাধিক মই কিদিবো ব্যখ্যান।।
জগত্ উত্পত্তি হোৱে যাৰ উদৰত।
কোন বাক্যে তুষ্ট কৰোঁ তযু চৰণত।।৩১
তুমি দুৰ্গা তুমি লক্ষ্মী তুমি বসুমতী।
কোন বাক্যে তুষ্ট কৰোঁ তুমি সৰস্বতী।।
কিবা দিয়া পূজিবো ব্ৰহ্মাণ্ড যাৰ কাম।
কৰযোৰে প্ৰণামোহোঁ মুখে গায়া নাম।।৩২
আঁচল পাতিয়া দিবো আসন বঢ়াই।
চৰণৰ ধূলা লৈবো কেশ মলচাই।।
বন পুষ্প দিবো আৰু দিবো গঙ্গাপানী।
তাকে লৈয়া তুষ্ট হোৱা জগত গোসাঁনী।।৩৩
সবাকে দিবাহা বৰ জগতৰ আই।
শীতলা চৰণ বন্দি জয়ৰামে গায়।।৩৪
ৰাগ মালৱ।
দিহা।।
আই শীতলা আনন্দিত হোৱা।
মোৰ মনে কৌতুক কৰিয়া।।
পদ।।
আসিলা শীতলা মাৱ বসিবো আসনে।
ফলে পুষ্পে সেৱা কৰোঁ তোমাৰ চৰণে।।
বসিলা শীতলা দেৱী আসনত উঠি।
গন্ধে-পুষ্পে-ধূপে-দীপে হোৱে মন তুষ্টি।।৩৫
তুষ্ট হোৱা আই আমাসক কৰা দয়া।
জানু পাৰি তোমাৰ চৰণে কৰোঁ সেৱা।।
সেৱাতেসে তুষ্ট হোৱা জগত জননী।
জগতৰে উপকাৰ দুৰ্গতি নাশিনী।।৩৬
সভাসদ গণে শুনে একচিত্ত মানি।
এতেকেতে তুষ্ট হৈব দেৱী নাৰায়ণী।।
হৰদেৱে কহি আছে স্কন্দৰ আগত।
শীতলা মনসা দেৱী সেহি সৰস্বতী।।৩৭
মনসাক স্ৰজি আছে সৃষ্টিৰ কাৰণে।
মনসাক আশ্ৰয় কৰন্ত নাৰায়ণে।।
আপোনাতে সাক্ষী লোৱা মনে গুণি চাই।
পুত্ৰ প্ৰিয়াৰ্থক ধৰা প্ৰকৃতিক পাই।।৩৮
ৰাগ মালৱ।
দিহা।।
তুমি চৰাচৰ নমো প্ৰকৃতি গোসাঁনী।
সৰ্ব্বশক্তি ৰূপা দেৱী আনন্দদায়িনী।।
পদ।।
মুখ ভৰি ভৰিয়া তোমাৰ গুণ গাৱো।
গলে বস্ত্ৰ দিয়া আমি শৰণ মাগোঁ।।
সৰ্ব্ব দুখ নাশ কৰা পশিলো শৰণে।
ফুলে জলে কৰো সেৱা তোমাৰ চৰণে।।৩৯
কিবা বস্তু দিবো মই সকলো তোমাৰ।
সেৱাতেসে তুষ্ট হৈবা সম্বন্ধে আমাৰ।।
নমো বিদ্যা শক্তি মাৱ চৰণত বশ্য।
ইন্দ্ৰ আদি দেৱগণে ব্ৰহ্মাৰ নমস্য।।৪০
স্বৰ্গে পূজে দেৱগণে অনেক সম্ভাৰে।
মনুষ্যে পূজয় ফল ফুল উপহাৰে।।
তুমি যে আসিলা মাৱ নৰ-পূজা খাই।
তুষ্ট হৈবা বৰ দিয়া জগতৰ আই।।৪১
এহি বুলি জয়ধ্বনি কৰে নিৰন্তৰ।
তুষ্ট হৈয়া মাৱ মোক দিয়া এহি বৰ।।৪২
কেহোঁ নাচে কেহোঁ গায় চাপৰি বজাই।
হৌক জয় জয় বৰ আনন্দ পৰায়।।
গন্ধ পুষ্প দিয়া পূজা কৰে শীতলাৰ।
সমস্ত ব্যাধিত হন্তে হৈবেক উদ্ধাৰ।।
