শ্ৰীমদ্ভগৱদগীতা/ষষ্ঠ অধ্যায় – ধ্যানযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শ্ৰীভগৱান উৱাচ -

অনাশ্ৰিত: কৰ্ম্মফলং কাৰ্য্যং কৰ্ম্ম কৰোতি য: |
স সন্ন্যাসী চ ন নিৰগ্নিৰ্ন চাক্ৰিয়: || ১

যি পুৰুষে কৰ্ম্মজনিত ফল কামনা নকৰি কৰ্ত্তব্য বোধত মাত্ৰ কৰ্ম্ম কৰে তেৱেঁই সন্ন্যাসী, তেৱেঁই যোগীও | হোমাদি অহ্নিসাধ্য কৰ্ম্ম বা শাস্ত্ৰ বিহিত কৰ্ম্ম ত্যাগ কৰিলেই সন্ন্যাসী বা যোগী নহয় |

যং সন্ন্যাসমিতি প্ৰাহুৰ্যোগং তং ৱিদ্ধি পাণ্ডৱ |
ন হ্যসংন্যস্তসঙ্কল্পো যোগী ভৱতি কশ্চন || ২

হে অৰ্জ্জুন, যাক শাস্ত্ৰই সন্ন্যাস বোলে তাকেই যোগো বোলে | যিহেতু মনৰ পৰা ফলাকাঙ্ক্ষা ত্যাগ কৰিব নোৱাৰিলে মানুহ কেতিয়াও যোগী হব নোৱাৰে |

আকৰুক্ষোৰ্ম্মুনেৰ্যোগং কৰ্ম্ম কাৰণমুচ্যতে |
যোগাৰূঢ়স্য তস্যৈৱ শম: কাৰণমুচ্যতে || ৩

যোগাৰূঢ় অৱস্থা পাবলৈ বেদবিহিত কৰ্ম্ম কৰা আৱশ্যক | (কৰ্ম্ম - কৰণ, যোগাৱস্থা - কাৰ্য্য | কৰ্ম্মত ফলাসক্তি নাথাকিলে তেনে কৰ্ম্মকৰ্ত্তাই কৰ্ম্ম যোগী |) যোগাৰূঢ় অৱস্থাত স্থিতি লাভ কৰিবলৈ শম অৰ্থাত্‍ চিত্তবিক্ষেপশূণ্য সমাধি অৱস্থা পাব লাগিব |

যদা হি নেন্দ্ৰিয়াৰ্থেষু ন কৰ্ম্মস্বনুষজ্জতে |
সৰ্ব্বসঙ্কল্পসন্ন্যাসী যোগাৰূঢ়স্তদোচ্যতে || ৪

যেতিয়া সকলো সংকল্প ত্যাগ কৰি ইন্দ্ৰিয় ভোগ্য বিষয়ক কৰ্ম্মত অনুৰক্ত নহয়, তেতিয়া তেওঁ "যোগাৰূঢ়" বুলি কথিত হয় |

উদ্ধৰেদাত্মনাত্মানং নাত্মানমবসাদয়েত্‍ |
আত্মৈৱ হ্যাত্মনো বন্ধুৰাত্মৈৱ ৰিপুৰাত্মন: || ৫

আত্মাৰ দ্বাৰা অৰ্থাত্‍ বিষয়াসক্তি ৰহিত মনেৰে আত্মাক সংসাৰ বন্ধনৰ পৰা মুক্ত কৰিব লাগে | (বিষয় বাসনাত নিমজ্জিত হৈ) তাক অধ:পতিত কৰিব নালাগে | যিহেতু আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু |

বন্ধুবাত্মাত্মনস্তস্য যেনত্মৈৱাত্মানা জিত: |
অনাত্মনস্তু শত্ৰুত্বে বৰ্ত্তেতাত্মৈৱ শত্ৰুৱত্‍ || ৬

যি আত্মসংযমৰ দ্বাৰা আত্মাক জয় কৰিছে (বহিৰ্মুখী ইন্দ্ৰিয় বৄত্তিবোৰক ৰোধ কৰিবলৈ সক্ষম হৈছে) সেই আত্মাই আত্মাৰ বন্ধু;কিন্তু আত্মসংযমহীন পুৰুষৰ আত্মাই শত্ৰুৰ নিচিনা হৈ পৰে |

