শ্ৰীমদ্ভগৱদগীতা/ষোড়শ অধ্যায় – দৈবাসুৰসম্পদ্‌বিভাগযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শ্ৰীভগৱান উৱাচ -

অভয়ং সত্ত্বসংশুদ্ধিৰ্জ্ঞানযোগব্যৱস্থিতি: |
দানং দমশ্চ যজ্ঞশ্চ স্বাধ্যায়স্তপ আৰ্জ্জৱম || ১
অহিংসা সত্যমক্ৰোধস্ত্যাগ: শান্তিৰপৈশুনম |
দয়া ভূতেষ্বলোলুপ্ত্বং মাৰ্দ্দৱং হ্ৰীৰচাপলম || ২
তেজ: ক্ষমা ধৃতি: শৌচমদ্ৰোহো নাতিমানিতা |
ভৱন্তি সম্পদং দৈবীমভিজাতস্য ভাৰত || ৩

শ্ৰীভগৱানে ক’লে - নিৰ্ভীকতা, চিত্তশুদ্ধি, জ্ঞান আৰু যোগনিষ্ঠা, বাহ্যেন্দ্ৰিয়, দমন, যজ্ঞ শাস্ত্ৰ অধ্যয়ন, তপস্যা, সৰলতা, অহিংসা, সত্য, অক্ৰোধ, স্বাৰ্থত্যাগ, অন্ত:কৰণ, সংযম, পৰচ্ছিদ্ৰৰ অপ্ৰকাশ, সৰ্ব্বভুতত দয়া, নিৰ্লোভতা, মৃদুতা, লজ্জা, অচাঞ্চল্য, শক্তি, ক্ষমা, ধৈৰ্য্য, পৱিত্ৰতা, অদ্ৰোহ, অনভিমান, (এইবোৰ গুণ দেৱী সম্পদ) হে ভাৰত ! দৈৱী সম্পদ লাভৰ কাৰণে জন্ম গ্ৰহণ কৰা লোকৰ এইবোৰ গুণ প্ৰাদুৰ্ভুত হয় |

দম্ভো দৰ্পোত্‍‌ভিমানশ্চ ক্ৰোধ: পাৰুষ্যমেৱ চ |
অজ্ঞানং চাভিজাতস্য পাৰ্থ সম্পসমাসুৰীম || ৪

দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, নিষ্ঠুৰ কথন আৰু অজ্ঞান, এইবোৰ আসুৰী সম্পদ ভোগ কৰিবলৈ জন্ম হোৱা লোকৰ স্বভাৱ |

দৈৱী সম্পদ বিমোক্ষায় নিবন্ধায়সুৰী মতা |
মা শুচ: সম্পদং দৈৱীমভিজাতোত্‍‌সি পাণ্ডৱ || ৫

দৈৱী সম্পদ মোক্ষ লাভৰ কাৰণ আৰু আসুৰী সম্পদ বন্ধনৰ কাৰন বুলি বিবেচিত হয় | হে পাণ্ডৱ, তুমি শোক নকৰিবা | (কাৰণ) তুমি দৈবী সম্পদ ভোগৰ কাৰণে জন্ম গ্ৰহণ কৰিছা |

দ্বৌ ভুতসৰ্গৌ লোকেত্‍‌স্মিন দৈৱ আসুৰ এৱ চ |
দৈৱো বিস্তৰশ: প্ৰোক্ত আসুৰং পাৰ্থ মে শৃণু || ৬

এই সংসাৰত দৈৱ আৰু আসুৰ এই দুই প্ৰকাৰৰ মানুহৰ সৃষ্টি হৈছে | দৈৱী সৃষ্টিৰ বিষয়ে সবিস্তাৰে কোৱা হ’ল | এতিয়া আসুৰ সৃষ্টিৰ বিষয়ে মোৰ পৰা শুনা |

প্ৰবৃতিঞ্চ নিবৃতিঞ্চ জনা ন বিদুৰাসুৰা:
ন শৌচং নাপি চাচাৰো ন সত্যং তেযু বিদ্যতে || ৭

আসুৰী স্বভাৱৰ মানুহৰ ধৰ্ম্মত প্ৰবৃত্তি আৰু অধৰ্ম্মৰ পৰা নিবৃত্তিৰ বোধ নাই | সেই কাৰণে তেনে মানুহৰ পৱিত্ৰতা, আচাৰ আৰু সত্যনিষ্ঠা একো নাই |

অসত্যমপ্ৰতিষ্ঠং তে জগদাহুৰনীশ্বৰম |
অপৰস্পৰসম্ভুতং কিমন্যত্‍ কামহৈতুকম || ৮

আসুৰী প্ৰকৃতিৰ মানুহে কয় - জগতত কোনো ঈশ্বৰ নাই | জগত অসত্য, ধৰ্ম্ম বা অধৰ্ম্ম একো নাই | স্ত্ৰী-পুৰুষৰ কামজনিত সংযোগৰ ফলত জগতৰ উত্পাত্তি হৈছে | কামনাজনিত বিষয়ৰ উপভোগৰ ক্ষেত্ৰৰ বাহিৰে এই জগত্‍ আৰু কি হ’ব পাৰে |

