শ্ৰীমদ্ভগৱদগীতা/অষ্টাদশ অধ্যায় – মোক্ষযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

অৰ্জ্জুন উৱাচ -

সন্ন্যাসস্য মহাবাহো তত্ত্বমিচ্ছামি ৱেদিতুম |
ত্যাগস্য চ হৃষীকেষ পৃথক কেশিনিষ দন || ১

অৰ্জ্জুনে ক’লে - হে মহাবাহো, হে হৃষীকেশ, হে কেশীনিষুদন, মই সন্ন্যাসৰ আৰু ত্যাগৰ আচল অৰ্থ পৃথক পৃথকভাৱে জানিব বিচাৰো |

শ্ৰীভগৱান উৱাচ -

কাম্যান্যাং কৰ্ম্মণাং ন্যাসং সন্ন্যাসং কৱয়ো বিদু: |
সৰ্ব্বকৰ্ম্মফলত্যাগং প্ৰাহুস্ত্যাগং বিচক্ষণা: || ২

ভগৱানে ক’লে - পণ্ডিতসকলে কাম্য কৰ্ম্মসমূহৰ পৰিত্যাগক সন্ন্যাস বুলি জানে | সকলো কৰ্ম্মৰ ফলত্যাগক জ্ঞানীলোকে ত্যাগ বুলি বৰ্ণনা কৰে |

ত্যাজ্যং দোষৱদিত্যেকে কৰ্ম্ম প্ৰাহুৰ্মনীষীণ: |
যজ্ঞদানতপা: কৰ্ম্ম ন ত্যাজ্যমিতি চাপৰে || ৩

কৰ্ম্ম মাত্ৰেই দোষযুক্ত বন্ধনৰ বাবে পৰিত্যাগ কৰিব লাগে বুলি বহু মনীষিয়ে কয় | আকৌ অন্যসকলে কয় যে যজ্ঞ, দান আৰু তপস্যা কৰ্ম্ম পৰিত্যাজ্য নহয় |

নিশ্চয়ং শৃণু মে তত্ৰ ত্যাগে ভৰতসত্তম |
ত্যাগো হি পুৰুষব্যাঘ্ৰ ত্ৰিবিধ: সম্প্ৰকীৰ্ত্তিত: || ৪

হে ভাৰত কুলৰ সাধুশ্ৰেষ্ঠ, ত্যাগ সম্বন্ধে মোৰ সিদ্ধান্ত শুনা | ত্যাগ তিনিপ্ৰকাৰৰ বুলি শাস্ত্ৰত আছে |

যজ্ঞদানতপ:কৰ্ম্ম ন ত্যাজং কাৰ্য্যমেব তত্‍ |
যজ্ঞো দানং তপশ্চৈৱ পাবনানি মনীষিণাম || ৫

যজ্ঞ, দান আৰু তপস্যাচৰণ কৰ্ম্ম ত্যাগ কৰা উচিত নহয়, বৰং সেয়া কৰ্ত্তব্যহে | কাৰণ যজ্ঞ, দান আৰু তপস্যাই মনীষীসকলৰ চিত্তশুদ্ধি কৰে |

এতান্যপি তু কৰ্ম্মাণি সঙ্গং ত্যত্ত্বা ফলানি চ |
কৰ্ত্তব্যানীতি মে পাৰ্থ নিশ্চিতং মতমুত্তমম || ৬

পাৰ্থ, এইবিলাক কৰ্ম্ম আসক্তিশূণ্য হৈ আৰু ফল কামনা নকৰি কৰাহে উচিত | এয়ে মোৰ সুনিশ্চিত উত্তম মত |

নিয়তস্য তু সন্ন্যাস: কৰ্ম্মণো নোপপদ্যতে |
মোহাত্‍ তস্য পৰিত্যাগস্তামস: পৰিকীৰ্ত্তিত: || ৭

নিত্য কৰ্ম্মৰ পৰিত্যাগ সম্ভৱ হব নোৱাৰে | মোহবশত: নিত্য কৰ্ম্মৰ পৰিত্যাগ তামস ত্যাগ বুলি কথিত হয় |

দু:খমিত্যেব যত্‍ কৰ্ম্ম কায়ক্লেশভয়াত্ত্যজেত্‍ |
স কৃত্বা ৰাজসং ত্যাগং নৈৱ ত্যাগফলং লভেত্‍ || ৮

কৰ্ম্ম দুখদায়ক - এই বিবেচনাৰে শৰীৰত কষ্ট পোৱাৰ ভয়ত যি কৰ্ম্ম ত্যাগ কৰা হয় সি ৰাজসিক ত্যাগ | তেওঁ কৰ্ম্ম ত্যাগৰ ফল নাপায় |

কাৰ্য্যমিত্যেৱ যত্‍ কৰ্ম্ম নিয়তং ক্ৰিয়তেত্‍‌ৰ্জ্জুন |
সঙ্গং ত্যক্তা ফলঞ্চৈৱ স ত্যাগ: সাত্ত্বিকো মত: || ৯

হে অৰ্জ্জুন, আসক্তি আৰু ফলাকাঙ্খা ত্যাগ কৰি কেৱল কৰ্ত্তব্য বুদ্ধিৰে যি অৱশ্যে আচৰণীয় কৰ্ম্ম নিৰ্ব্বাহ কৰে, সেই ত্যাগক সাত্ত্বিক ত্যাগ বোলে |

ন দ্বেষ্ট্যকুশলং কৰ্ম্ম কুশলে নানুষজ্জতে |
ত্যাগী সত্তসমাৱিষ্টো মেধাৱী ছিন্নসংশয়: || ১০

সত্ত্ব গুণত প্ৰতিষ্ঠিত, আত্মজ্ঞানী, সংশয়ৰহিত ত্যাগী পুৰুষৰ দুখজনক কৰ্ম্মৰ প্ৰতিও বিদ্বেষ নাই, সুখকৰ কৰ্ম্মৰ প্ৰতিও অনুৰাগ নাই |