জিতাত্মন: প্ৰশান্তস্য পৰমাত্মা সমাহিত: |
শীতোষ্ণসুখদু:খেষু তথা মানাপমানয়ো: || ৭

যি জন জিতাত্মা, যাক শীত, উষ্ণ, সুখ, দুখ, মান, অপমান এই কোনো অৱস্থাই বিচলিত কৰিব নোৱাৰে এনে প্ৰশান্ত চিত্ত পুৰুষৰহে পৰমাত্মা বিষয়ক সম্যক জ্ঞানলাভ হব পাৰে |

জ্ঞানবিজ্ঞানতৄপ্তাত্মা কূটস্থো বিজিতেন্দ্ৰিয়: |
যুক্ত ইত্যুচ্যতে যোগী সমলোষ্টাশ্মকাঞ্চন: || ৮

গুৰু বা শাস্ত্ৰৰ পৰা পোৱা জ্ঞান আৰু তাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ আত্মা তৃপ্ত হৈছে, যি নিৰ্ব্বিকাৰ আৰু জিতেন্দ্ৰিয়, যি শিল, মাটি আৰু সোণ সকলোকে সমান দেখে, এনে যোগীকে যোগসিদ্ধ বোলে |

সুহৄম্মিত্ৰাৰ্য্যুদাসীনমধ্যস্থদ্বেষ্যবন্ধুষু |
সাধুষৄপি চ পাপেষু সমবুদ্ধিৰ্ৱিশিষ্যতে || ৯

সুহৄদ, মিত্ৰ, শত্ৰু, উদাসীন, নিৰপেক্ষ, হিংসাযোগ্য বন্ধু, সাধু আৰু পাপী - এই সকলোৰে প্ৰতি সমবুদ্ধিযুক্তজনেই শ্ৰেষ্ঠ |

যোগী যুঞ্জীত সততমাত্মানং ৰহসি স্থিত: |
একাকী যতচিত্তাত্মা নিৰাশীৰপৰিগ্ৰহ: || ১০

যোগী পুৰুষে সদায় নিৰ্জ্জন স্থানত অকলশৰে দেহ মন চিত্তক সংযত কৰি সকলো আশা আৰু পৰিগ্ৰহ অৰ্থাত্‍ ভোগোপকৰণ ত্যাগ কৰি, নিজ আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰে |

শুচৌ দেশে প্ৰতিষ্ঠাপ্য স্থিৰমাসনমাত্মন: |
নাত্যুচ্ছ্ৰিতং নাতিনীচং চেলাজিনকুশোত্তৰম || ১১
তাত্ৰৈকাগ্ৰং মন: কৄত্বা যতচিত্তেন্দ্ৰিয়সক্ৰিয়: |
উপৱিশ্যাসনে যুঞ্জ্যাদ যোগমাত্মৱিশুদ্ধয়ে | ১২

পবিত্ৰ ঠাইত প্ৰথমে কুশ, তাৰ ওপৰত কাপোৰ পাৰি, বেছি ওখও নহয়, বৰ চাপৰো নহয় এনে এখন সুস্থিৰ আসন নিজৰ কাৰণে পাতি, সেই আসনত একাগ্ৰমনে চিত্ত আৰু ইন্দ্ৰিয়ৰ বৃত্তি নিৰোধ কৰি আত্ম শুদ্ধিৰ কাৰণে যোগ অভ্যাস কৰিব লাগে |

সমং কায়শিৰোগ্ৰীৱং ধাৰয়ন্নচলং স্থিৰ: |
সংপ্ৰেক্ষ্য নাসিকাগ্ৰং স্বং দিশশ্চানৱলোকয়ন || ১৩
প্ৰশান্মাত্মা ৱিগতভীৰ্ব্ৰক্ষ্মচাৰিব্ৰতে স্থিত: |
মন: সংয্ম্য মচ্চিত্তো যুক্ত আসীত মত্‍পৰ: || ১৪

