শ্ৰীমদ্ভগৱদগীতা/সপ্তদশ অধ্যায় – শ্ৰদ্ধাত্ৰয়বিভাগযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


অৰ্জ্জুন উৱাচ -

যে শাস্ত্ৰবিধিমুত্সৃ‍জ্য যজন্তে শ্ৰদ্ধয়ান্বিতা: |
তেষাং নিষ্ঠা তু কা কৃষ্ণ সত্ত্বমাহো ৰজস্তম: || ১

অৰ্জ্জুনে ক’লে - হে কৃষ্ণ, যি সকলে শাস্ত্ৰবিধি পৰিত্যাগ কৰি, কিন্তু শ্ৰদ্ধা সহকাৰে পূজা-অৰ্চনা কৰে তেওঁলোকৰ নিষ্ঠা কেনেকুৱা ? সাত্ত্বিকনে, ৰাজসিকনে, তামসিক ?

শ্ৰীভগৱান উৱাচ -

ত্ৰিবিধা ভৱতি শ্ৰদ্ধা দেহিনাং সা স্বভাৱজা |
সাত্ত্বিকী ৰাজসী চৈৱ তামসী চেতি তাং শৃণু || ২

ভগৱানে ক’লে - মানুহৰ স্বভাৱজাত শ্ৰদ্ধা তিনি প্ৰকাৰৰ | সাত্ত্বিকী, ৰাজসী আৰু তামসী | সেই শ্ৰদ্ধাৰ বিষয়ে মই বৰ্ণনা কৰিছো, তুমি শুনা |

সত্ত্বানুৰূপা সৰ্ব্বস্য শ্ৰদ্ধা ভৱতি ভাৰত |
শ্ৰদ্ধাময়োত্য়াংৰ পুৰুষো যো যচ্ছ্ৰদ্ধ:স এৱ স: || ৩

হে ভাৰত, সকলোৰে নিজ নিজ বিশিষ্ট সংস্কাৰযুক্ত অন্ত:কৰণ অনুযায়ী শ্ৰদ্ধা হয় | পুৰুষ শ্ৰদ্ধাময়, অৰ্থাত্‍ যাৰ যেনে শ্ৰদ্ধা, তেওঁ সেই শ্ৰদ্ধাৰ অনুৰূপেই হয় |

যজন্তে সাত্ত্বিকা দেৱান যক্ষৰক্ষাংসি ৰাজসা: |
প্ৰেতান ভূতগণাংশ্চান্যে যজন্তে তামসা জনা: || ৪

সাত্ত্বিকসকলে দেৱতাসকলক, ৰাজসীসকলে যক্ষ-ৰাক্ষসসকলক আৰু তামসীসকলে ভূত-প্ৰেতবোৰৰ পূজা কৰে |

অশাস্ত্ৰবিহিতং ঘোৰং তপ্যন্তে যে তপো জনা: |
দম্ভাহঙ্কাৰসংযুক্তা: কামৰাগবলান্বিতা: || ৫
কৰ্শয়ন্ত: শৰীৰস্থং ভূতগ্ৰামমচেতস: |
মাঞ্চৈৱান্ত:শৰীৰস্থাং তান বিদ্ধ্যাসুৰনিশ্চয়ান || ৬

যিবোৰ বিবেকহীন মানুহে দম্ভ আৰু অহঙ্কাৰ যুক্ত হৈ কামনা আৰু আসক্তি জনিত বলেৰে বলীয়ান হৈ নিজ শৰীৰৰ উপাদান পঞ্চভূতক আৰু শৰীৰৰ অভ্যন্তৰত বিৰাজমান মোকো ক্ষীণপ্ৰায় কৰি শাস্ত্ৰবিৰুদ্ধ তপস্যাৰ আচৰণ কৰে, সেইবোৰ আসুৰী প্ৰকৃতিৰ মানুহ বুলি জানিবা |

আহাৰস্ত্বপি সৰ্ব্বস্য ত্ৰিবিধো ভৱতি প্ৰিয়: |
যজ্ঞস্তপস্তথা দানং তেষাং ভেদমিমং শৃণু || ৭