ন হি দেহভুতা শক্যং ত্যক্তুং কৰ্ম্মাণ্যশেষত: |
যস্ত্ত কৰ্ম্মফলত্যাগী স ত্যাগীত্যভিধীয়তে || ১১

দেহধাৰী পুৰুষে একেলগে সকলো কৰ্ম্ম ত্যাগ কৰিব নোৱাৰে | কিন্তু যি কৰ্ম্মফল ত্যাগী তেওঁক ত্যাগী বুলি অভিহিত কৰা হয় |

অনিষ্টমিষ্টং মিশ্ৰঞ্চ ত্ৰিৱিধং কৰ্ম্মণ: ফলম |
ভৱত্যত্যাগিনাং প্ৰেত্য ন তু সন্ন্যাসিনা ক্কচিত্‍ || ১২

কৰ্ম্মফল আশা কৰা লোকৰ অনিষ্ট, ইষ্ট আৰু মিশ্ৰ এই তিনিবিধ কৰ্ম্মৰ ফল ইহলোকত বা পৰলোকত ভোগ কৰিব লগা হয় | কিন্তু সন্ন্যাসীৰ (কৰ্ম্মফল ত্যাগীৰ) কোনো প্ৰকাৰৰ ফলভোগ নাই |

পঞ্চেমানি মহাবাহোকাৰণানি নিবোধ মে |
সাংখ্যে কৃতান্তে প্ৰোক্তানি সিদ্ধয়ে সৰ্ব্বকৰ্ম্মণাম || ১৩

হে অৰ্জ্জুন, সকলো কৰ্ম্মৰ সিদ্ধিৰ নিমিত্তে সাংখ্য আৰু বেদান্তৰ পাঁচটা কাৰণ কোৱা হৈছে | সেইকেইটা মোৰ পৰা বুজি লোৱা |

অধিষ্ঠানং তথা কৰ্ত্তা কৰণঞ্চ পৃথগ ৱিধম |
বিৱিধাশ্চ পৃথক চেষ্টা দৈৱঞ্চৈৱাত্ৰ পঞ্চমম || ১৪

অধিষ্ঠান (শৰীৰ), কৰ্ত্তা (অহংভাৱ), কৰণ (ইন্দ্ৰিয়বোৰ), বিবিধ পৃথক চেষ্টা (নানা কৰ্ম্মৰ বাবে নানা চেষ্টা) আৰু পঞ্চম দৈৱ |

শৰীৰবাঙ্মনোভিৰ্ষত্‍ কৰ্ম্ম প্ৰাৰভতে নৰ: |
ন্যায্যং ৱা বিপৰীতং বা পঞ্চৈতে তস্য হেতৱ: || ১৫

মানুহে শৰীৰ, বাক্য আৰু মনৰ দ্বাৰা ন্যায় বা অন্যায় যি যি কাম কৰে তাৰ এই পাঁচটায়েই কাৰণ |

তত্ৰৈৱং সতি কৰ্ত্তাৰমাত্মানং কেৱলস্তু য: |
পশ্যত্যকৃতবুদ্ধিত্বান্ন স পশ্যতি দুৰ্ম্মতি: || ১৬

কৰ্ম্মবিষয়ত এই পাঁচটায়েই কাৰণ হ’লে যিজনে কেৱল "আত্মাই কৰ্ত্তা" এইদৰে দেখে তেওঁৰ বুদ্ধি সংস্কৃত হোৱা নাই বাবে তেওঁৰ যথাৰ্থ দৰ্শন হোৱা নাই |

যস্য নাহঙ্কৃতো ভাৱো বুদ্ধিৰ্যস্য ন লিপ্যতে |
হত্বাপি স ইমাল্লোকান ন হন্তি ন নিবধ্যতে || ১৭

যাৰ মনত "মই কৰ্ত্তা" এই অভিমানৰ ভাৱ কেতিয়াও নহয় আৰু যাৰ বুদ্ধি ইষ্ট অনিষ্ট বোধত লিপ্ত নহয়, অৰ্থাত্‍ কৰ্ম্মশক্তি নাই তেওঁ জাগতিক সমস্ত প্ৰাণীক বধ কৰিলেও প্ৰকৃতপক্ষে কাকো বধ কৰা নহয় আৰু তাৰ হত্যাজনিত কৰ্ম্মফলত আবদ্ধ হ’বও নালাগে |

জ্ঞানং জ্ঞেয়ং পৰিজ্ঞাতা ত্ৰিৱিধা কৰ্ম্মচোদনা |
কৰণং কৰ্ম্ম কৰ্ত্তেতি ত্ৰিৱিধ: কৰ্ম্মসংগ্ৰহ: || ১৮

জ্ঞান, জ্ঞেয় আৰু জ্ঞাতা এই তিনিটি কৰ্ম্ম প্ৰবৃত্তিৰ হেতু | কাৰণ কৰ্ম্ম আৰু কৰ্ত্তা এই তিনিটা কৰ্ম্মৰ আশ্ৰয় |

জ্ঞানং কৰ্ম্ম চ কৰ্ত্তা চ ত্ৰিধৈৱ গুণভেদত: |
প্ৰোচ্যতে গুণসংখ্যানে যথাৱচ্ছুণু তান্যপি || ১৯

সাংখ্য শাস্ত্ৰত জ্ঞান, কৰ্ম্ম আৰু কৰ্ত্তা এই তিনিটা সত্ত্বাদি গুণভেদে তিনি প্ৰকাৰ বুলি বৰ্ণনা কৰিছে | এই ভেদৰ কথা মই বৰ্ণনা কৰো শুনা |

সৰ্ব্বভুতেষু যেনৈকং ভাৱমৱ্যয়মীক্ষতে |
অবিভক্তং বিভক্তেষু তজজ্ঞানং ৱিদ্ধি সাত্ত্বিকম || ২০

যি জ্ঞানৰ দ্বাৰা বিভিন্ন প্ৰাণীসমূহত অভিন্নৰূপে কৰা এক চিৰন্তন ভাৱ প্ৰকাশ হয় তাম সাত্ত্বিক জ্ঞান বুলি জানিবা |

