শ্ৰীমদ্ভগৱদগীতা/অষ্টম অধ্যায় – অক্ষৰব্ৰহ্মযোগ

ৱিকিউৎসৰ পৰা


অৰ্জ্জুন উৱাচ -

কিং তদব্ৰক্ষ্ম কিমধ্যাত্মং কিং কৰ্ম্ম পুৰুযোত্তম |
অধিভুতঞ্চ কি প্ৰোক্তমধিদৈৱং কিমুচ্যতে || ১

অৰ্জ্জুনে সুধিলে - হে অচ্যুত, হে পুৰুষোত্তম, সেই ব্ৰক্ষ্ম কি, অধ্যাত্ম কৰ্ম্ম কি, অধিভূত কি, আৰু অধিদৈৱই বা কাক বোলে ?

অধিযজ্ঞ: কথং কোত্‍ত্ৰ দেহেত্‍ স্মিন মধুসুধন |
প্ৰয়াণকালে চ কথং জ্ঞেয়োত্‍ সি নিয়তাত্মভি: || ২

হে মধুসুধন, এই দেহত অধিযজ্ঞ কোন আৰি কেনেকৈ অৱস্থান কৰে ? মৃত্যু কালত সংযতাত্মা পুৰুষেনো তোমাক কেনেকৈ জ্ঞাত হয় ?

শ্ৰীভগৱান উৱাচ -

অক্ষৰং ব্ৰক্ষ্ম পৰমং স্বভাবোত্‍ ধ্যাত্মমুচ্যতে |
ভূতভাৱোদ্ভৱকৰো বিসৰ্গ: কৰ্ম্মসংজ্ঞিত: || ৩

ভগৱানে ক’লে - অবিনাশী, সৰ্ব্বশ্ৰেষ্ঠ, মূলতত্ত্ব ’ব্ৰক্ষ্ম’ (অৰ্থাত্‍ পৰমাত্মা) পৰমাত্মাৰ প্ৰতিদেহত স্ব স্ব ভাবত অৱস্থিতি ’অধ্যাজ্ঞ’ | স্থাৱৰ জঙ্গমাত্মক প্ৰাণী জগতৰ উত্‍পত্তি কাৰকৰ যি ত্যাগ (যজ্ঞাদি) সেয়ে কৰ্ম্ম নামে কথিত হৈছে |

অধিভূতং ক্ষৰো ভাৱ: পুৰুষশ্চাধিদৈৱতম |
অধিযজ্ঞোত্‍হমেবাত্ৰ দেহে দেহভূতাং বৰ || ৪

বিনাশশীল বস্তু মানেই ’অধিভূত’, সূৰ্য্যমণ্ডল মধ্যৱৰ্ত্তী হিৰণ্যগৰ্ভ পুৰুষ ’অধিদৈৱ’ হে দেহধাৰীসকলৰ শ্ৰেষ্ঠ | প্ৰাণীসমূহৰ এই দেহত ময়েই ’অধিযজ্ঞ’ |

অন্তকালে চ মামেৱ স্মৰণমুক্ত্বা কলেৱৰম |
য: প্ৰয়াতি মদ্ভাৱং যাতি নাস্ত্যত্ৰ সংশয় || ৫

অন্তকালত মোক স্মৰণ কৰি যি দেহ ত্যাগ কৰি লোকান্তৰলৈ যায়, তেওঁ নিসন্দেহে মোৰ স্বৰূপ প্ৰাপ্ত হয় |

যং যং বাপি স্মৰণ ভাৱং ত্যাজত্যন্তে কলেৱৰম |
তং তমেবৈতি কৈন্তেয় সদা তদ্ভাৱভাৱিত: || ৬

হে অৰ্জ্জুন, অন্তকালত যি যি ভাবলৈ দেহ ত্যাগ কৰে, জীৱিত কালত সদায় সেই ভাবতে ভাবিত থকাৰ কাৰণে মৃত্যুৰ পাচতো তাকেই পায় |

তস্মাত্‍ সৰ্ব্বেষু কালেষু মামনুস্মৰ যুধ্য চ |
মষ্যৰ্পিতমনোবুদ্ধিৰ্ম্মামেবৈষ্যস্যসংশয়ম || ৭

সেই কাৰণে সদা সৰ্ব্বদা মোক স্মৰণ কৰা, আৰু যুদ্ধও কৰা | (মোৰ নিৰ্দ্দিষ্ট কৰ্ম্ম ভাবনাৰে স্বধৰ্ম্ম পালন কৰা) মোতে মন বুদ্ধি অৰ্পিত হলেহে নি:সন্দেহে (দেহ ত্যাগৰ পাছত) মোক পাবা |