সকলো মানুহৰ তিনিবিধ আহাৰ প্ৰিয় | সেইদৰে যজ্ঞ তপস্যা দানো তিনিবিধ | সেই প্ৰভেদবোৰ শুনা |

আয়ু:সত্ত্ববলাৰোগ্যসুখপ্ৰীতিৱিৱৰ্দ্ধনা: |
ৰস্যা: স্নিগ্দ্ধা: স্থিৰা হৃদ্যা আহাৰা: সাত্ত্বিকপ্ৰিয়া: || ৮

আয়ু, চিত্তৰ স্থিৰতা, বল, আৰোগ্য, সুখ আৰু আনন্দ বৰ্দ্ধক, ৰসাল, স্নিগ্ধ, শৰীৰৰ পুষ্টিকৰ আৰু হৃদয়ৰ তৃপ্তিকৰ আহাৰ সত্ত্বিকসকলৰ প্ৰিয় |

কটুম্ললৱণাত্যুষ্ণতীক্ষ্ণৰুক্ষবিদ্যাহিন: |
আহাৰা ৰাজসস্যেষ্টা দু:খশোকাময়প্ৰদা: || ৯

অতি তিতা, অতি টেঙা, অতি লুণীয়া, অতি গৰম, অতি জ্বলা, অতি, শুকান আৰু দাহকাৰক আহাৰ ৰাজসিক লোকৰ প্ৰিয় | এনে আহাৰ দুখ, শোক আৰু ৰোগকাৰক হয় |

যাতযামং গতৰসং পুতি পৰ্য্যুষিতঞ্চ যত্‍ |
উচ্ছিষ্টমপি চামেধ্যং ভোজনং তামসপ্ৰিয়ম || ১০

আধাসিজা, বহু আগতে ৰন্ধা, নীৰস, বাহী,উচ্ছিষ্ট আৰু অপৱিত্ৰ আহাৰ তামসিক মানুহৰ প্ৰিয় |

অফলাকাঙ্খিভিৰ্যজ্ঞো বিধিদিষ্টো য ইজ্যতে |
যষ্টব্যমেবেতি মন: সমাধায় স সাত্ত্বিক: || ১১

ফলাকাঙ্খাৰহিত পুৰুষে কেৱল কৰ্ত্তব্য বোধত মন স্থিৰ কৰি শাস্ত্ৰীয় বিধি অনুসৰি যি যজ্ঞ কৰে তাকে সাত্ত্বিক যজ্ঞ বোলে |

অভিসন্ধায় তু ফলং দম্ভাৰ্থমপি চৈৱ যত্‍ |
ইজ্যতে ভৰতশ্ৰেষ্ঠ তং যজ্ঞং বিদ্ধি ৰাজসম || ১২

হে ভৰতশ্ৰেষ্ঠ (অৰ্জ্জুন), ফল কামনা কৰি বা নিজস্ব ধাৰ্মিকতা প্ৰকাশৰ উদ্দেশ্যে যি যজ্ঞ কৰা হয় তাক ৰাজসিক যজ্ঞ বোলে |

বিধিহীনমসৃষ্টান্নং মন্ত্ৰহীনদক্ষিণম |
শ্ৰদ্ধাবিৰহিতং যজ্ঞং তামসং পৰিচক্ষতে || ১৩

বিধিহীন, অন্নদান বিহীন, মন্ত্ৰহীন, দক্ষিনা বিহীন আৰু শ্ৰদ্ধাহীনভাৱে যি যজ্ঞ কৰা হয় তাক তামসিক যজ্ঞ বোলে |

দেৱদ্বিজগুৰুপ্ৰাজ্ঞপূজনং শৌচমাৰ্জ্জৱম |
ব্ৰহ্মচৰ্য্যমহিংসা চ শৰীৰং তপ উচ্যতে || ১৪

দেৱতা, ব্ৰাহ্মণ, গুৰু আৰু জ্ঞানীজনৰ পূজা, পৱিত্ৰতা, সৰলতা, ব্ৰহ্মচৰ্য্য আৰু অহিংসা, এইবোৰক শাৰীৰিক তপস্যা বুলি কোৱা হয় |