শৰীৰ, মূৰ, ডিঙি সৰল আৰু নিশ্চলভাৱে ৰাখি স্থিৰ হৈ ইফালে সিফালে নাচাই দৃষ্টি কেৱলমাত্ৰ নাসিকাগ্ৰত আৱদ্ধ কৰি প্ৰশান্তচিত্তে, নিৰ্ভয় মনে, ব্ৰক্ষ্মচৰ্য্য ব্ৰত অৱলম্বন কৰি, মনক সংযত ৰাখি মদগত চিত্ত হৈ যোগনিষ্ঠ হব লাগে |

যুঞ্জন্নেৱং সদাত্মানং যোগী নিয়তমানদ: |
শান্তিং নিৰ্ব্বাণপৰমাং মত্‍সংস্থামধিগচ্ছতি || ১৫

এইদৰে যোগীয়ে অহৰহ সংযত চিত্ত হৈ নিজক যোগাভ্যাসত নিযুক্ত ৰাখি মোতে প্ৰতিষ্ঠিত নিৰ্ব্বাণৰূপ পৰম শান্তি লাভ কৰে |

নাত্যশ্নতস্ত যোগত্‍ স্তি ন চৈকান্তমনশ্নত: |
ম চাতিস্বপ্নশীলস্য জাগ্ৰতো নৈৱ চাৰ্জ্জুন || ১৬

হে অৰ্জ্জুন, অতিভোজীৰ, অনাহাৰীৰ, অতিনিদ্ৰালুৰ আৰু জাগৰণশীল পুৰুষৰো যোগ নহয় |

যুক্তাহাৰৱিহাৰস্য যুক্তচেষ্টস্য কৰ্ম্মসু |
যুক্তস্বপ্নাৱবোধস্য যোগো ভৱতি দু:খহা || ১৭

যাৰ আহাৰ বিহাৰ পৰিমিত, কৰ্ম্মচেষ্টা শাস্ত্ৰবিহিত, শয়ন আৰু জাগৰণ পৰিমিত, তেওঁৰে যোগসাধন দুখ নিবাৰক হয় |

যদা ৱিনিয়তং চিত্তমাত্মন্যেৱাৱতিষ্ঠতে |
নিস্পৄহ: সৰ্ব্বকামেভ্যো যুক্ত ইত্যুচ্যতে তদা || ১৮

যেতিয়া চিত্ত সম্পূৰ্ণ ভাৱে বশীভুত হৈ নিজ আত্মাতে অচল ভাবে স্থিতি লাভ কৰে তেতিয়া সংসাৰৰ সকলো কামনা-বাসনাৰ প্ৰতি বীতস্পৃহ হোৱা পুৰুষক যোগসিদ্ধ বুলি কোৱা হয় |

যথা দীপো নিৱাতস্থো নেঙ্গতে সোপমাস্মৄতা |
যোগিনো যতচিত্তস্য যুঞ্জতো যোগমাত্মন: || ১৯

বতাহ নবলিলে যেনেকৈ প্ৰদীপ শিখা নকঁপে, আত্ম বিষয় যোগাভ্যাসকাৰী সংযত অন্ত:কৰণ যোগীৰ চিত্তও সেইদৰে সদায় নিশ্চল হৈ থাকে |

যত্ৰোপৰমতে চিত্তং নিৰুদ্ধং যোগসেৱয়া |
যত্ৰ চৈৱাত্মনাত্মানং পশ্যন্নাত্মনি তুষ্যতি || ২০

যি অৱস্থাত যোগাভ্যাসৰ দ্বাৰা সংযত চিত্ত বাহ্য বিষয়ৰ পৰা বিৰত হয়, যি অৱস্থাত (পৰিশুদ্ধ জ্ঞানৰ প্ৰভাৱত) আত্মাৰ পৰমাত্মা দৰ্শন কৰি আত্মানন্দত বিভোৰ হয় সেয়ে যোগ বুলি জানিবা |

সুখমাত্যন্তিকং যত্‍ তদ বুদ্ধিগ্ৰাহ্যমতীন্দ্ৰিয়ম |
বেত্তি যত্ৰ ন চৈৱায়ং স্থিতশ্চলতি তত্ত্বত: || ২১

