শ্ৰীমদ্ভগৱদগীতা/সপ্তম অধ্যায় – জ্ঞানবিজ্ঞানযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


শ্ৰীভগৱান উৱাচ -

মষ্যাসক্তমনা: পাৰ্থ যোগং যুঞ্জম্মদাশ্ৰয়: |
অসংশয়ং সমগ্ৰং যথা জ্ঞাস্যসি তচ্ছৄণু || ১

ভগৱানে ক’লে - হে অৰ্জ্জুন, মোতে একান্ত আসক্ত চিত্ত হৈ আৰু মোৰে শৰণাগত হৈ কৰ্ম্মযোগৰ আচৰণ কৰোতে নি:সংশয় ভাবে মোৰ পূৰ্ণ স্বৰূপ কেনেকৈ উপলব্ধি কৰিব পাৰিবা তাক কওঁ শুনা |

জ্ঞানং তেত্‍ হং সবিজ্ঞানমিদং ৱক্ষ্যাম্যশেষত: |
যজজ্ঞাত্বা নেহ ভূয়েত্‍ন্যজ জ্ঞাতব্যমৱশিষ্যতে || ২

হে অৰ্জ্জুন, মই তোমাক এতিযা জ্ঞান আৰু বিজ্ঞানৰ বিষয়ে সকলো কথা বিশেষভাবে বুজাম | যিখিনি জানিলে এই সংসাৰত তোমাৰ আৰু একো জানিবলগীয়া বিষয় বাকী নাথাকিব |

মনুষ্যাণাং সহশ্ৰেষু কশ্চিদ যততি সিদ্ধয়ে |
যততামপি সিদ্ধানাং কশ্চিম্মাং বেত্তি তত্বত: || ৩

হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভৰ কাৰণে যত্ন কৰে | আকৌ যত্ন কৰা সকলৰ ভিতৰতো কোনোবা এজনেহে মোক যথাৰ্থৰূপে বুজে |

ভূমিৰাপোত্‍ নলো বায়ু খং মনো বুদ্ধিৰেৱ চ |
অহঙ্কাৰ ইতীয়ং মে ভিন্না প্ৰকৄতিৰষ্টধা || ৪

ক্ষিতি, অপ, তেজ, মৰুত্‍, ব্যোম, মন, বুদ্ধি, অহঙ্কাৰ - এই আঠবিধ মোৰ ঐশ্বৰিক মায়াশক্তিৰ ভেদ |

অপৰেয়মিতস্ত্বন্যাং প্ৰকৃতিং বিদ্ধি মে পৰাম |
জীৱভূতাং মহাবাহো যয়েদং ধাৰ্য্যতে জগত্‍ || ৫

এই আঠবিধ অপৰা (নিকৃষ্টা) প্ৰকৃতি | ইয়াৰ বাহিৰে মোৰ আৰু এবিধ পৰা (শ্ৰেষ্ঠা) প্ৰকৃতি আছে - সি জীৱস্বৰূপ | হে মহাবাহো সেই জীৱস্বৰূপা প্ৰকৃতিৰ দ্বাৰা এই জগত ধৃত হৈছে |

এতদযোনীনি ভূতানি সৰ্ব্বাণীভ্যুপধাৰয় |
অহং কৄত্‍স্নস্য জগত: প্ৰভৱ: প্ৰলয়স্তথা || ৬

স্থাৱৰ-জঙ্গমাত্মাক এই সমস্ত জগত এই দুবিধ প্ৰকৃতিৰ পৰাই জন্ম হৈছে | গতিকে ময়ে সমস্ত জগতৰ উত্‍পত্তি আৰু প্ৰলয়ৰ কাৰণ |

মত্ত: পৰতৰং নান্যত্‍ কিঞ্চিদস্তি ধনঞ্জয় |
ময়ি সৰ্ব্বমিদং প্ৰোতং সূত্ৰে মণিগণা ইৱ || ৭

হে অৰ্জ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু একো নাই | সূতাত মণি গাঁঠি ৰখাৰ দৰে মোতে এই নিখিল বসুন্ধৰা গঁঠা আছে |

ৰসোত্‍হমপ্সু কৌন্তেয় প্ৰভাস্মি শশিসূৰ্য্যয়ো: |
প্ৰণৱ: সৰ্ব্বৱেদষু শব্দ: খে পৌৰুষং নৄষ || ৮
পুণ্যো গন্ধ: পৄথিব্যাঞ্চ তেজশ্চাস্মি ৱিভাৱসৌ |
জীৱনং সৰ্ব্বভুতেষু তপশ্চাস্মি তপস্বিষু || ৯