পৃথকত্বেন তু যজজ্ঞানং নানাভাৱান পৃথগ্বিধান |
ৱেত্তি সৰ্ব্বেষু ভুতেষু তজজ্ঞানং ৱিদ্ধিৰাজসম || ২১

যি জ্ঞানে সৰ্ব্বভূতত পৃথক পৃথক ৰূপে থকা নানা ভাৱক পৃথক পৃথকভাৱেই প্ৰকাশ কৰে, তাক ৰাজসিক জ্ঞান বুলি জানিবা |

যত্‍ তু কৃত্স্নুৱদেকস্মিন কাৰ্য্যে সক্তমহৈতুকম |
অতত্ত্বাৰ্থৱদপ্লঞ্চ তত্‍ তামসমুদাহৃতম || ২২

যি জ্ঞান কোনো এটা কাৰ্য্যত ’এয়ে সকলো’ এই ভাৱেৰে আসক্ত হয়, যি জ্ঞান যুক্তিহীন, অযথাৰ্থ আৰু সীমাৱদ্ধ তাক তামসিক জ্ঞান বোলা হয় |

নিয়তং সঙ্গৰহিতমৰাগদ্বেষত: কৃতম |
অফলপ্ৰেপ্সু না কৰ্ম্ম যত্‍ তত্‍ সাত্ত্বিকমুচ্যতে || ২৩

ফলাকাঙ্খা ৰহিত পুৰুষে প্ৰিয়লৈ আসক্তি আৰু অপ্ৰিয়লৈ বিদ্বেষ পৰিত্যাগ কৰি অনাসক্ত ভাৱে অৱশ্য কৰ্ত্তব্য যি কৰ্ম্ম কৰে তাক সাত্ত্বিক কৰ্ম্ম বোলা হয় |

যত্‍ তু কামেপ্সুনা কৰ্ম্ম সাহঙ্কাৰেণ বা পুন: |
ক্ৰিয়তে বহুলায়াসং তদ ৰাজসমুদাহৃতম || ২৪

আকৌ ফলাকাঙ্খাযুক্ত পুৰুষে অথবা অহংকাৰ অৰ্থাত্‍ ’মই কৰ্ত্তা’ এনে ভাৱযুক্ত পুৰুষে বহুতো পৰিশ্ৰম কৰি যি কৰ্ম্ম কৰে তাক ৰাজসিক কৰ্ম্ম বোলে |

অনুবদ্ধং ক্ষয়ং হিংসামনপেক্ষ্য চ পৌৰুষম |
মোহাদাৰভ্যতে কৰ্ম্ম যত্‍ তত্‍ তামসমুচ্যতে || ২৫

কৰ্ম্মৰ পৰিণাম, শক্তি আৰু ধনৰ অপচয়, প্ৰাণীহিংসা আৰু নিজৰ সামৰ্থ বিচাৰ নকৰাকৈ মোহবশত: যি কৰ্ম্ম কৰা হয় তাক তামসিক কৰ্ম্ম বোলে |

মুক্তসঙ্গোত্‍ নহংৱাদী ধৃত্যুত্সাকহসমন্বিত:
সিদ্ধ্যসিদ্ধ্যোৰ্নিৰ্বিকাৰ: কৰ্ত্তা সাত্ত্বিক উচ্যতে || ২৬

আসক্তিহীন, অহঙ্কাৰশূন্য, ধৈৰ্য্য আৰু উত্সাকহযুক্ত, সিদ্ধি অসিদ্ধিত বিকাৰ শূণ্য কৰ্ম্ম সম্পাদনকাৰীক সাত্ত্বিক কৰ্ত্তা বোলে |

ৰাগী কৰ্ম্মফলপ্ৰেপ্সু ৰ্লুব্ধা হিংসাত্মকোত্‍ শুচি: |
হৰ্ষশোকান্বিত: কৰ্ত্তা ৰাজস: পৰিকীৰ্তিত: || ২৭

বিষয় বাসনাত আসক্ত, কৰ্ম্মফলাভিলাষী, লোভী, হিংসাপৰায়ণ, অশুচি, হৰ্ষ-বিষাদযুক্ত কৰ্ত্তাক ৰাজস কৰ্ত্তা বোলে |

অযুক্ত: প্ৰাকৃত: স্তব্ধ: শঠো নৈষ্কৃতিকোত্ল স: |
বিষাদী দীৰ্ঘসূত্ৰী চ কৰ্ত্তা তামস উচ্যতে || ২৮

চঞ্চলমতি, মূৰ্খ, উদ্ধত, প্ৰৱঞ্চক, পৰৰ বৃত্তিচ্ছেদকাৰী, এলেহুৱা, বিষন্ন স্বভাৱ আৰু দীৰ্ঘসূত্ৰী কৰ্ত্তাক তামস কৰ্ত্তা বোলে |

বুদ্ধেৰ্ভেদং ধৃতেশ্চৈৱ গুণতস্ত্ৰিৱিধং শৃণু |
প্ৰোচ্যমানমশেষেণ পৃথকত্বেন ধনঞ্জয় || ২৯

হে ধনঞ্জয়, বুদ্ধি আৰু ধৃতিৰো (ধৈৰ্য্য) গুণ অনুসাৰে তিনিবিধ ভেদ পৃথকভাৱে কৈছো শুনা |

প্ৰবৃত্তিঞ্চ নিবৃত্তিঞ্চ কাৰ্য্যাকাৰ্য্যে ভয়াভয়ে |
বন্ধং মোক্ষঞ্চ যা ৱেত্তি বুদ্ধি: সা পাৰ্থ সাত্ত্বিকী || ৩০

হে পাৰ্থ, যি বুদ্ধিয়ে কৰ্ম্মাদিত প্ৰবৃত্তি আৰু নিবৃত্তি, কৰ্ত্তব্য আৰু অকৰ্ত্তব্য, ভয় আৰু অভয়, বন্ধন আৰু মোক্ষ জানিব পাৰে সেই বুদ্ধিয়েই সাত্ত্বিকী বুদ্ধি |