যি অৱস্থাত যোগী পুৰুষে কেৱল বুদ্ধিৰ দ্বাৰাহে গ্ৰহনীয় ইন্দ্ৰিয়াতীত বিমল আনন্দ উপভোগ কৰে, যি অৱস্থাত অৱস্থিত হৈ আত্মস্বৰূপৰ পৰা বিচলিত নহয়, সেয়ে যোগাৱস্থা |

যং লব্ধা চাপৰং লাভং মন্যতে নাধিকং তত: |
যস্মিন স্থিতো ন দু:খেন গুৰুণাপি বিচাল্যতে || ২২

যি অৱস্থা লাভ কৰি অন্য কোনো লাভক তাতকৈ অধিক বুলি নাভাবে, যি অৱস্থাপ্ৰাপ্ত হৈ অতি ভীষণ দুখতো বিচলিত নহয় সেয়ে যোগাৱস্থা |

তং ৱিদ্যাদ দু:খসংযোগৱিয়োগং যোগসংজ্ঞিতম |
স নিশ্চেয়েন যোক্তব্যো যোগাত্‍ নিৰ্ব্বিগ্নচেতসা || ২৩

সেই দুখৰ সম্বন্ধৰ বিচ্ছেদ হোৱা অৱস্থাকে যোগ বুলি জানিবা | অৱসাদ শূণ্য চিত্তৰে দৃঢ়নিশ্চয় কৰি সেই যোগত নিৰত হোৱা উচিত |

সংকল্পপ্ৰভৱান কামাংস্ত্যক্ত্বা সৰ্ব্বানশেষত: |
মনসৈৱেন্দ্ৰিয়গ্ৰামং ৱিনিয়ম্য সমন্তত: || ২৪
শনৈ: শনৈৰুপৰমেদ বুদ্ধ্যা ধৄতিগৄহীতয়া |
আত্মসংস্থং মন: কৄত্বা ন কিঞ্চিদপি চিন্তয়েত্‍ || ২৫

ভোগ্য বিষয়ৰ কল্পনাৰ পৰা উদ্ভৱ হোৱা সকলো কামনা নি:শেষ কৰি মনেৰেই ইন্দ্ৰিয়বোৰ সৰ্ব্বপ্ৰকাৰে অৱদমিত কৰি ধাৰণাৰ দ্বাৰা স্বৃকীত বুদ্ধিৰে ধীৰে ধীৰে (বাহ্য বিষয়ৰ পৰা) নিবৃত্ত হোৱা উচিত | মন আত্মাত সমাহিত কৰি অন্য একোকে চিন্তা কৰিব নালাগে |

যতো যতো নিশ্চৰতি মনশ্চঞ্চলমস্থিৰম |
ততস্তুতো নিয়ম্যৈতদাত্মন্যেৱ বশং নয়েত্‍ || ২৬

স্বভাৱতে চঞ্চল, অস্থিৰ মন যি যি বিষয়লৈ ধাবিত হয় সেই সেই বিষয়ৰ পৰা তাক প্ৰত্যাহাৰ কৰি আত্মাত স্থিৰ ভাবে নিযুক্ত কৰিব লাগে |

প্ৰশান্তমনসং হ্যেনং যোগিনং সুখমুত্তমম |
উপৈতি শান্তৰজসং ব্ৰক্ষ্মভূতমকল্মষম || ২৭

চিত্ত বিভ্ৰম কাৰক ৰজোগুণৰ বিক্ষেপশূণ্য প্ৰশান্ত চিত্ত নিষ্পাপ, ব্ৰক্ষ্ম ভাৱাপন্ন, যোগীপুৰুষ পৰম সুখৰ অধিকাৰী হয় |

যুঞ্জন্নেৱং সদাত্মানং যোগী বিগতকল্মষ: |
সুখেন ব্ৰক্ষ্মসংস্পৰ্শমত্যন্তং সুখমশ্নুতে || ২৮