অভ্যাসযোগযুক্তেন চেতনা নান্যগামিনা |
পৰমং পুৰুষাং দিব্যং যাতি পাৰ্থানুচিন্তয়ন || ৮

হে পাৰ্থ, অভ্যাস যোগ যুক্ত একাগ্ৰ-চিত্ত সাধকে মোক চিন্তা কৰি কৰি জ্যোতিৰ্ম্ময় পৰম পুৰুষ পৰমেশ্বৰকে প্ৰাপ্ত হয় |

কবিং পুৰাণমনুশাসিতাৰ
মণোৰণীয়াংসমনুস্মৰেদ য: |
সৰ্ব্বস্য ধাতাৰমচিন্ত্যৰূপ
মাদিত্যবৰ্ণং তমস: পৰস্তাত্‍ || ৯
প্ৰয়াণকালে মনসাত্‍চলেন
যুক্তো যোগবলেন চৈৱ |
ভ্ৰবোৰ্ম্মধ্যে প্ৰাণমাবেশ্য সম্যক
স তং পৰং পুৰুষমুপৈতি দিব্যম || ১০

সৰ্ব্বজ্ঞ, অনাদি, সৰ্ব্বনিয়ন্তা, সুক্ষ্মাতিসুক্ষ্ম, সৰ্ব্বলোক পালক, অচিন্ত্যৰূপ, আদিত্যৰূপ, আদিত্যবত্‍ স্ব প্ৰকাশক আৰু সৰ্ব্ব প্ৰকাশক, প্ৰকৃতিৰ অতীত সেই পৰম পুৰুষক যি জনে অন্তকালত অবিচলিত চিত্তে ভক্তি আৰু যোগ বলেৰে সমাহিত হৈ আজ্ঞাচক্ৰত প্ৰাণ বায়ুক নিৰোধ কৰি সেই জ্যোতিৰ্ম্ময় পৰম পুৰুষত প্ৰাপ্ত হয় |

যদক্ষৰং বেদবিদো বদন্তি
বিশন্তি যদ যতয়ো বীতৰাগা: |
যদিচ্ছন্তো ব্ৰক্ষ্মচৰ্য্যত্‍ চৰন্তি
তত্‍ তে পদং সংগ্ৰহেণ প্ৰবক্ষ্যে || ১১

বেদবিত্‍ পণ্ডিতসকলে যাক অক্ষৰ ব্ৰক্ষ্ম বুলি কয়, বিষয়াসক্তি শূণ্য সন্যাসীসকল য’ত লীন হয়, যাক পাবৰ কাৰণে লোকে ব্ৰক্ষ্মচৰ্য্য ব্ৰত অৱলম্বন কৰে মই সেই ব্ৰক্ষ্ম পদ (বিষ্ণুৰ পৰম পদ) প্ৰাপ্তিৰ প্ৰকৃষ্ট উপায় তোমাক চমুকৈ কৈছো |

সৰ্ব্বদ্বাৰাণি সংযম্য মনো হৃদি নিৰুধ্য চ |
মুৰ্ধ্ন্যাধায়াত্মন: প্ৰামাণস্থিতো যোগধাৰণাম || ১২
ওমিত্যেকাক্ষৰং ব্ৰক্ষ্ম ব্যাহৰন মামনুস্মৰন |
য: প্ৰয়াতি ত্যজন দেহং স যাতি পৰমাং গতিম || ১৩

সকলো ইন্দ্ৰিয় সংযত কৰি মনক হৃত্‍পদ্মত নিৰোধ কৰি (অৰ্থাত্‍ অন্য চিন্তা পৰিহৰি প্ৰাণ বায়ুক মস্তকত স্থাপন কৰি আত্ম যোগত ধৈৰ্য্য অবলম্বন পূৰ্ব্বক অৰ্থাত্‍ সমাধিস্থ হৈ মোক স্মৰণ কৰি "ওঁ" এই একাক্ষৰ ব্ৰক্ষ্মবাচক শব্দ উচ্চাৰণ কৰি যি জনে দেহ ত্যাগ কৰে তেওঁ পৰম গতি (শ্ৰীবিষ্ণুৰ পৰম পদ) লাভ কৰে |

অনন্যচেতা: সততং যো মাং স্মৰতি নিত্যশ: |
তস্যাহং সুলভ: পাৰ্থ নিত্যযুক্তস্য যোগিন: || ১৪

হে পাৰ্থ, যি একান্তমনে সততে মোকে চিন্তা কৰে সেই নিত্যযুক্ত যোগীৰ পক্ষে মোক লাভ কৰা সহজ |