যয়া ধৰ্ম্মমধৰ্ম্মঞ্চ কাৰ্য্যঞ্চাকাৰ্য্যমেৱ চ |
অযথাবত্‍ প্ৰজানাতি বুদ্ধি: সা পাৰ্থ ৰাজসী || ৩১

হে পাৰ্থ, যি বুদ্ধিৰ দ্বাৰা ধৰ্ম্ম আৰু অধৰ্ম্ম, কাৰ্য্য আৰু অকাৰ্য্যৰ বিষয়ে অযথাভাৱে বুজা যায় সেয়ে ৰাজসী বুদ্ধি |

অধৰ্ম্মং ধৰ্ম্মমিতি যা মন্যতে তমসাবৃতা |
সৰ্ব্বাৰ্থান বিপৰীতাংশ্চ বুদ্ধি: সা পাৰ্থ তামসী || ৩২

হে পাৰ্থ, তমো গুণৰ দ্বাৰা আবৃত যি বুদ্ধিয়ে অধৰ্ম্মক ধৰ্ম্ম বুলি ভাবে আৰু সকলো বিষয়কে বিপৰীত ৰূপে বুজে, সেয়ে তামসীক বুদ্ধি |

ধৃত্যা যয়া ধাৰয়তে মন:প্ৰাণেন্দ্ৰিয়ক্ৰিয়া: |
যোগেনাব্যভিচাৰিণ্যা ধৃতি: সা পাৰ্থ সাত্ত্বিকী || ৩৩

হে পাৰ্থ, যি অবিচলিত ধৃতিৰ (ধৈৰ্য্য) দ্বাৰা সমাধিৰ সহায়েৰে মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়াবোৰ নিয়ন্ত্ৰিত কৰে, সেয়ে সাত্ত্বিকী ধৃতি |

যয়া তু ধৰ্ম্মাকামাৰ্থান ধৃত্যা ধাৰয়তেত্‍‌ৰ্জ্জুন |
প্ৰসঙ্গেন ফলাকাঙ্খী ধৃতি: সা পাৰ্থ ৰাজসী || ৩৪

হে অৰ্জ্জুন, যি ধৃতিৰ দ্বাৰা কৰ্ম্ম, কাম আৰু অৰ্থৰ অৱশ্য কৰ্ত্তব্য ৰূপে প্ৰতীতি জন্মে, কিন্তু আসক্তিৰ কাৰণে ফলাকাঙ্খা থাকে সেই ধৃতি ৰাজসী |

যয়া স্বপ্নং ভয়ং শোকং বিষাদং মদমেৱ চ |
ন বিমুঞ্চতি দুৰ্ম্মেধা ধৃতি: সা পাৰ্থ তামসী || ৩৫

হে পাৰ্থ, দুষ্টবুদ্ধি লোকে যি ধাৰণাৰ বশীভুত হৈ নিদ্ৰা, ভয়, শোক, বিষাদ আৰু মত্ততা পৰিত্যাগ নকৰে (আৰু সেইবোৰ কৰ্ত্তব্য বুলি ভাবে), সি তামসী ধৃতি |

সুখং ত্বিদানীং ত্ৰিৱিধং শৃণু মে ভৰতৰ্ষভ |
অভ্যাসাদ বমতে যত্ৰ দু:খান্তঞ্চ নিগচ্ছতি || ৩৬
যত্তদগ্ৰে ৱিষমিৱ পৰিণামেত্‍ মৃতোপমম |
তত্‍ সুখং সাত্ত্বিকং প্ৰোক্তমাত্মবুদ্ধিপ্ৰসাদজম || ৩৭

হে ভৰত কুলপ্ৰদীপ, এতিয়া গুণভেদে তিনিবিধ সুখ মোৰ পৰা শুনা | যি সুখত অভ্যাসবশত: আসক্তি হয় আৰু দুখৰো অৱসান হয়, যি সুখ প্ৰথমতে দুখ যেন অনুভৱ হলেও পৰিণামত অমৃতৰ নিচিনা সুখদায়ক হয় - সেই আত্মবিষয়ক বুদ্ধিৰ প্ৰসন্নতাৰ পৰা ওপজা সুখ সাত্ত্বিক সুখ বোলা হয় |

বিষয়েন্দ্ৰিয়সংযোগাদ যত্‍ তদগ্ৰত্মৃেতোপমম |
পৰিণামে বিষমিৱ তত্‍ সুখং ৰাজসং স্মৃতম || ৩৮

ভোগ্য বিষয় আৰু ইন্দ্ৰিয়ৰ সম্বন্ধৰ কাৰণে যি সুখ প্ৰথমতে অমৃতৰ নিচিনা হলেও পৰিণামত বিষৰ নিচিনা বোধ হয়, তেনে সুখক ৰাজস সুখ বোলা হয় |

যদগ্ৰে চানুবন্ধে চ সুখং মোহনমাত্মন |
নিদ্ৰালস্যপ্ৰমাদোত্থং তত্‍ তামসমুদাহৃতম || ৩৯

নিদ্ৰা, আলস্য আৰি মত্ততাৰ পৰা উদ্ভৱ হোৱা যি সুখ আদি অৱস্থাত আৰু অন্তিম অৱস্থাতো আত্মাৰ মোহজনক, তেনে সুখক তামস সুখ বোলা হয় |

ন তদস্তি পৃথিৱ্যাং ৱা দিৱি দেৱেষু ৱা পুন: |
সত্ত্বং প্ৰকৃতিজৈৰ্মুক্তং যদেভি: স্যাত্‍‌ত্ৰিভিৰ্ণ্ডণৈ: || ৪০

পথিৱীত, স্বৰ্গত বা দেৱতাসকলৰ ভিতৰতো এনে কোনো প্ৰাণী নাই যি এই প্ৰকৃতিৰ পৰা উত্পসন্ন তিনি গুণৰ পৰা মুক্ত হৈ থাকিব পাৰে |

ব্ৰাহ্মণক্ষত্ৰিয়ৱিশাং শূদ্ৰাণাঞ্চ পৰন্তপ |
কৰ্ম্মাণি প্ৰৱিভক্তানি স্বভাৱপ্ৰভৱৈৰ্ণ্ডণৈ: || ৪১