এইদৰে নিজক সদায় যোগমুক্ত ৰাখি যোগীয়ে পাপ শূণ্য হৈ অনায়াসে ব্ৰক্ষ্মস্বৰূপোলব্ধি জানিও আত্যান্তিক সুখ ভোগ কৰে |

সৰ্ব্বভুতস্থমাত্মানং সৰ্ব্বভুতানি চাত্মানি |
ঈক্ষতে যোগযুক্তাত্মা সৰ্ব্বত্ৰ সমদৰ্শন: || ২৯

সৰ্ব্বত্ৰ সমদৰ্শী যোগীয়ে নিজ আত্মাক সৰ্ব্বভুতত আৰু সৰ্ব্বভুতকে নিজ আত্মাত দেখে |

যো মাং পশ্যতি সৰ্ব্বত্ৰ সৰ্ব্বঞ্চ ময়ি পশ্যতি |
তস্যাহং ন প্ৰণশ্যামি স চ ন প্ৰণশ্যতি || ৩০

যি মোক সকলো পদাৰ্থতে দেখে আৰু মোতে সৰ্ব্ব পদাৰ্থ দৰ্শন কৰে, মই তেওঁৰ অদৄশ্য নহওঁ আৰো তেৱোঁ মোৰ দৄষ্টিৰ বহিৰ্ভুত নহয় |

সৰ্ব্বভুতস্থিতং যো মাং ভজত্যেকত্বমাস্থিত: |
সৰ্ব্বথা ৱৰ্ত্তমানোত্‍ পি স যোগী ময়ি বৰ্ত্ততে || ৩১

জীৱ আৰু ব্ৰক্ষ্মৰ একত্ৰদৰ্শী যি পুৰুষে ময়ে সকলো প্ৰাণীত অৱস্থিত বুদ্ধিৰে ভজনা কৰে, তেনে যোগীপুৰুষ যি অৱস্থাতে নাথাকক, তেওঁ মোতেই থাকে |(অৰ্থাত্‍ তেওঁ জীৱন্মুক্তি লাভ কৰে |)

আত্মৌপম্যেন সৰ্ব্বত্ৰ সমং পশ্যতি যোত্‍ ৰ্জ্জুন |
সুখং ৱা যদি দু:খং স যোগী পৰমো মত: || ৩২

হে অৰ্জ্জুন, সৰ্ব্বভুততে (অভিন্ন হেতুকে) আত্মাৰ উপমা আছে জানি যি পৰৰ সুখ বা দুখ নিজৰ সমান বুলি বিবেচনা কৰে (পৰৰ সুখ দুখ আদি সকলো অৱস্থা নিজৰ বুলি বুজে), সেইজনেই শ্ৰেষ্ঠ যোগী বুলি অভিহিত |

অৰ্জ্জুন উৱাচ -

যোত্‍য়ং যোগস্ত্বয়া প্ৰোক্ত: সাম্যেন মধুসুধন |
এত স্যাহং পশ্যামি চঞ্চলত্বাত্‍ স্থিতিং স্থিৰাম || ৩৩

অৰ্জ্জুনে ক’লে - হে মধুসুধন, তুমি যি সমত্বলক্ষণ বিশিষ্ট যোগৰ কথা ক’লা, মনৰ চঞ্চলতাৰ কাৰণে সেই যোগৰ সুস্থিৰ অৱস্থিতি হ’ব পাৰে বুলি মই নাভাবো |

চঞ্চলং হি মন: কৄষ্ণ প্ৰমাথি বলৱদ্দৄঢ়ম |
তস্যাহং নিগ্ৰহং মন্যে বায়োৰিব সুদুষ্কৰম || ৩৪

হে কৄষ্ণ, চঞ্চল মন দেহ আৰু ইন্দ্ৰিয়ৰ ক্ষোভ কাৰক অতি বলশালী আৰু দৃঢ় | সেই কাৰণে তাক দমন কৰা বায়ুক বশীভুত কৰাৰ নিচিনা দু:সাধ্য বুলি মই বিবেচনা কৰো |

শ্ৰীভগৱান উৱাচ -

অসংশয়ং মহাবাহো মনো দুৰ্নিগ্ৰহং চলম |
অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেণ চ গৄহ্যতে || ৩৫