এতাং দৃষ্টুমৱষ্টভ্য নষ্টাত্মামোত্ল্প বুদ্ধয়: |
প্ৰভৱন্ত্ত্যগ্ৰকৰ্ম্মাণ: ক্ষয়ায় জগতোত্‍ হিতা: || ৯

জগত্‍ সম্পৰ্কে এনে ধাৰণাৰ আশ্ৰয় কৰি এই নষ্ট বুদ্ধি, নিৰ্বোধ, ক্ৰুৰকৰ্ম্মকাৰী আৰু অমঙ্গল স্বভাৱৰ লোকসকল জগতৰ ধ্বংসৰ কাৰণে জন্ম গ্ৰহণ কৰে |

কামমাশ্ৰিত্য দুস্পুৰং দম্ভমানমদাম্বিতা: |
মোহাদ গৃহীত্বাত্সপদগ্ৰাহান প্ৰবৰ্ত্তন্তেত্শুিচিব্ৰতা: || ১০

অপৱিত্ৰ ব্ৰতাচাৰী সিহঁতে দুষ্পুৰণীয় কামনা আশ্ৰয় কৰি দম্ভ অভিমান আৰু ভোগ বিলাসত মত্ত হৈ মোহ বশত: অসত্‍ বিষয়সমূহক অৱলম্বন কৰি সকলো কাৰ্য্যত প্ৰবৃত্ত হয় |

চিন্তামপিমেয়াঞ্চ প্ৰলয়ান্তামুপাশ্ৰিতা: |
কামোপভোগপৰমা এতাবদিতি নিশ্চিতা: || ১১
আশাপাশশতৈৰ্ব্বদ্ধা: কামক্ৰোধপৰায়ণা: |
ইহন্তে কামভোগাৰ্থমন্যায়েনাৰ্থসঞ্চায়ান || ১২

মৃত্যু সময় পৰ্য্যন্ত অপৰিমিত চিন্তাকে আশ্ৰয় কৰি সিহঁতে কামনাৰ উপভোগেই পৰম পুৰুষাৰ্থ এইদৰে নিশ্চিত হৈ শত শত আশানুৰূপ পাশত বান্ধ খায় আৰু ক্ৰোধৰ অধীন হৈ পৰে, সিহঁতে কামনীয় ভোগবিলাসৰ কাৰণে অন্যা উপায়েৰে ধন সংগ্ৰহৰ চেষ্টা কৰে |

ইদমদ্য ময়া লব্ধমিদং প্ৰাপ্স্যে মনোৰথম |
ইদমস্তীদমপি মে ভৱিষ্যতি পুনৰ্ধনম || ১৩

(সিহঁতৰ মনোবৃত্তিবোৰ এনেকুৱা) "মই আজি এইটো পালো, মোৰ মনোবাঞ্ছিত এইটো লাভ হ’ব, এই ধন মোৰ আছে, আকৌ মোৰ আৰু ধন হ’ব |"

অসৌ ময়া হত: শত্ৰুৰ্হনিষ্যে চাপৰানপি |
ঈশ্বৰোত্হতমহং ভোগী সিদ্ধোত্হংয বলবান সুখী || ১৪

"সৌটো শত্ৰু মই মাৰিলো, আনবোৰকো মাৰিম, মই সকলো সম্পদৰ গৰাকী, মই ভোগী, আত্মীয়-স্ৰজন আদিৰে মই সমৃদ্ধ, বলশালী আৰু সুখী |"

আঢ্যোত্‍‌ভিজনৱানস্মি কোত্‍‌ন্যোত্স্তি সদৃশো ময়া |
যক্ষ্যে দাস্যামি মোদিষ্য ইত্যজ্ঞানবিমোহতা: || ১৫

"মই ধনাঢ্য,মই শ্ৰেষ্ঠ কুলত জন্ম গ্ৰহণ কৰিছোঁ, মোৰ নিচিনা আন কোন আছে ? মই যজ্ঞ কৰিম, দান দিম, আমোদ কৰিম" | এনে বহুবিধ অজ্ঞানৰ দ্বাৰা সিহঁত মোহগ্ৰস্ত হয় |

অনেকচিত্তৱিভ্ৰান্তা মোহজালসমাবৃতা: |
প্ৰসক্তা: কামভোগেষু পতন্তি নৰকেত্‍ শুচৌ || ১৬