হে অৰ্জ্জুন, পানীত যো ৰস (ৰস তন্মাত্ৰ), চন্দ্ৰ-সূৰ্য্যত যি প্ৰভা (ৰূপ তন্মাত্ৰ), সৰ্ব্ববেদ আৰু প্ৰণব (ওঁ কাৰ), আকাশত যি শব্দ(শব্দ তন্মাত্ৰ), মানুহত যি উদ্যম, পৃথিৱীৰ যি গন্ধ (গন্ধ তন্মাত্ৰ), অগ্নিত যি তাপ (স্পৰ্শ তন্মাত্ৰ), সৰ্ব্বভুতত যি প্ৰাণ আৰু তপস্বীত যি তপ এই সকলোবোৰ মই |

ৱীজং মাং সৰ্ব্বভুতানাং বিদ্ধি পাৰ্থ সনাতনম |
বুদ্ধিবুৰ্দ্ধিমতামস্মি তেজস্তেজস্বিনামহম | ১০

হে পাৰ্থ, মোক সৰ্ব্বভুতৰ সনাতন বীজ বুলি জানিবা | মই বুদ্ধিমানৰ বুদ্ধি আৰু তেজস্বীৰ তেজ |

বলং বলৱতাং চাহং কামৰাগবিবৰ্জ্জিতম |
ধৰ্ম্মাৱিৰুদ্ধো ভূতেষু কামোত্‍ স্মি ভাৰতষৰ্ভ || ১১

হে ভাৰতকুল শ্ৰেষ্ঠ অৰ্জ্জুন, মই বলশালীসকলৰ কামনা আৰু আসক্তি বিবৰ্জিত বল | জীৱবিলাকৰ ধৰ্ম্মৰ অবিৰোধী কামো (কামনা)ময়ে |

যে চৈৱ সাত্ত্বিকা ভাৱা ৰাজসাস্তামসাশ্চ যে |
মত্ত এৱেতি তান বিদ্ধি ন ত্বহং তেষু ময়ি || ১২

এই যিবোৰ সাত্বিক, ৰাজসিক আৰু তামসিক ভাৱ সংসাৰত আছে সেইবোৰ মোৰ পৰাই উত্‍পন্ন বুলি জানিবা | মই সেই ভাৱবোৰত আৱদ্ধ নহওঁ, কিন্তু সেইবোৰৰ স্থিতি মোতে |

ত্ৰিভিৰ্গুণময়ৈৰ্ভাৱৈৰেভি: সৰ্ব্বমিদং জগত্‍ |
মোহিতং নাভিজানাতি মামেভ্য: পৰমব্যয়ম || ১৩

সমস্ত জগত এই ত্ৰিবিধ গুণময় ভাবৰ দ্বাৰা মোহগ্ৰস্ত হৈ আছে | এই ত্ৰিগুণাত্মক পদাৰ্থবোৰৰ ওপৰতো যে মই অব্যয় পৰমাত্মা আছো সেও সত্যটো মানুহে নাজানে |

দৈৱী হ্যৈষা গুণময়ী মম মায়া দুৰত্যয়া |
মামেৱ যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে || ১৪

মোৰ এই ত্ৰিগুণাত্মক অলৌকিক মায়া নিতান্ত দুৰতিক্ৰম্য সঁচা, কিন্তু যি একান্ত ভাৱে মোক আশ্ৰয় কৰে, সি এই মায়াকে অতিক্ৰম কৰিব পাৰে |

ন মাং দুষ্কৄতিনো মূঢ়া: প্ৰপদ্যন্তে নৰাধমা: |
মায়য়াপহৄতজ্ঞানা আসুৰং ভাৱমাশ্ৰিতা: || ১৫

পাপী মোহান্ধ নৰাধমহঁতে মায়াৰ দ্বাৰা জ্ঞানহত হৈ হিংসা, কপট আদি আসুৰিক ভাববোৰক আশ্ৰয় কৰি মোত শৰণাপন্ন নহয় |

চতুৰ্ব্বিধা ভজন্তে মাং জনা: সুকৄতিনোত্‍ ৰ্জ্জুন |
আৰ্ত্তো জিজ্ঞাসুৰৰ্থাৰ্থী জ্ঞানী চ ভাৰতৰ্ষভ || ১৬