শ্ৰীভগৱানে ক’লে, হে বীৰ কুন্তীনন্দন, মন যে চঞ্চল আৰু তাক শাসন কৰা কঠিন তাত সংশয় নাই | কিন্তু অভ্যাস আৰি বৈৰাগ্যৰ দ্বাৰা এই মনক বশীভুত কৰিব পাৰি |

অসংযতাত্মনা যোগো দুষ্প্ৰাপ ইতি মে মতি: |
ৱশ্যাত্মনা তু যততা শক্যোত্‍বাপ্তুমুপায়ত: || ৩৬

অজিতেন্দ্ৰিয় মানুহৰ কাৰণে যোগসিদ্ধি দুষ্প্ৰাপ্য বুলিয়েই মোৰ মত, কিন্তু যত্নৰ দ্বাৰা যি সংযতেন্দ্ৰিয় হ’ব পাৰে, তেওঁ উপযুক্ত উপায় অৱলম্বনৰ দ্বাৰা যোগাৱস্থা লাভ কৰিব পাৰে |

অৰ্জ্জুন উৱাচ -

অযতি শ্ৰদ্ধয়োপেতো যোগাচ্চলিতমানস: |
অপ্ৰাপ্য যোগসংসিদ্ধিং কাং গতিং কৄষ্ণ গচ্ছতি || ৩৭

অৰ্জ্জুনে ক্'লে - হে কৄষ্ণ, (যোগ সাধনত) শ্ৰদ্ধান্বিত হৈয়ো তেনেকুৱা যত্ন কৰিব নোৱাৰাৰ বাবে যদি কোনো লোকৰ অন্ত:কৰণ যোগৰ পৰা স্খলিত হয়, সেই যোগসিদ্ধি লাভ কৰিব নোৱাৰাজনৰ কি গতি হ’ব ?

কচিন্নোভয়বিভ্ৰষ্টশ্ছিন্নাভ্ৰমিৱ নশ্যতি |
অপ্ৰতিষ্ঠো মহাবাহো বিমূঢ়ো ব্ৰক্ষ্মণ: পথি || ৩৮

হে মহাবাহু অচ্যুত, ব্ৰক্ষ্মলাভৰ পথত প্ৰতিস্থিত হ’ব নোৱাৰা, জ্ঞান আৰি কৰ্ম্ম উভয় মাৰ্গৰ এটাতো সিদ্ধি লাভ কৰিবলৈ অসমৰ্থ হোৱা মোহগ্ৰস্ত সেই যোগী বিছিন্ন মেঘৰ টুকুৰাৰ দৰে নষ্ট নহয় নে ?

এতম্মে সংশয়ং কৃষ্ণ ছেত্তুমৰ্হস্যশেষত: |
ত্বদন্য: সংশয়স্যাস্য ছেত্তা ন হ্যুপপদ্যতে || ৩৯

হে কৃষ্ণ, মোৰ এই সন্দেহ তুমিহে ভঞ্জন কৰিব পাৰিবা | তোমাৰ বাহিৰে মোৰ এই সংশয় দূৰ কৰিব পৰা দ্বিতীয় কোনো নাই |

শ্ৰীভগৱান উৱাচ -

পাৰ্থ নৈবেহ মামুত্ৰ বিনাশস্তস্য বিদ্যতে |
ন হি কল্যাণকৄত্‍ কশ্ছিদ্দুৰ্গতিং তাত গচ্ছতি || ৪০

ভগৱানে ক’লে - হে পাৰ্থ, তেনে যোগভ্ৰষ্ট লোকৰ ইহকাল আৰু পৰকালত কোনো ক্ষতি নহয়, যিহেতু শুভ কৰ্ম্মানুষ্ঠান কৰ্ত্তা কোনোলোকৰ অধোগতি নহয় |

প্ৰাপ্য পুণ্যকৃতাং লোকানুষিত্বা শাশ্বতী: সমা: |
শুচীনাং শ্ৰীমতাং গেছে যোগভ্ৰষ্টোত্‍ ভিজায়তে || ৪১