জানু শিৰে প্ৰণামোহো শীতলা চৰণ
কহে জয়ৰামে হৰ-গৌৰীপৰায়ণ।।৪৩
ৰাগ পহৰুৱা।
দিহা।।
ভাল শীতলা মাৱ কৰোহোঁ বন্দন।
চৰণে শৰণ লৈলো দুখ নিবাৰণ।।
পদ।।
জয় নমো জগত্ মাতা জগতৰ গতি।
ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ যাৰ উত্পতি।।
চৰাচৰ উত্পতি ব্ৰহ্মাতে যাৰ কাম।
তিনি গুণ মধ্যে প্ৰকৃতি যাৰ নাম।।৪৪
সত্ত্ব গুণে দেৱগণ ৰজঃগুণে নৰ।
তমত অসুৰ দেৱী সব চৰাচৰ।।
অন্তকালে বিশ্বখান উদৰত ধৰি।
থাকিবা আপুনি তুমি সৃষ্টিক সংহাৰি।।৪৫
এহন্তে গুণিয়া চায়ো এহেন্তে ঈশ্বৰ।
প্ৰকৃতিৰ উদৰত হোৱে চৰাচৰ।।
যি জনে সকামে প্ৰকৃতিৰ গুণময়।
নিষ্কাম নভৈল যে পুৰুষ নাপাৱয়।.৪৬
আশা সমুদ্ৰত মগ্ন প্ৰকৃতিৰ গুণে।
পুৰুষৰ সেৱা সিটো জানিবাক মনে।।
তৃণ সমজ্ঞান মানে ইন্দ্ৰিয় সম্পত্তি।
সোহিসে কৰিতে পাৰে কৃষ্ণত ভকতি।।৪৭
বিষয়ৰ আশা ভঙ্গ হৰি ভকতৰ।
সকাম বৰ্জ্জিত ভক্ত নিষ্কাম ঈশ্বৰ।।
গুণময় পুৰুষৰ প্ৰকৃতিত ৰতি।
প্ৰকৃতি সদায়ে সাধে কৃষ্ণত ভকতি।।৪৮
প্ৰকৃতি পুৰুষ দুইৰো নাহি ভিন্ন পৰ।
মিছা বিড়ম্বনা মনুষ্যৰ কলেবৰ।।
পুৰুষ প্ৰকৃতি দুয়ো সৃষ্টিৰ কাৰণে।
শিৱ শক্তি এক অংশ কহে নাৰায়ণে।।৪৯
প্ৰকৃতিত হন্তে চৰাচৰ হোৱে বাজ।
শক্তি বিনে ভক্তি নোহে কহে মুনিৰাজ।।
সকাম ভকত হন্ত আমাৰ অধীন।
পুৰুষ প্ৰকৃতি দুইকো নকৰিবা ভিন।।৫০
দিহা।।
মোকে তাৰিয়ো হৰি পতিত পাৱন।
তুৱা কৃপা নাহি সংসাৰ তাৰণ।।
পদ।।
সকামত থাকি চিন্তে নিস্কাম হোৱয়।
সকামত মন ভৈলে ভক্তি নিমিলয়।।
বেদময় মায়াক জনাহা সবে সাৰ।
বেদক লভিলে পায় সংসাৰৰ পাৰ।।৫১
আক জানি নিন্দা নকৰিবা বুধ নৰ।
শ্লোক ভাঙ্গি পয়াৰ ৰচিবোঁ শীতলাৰ।।
বিস্ফোটক গলগণ্ড আদি ব্যাধিচয়।
ইহাক জানিলে কতো নাহিকে সংশয়।।৫২
যিবা জনে শুনে ভণে খণ্ডয় আপদ।
শীতলৰা বৰে তাৰ হোৱয় সম্পদ।।
যাৰ ঘৰে ইটো পুতি যতনে ৰাখয়।
অকালত মৃত্যু নহে জানিবা নিশ্চয়।।৫৩
শুনিলে পঢ়িলে হোৱে পূৰ্ণ মনস্কাম।
হৰ-গৌৰীপৰায়ণ কহে জয়ৰাম।৫৩
দিহা।।
ভাল শীতলা মাৱ কৰোঁ নমস্কাৰ।
কিবা বস্তু দিয়া পূজা কৰিবো তোমাৰ।।
পদ।।
স্তুতিমন্ত্ৰ নজানোহো তোমাৰ আগত।
জানু শিৰে কেশ ছিঙি দিওঁ চৰণত।।