হে শত্ৰুদমন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলৰ কৰ্ম্মবোৰো নিজ নিজ স্বভাৱজাত গুণসমূহৰ দ্বাৰা বিভক্ত হৈছে |

শমো দমস্তপ: শৌচং ক্ষান্তিৰাৰ্জৱমেৱ চ |
জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্ৰহ্মকৰ্ম্ম স্বভাৱজম || ৪২

শম, দম, তপ, শৌচ, ক্ষমা, সৰলতা, শাস্ত্ৰীয় জ্ঞান, আধ্যাত্মিক জ্ঞান, শাস্ত্ৰাৰ্থত শ্ৰদ্ধা, এইবোএ ব্ৰাহ্মণৰ স্বভাৱজাত কৰ্ম্ম |

শৌৰ্য্যং তেজো ধৃতিৰ্দাক্ষ্যং যুদ্ধে চাপ্যপলায়নম |
দানমীশ্বৰভাৱশ্চ ক্ষাত্ৰং কৰ্ম্ম স্বভাৱজম || ৪৩

শৌয্য, তেজ, ধৈৰ্য্য, দক্ষতা, যুদ্ধত পিছ নোহোঁহকা, দানশীলতা, প্ৰভুত্ত্ব ভাৱ - এইবোৰ ক্ষত্ৰিয়ৰ স্বভাৱজাত কৰ্ম্ম |

কৃষিগৌৰক্ষ্যৱাণিজ্যং ৱৈশ্যকৰ্ম্ম স্বভাৱজম |
পৰিচাৰ্য্যাত্মকং কৰ্ম্ম শূদ্ৰস্যাপি স্বভাৱজম || ৪৪

কৃষিকৰ্ম্ম, গো আদি পশুপালন, বাণিজ্য - এইবোৰ বৈশ্য জাতিৰ স্বভাৱজাত কৰ্ম্ম আৰু শূদ্ৰজাতিৰ শুশ্ৰ্ৰ্ৰষাপৰায়ণতা স্বভাৱজাত কৰ্ম্ম |

স্বে স্বে কৰ্ম্মণ্যভিৰত: সংসিদ্ধিং লভতে নৰ: |
স্বকৰ্ম্মনিৰত: সিদ্ধিং যথা বিন্দতি তচ্ছৃণু || ৪৫

নিজ নিজ স্বভাৱজাত কৰ্ম্মত নিষ্ঠাৱান মানুহে সম্যক সিদ্ধি (আধ্যাত্মজ্ঞান) লাভ কৰিব পাৰে | স্বকৰ্ম্মত নিষ্ঠাসম্পন্ন লোকে কেনকৈ তত্ত্বজ্ঞান লাভ কৰে তাক শুনা |

যত: প্ৰবৃত্তিৰ্ভূতানাং যেন সৰ্ব্বমিদং ততম |
স্বকৰ্ম্মণা তমভ্যৰ্চ্চ্য সিদ্ধিং ৱিন্দতি মানৱ: || ৪৬

যাৰ পৰা সকলো প্ৰাণীৰ কৰ্ম্মচেষ্টা জন্মে, যি এই সমগ্ৰ বিশ্ব পৰিব্যাপ্ত হৈ আছে, মানুহে স্বভাৱজাত কৰ্ম্মৰ দ্বাৰা তেওঁৰ অৰ্চ্চনা কৰিলেহে সিদ্ধি লাভ কৰিব পাৰে |

শ্ৰেয়ান স্বধৰ্ম্মো ৱিগুণ: পৰধৰ্ম্মাত্‍ স্বনুষ্ঠিতাত্‍ |
স্বভাৱনিয়তং কৰ্ম্ম কুৰ্ব্বনাপ্নোতি কিল্বিষম || ৪৭

সুন্দৰভাৱে অনুষ্ঠিত পৰধৰ্ম্মতকৈ দোষযুক্ত যেন বোধ হলেও স্বভাৱজাত ধৰ্ম্ম শ্ৰেষ্ঠ | কাৰণ স্বভাৱ বা সংস্কাৰ অনুসাৰে কৰ্ম্ম কৰা মানুহ পাপৰ ভাগী নহয় |

সহজং কৰ্ম্ম কৌন্তেয় সদোষমপি ন ত্যজেত্‍ |
সৰ্ব্বাৰম্ভা হি দোষেণ ধুমেনাগ্নিৰিৱাবৃতা: || ৪৮

হে কৌন্তেয়, মানুহৰ স্বভাৱজাত কৰ্ম্ম দোষ যুক্ত হলেও ত্যাগ কৰা উচিত নহয় | যেনেকৈ জুইক ধোঁৱাই আবৰি ৰাখে, সেইদৰে সকলো কৰ্ম্মই দোষেৰে আবৃত হৈ থাকে |

অসক্তবুদ্ধি: সৰ্ব্বত্ৰ জিতাত্মা ৱিগতস্পৃহ: |
নৈষ্কৰ্ম্ম্যসিদ্ধিং পৰমাং সন্ন্যাসেনাধিগচ্ছতি || ৪৯

সকলো বৈষয়িক বৃত্তিত অনাসক্ত বুদ্ধি, আত্মজয় আৰু আকাঙ্খা শূণ্য পুৰুষে সন্ন্যাস যোগৰ দ্বাৰা, অৰ্থাত্‍ ঈশ্বৰাপৰ্ণ বুদ্ধিৰে কৰ্ম্ম কৰাৰ দ্বাৰা নৈষ্কৰ্ম্ম্য সিদ্ধিলাভ কৰে |

সিদ্ধিং প্ৰাপ্তো যতা ব্ৰহ্ম তথাপ্নোতি নিবোধ মে |
সমাসেনৈৱ কৌন্তেয় নিষ্ঠা জ্ঞানস্য যা পৰা || ৫০

হে কৌন্তেয়, এইদৰে সিদ্ধিলাভ কৰা মানুহে যি প্ৰকাৰে ব্ৰহ্মলাভ কৰে আৰু জ্ঞানৰ যি চৰম উত্কেৰ্ষ তাক সংক্ষেপে মোৰ পৰা শুনা |