যোগভ্ৰষ্ট পুৰুষে পূণ্যাত্মাসকলৰ যি লোকলৈ গতি হয় সেই লোকত বহুবছৰ বাস কৰি সদাচাৰ পৰায়ণ আৰু আঢ্যৱন্তলোকৰ ঘৰত জন্ম গ্ৰহণ কৰেহি |

অথবা যোগিনামেৱ কুলে ভৱতি ধীমতাম |
এতদ্ধি দুৰ্ল্লভতৰং লোকে জন্ম যদীদৄশম || ৪২

অথবা (যোগভ্ৰষ্ট পুৰুষে) বুদ্ধিমান যোগপৰায়ণ লোকৰ কুলত জন্ম গ্ৰহণ কৰে | এনে জনম লাভ অতি দুৰ্লভ | কিয়নো যোগীৰ কুলত জন্ম লাভ যোগ অভ্যাসৰ কাৰণে অনুকুল |

তত্ৰ তং বুদ্ধিসংযোগং লভতে পৌৰ্ব্বদেহিকম |
যততে চ ততো ভুয়: সংসিদ্ধৌ কুৰুনন্দন || ৪৩

তেতিয়া হে কুৰুনন্দন, পূৰ্ব্বজন্মাৰ্জ্জিত যোগযুক্ত বুদ্ধি লাভ কৰে | তাৰ ফলত পুনৰ্ব্বাৰ যোগ সিদ্ধিৰ কাৰণে যত্নশীল হয় |

প্ৰ্ৰ্ব্বাভ্যাসেন তেনৈৱ হ্ৰিয়তে হ্যৱশোত্‍ পি স: |
জিজ্ঞাসুৰপি যোগস্য শব্দব্ৰক্ষ্মাতিৱৰ্ত্ততে || ৪৪

সেই পূৰ্ব্বজন্মৰ অভ্যাসৰ বশৱৰ্তী হৈ তেওঁ বাধ্য হৈ আকৌ (এই জন্মতো) যোগৰ প্ৰতি আকৄষ্ট হয় | যোগৰ বিষয়ে জানিবৰ ইচ্ছা থকা জনে বেদ ভাগকো অতিক্ৰম কৰে |

প্ৰযত্নাদ যতমানস্তু যোগী সংশুদ্ধকিল্বিষ: |
অনেকজন্মসংসিদ্ধস্ততো যাতি পৰাং গতিম || ৪৫

যোগীয়ে আগতকৈও অধিক যত্নৰ ফলত সকলো পাপৰ পৰা পৰিশুদ্ধ হৈ অনেক জন্মৰ সাধনাত সিদ্ধি লাভ কৰি পৰম গতি অৰ্থাত্‍ মোক্ষ লাভ কৰে |

তপস্বিভ্যোত্‍ ধিকো যোগী জ্ঞানিভোত্‍ পি মতোত্‍ধিক: |
কৰ্ম্মিভ্যশ্চাধিকো যোগী তস্মাদ যোগী ভাবাৰ্জ্জুন || ৪৬

হে অৰ্জ্জুন, তুমি কৰ্ম্মযোগী হোৱা | কাৰণ তপস্বী, জ্ঞানী আৰি বেদবিহিত কৰ্ম্মানুষ্ঠানতকৈয়ো (নিষ্কাম) কৰ্ম্মযোগী শ্ৰেষ্ঠ | এয়ে মোৰ মত |

যোগিনামপি সৰ্ব্বেষাং মদগতেনান্তৰাত্মানা |
শ্ৰদ্ধাবান ভজতে যো মাং স মে যুক্ততমো মত: || ৪৭

সকলো যোগীৰ ভিতৰতে আকৌ যি মদগত চিত্ত হৈ শ্ৰদ্ধাযুক্ত অন্তৰেৰে মোক ভজনা কৰে, সেইজন (ভক্তিযুক্ত কৰ্ম্মযোগী) শ্ৰেষ্ঠতম বুলি মই বিবেচনা কৰো |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
ধ্যানযোগো নাম ষষ্ঠোত্‍ধ্যায়: ||