নমোহোঁ শীতলা দেৱী জগত মোহিনী।
দিগম্বৰ কাষে জ্বলে অতি বিতোপনী।।৫৫
দিব্য চতুৰ্ভুজ ৰুপ দেখিতে সুন্দৰ।
মাৰ্জনী কলস আছে শুদ্ধ সুবৰ্ণৰ।।
আৰু হাতে কুলা ধৰি আচা মস্তকত।
সোহি ৰূপে নমস্কাৰ কৰো চৰণত।।৫৬
কাৰ্ত্তিক বদতি দেৱী দেৱতাৰ দেৱ।
কৰযোৰে তোমাৰ চৰণে কৰোঁ সেৱ।।
মনুষ্যক নানা ব্যধি কৰে উপদ্ৰব।
তাসম্বাৰ হিত চিন্তি পূজিলোঁ তোমাক।। ৫৭
শীতলা দেৱীৰ কথা শুনি শুভ হয়।
বিস্ফোটক আদি ব্যাধি সমস্তে নাশয়।।
কৰযোৰ কৰিয়া কাৰ্ত্তিক মহাভাগ।
ইটো কতা পিতৃ তুমি কহ মোৰ আগ।।৫৮
শঙ্কৰ বদতি শুনা কথা কহোঁ সাৰ।
শীতলা বুলিয়া যিটো কৰে নমস্কাৰ।।
এতেকে জানিবা কহোঁ দুখ নাহি তাৰ।
মহত্ ব্যাধি হন্তে হৈবেক নিস্তাৰ।। ৫৯
মহত্ ব্যাধিত নৰ জৰ্জৰিত কায়।
শীতলা স্মৰণে তাৰ শীতল কৰয়।।
জলৰ মধ্যত পূজিবেক ফুলে জলে।
শীতলাৰ কথা ইটো কৰিব বিৰলে।। ৬০
ইমতে শীতলা তুষ্ট হোৱে তাৰ প্ৰতি।
বিস্ফোটক ব্যাধি পৰা কৰয় নিস্কৃতি।।
যি জনৰ শিৰত বিষ খহু হয়।
তেজে পূজে পচা হৈয়া দুৰ্গন্ধ কৰয়।। ৬১
শীতলাক সেৱা যদি কৰে সিটো নৰ।
বিষ গোন্ধ গুটি হোৱা সুস্ত কলেবৰ।
যিজনৰ বিষ্ফটিক চক্ষু হোৱে নষ্ট।
শীতলাক পুজবেক কৰি নানা কষ্ট।। ৬২
এতেকে তাহাৰ চক্ষু হৈবেক প্ৰসন্ন।
জানিবা চক্ষুৰ মই কহিলো লক্ষণ।।
গলগণ্ড বিস্ফোটক আদি ব্যাধি যত।
তাৰ বিষে জ্বৰ-তাপ হোৱে শৰীৰত।। ৬৩
যত ৰোগ ব্যাধি হোৱে শৰীৰত থিতি।
পূৰ্ব্বত স্ৰজনা কৰি আছন্ত প্ৰকৃতি।।
ইটো দেহা গোট জানা মায়াৰ স্ৰজনা।
দেহা মোৰ বুলি জীৱে ভুঞ্জয় যাতনা।।৬৪
মোৰ বুলিবেক মায়া জীৱক বান্ধয়।
আক জানি সাধু দেহা মোৰ নোবোলয়।।
হেন শুনি কাৰ্ত্তিকৰ মনত সংশয়।
প্ৰকৃতিৰ দেহা গোট জানিলোঁ নিশ্চয়।।৬৫
ভালমতে কহ মন হৌক উপশাম।
শীতলা সন্তুষ্ট হৌক বোলা ৰাম ৰাম।।
ৰাগ কৰ্ণ কেদাৰ।
দিহা।।
ও কি হৰি হৰি শৰণ পশিলো ৰঙ্গ পাই।
কৰযোৰে তোমাৰ চৰণে লৈলোঁ ঠাই।।
পদ।।
কাৰ্ত্তিক বদতি পিতৃ কৰোঁ যোৰ হাত।
শীতলা দেৱীৰ কথা কহিয়ো আমাত।।
শঙ্কৰ বদতি শুনা স্কন্দ মহামতি।
মোক পাই প্ৰকৃতিত নেৰিবা ভকতি।। ৬৬
মোত কৰি তাঙ্ক মানিবাহা শ্ৰেষ্ঠতৰ।
যাৰ উদৰত জাত হোৱে চৰাচৰ।।