বুদ্ধ্যা বিশুদ্ধয়া যুক্তে ধৃত্যাত্মানং নিয়ম্য চ |
শব্দাদীন বিষয়াংস্ত্যত্বা ৰাগদ্বেষৌ ব্যুদস্য চ || ৫১
বিৱিক্তসেৱী লঘ্বাশী যতৱাক্কায়মানস: |
ধ্যানযোগপৰো নিত্যং ৱৈৰাগ্যং সমুপাশ্ৰিত: || ৫২
অহঙ্কাৰং বলং দৰ্পং কামং ক্ৰোধং পৰিগ্ৰহম |
বিমুচ্য নিৰ্ম্মম: শান্তো ব্ৰহ্মভুয়ায় কল্পতে || ৫৩

বিশুদ্ধ বুদ্ধি যুক্ত হৈ সুদৃঢ় ধৰণাৰে চিত্তক সংযত কৰি শব্দ আদি সমস্ত বিষয় পৰিত্যাগ কৰি ৰাগ, দ্বেষ বিবৰ্জিত হৈ, নিৰ্জ্জন স্থানবাসী মিতভোজী হৈ সংযত বাক্য, সংযত শৰীৰ, সংযত চিত্ত হৈ সৰ্ব্বদা ধ্যানযোগ অৱলম্বন কৰি বৈৰাগ্য আশ্ৰয় কৰি, অহঙ্কাৰ, বল, দৰ্প, কাম, ক্ৰোধ আৰু বিষয় ভোগৰ উপকৰণ সংগ্ৰহ পৰিত্যাগ কৰি মমতা শূণ্য হৈ শান্ত চিত্ত হলে ব্ৰহ্ম প্ৰাপ্তিৰ যোগ্য হয় |

ব্ৰহ্মভুত: প্ৰসন্নাত্মা ন শোচতি ন কাঙ্ক্ষতি |
সম: সৰ্ব্বেষু ভুতেষু মদ্ভক্তিং লভতে পৰাম || ৫৪

এনে ব্ৰহ্মভাৱাপন্ন লোক প্ৰসন্নচিত্ত হয় | তেওঁ হেৰোৱা বস্তুৰ কাৰণেও শোক নকৰে আৰু অপ্ৰাপ্ত বস্তুৰ কাৰণেও আকাঙ্খা নকৰে | তেওঁ সৰ্ব্বভুতত সমদৰ্শী হৈ মোৰ প্ৰতি অচলা ভক্তি লাভ কৰে |

ভক্ত্যা মামভিজানাতি যাৱান যশ্চাস্মি তত্ত্বত: |
ততো মাং তত্ত্বতো জ্ঞাত্বা বিশতে তদনম্তৰম || ৫৫

সেই অচলা ভক্তিৰ দ্বাৰা মোৰ যি বিশ্বব্যাপী পৰিমাণ আৰু মোৰ যি অবিনাশী স্বৰূপ, তাক যথাৰ্থভাৱে জানিব পাৰে | তাৰ পাছত মোক যথাৰ্থতে জানি শেষত মোকেই লাভ কৰে |

সৰ্ব্বকৰ্ম্মাণ্যপি সদা কুৰ্ব্বাণো মদ্ব্যপাশ্ৰয়: |
মত্প্ৰকসাদাদৱাপ্নোতি শাশ্বতং পদমৱ্যয়ম || ৫৬

সৰ্ব্বপ্ৰকাৰে মোক আশ্ৰয় কৰা জনে সদায় সকলো কৰ্ম্মকে কৰিও মোৰ অনুগ্ৰহত চিৰন্তন অক্ষয় পদ অৰ্থাত্‍ মোক্ষ লাভ কৰে |

চেতসা সৰ্ব্বকৰ্ম্মাণি ময়ি সংনাস্য মত্পলৰ: |
বুদ্ধিযোগমুপ্ৰাশ্ৰিত্য মচ্চিত্ত: সততং ভৱ || ৫৭

মই সকলো কৰ্ম্মৰে কৰ্ত্তা বুলি জানি মনেৰে সকলো কৰ্ম্ম মোতে সমপৰ্ণ কৰি মত্পকৰায়ণ হৈ অনন্যশৰণ বুদ্ধিৰ আশ্ৰয়ত সৰ্ব্বদা মোতে চিত্ত নিবিষ্ট কৰা |

মচ্চিত্ত: সৰ্ব্বদুৰ্গাণি মত্প্ৰ্সাদাত্‍ তৰিষ্যসি |
অথ চেত্‍ ত্বমহঙ্কাৰান্ন শ্ৰোষ্যসি বিনঙ্ক্ষ্যসি || ৫৮

মোতে চিত্ত সমাহিত হলে মোৰ কৃপাত তুমি সংসাৰজনিত অনতিক্ৰম্য সকলো সঙ্কট অতিক্ৰম কৰিব পাৰিবা | আকৌ যদি অহঙ্কাৰ ভাৱৰ বশৱৰ্তী হৈ মোৰ উপদেশ নুশুনা, তেন্তে তোমাৰ বিনাশ হ’ব |

যদহঙ্কাৰমাশ্ৰিত্য ন যোত্স্য ইতি মন্যসে |
মিথ্যৈষ ব্যৱসায়স্তে প্ৰকৃতিস্ত্বাং নিযোক্ষ্যতি || ৫৯

অহং ভাৱৰ আশ্ৰয় কৰি ’মই যুদ্ধ নকৰো’ বুলি যে ভাবিছা, তোমাৰ এই সংকল্প মিছা, তোমাৰ ক্ষত্ৰিয় জাতিগত স্বাভাৱেই তোমাক যুদ্ধ কৰাব |

স্বভাৱজেন কৌন্তেয় নিৱন্ধ: স্বেন কৰ্ম্মণা |
কৰ্ত্তুং নেচ্ছসি যম্মোহাত্‍ কৰিষ্যস্যৱশোত্‍ পি তত্‍ || ৬০