হে ভাৰতকুল তিলক অৰ্জ্জুন, বিপদগ্ৰস্ত তত্বজ্ঞান লাভেচ্ছু, ধনাদি ঐশ্বৰ্য্যকামী আৰু আত্মতত্বজ্ঞ এই চাৰিবিধ সুকৃতিশালীলোকে মোক ভজনা কৰে |

তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিৰ্বিশিষ্যতে |
প্ৰিয়ো হি জ্ঞানীনোত্‍ত্যৰ্থমহং স চ মম প্ৰিয়: ||১৭

এই চাৰিপ্ৰকাৰ ভক্তৰ (ভজনাকাৰীৰ) ভিতৰত সৰ্ব্বদা মোতে যুক্ত হৈ থকা, অনন্যাভক্তি বিশিষ্ট জ্ঞানী শ্ৰেষ্ঠ |কাৰণ (মোকে আত্মা বুলি জানে হেতুকে) জ্ঞানীৰ মই অত্যন্ত প্ৰিয় আৰো তেৱোঁ মোৰ প্ৰিয় |

উদাৰা: সৰ্ব্ব এৱৈতে জ্ঞানী ত্বাত্মৈএ মেমতম |
আস্থিত: স হি যুক্তাত্মা মামেৱানুত্তমাং গতিম || ১৮

এওঁলোক সকলোৱেই মহাত্মা | কিন্তু জ্ঞানী মোৰ আত্মা স্বৰূপ, এয়ে মোৰ মত, কাৰণ জ্ঞানীজনে সমাহিত চিত্তে একমাত্ৰ মোকেই উত্তমা গতি বুলি আশ্ৰয় কৰি থাকে |

বহুনাং জন্মনামন্তে জ্ঞানৱান মাং প্ৰপদ্যতে |
বাসুদেৱ: সৰ্ব্বমিতি স মহাত্মা সুদুৰ্ল্লভ: || ১৯

বহুজন্মৰ সাধনাৰ ফলত জ্ঞানৱন্ত পুৰুষে "জাগতিক পদাৰ্থ মাত্ৰেই বাসুদেৱ" - এনে জ্ঞানবিশিষ্ট হৈ মোক ভজনা কৰে | এনে মহাত্মা দুৰ্লভ |(সমগ্ৰ বিশ্ব যাৰ ক্ৰীয়নক বা যি সমুদায় বিশ্বৰ প্ৰকাশিক আত্মা তেওঁ বাসুদেৱ |)

কামৈস্তৈস্তৈৰ্হৄতজ্ঞানাং প্ৰপদ্যন্তেত্‍নাদেৱতা: |
তং তং নিয়মমাস্থায় প্ৰকৄত্যা নিয়তা: স্বয়া || ২০

সেই সেই কামনাৰ দ্বাৰা অৰ্থাত্‍ মানুহৰ স্বভাৱজাত কামনা বাসনাৰ দ্বাৰা হতজ্ঞান হৈ অন্য দেৱ-দেৱতাৰ (ভেদজ্ঞানে) বেলেগ বেলেগ প্ৰণালীৰে উপাসনা কৰে |

যো যো যাং যাং তনুং ভক্ত: শ্ৰদ্ধয়াৰ্চ্চিতুমিচ্ছতি |
তস্য তস্যাচলাং শ্ৰদ্ধাং তামেৱ বিদধাম্যহম || ২১

যি যি ভক্তই শ্ৰদ্ধা সহকাৰে যি যি মূৰ্ত্তিত অৰ্চনা কৰিবলৈ ইচ্ছা কৰে (অন্তৰ্য্যামী) মই সেই সেই ভক্তৰ সেই মূৰ্ত্তিতে অচলা ভক্তি প্ৰদান কৰো |

স তয়া শ্ৰদ্ধয়া যুক্তস্তস্যাৰাধনমীহতে |
লভতে চ তত: কামান ময়ৈৱ বিহিতান হি তান || ২২

সেই ভক্তই সেই মদ্দত্ত ভক্তিযুক্ত হৈ সেই সেই দেৱতাৰ অৰ্চনাত ব্যাপৃত হয় আৰু তাৰ ফলস্বৰূপে ময়ে বিধান কৰা কাম্যফল সমূহ লাভ কৰে|

অন্তৱত্তু ফলং তেষাং তদ্ভৱতাল্পমেধসাম |
দেৱান দেৱযজো যান্তি মভক্তা যান্তি মমপি || ২৩