তোমাৰ আগত কহো অপূৰ্ব্ব কথন।
যাতে তাতে নকহিবা সংশয় বচন।। ৬৭
অনাদি পিতয়ে মোত কহি আছে সাৰ।
দেৱৰ গোপনী ইটো গুৰুৰ বিচাৰ।।
প্ৰকৃতিত তিনি গুণ জানিবা আমাক।
ৰজগুণে ব্ৰহ্মা সত্ত্বে বিষ্ণু বোলে যাক।। ৬৮
যেহি নাম সেহি হৰি জানা নিষ্ট কৰি।
আপোনা নামৰ সঙ্গ নছাৰন্ত হৰি।।
পুৰুষ প্ৰকৃতি জানা নামৰ অন্বয়।
গোবিন্দ নামৰ তেবে পাইবা পৰিচয়।।৬৯
পৰম গোপনীয় ইটো বেদ শিৰোৰত্ন।
ইহাক জানিবা তুমি কৰি মহা যত্ন।।
প্ৰথমতে পুৰুষ মাতৃত পিণ্ডদান।
মাতৃৰ গৰ্ভত জীৱে পাৱে পঞ্চ প্ৰাণ।। ৭০
জীৱৰ প্ৰাণৰ যেবে এৰা এৰি নাই।
প্ৰকৃতি পুৰুষ দুয়ো হেনসে পৰায়।।
যেবে জীৱ মাৱৰ গৰ্ভৰ হোৱে বাজ।
যেন মতে তাহাঙ্ক দেখয় সামৰাজ।। ৭১
জনমিয়া পুত্ৰগণে মাৱ বুলি জানে।
মাৱ দৰশনে তাক পুত্ৰ বুলি মানে।।
পৰমাত্মা বিচাৰত মায়াসে জগত।
প্ৰকৃতি নভৈলে নোহে সৃষ্টিৰ বেকত।।৭২
মোক প্ৰকৃতিক যিটো ভিন্ন বুলি মানে।
প্ৰকৃতি নভৈলে সৃষ্টি নপাইবাৰ গুণে।।
তিনি গুণে বৰ হৈয়া আছে জগতত।
গুণি চোৱা যিবা হয় কাহাত বেকত।।৭৩
আৰু জানি শঙ্কা তুমি নকৰিবা কন্দ।
সদায় নামক লোৱা কৰিয়া আনন্দ।।
প্ৰকৃতি পুৰুষ দুয়ো জানা একে নাম।
একচিত্তে মনে ডাকি বোলা ৰাম ৰাম।।৭৪
দিহা।।
প্ৰাণ হৰিহৰ জীৱন হৰিহৰ।
আনাথ কালত মোক কৰিয়ো উদ্ধাৰ।।
পদ।।
হে প্ৰাণনাথ দেৱ প্ৰভু জগন্নাথ।
ৰাম নাম ভেদ কথা কহিয়ো আমাত।।
তুমি মোৰ গতি মতি তুমি মোৰ প্ৰাণ।
তোমাৰ চৰণ বিনে গতি নাই আন।।
এ ভব সাগৰে তিনি তাপে পৰি মৰো।
কৰা মোক কৰুণা ইবাৰ যেন তৰো।।
ৰকাৰাদি নামৰ নাহিকে সৰি বৰি।।৭৬
কতেক কহিবো মই নামৰ প্ৰভাৱ।
শুনন্তে হৰয় সংসাৰৰ তিনি তাপ।।
এহি নাম যিবা জনে সদা ফুৰে গাই।
কোন চাৰ ব্যাধি তাৰ মৃত্যু ভয় নাই।।৭৭
একচিত্ত মনে ৰাম বোলে যিবা নৰে।
প্ৰলয়ৰ বহ্নি তাক দহিতে নপাৰে।।
সমস্ত শাস্ত্ৰৰ সাৰ ইটো ৰাম নাম।
সৰ্ব ব্যাধি দূৰ হোক বোলা ৰাম ৰাম।। ৭৮
দিহা।।
ৰাম ভজ মোৰ মন মজিয়া ৰহোক।
ৰাম হৰি ৰাম হৰি সদা ঘুষিয়োক।।
পদ।।
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি ইটো ৰাম ৰাম।
ইটো নাম নলোৱা ভৰসা কোন কাম।।
কাৰ্ত্তিকৰ আগে ত্ৰিলোচন নিগদতি।