মামুপেত্য পুনৰ্জ্জন্ম দু:খালয়মশাশ্বতম |
নাপ্নুবন্তি মহাত্মান: সংসিদ্ধিং পৰমাং গতা: || ১৫

মহাত্মাসকলে মোক (পৰমাত্মাক) লাভ কৰি অনিত্য বহু ক্লেশপূৰ্ণ পুনৰ্জ্জন্ম গ্ৰহণ কৰিব নালাগে | তেওঁলোকৰ পৰম সিদ্ধি লাভ হয় |

আব্ৰক্ষ্মতুৱানাল্লোকা: পুনৰাবৰ্ত্তিনোত্‍ অৰ্জ্জুন |
মামুপেত্য তু কৌন্তেয় মুনৰ্জ্জন্ম ন বিদ্যতে || ১৬

হে অৰ্জ্জুন, ব্ৰক্ষ্মলোকৰ পৰা আৰম্ভ কৰি চৌধ্য ভূৱনৰ সমস্ত প্ৰাণীৰে পুনৰ্জ্জন্ম আছে | কিন্তু মোক লাভ কৰিলে আৰু পুনৰ্জ্জন্ম নাই |

সহস্ৰযুগপৰ্য্যন্তমহৰ্ষদ ব্ৰক্ষ্মণো বিদু: |
ৰাত্ৰিং যুগসহস্ৰান্তাং তেত্‍ হোৰাত্ৰবিদো জনা: || ১৭

সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি - এই চাৰি যুগত এক মহাযুগ | এনে হাজাৰ যুগে ব্ৰক্ষ্মাৰ এদিন, আৰু এনে হাজাৰ যুগে এৰাতি | এই সকলো তথ্য বুজাজন অহোৰাত্ৰবিত্‍ |

অব্যক্তাদ ব্যক্তয়: সৰ্ব্বা: প্ৰভৱস্ত্যহৰাগমে |
ৰাত্ৰ্যাগমে প্ৰলীয়ন্তে তত্ৰৈবাব্যক্তসংজ্ঞকে || ১৮

ব্ৰক্ষ্মাৰ ৰাতি পুৱালে অব্যক্তৰ পৰা সমস্ত ব্যক্ত চৰাচৰ উত্‍পন্ন হয় আকৌ ৰাতি হলে তত্‍ সমস্ত সেই অব্যক্ততে বিলীন হৈ যায় |

ভূতগ্ৰাম: স এৱায়ং ভূত্বা ভুত্বা প্ৰলীয়তে
ৰাত্ৰ্যাগমেত্‍ বশ: পাৰ্থ প্ৰভৱত্যহৰাগমে || ১৯

হে অৰ্জ্জুন, সেয়ে এই সমস্ত প্ৰাণিজগত বাধ্য হৈ (স্বেচ্ছাই নহয়) পুন: পুন: উত্‍পন্ন হৈ ব্ৰক্ষ্মাৰ ৰাতি আহিলে লয় হৈ যায় আৰু দিন আহিলে আকৌ উত্‍পন্ন হয় |

পৰস্তস্মাত্তু ভাৱোত্‍ ন্যোত্‍ বক্তোত্‍ ব্যক্তাত্‍ সনাতন: |
য: স সৰ্ব্বেষু ভূতেষু নশ্যত্‍সু ন বিনশ্যতি || ২০

কিন্তু সেই চৰাচৰ বিশ্বৰ কাৰণ অব্যক্তৰো ওপৰত এটি চিৰন্তন অন্যক্ত সদ পদাৰ্থ বিদ্যামান আছে, যি সকলোবোৰ প্ৰাণী নষ্ট হৈ গলেও সি বিনষ্ট নহয় |

অব্যক্তোত্‍ক্ষৰ ইতুক্তস্তমাহু: পৰমাং গতিম |
যং প্ৰাপ্য ন নিবৰ্ত্তন্তে তদ্ধাম পৰমং মম || ২১

যি অব্যক্ত তাকে অক্ষৰ বোলা হয় | সেই অক্ষৰ নামক অব্যক্ত সত্তা লাভকে জীৱৰ পৰম গতি বুলি শাস্ত্ৰজ্ঞসকলে নিৰ্ণয় কৰিছে | যি গতি পালে আকৌ সংসাৰলৈ আহিব নালাগে সেই সৰ্ব্বোত্‍কৃষ্ট স্থান মোৰ |

পুৰুষ: স পৰ: পাৰ্থ ভক্ত্যা লভ্যস্ত্বনন্যয়া |
যস্যান্ত:স্থানি ভূতানি যেন সৰ্ব্বমিদং ততম || ২২