কিন্তু সেই অল্পবুদ্ধি উপাসকসকলৰ সেই (দেৱদত্ত) ফল বিনাশশীল | কাৰণ দেৱতা উপাসকে দেৱলোক পায় আৰু মোৰ উপাসকে মোকে পায় |

অব্যক্তং ব্যক্তিমাপন্নং মন্যন্তে মামবুদ্ধয়: |
পৰং ভাৱমজানন্তো মমাব্যয়নুত্তমম || ২৪

অল্পবুদ্ধি মনুষ্যই মোৰ এই অব্যয় অনুত্তম, বিশ্বাতীত সত্তা বুজিব নোৱাৰি অব্যক্ত মোক (সৰ্ব্বসাধাৰণ লোকৰ দৰে) ব্যক্ত শৰীৰী মূৰ্ত্তি বুলি বিবেচনা কৰে |

নাহং প্ৰকাশ: সৰ্ব্বস্য যোগমায়াসবৄত: |
মূঢ়োত্‍য়ং নাভিজানাতি লোকো মামজমব্যয়ম || ২৫

মই যোগমায়াৰ দ্বাৰা আবৃত, সেই কাৰণে সকলোৰে আগত প্ৰকট নহওঁ | মোহগ্ৰস্তলোকে জন্ম মৃত্যুৰ অতীত মোক জানিবলৈ সমৰ্থ নহয়|

বেদাহং সমতীতানি বৰ্ত্তমামানি চাৰ্জ্জুন |
ভৱিষ্যাণি চ ভূতানি মাস্তু বেদ ন কশ্চন || ২৬

হে অৰ্জ্জুন, অতীত, বৰ্ত্তমান, ভবিষ্যত আৰু স্থাৱৰ জঙ্গমাত্মক সকলো প্ৰাণীক মই জানো, কিন্তু মোক হ’লে কোনেও নাজানে |

ইচ্ছাদ্বেষসমুহেন দ্বন্দ্বমোহেন ভাৰত |
সৰ্ব্বভুতানি সন্মোহং সৰ্গে যান্তি পৰন্তপ || ২৭

হে পৰন্তপ ভাৰত, ইচ্ছা আৰু দ্বেষৰ পৰা সমুত্‍পন্ন সুখ-দুখাদি বিষয় বিষয়ক দ্বন্দ্ব মোহৰ প্ৰভাৱত সকলো প্ৰাণী সৃষ্টি কালতে সম্যক ৰূপে মোহগ্ৰস্ত হয় |

যেযাং ত্বন্তগতং পাপং জনানাং পুণ্যকৰ্ম্মণাম |
তে দ্বন্দ্বমোহনিৰ্মূক্তা ভজন্তে মাং দৃঢ়ব্ৰতা: || ২৮

যি সকল পুণ্যকৰ্ম্মা লোকৰ পাপৰ অৱসান ঘটিছে সেই সকলে শীতোষ্ণ সুখ দুখ আদি দ্বন্দ্বজনিত মোহৰ পৰা বিমুক্ত হৈ ঐকান্তিকভাবে মোকে ভজনা কৰে |

জৰামৰণমোক্ষায় মামাশ্ৰিত্য যতস্তি যে |
তে ব্ৰক্ষ্ম তদ বিদু: কৄত্‍স্নমধ্যাত্মং কৰ্ম্ম চাখিলম || ২৯

জৰা মৰণৰ পৰা মুক্তি পাবলৈ যি সকলে মোক আশ্ৰয় কৰি যত্ন পৰায়ণ হয়, তেওঁলোকে সৰ্ব্বাতীত ব্ৰক্ষ্মতত্ত্ব সমগ্ৰ অধ্যাত্ম তত্ত্ব আৰু সবিশেষ কৰ্ম্ম তত্ত্ব বুজিব পাৰে |

সাধিভুতাধিদৈৱং মাং সাধিযজ্ঞঞ্চ যে বিদু: |
প্ৰয়াণকালেত্‍ পি চ মাং তে বিদুৰ্যুক্তচেতেস: || ৩০

অধিভূত, অধিদৈৱ আৰু অধিযজ্ঞ বিভাগ সহ যি মোক জানে মৰণ কালতো সমাহিত চিত্ত সেই সাধকে মোক জানে অৰ্থাত্‍ সেই স্মৃতি চিৰজাগ্ৰত থাকে |

 ::ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
 ::ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
 ::বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
 ::জ্ঞানবিজ্ঞানযোগো নাম সপ্তমোত্‍ধ্যায়: ||