এনেদৰে অনেক চিত্তবৃত্তিৰ দ্বাৰা বিভ্ৰান্ত হৈ পৰা, মোহস্বৰূপ জালত আৱদ্ধ হোৱা সিহঁতে কাম্য ভোগবোৰত সংলিপ্ত থাকি অৱশেষত অশুচি নৰকত নিমজ্জিত হয় |

আত্মসদ্ভাৱিতা: স্তব্ধা ধনমানমদাম্বিতা: |
যজন্তে নামষজ্ঞৈস্তে দন্তেনাবিধিপূৰ্ব্বকম || ১৭

আত্মপ্ৰশংসাকাৰী, অবিনীত, ধনগৰ্ব্বী আৰু মদমত্ত এই মানুহবোৰে নিজক ধাৰ্ম্মিক বোলাবৰ কাৰণে অবিধিপূৰ্ব্বক নামেৰে মাত্ৰ যজ্ঞসমূহৰ অৰ্চ্চনা কৰে |

অহংকাৰং ৱলং দৰ্পং কামং ক্ৰোধঞ্চ সংশ্ৰিতা: |
মামাত্মপৰদেহেষু প্ৰদ্বিষন্তোত্‍ ভ্যসুয়কা: || ১৮

সিহঁতে অহঙ্কাৰ, বল, দৰ্প, কাম, ক্ৰোধৰ বশৱৰ্ত্তী হৈ নিজৰ আৰু পৰৰ দেহত অৱস্থিত আত্মাৰূপী মোক দ্বেষ কৰি সাধুজনৰ নিন্দাবাদ কৰে |

তানহং দ্বিযত: ক্ৰুৰান সংসাৰেষু নৰাধমান |
ক্ষিপাম্যজস্ৰমশুভানাসুৰীষ্বেৱ যোনিষু || ১৯

মই সেই নিন্দুক, ক্ৰুৰ, অশুভ কৰ্ম্মকাৰী, নৰাধমহঁতক সংসাৰত আসুৰী যোনিতেই বাৰে বাৰে নিক্ষেপ কৰোঁ |

আসুৰীং যোনিমাপন্না মূঢ়া জন্মনি জন্মনি |
মামপ্ৰাপ্যৈৱ কৌন্তেয় ততো যান্ত্যধমাং গতিম || ২০

হে কুন্তীপুত্ৰ, এই মূঢ়মানুহবোৰে জন্মে জন্মে আসুৰী যোনি লাভ কৰি মোক নোপোৱাকৈয়ে ক্ৰমে তাতোকৈ নিকৃষ্ট যোনিত জন্ম পায় |

ত্ৰিবিধং নৰকস্যেদং দ্বাৰম নাশনমাত্মন: |
কাম: ক্ৰোধস্তথা লোভস্তস্মাদেতত্ৰয়ং ত্যাজেং || ২১

কাম, ক্ৰোধ, লোভ - এই তিনিখন নৰকৰ দুৱাৰ আৰু আত্মাৰ নাশক | সেই কাৰণে এই তিনিক পৰিত্যাগ কৰা |

এতৈৰ্বিমুক্ত: কৌন্তেয় তমোদ্বাৰৈস্ত্ৰিভিৰ্নৰ: |
আচৰত্যাত্মন: শ্ৰেয়স্ততো যাতি পৰাং গতিম || ২২

হে কৌন্তেয়, এই তিনিখন নৰকৰ দুৱাৰৰ পৰা মুক্ত হৈ যাব পাৰিলে নিজৰ শ্ৰেয় সাধনৰ অনুষ্ঠান কৰিব পাৰে আৰু তাৰ ফলত পৰম গতি পায় |

য়: শাস্ত্ৰবিধিমুত্সৃপজ্য বৰ্ত্ততে কামকাৰত: |
ন স সিদ্ধিমৱাপ্নোতি ন সুখং ন পৰাং গতিম || ২৩

যি মানুহে শাস্ত্ৰবিধি উলংঘা কৰি কৰ্ম্মত প্ৰবৃত্ত হয় সেই মানুহে সিদ্ধিলাভ কৰিব নোৱাৰে, সুখো নাপায় আৰু তাৰ সদগতিও নহয় |

তস্মাচ্ছাস্ত্ৰং প্ৰমাণং তে কাৰ্য্যাকাৰ্য্যব্যৱস্থিতৌ |
জ্ঞাত্বা শাস্ত্ৰবিধানোক্তং কৰ্ম্ম কৰ্ত্তুমিহাৰ্হসি || ২৪

সেই কাৰণে কাৰ্য্য-অকাৰ্য্য নিৰূপণ কৰিবলৈ তোমাৰ শাস্ত্ৰই প্ৰমাণ | এই কৰ্ম্মময় সংসাৰত শাস্ত্ৰীয় বিধান জানি লৈ কৰ্ম্ম কৰা উচিত |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুা ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
দৈৱাসুৰসম্পদ-বিভাগযোগো নাম ষোড়শোত্ধ্যা্য় ||