হে অৰ্জ্জুন, সমস্ত ভূত যাৰ অন্তৰত আৰু যি এই সমস্ততে পৰিব্যাপ্ত হৈ আছে, সেই পৰম পুৰুষক কেৱলমাত্ৰ অনন্যা ভক্তিৰ দ্বাৰাইহে পাব পাৰি |

যত্ৰ কালে ত্বনাবৃত্তিমাবৃত্তিঞ্চৈৱ যোগিন: |
প্ৰয়াতা যান্তি তং কালং বক্ষ্যামি ভাৰতৰ্ষভ || ২৩

হে ভাৰত, যি কালত মৃত্যু ঘটিলে যোগীৰ সংসাৰলৈ পুন: ঘুৰি আহিব নালাগে আৰু যি কালত পুনৰাৱৰ্তন হয় মই সেই কালৰ বৰ্ণনা কৰিম |

অগ্নিৰ্জ্জোতিৰহ: শুক্ল: যণ্মাসা উত্তৰায়ণম |
তত্ৰ প্ৰয়াতা গচ্ছন্তি ব্ৰক্ষ্ম ব্ৰক্ষ্মবিদো জনা: || ২৪

অগ্নি, জ্যোতি, দিন, শুক্লপক্ষ আৰু উত্তৰায়ণ ছমাহ এই কেইজন কালাভিমানী দেৱতাৰ দ্বাৰা অধিষ্ঠিত পথেদি গমন কৰি ব্ৰক্ষ্মজ্ঞ লোকসকলে ব্ৰক্ষ্মলাভ কৰে |

ধূমো ৰাত্ৰিস্তথা: কৃষ্ণ: যণ্মাসা দক্ষিণায়নম |
তত্ৰ চান্দ্ৰনসং জ্যোতিৰ্যোগী প্ৰাপ্য নিবৰ্ত্ততে || ২৫

ধূম, ৰাত্ৰি, কৃষ্ণপক্ষ আৰু দক্ষিণায়ণ ছমাহ এই কেইজন কালাভিমানী দেৱতাৰ অধিষ্ঠিত পথেদি গমন কৰা (ফলাসক্তি থকা) কৰ্ম্মীপুৰুষে চন্দ্ৰ সম্বন্ধীয় জ্যোতিৰ্ম্ময় লোকত সুখানুভৱ কৰি আকৌ সংসাৰলৈ ঘূৰি আহে |

শুক্লকৃষ্ণে গতি হ্যেতে জগত: শাশ্বতে মতে |
একয়া যাত্যনাবৃত্তিমন্যয়াবৰ্ত্ততে পুন: || ২৬

শুক্ল আৰু কৃষ্ণ এই দুটা জগতৰ অনাদি সিদ্ধ গতি বুলি প্ৰসিদ্ধ | এই দুটাৰ এটাত মৃত্যু হলে পুনৰ্জ্জন্ম নহয়, অৰ্থাত্‍ মোক্ষ লাভ হয়, আনটোত মৃত্যু হলে পুনৰ্জ্জন্ম প্ৰাপ্ত হয় |

নৈতে সৃতী পাৰ্থ জানন যোগী মুহ্যতি কশ্চন |
তস্মাত্‍ সৰ্ব্বেষু কালেষু যোগযুক্তো ভৱাৰ্জ্জুন || ২৭

হে পাৰ্থ, এই দুয়োটা মাৰ্গ জনা থাকিলে কোনো যোগীয়েই নিজ কৰ্ত্তব্য সম্বন্ধে মোহগ্ৰস্ত নহয় | সেই কাৰণে হে অৰ্জ্জুন, তুলি সকলো সময়তে যোগমুক্ত হোৱা |

বেদেষু যজ্ঞেষু তপ:সু চৈৱ
দানেষু যত্‍ পুণ্যফলং প্ৰদিষ্টম |
অত্যেতি তত্‍ সৰ্ব্বমিদং বিদিত্বা
যোগী পৰং স্থানমুপৈতি চাদ্যম || ২৮

এই (অনাবৃত্তি আৰু আবৃত্তিৰ) তত্বটো জানি বেদ, যজ্ঞ, তপস্যা, দান এইবোৰৰ অনুষ্ঠানত যি পুণ্যফল উপদিষ্ট হৈছে, সেই সকলোবোৰ যোগী পুৰুষে অতিক্ৰম কৰে আৰু জগত্‍ কাৰণ পৰম স্থান (শ্ৰীবিষ্ণুৰ পৰম পদ) ভাল কৰে |

 ::ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
 ::ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
 ::বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
 ::অক্ষৰব্ৰক্ষ্মযোগো নাম অষ্টমোত্‍ধ্যায়: ||