অনাদিৰ তেজত প্ৰকৃতি উত্পতি।।৭৯
পূৰ্ব্বত কহিয়া আছে গোপাল গোবিন্দ।
ৰাম নাম একবাৰ বুলিয়োক স্কন্দ।।
ৰাম নাম যেহি মত শুনা ভেদ তত্ত্ব।
শীতলাৰ কথা ইটো যেন সাৰস্বত।।৮০
যেহি ৰজে ৰজস্বলা মনসাৰ ভৈলা।
শীতলা স্বৰুপে হুয়া নাভিমূলে ৰৈলা।।
পুৰুষৰ মায়া যিটো প্ৰকৃতিৰ সম।
বসৱন্ত ময়মত্ত জানা ৰাম নাম।।৮১
দুগুটি অক্ষৰ হুয়া আছে পৃথিৱীত।
একাক্ষৰ হুয়া আছে সৃষ্টিৰ মধ্যত।।
দুগুটি অক্ষৰ ইটো অতি সুমঙ্গল।
মধুৰতো মধুৰ পৰম সুমঙ্গল।। ৮২
ৰাম নাম এক কৰি যিবাজনে ধৰে।
সমস্ত আপদ তাৰ নামে দূৰ কৰে।।
হেন ৰাম নাম যিবা জনে হেলা কৰে।
আপোনাক আপুনি বঞ্চিলা সিটো নৰে।।৮৩
হেন গুৰু পদ লৈয়া নাম কৰ সাৰ।
হৰি হৰি বুলি সংসাৰ হোৱা পাৰ।।
দিহা।।
নমৰা জগত স্বামী।
সংসাৰ বিয়াপি আচা অন্তৰ্য্যামী।।
পদ।।
সৰ্ব্বতত্তবময় প্ৰভু জগতৰে প্ৰাণ।
তোমাৰ চৰণ বিনে গতি নাহি আন।।
সমস্ত প্ৰাণীৰ তুমি আছা হৃদয়ত।
তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত।।৮৪
কোন ভাবে শীতলা আছয় হৃদয়ত।
কাৰ্ত্তিকে পুছয় কথা হৰৰ আগত।।
ইসৱ শুনিয়া যত দুৰ্গতি এৰায়।
চৰণত ধৰো মোক কহিয়ো বুজাই।।৮৫
সংসাৰৰ তিনি তাপ এৰাইবাৰ হেতু।
স্কন্দৰ আগত কথা কহে বৃষ কেতু।।
তোমাৰ আগত কহো পৰম বিশ্বাস।
ইহাক জানিলে সৰ্ব ব্যাধি হোৱে নাশ।। ৮৬
একান্ত কৰিয়া মনে শীতলা স্মৰিব।
ধ্যান কৰি শীতলাক হৃদয়ে থাপিব।।
নাভি কমলৰ মাজে বসি আছে আই।
মৃণালৰ বেঢ়ি যেন তন্তুৱে মেঢ়াই।। ৮৭
এহিমতে সমস্ত শৰীৰ আছে ব্যাপি।
চিন্তিয়া মৰয় নৰ নিচিনে তথাপি।।
শৰীৰত বাসত্তৰি হাজাৰেক নাড়ী।
নাড়ী হন্তে ব্যাপি আছে জৰ-পুৰ কৰি।।৮৮
শৰীৰৰ কুশলক বাঞ্চে যিটো নৰ।
শীতলাক ধ্যান কৰিবেক সিটো নৰ।।
হৃদয়ত অষ্টদল পদ্মত থাপিব।
শীতলাৰ অষ্টনাম তাহাতে জপিব।।৮৯
এতেকে মহত্ ব্যাধি সব দূৰে যায়।
শীতলা সন্তুষ্ট হৈলে শীতল কৰায়।।
তন্ত্ৰ মন্ত্ৰ্ ঔষধ যে যতেক প্ৰকাৰ।
অন্য দেৱতাক তাৰ নাহি অধিকাৰ।।
যতেক মহত্ ব্যাধি হৈবে উপশাম।
শীতলা সন্তুষ্ট হৌক বোলা ৰাম ৰাম।।৯০
দিহা।।
বৃষভ বাহিনী মাৱ বৃষভ বাহিনী।
তুৱা পদ সুমৰণে পলাওক বিঘিনি।.