হে কুন্তীনন্দন, তুমি মোহবশত যিটো কৰিবলৈ ইচ্ছা কৰা নাই, তোমাৰ নিজ স্বভাৱজাত শৌৰ্য্যাদি কৰ্ম্মৰ দ্বাৰা আবদ্ধ হৈ অনিচ্ছা সত্ত্বেও তাকেই কৰিব লাগিব |

ঈশ্বৰ: সৰ্ব্বভুতানাং হৃদ্দেশেত্‍‌ৰ্জ্জুন তিষ্ঠতি |
ভ্ৰাময়ন সৰ্ব্বভুতানি যন্ত্ৰাৰূঢ়ানি মায়য়া || ৬১

হে অৰ্জ্জুন, ঈশ্বৰে সমস্ত প্ৰাণীবৰ্গক নিজ মায়া শক্তিৰে যন্ত্ৰচালিত পুতলাৰ দৰে পৰিভ্ৰমণ কৰাই সমস্ত প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ আছে |

তমেৱ শৰণং গচ্ছ সৰ্ব্বভাৱন ভাৰত |
তত্ৰ্শৰসাদাত্‍ পৰাং শান্তিং স্থানং প্ৰাপ্স্যসি শাশ্বতম || ৬২

হে ভাৰত, তুমি সৰ্ব্বান্তকৰণে তেওঁৰেই শৰণাপন্ন হোৱা | তেওঁৰ প্ৰাসাদত তুমি পৰম শান্তি আৰু নিত্য শাশ্বত ধাম অৰ্থাত্‍ শ্ৰীবিষ্ণুৰ পৰম পদ লাভ কৰিব পাৰিবা |

ইতি তে জ্ঞানমাখ্যাতং গুহ্যাদ গুহ্যতৰং ময়া |
বিমৃশ্যৈতদশেষেণ যথচ্ছসি তথা কুৰু || ৬৩

মই এইদৰে তোমাক অতি দুৰ্বিজ্ঞেয় আৰু সৰ্ব্বসাধাৰণে বুজিব নোৱাৰা জ্ঞানৰ উপদেশ দিলো | এই কথাবোৰ সম্পূৰ্ণকৈ বিশেষ পৰ্য্যালোচনা কৰি তোমাৰ যেনে ইচ্ছা হয়, তাকে কৰা |

সৰ্ব্বগুহ্যতমং ভুয়ং শৃণু মে পৰমং ৱচ: |
ইষ্টোত্‍‌সি মে দৃঢ়মিতি ততো ৱক্ষ্যামি তে হিতম || ৬৪

সৰ্ব্বপ্ৰকাৰে গোপনীয় কথাবিলাকৰ সাৰ ৰহস্য মোৰ শ্ৰেষ্ঠ কথাষাৰ আকৌ এবাৰ শুনা | তুমি মোৰ অত্যন্ত প্ৰিয়, সেই কাৰণেই পৰম জ্ঞান স্বৰূপ মঙ্গলময় কথাষাৰ কৈছো |

মম্মনা ভৱ মদ্ভক্তো মদযাজী মাং নমস্কুৰু |
প্ৰমামেৱৈষ্যসি সত্যং তেপ্ৰতিজানে প্ৰিয়োত্‍‌সি মে || ৬৫

মোতে হৃদয় অৰ্পণ কৰা, মোক ভাল পোৱা, মোৰ প্ৰীতিৰ কাৰণে যজ্ঞাদি যাৱতীয় কৰ্ম্ম কৰা, মোক নমস্কাৰ কৰা | এনেদৰে কৰিলে মোকেই লাভ কৰিবা | তুমি মোৰ প্ৰিয় সখা, সেই কাৰণে মই এই কথা তোমাক কৈছো |

সৰ্ব্বধৰ্ম্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ |
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ: || ৬৬

সকলো ধৰ্ম্মাধৰ্ম্মৰ পৰিত্যাগ কৰি (ধৰ্ম্ম আৰু অধৰ্ম্মজনক সকলো কৰ্ম্মৰে ময়ে নিয়ন্তা, তোমাৰ কৰ্ত্তৃত্ব মাত্ৰ কৰ্ম্মত), অৰ্থাত্‍ সকলো কৰ্ম্ম আৰু তাৰ ফল মোতে সমপৰ্ণ কৰি একমাত্ৰ মোকেই আশ্ৰয় কৰা (মোৰ বাহিৰে অন্য একো নাই বুলি নিশ্চয়কৈ বুজা) | তোমাক মই সকলো পাপৰ পৰা, ধৰ্ম্ম আৰু অধৰ্ম্মজনিত সকলো বন্ধনৰ পৰা মুক্ত কৰিম |

ইদং তে নাত্তমপস্কায় নাত্ভসক্তায় কদাচন |
ন চাত্‍ শুশ্ৰষৱে ৱাচ্য ন চ মাং যোত্‍ ভ্যসুয়তি || ৬৭

যাৰ তপস্যা নাই, যি ভক্ত নহয়, যি সেৱাপৰায়ণ নহয়, তেনে লোকক মই কোৱা এই অধ্যাত্মজ্ঞানৰ কথাৰ উপদেশ দিয়া কদাপি উচিত নহয় | যি জনে মনুষ্য বুদ্ধি কৰি মোক অসুয়া কৰে তেওঁকো ক’ব নালাগে |

য ইমং পৰমং গুহ্যং মদ্ভক্তেষ্বভিধাস্যতি |
ভক্তিং ময়ি পৰাং কৃত্বা মামেৱৈষ্যত্যসংশয়: || ৬৮

যিজনে এই গোপনীয় তত্ত্ব ভক্তি যুক্ত হৈ মোৰ ভক্তসকলক শ্ৰৱণ কৰায় তেওঁ সকলো সন্দেহৰ পৰা মুক্ত হৈ মোক লাভ কৰে |

ন চ তস্মাম্মনুষ্যেষু কশ্চিম্মে প্ৰিয়কৃত্তম: |
ভৱিতা ন চ তস্মাসন্য: প্ৰিয়তৰো ভুৱি || ৬৯