অনুদ্বেগকৰং ৱাক্যং সত্যং প্ৰিয়হিতঞ্চ যত্‍ |
স্বাধ্যায়াভ্যসনঞ্চৈৱ বাঙ্ময়ং তপ উচ্যতে || ১৫

কাৰো মনোকষ্ট নোপজা, সত্য, প্ৰিয় আৰু হিতজন বাক্য আৰু বেদাভ্যাস এইবোৰক বাঙ্ময় তপস্যা বোলে |

মন: প্ৰসাদ: সৌম্যত্বং মৌনমাত্মবিনিগ্ৰহ: |
ভাৱসংশুদ্ধিৰিত্যেতত্‍ তপো মানসমুচ্যতে || ১৬

মনৰ প্ৰসন্নতা, শান্ত স্বভাৱ, নীৰৱতা (বাক্যসংযম), আত্মসংযম আৰু ভাৱশুদ্ধি এইবোৰক মানসিক তপস্যা বোলে |

শ্ৰদ্ধয়া পৰয়া তপ্তং তপস্তং ত্ৰিৱিধং নৰৈ: |
অফলাকাঙ্খিভিৰ্য্যুক্তৈ: সাত্ত্বিকং পৰিচক্ষতে || ১৭

ফলাকাঙ্খাবৰ্জিত, একাগ্ৰচিত্ত মানুহে পৰম শ্ৰদ্ধাসহকাৰে অনুষ্ঠিত সেই তিনিবিধ তপস্যাক শাৰীৰিক তপস্যা বোলে |

সত্কািৰমানপূজাৰ্থং তপো দম্ভেন চৈৱ যত্‍ |
ক্ৰিয়তে তদিহ প্ৰোক্তং ৰাজসং চলমধ্ৰুৱম || ১৮

মান, সত্কাপৰ আৰু পূজা পাবৰ নিমিত্তে দম্ভ সহকাৰে যি তপস্যা আচৰণ কৰা হয় তাক ৰাজসিক তপস্যা বোলে | এই তপস্যা অনিত্য, অস্থায়ী |

মূঢ়গ্ৰাহেণাত্মনো যত্‍ পীড়য়া ক্ৰিয়তে তপ: |
পৰস্যোত্সাাদনাৰ্থং বা তত্প‍ তামসমুদাহৃতম || ১৯

বিবেক বুদ্ধিৰ অভাৱৰ কাৰণে বা লোকৰ অনিষ্ট সাধনৰ কাৰণে নিজৰ শৰীৰক কষ্ট দি যি তপস্যা আচৰণ কৰে তাক তামসিক তপস্যা বোলে |

দাতব্যমিতি যদ্দানং দীয়তেত্‍ নুপকাৰিণে |
দেশে কালে চ পাত্ৰে চ তদ্দানং সাত্ত্বিকং স্মৃতম || ২০

’দান কৰা কৰ্ত্তব্য’ - এই বুদ্ধিৰে পুণ্যস্থানত, পুণ্যকালত আৰু সত্পাাত্ৰত অনুপকাৰী জনৰ প্ৰতি প্ৰত্যুপকাৰ আশা নকৰি যি দান দিয়া হয় তাক সাত্ত্বিক দান বোলে |

যত্‍ তু প্ৰত্যুপকাৰাৰ্থং ফলমুদ্ধিশ্য ৱা পুন: |
দীয়তে চ পৰিক্লিষ্টং তদ্দানং ৰাজসং স্মৃতম || ২১

প্ৰত্যুপকাৰৰ আশা কৰি বা কোনো ফলকামনা কৰি অসন্তুষ্ট মনে যি দান দিয়া হয় তাক ৰাজসিক দান বোলে |

আদেশকালে যদ্দানমপাত্ৰেভ্যশ্চ দীয়তে |
অসত্কৃলতমবজ্ঞাতং তত্‍ তামসমুদাহৃতম || ২২

দেশ কালৰ বিচাৰ নকৰি অপাত্ৰক, বিনা সত্কাদৰে, অবজ্ঞা-পুৰ্ব্বক যি দান দিয়া হয়, তেনে দানক তামসিক দান বোলে |