পদ।।'
স্বৰ্গে পূজে দেৱগণে নানা উপহাৰে।
পাতালত নাগে পূজে অনেক সম্ভাৰে।।
মনুষ্যত সেৱা বিনে নাহিকন্ত আন।
জলে ফুলে সেৱা পূজা তোমাৰ চৰণ।। ৯১
বন পুষ্প দিয়া পূজা কৰয় মনুষ্যে।
তেতিক্ষণে তুষ্ট মাৱ হোৱয় অৱশ্যে।।
জলে ফুলে পূজো তযু চৰণ দুখনি।
বিস্ফোটক আদি তাৰ খণ্ডিব বিঘিনি।।৯২
মনসাৰ ঔৰসে তুমি জনম লভিলা।
মহেশ্বৰ আজ্ঞা লৈয়া পৃথিৱীক আইলা।।
অনেক যোগিনীগণে লগতে ফুৰয়।
তযু কৃপা বিনে নাহিকে সংশয়।।৯৩
বায়ুৰূপ ধৰি ফুৰা মনুষ্যৰ ঘৰে।
তোমাৰ চৰণ যিটো চিন্তে নিৰন্তৰে।।
অকাল মৃত্যুৰ আৰ নাহিকে সংশয়।
বিশ্পোটক গলগণ্ড গুচয় নিশ্চয়।।৯৪
হৰগৌৰী চৰণক শিৰোগত কৰি।
শীতলাক সেৱা কৰিয়োক হৃদি ধৰি।।
শীতলাৰ অষ্টনাম ধৰি হৃদয়ত।
প্ৰণাম কৰি শীতলা দেৱী চৰণত।।৯৫
বিস্ফোটক গলগণ্ড গুচে জ্বৰ তাপ।
সৰ্বৰোগ নাশ হোৱে শীতলা প্ৰতাপ।।
বিস্ফোটক দুৰ্গন্ধী গুচয় ৰোগ যত।
শীতলাৰ চৰণ সেৱি গুচয় সমস্ত।।৯৬
শীতলাৰ চৰণ সেৱি দুৰ্গতি এৰাই।
হৰগৌৰী প্ৰণআমিয়া জয়ৰামে গায়।।
দিহা।।
শিৱ নাথ হৰি ভকত ৰক্ষা কৰা হাতে শূল ধৰি।
পদ।।
কৈলাস শিখৰে ৰহা মহাৰঙ্গ কৰি।
পৃথিৱীক আইলা মাৱ বৃষভত চৰি।।
পৰম গৌৰাঙ্গ তনু অতি মনোহৰ।
একহাতে শূলপাত শুদ্ধ কলেৱৰ।।৯৭
আউৰ হাতে কুলা ধৰি আছাহা মুণ্ডত।
সুবৰ্ণ কল আছে অপৰ হাতত।
পৃথিৱীক আইলা মাৱ কৈলাসৰ হন্তে।।৯৮
জগতৰে ঐশ্বৰ্য্য আছয় যত যত।
সমস্ত প্ৰকাশ কৰে শীতলা গাৱত।।
বিভূতি ভূষণ দেহে পৰম সুঠান।
দেৱময় বৃষভে ভৈলা যাহাৰ বাহন।।৯৯
নাভি কমলত আছা পদ্ম আসনত।
মৃণালৰ তন্তু যেন চিন্তিয়া গৰ্ভত।।
শঙ্কৰে কহিলা ইটো গোবিন্দ নামক।
সিটো নাম চিন্তি জপি আছা গোবিন্দক।।১০০
গোবিন্দ নামক সুৰিয়া অনুক্ষণ।
শীতলাৰ আসনত কৰিব বন্দন।।
নাম শুনি তুষ্ট হৈবে জগতৰে আই।
শীতলা চৰণ চিন্ত জয়ৰামে গায়।।১০১
গোবিন্দ নামক চিন্তি জগতৰে আই।
বৃষভ বাহনে ফুৰা হৰি গুণ গাই।।
কহে জয়ৰাম এৰিয়োক আন কাম।
শীতলা সুশান্ত হোক বোলা ৰাম ৰাম।।১০২
ধ্যান-সুৰ্পালঙ্কৃত মস্তকাঃ সুৰগণৈঃ সংস্তুয়মানাং সুদা
ৰামে কুম্ভধৰাং পয়োৰদনাং বন্দে খৰস্থাৰং সদা
দিশবাসামুৰুলাহ সুন্দৰমুখীং সন্মাৰ্জ্জনীং দক্ষিণে।
পাণৌ তাং দধাতীং ভয়াৰ্ত্তি শমীনং সংসাৰবিদ্ৰাৰিণীং
প্ৰণাম-নমামি শীতলাং দেৱীং ৰসভস্থেং দিগম্বৰীম।।
মাৰ্জ্জনী কলসোপেতাং সুৰ্পালঙ্কৃত মস্তকাম্।।


--সমাপ্ত--