মনুষ্য লোকত এই গীতাশাস্ত্ৰ ব্যাখ্যাকাৰীজনতকৈ মোৰ অতি প্ৰিয় কাৰ্য্য কৰোঁতা আন কোনো নাই | পৃথিৱীত তেওঁতকৈ মোৰ প্ৰিয়তৰ আন কোনো নহবও |

অধেষ্যতে চ য ইমং ধৰ্ম্মং সংৱাদমাৱয়ো: |
জ্ঞানযজ্ঞেন তেনাহমিষ্ট: স্যামিতি মে মতি: || ৭০

যি আমাৰ দুয়োজনৰ এই ধৰ্ম্মসন্মত কথোপকথন গীতাশাস্ত্ৰ অধ্যয়ন কৰিব, তেওঁ জ্ঞান যজ্ঞেৰে মোক অৰ্চ্চনা কৰা হ’ব | এয়ে মোৰ অভিমত |

শ্ৰদ্ধাৱাননসূয়শ্চ শৃণুয়াদপি যো নৰ: |
সোত্‍‌পিমুক্ত: শুভাল্লোঁকান প্ৰাপ্নুয়াত্‍ পুণ্যকৰ্ম্মণাম || ৭১

যিজনে শ্ৰদ্ধাৱান আৰু অসুয়াশূন্য হৈ এই কথোপকথন শ্ৰৱণ কৰে তেৱোঁ পাপমুক্ত হৈ পুণ্যাত্মাসকলৰ শুভলোক প্ৰাপ্ত হয় |

কচ্চিদেতত্‍ শ্ৰুতং পাৰ্থ ত্বয়ৈকাগ্ৰেণ চেতসা |
কচ্চিদজ্ঞানসন্মোহ: প্ৰণষ্টস্তে ধনঞ্জয় || ৭২

হে পাৰ্থ, তুমি একাগ্ৰচিত্তে তোমাক কোৱা এই কথাবোৰ শুনিলানে ? তোমাৰ এতিয়া অজ্ঞানজাত মোহ দুৰ হ’লনে ?

অৰ্জ্জুন উৱাচ -

নষ্টো মোহ: স্মৃতিৰ্লব্ধা ত্বত্প্ৰইসাদান্ময়াচ্যুত |
স্থিতোত্‍‌স্মি গতসন্দেহ: কৰিষ্যে বচনং তব || ৭৩

অৰ্জ্জুনে ক’লে - হে অচ্যুত, তোমাৰ অনুগ্ৰহত মোৰ সকলো মোহ দূৰ হ’ল | স্বৰূপানুসন্ধানৰূপ জ্ঞান লাভ কৰিলো | মোৰ কাৰণে সকলো সন্দেহ দুৰ হ’ল আৰু আত্মস্থ হলো | মই এতিয়া তোমাৰ কথামতেই কাম কৰিম |

সঞ্জয় উৱাচ -

ইত্যহং বাসুদেৱস্য পাৰ্থস্য চ মহাত্মন: |
সংৱাদমিমশ্ৰৌষমদ্ভুতং ৰোমহৰ্ষণম || ৭৪

সঞ্জয়ে (ধৃতৰাষ্ট্ৰক) ক’লে - মহাত্মা বাসুদেৱ আৰু অৰ্জ্জুনৰ এই অদ্ভুত লোমহৰ্ষক কথোপকথন মই এই ৰূপে শুনিলো |

ব্যাসপ্ৰসাদাচ্ছ শ্ৰুতৱানেতদ গুহ্যমহং পৰম |
যোগং যোগেশ্চৰাত্‍ কৃষ্ণাত্‍ সাক্ষাত্‍ কথয়ত: স্বয়ম || ৭৫

ব্যাসদেৱৰ অনুগ্ৰহত মই স্বয়ং যোগেশ্বৰ শ্ৰীকৃষ্ণই নিজ মুখেৰে কোৱা পৰম দুৰ্ব্বোধ্য তত্ত্ব কথা সাক্ষাত্‍ শ্ৰৱণ কৰিলো |

ৰাজন সংস্মৃত্য সংবাদমিমদ্ভুতম |
কেশৱাৰ্জ্জুনয়োত্‍ পুণ্যং হৃষামি চ মুহুৰ্মুহু: || ৭৬

হে মহাৰাজ, কৃষ্ণ আৰু অৰ্জ্জুনৰ পৰম পৱিত্ৰ আৰু অদ্ভুত কথোপকথন বাৰে বাৰে স্মৰণ কৰি মই পুন: পুন: আনন্দত পুলকিত হৈছোঁ |

তচ্চ সংস্মৃত্য সংস্মৃত্য ৰূপমত্যদ্ভুতং হৰে: |
বিস্ময়ো মে মহান ৰাজন হৃষ্যামি চ পুন: পুন: || ৭৭

হে মহাৰাজ, শ্ৰীকৃষ্ণৰ সেই অতি অদ্ভুত বিশ্বৰূপ স্মৰণ কৰি কৰি মই বিস্ময়ত অভিভূত হওঁ আৰু এনে সৌভাগ্য হোৱাৰ বাবে পুন: পুন: পুলকিত হৈ পৰিছোঁ |

যত্ৰ যোগেশ্বৰ: কৃষ্ণো যত্ৰ পাৰ্থো ধনুৰ্দ্ধৰ: |
তত্ৰ শ্ৰীৰ্বিজয়ো ভুতিৰ্ধ্ৰুৱা নীতিৰ্মতিৰ্মম || ৭৮

যি পক্ষত স্বয়ং সৰ্ব্বযোগৈশ্বৰ্য্য সম্পন্ন শ্ৰীকৃষ্ণ বিদ্যামান, যি পক্ষত শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জ্জুন বিদ্যামান, সেই পক্ষতে ৰাজৰক্ষী, বিজয় ঐশ্বৰ্য্য আৰু সুস্থিৰ নীতি বিৰাজ কৰে | এয়ে মোৰ দৃঢ় ধাৰণা |


ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুৰ ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
মোক্ষযোগো নাম অষ্টাদশোত্যাণাৰয় ||
ইতি শ্ৰীমদ্ভাগৱদগীতা সমাপ্ত ||