ওঁ তত্সনদিতি নিৰ্দ্দেশো ব্ৰহ্মণস্ত্ৰিবিধ: স্মৃত: |
ব্ৰহ্মণাস্তেন বেদাশ্চ বিহিতা: পুৰা || ২৩

ওঁ, তত্‍, সত্‍ - এই তিনি নামেৰে ব্ৰহ্মক বুজোৱা হয় বুলি ব্ৰহ্মবাদীসকলে স্মৰণ কৰে | এই তিনি প্ৰকাৰ নিৰ্দ্দেশৰ দ্বাৰা পূৰ্ব্বতে ব্ৰাহ্মণ, বেদ আৰু যজ্ঞসমূহ (প্ৰজাপতিৰ দ্বাৰা) নিৰ্ম্মিত হৈছিল |

তস্মাদোমিত্যুদাহৃত্য যজ্ঞদানতপ:ক্ৰিয়া: |
প্ৰবৰ্ত্তন্তে বিধানিক্তা: সততং ব্ৰহ্মবাদিনাম || ২৪

সেই কাৰণে ব্ৰহ্মবাদীসকলৰ বেদবিহিত যজ্ঞ, দান আৰু তপস্যাদি ক্ৰিয়াসমুহ সদায় ওঁ এই শব্দটিৰ উচ্চাৰণ কৰি আৰম্ভ হয় |

তদিত্যনভিসন্ধায় ফলং যজ্ঞতপ:ক্ৰিয়া: |
দানক্ৰিয়াশ্চ বিবিধা: ক্ৰিয়ন্তে মোক্ষকাঙ্খভি: || ২৫

তত্‍ - এই শব্দ উচ্চাৰণপূৰ্ব্বক মোক্ষাভিলাষীয়ে ফলাভিসন্ধি ত্যাগ কৰি যজ্ঞ, তপস্যা আদি ক্ৰিয়া আৰু বিবিধ দান কৰ্ম্মৰ অনুষ্ঠান কৰে |

সদ্ভাৱে সাধুভাৱে চ সদিত্যেতত্‍ প্ৰযুজ্যতে |
প্ৰশস্তে কৰ্ম্মাৰ্ণি তথা সচ্ছব্দ: পাৰ্থ যুজ্যতে || ২৬

সত্‍ - এই শব্দ সদ ভাবত আৰু সাধু ভাবত ব্যৱহাৰ হয় | আৰু হে পাৰ্থ, মাঙ্গলিক কৰ্ম্মতো সত্‍ শব্দৰ প্ৰয়োগ কৰা হয় |

যজ্ঞে তপসি দানে চ স্থিতি: সদিতি চোচ্যতে |
কৰ্ম্ম চৈব তদৰ্থীয়ং সদিত্যেবাভিধীয়তে || ২৭

যজ্ঞ, তপস্যা আৰু দানত স্থিতি বা নিষ্ঠা বুজাবলৈ সত্‍ শব্দটি কথিত হয় আৰু ঈশ্বৰাৰ্থে কৰা কৰ্ম্ম বুজাবলৈয়ো সত্‍ শব্দ ব্যৱহাৰ হৈ আহিছে |

অশ্ৰদ্ধয়া হুতং দত্তং তপস্তপ্তং কৃতঞ্চ যত্‍ |
অসদিত্যুচ্যতে পাৰ্থ ন চ তত্‍ প্ৰেত্য নো ইহ || ২৮

অশ্ৰদ্ধাৰে কৰা যজ্ঞ, দান, তপস্যা আৰু আন যি কোনো কৰ্ম্মক অসত্‍ বোলে | হে পাৰ্থ, এনে অসত্‍ কৰ্ম্মৰ ইহকালত বা পৰকালত একো ফল নাই |


ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুম ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
শ্ৰদ্ধাত্ৰয়বিভাগযোগো নাম সপ্তদশোত্ধ্যায় ||