শ্ৰীমদ্ভগৱদগীতা/পঞ্চদশ অধ্যায় – পুৰুষোত্তমযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শ্ৰীভগৱান উৱাচ -

ঊৰ্দ্ধমূলমধ:শাখমশ্বত্থং প্ৰাহুৰব্যয়ম |
ছন্দাংসি যস্য পৰ্ণানি ৱেদ স বেদৱিত্‍ || ১

শ্ৰীভগৱানে ক’লে - শ্ৰুতিয়ে কয় সংসাৰখন যেন এজোপা আঁহত গছ, ইয়াৰ মূল ওপৰলৈ (কাৰণাত্মক ব্ৰহ্মই সংসাৰ বৃক্ষৰ মূল হেতুকে ইয়াক ঊৰ্ধ্বমূল বোলা হয়) | শাখাবোৰ তললৈ (মহত্ত্বাদি ইন্দ্ৰিয়সমূহ পৰ্য্যন্ত বিকাৰবোৰে ক্ৰমে তললৈ বিস্তৃত হৈছে বাবে এই সংসাৰবৃক্ষ অধ:শাখা বিশিষ্ট) | এই সংসাৰ অশ্বত্থ (অহা কালিলৈকে যাৰ স্থিতি নাই) হলেও অব্যয় অৰ্থাত্‍ অবিনাশী | এই সংসাৰ বৃক্ষৰ বেদত্ৰয় পাত (যিদৰে পাতবোৰ গছৰ জীৱনৰ হেতু, সেইদৰে ধৰ্ম্ম, অধৰ্ম্ম আৰু তাৰ কাৰণ, ফল আদিয়েই প্ৰকাশক বেদাদি শাস্ত্ৰ সংসাৰ বৃক্ষৰ পৰিৰক্ষক) | এইদৰে সমূল সংসাৰবৃক্ষক যিজনে জানিব পাৰে তেৱেঁই যথাৰ্থতে বেদাৰ্থ জানে |

অধশ্চোৰ্ধ্বংপ্ৰসৃতাস্তস্যশাখাণ্ডণপ্ৰবৃদ্ধাবিষয়প্ৰৱালা: |
অধশ্চ মূলান্যনুসন্ততানি কৰ্ম্মানুবন্ধীনি মনুষ্যলোকে || ২

এই বৃক্ষৰ ডালবোৰ গুণত্ৰয়ৰ দ্বাৰা বৃদ্ধিপ্ৰাপ্ত হৈ বিষয়ৰূপ কুঁহিপাতেৰে সজ্জিত হৈ ঊৰ্ধ্বত ব্ৰহ্মলোকৰ পৰা অধ: মনুষ্যলোকলৈকে বিস্তৃত আৰু ধৰ্ম্মাধৰ্ম্ম কৰ্ম্মত প্ৰবৃত্তি কাৰণীভুত মূলবোৰ (বাসনাবোৰ) তললৈ মনুষ্যলোকত অনুপ্ৰৱিষ্ট হৈ থাকে |

ন ৰূপমস্যেহ তথোপলভ্যতে
নান্তো ন চাদিৰ্নচ সম্প্ৰতিষ্ঠা |
অশ্চত্থমেনং সুৱিৰূঢ়মূল
মসঙ্গশস্ত্ৰেণ দৃঢ়েন ছিত্ত্বা || ৩
তত: পদং তত্‍ পৰিমাৰ্গিতব্যং
যস্মিন গতা ন নিৱৰ্ত্তন্তি ভূয়: |
তমেৱ চাদ্যং পুৰুষং প্ৰপদ্যে
যত: প্ৰবৃত্তি: প্ৰসৃতা পুৰাণী || ৪

এই মনুষ্যলোকত এই সংসাৰ বৃক্ষৰ স্বৰূপ উপলব্ধি নহয়, ইয়াৰ আদি অন্ত আৰু অৱস্থিতিও উপলব্ধি নহয় | অনাসক্তি অৰ্থাত্‍ বিষয় বৈৰাগ্য ৰূপ শাণিত অস্ত্ৰৰ দ্বাৰা সুদৃঢ়মূল এই অশ্চত্থ বৃক্ষক ছেদন কৰি তেতিয়া সেই পৰম পদ বিচাৰিব লাগিব য’লৈ গৈ আকৌ সংসাৰলৈ ঘূৰি আহিব নালাগে | যাৰ পৰা পুৰাতন প্ৰবৃত্তি নিৰ্গত হৈছে সেই আদি পুৰুষত মই শৰণ লৈছো (এই প্ৰকাৰ বুদ্ধিযুক্ত হৈ সেই পৰম পদৰ অন্বেষণ কৰ্ত্তব্য) |

নিৰ্ম্মাণমোহা জিতসঙ্গদোষা
অধ্যাত্মনিত্যা বিনিবৃত্তকামা: |
দ্বন্দ্বৈৰ্ব্বিমুক্তা: সুখদু:খসংজ্ঞৈ
গৰ্চ্ছন্ত্যমুঢ়া: পদমব্যয়ং তত্‍ || ৫

অভিমান আৰু মোহ বৰ্জ্জিত, বিষয়াসক্তি ৰূপ দোষৰহিত অধ্যাত্মজ্ঞানত নিত্যৰতি, কামনা শূন্য, সুখ আৰু দু:খ ৰূপী দ্বন্দ্বৰ পৰা মুক্ত, জ্ঞানীপুৰুষে সেই অব্যয় পদ লাভ কৰে |

ন তদ্ভাসয়তে সূৰ্য্যো ন শশাঙ্কো ন পাৱক: |
যদ গত্বা ন নিৱৰ্ত্তন্তে তদ্ধাম পৰমং মম || ৬

সেয়ে মোৰ পৰম ধাম, যাক চন্দ্ৰ, সূৰ্য্য, অগ্নিয়ে প্ৰকাশ কৰিব নোৱাৰে অৰ্থাত্‍ স্বপ্ৰকাশ, সেই ধামলৈ গতি পালে সংসাৰলৈ আৰু ঘূৰি আহিব নালাগে |

মামৈবাংশো জীৱলোকে জীৱভুত: সনাতন: |
মন:ষষ্ঠানীন্দ্ৰিয়াণি প্ৰকৃতিস্থানি কৰ্ষতি || ৭

এই সংসাৰত মোৰেই সনাতন জীৱৰূপ অংশই প্ৰকৃতিত অৱস্থিত মন আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ক আকৰ্ষণ কৰে |

শৰীৰং যদৱাপ্নোতি যচ্ছাপ্যুত্ক্ৰা্মতীশ্বৰ: |
গৃহীত্বৈতানি সংযাতি বায়ুৰ্গন্ধানিৱাশয়াত্‍ || ৮

বতাহে যেনেকৈ ফুল আদিৰ পৰা সৌৰভ লৈ যায়, সেইদৰে জীৱৰূপী ঈশ্বৰে যেতিয়া কোনো শৰীৰ গ্ৰহণ কৰে বা পৰিত্যাগ কৰি যায়, সেই সময়ত এইবোৰ (পূৰ্ব্বোক্ত মন আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ক) লৈ যায় |

শ্ৰোত্ৰং চক্ষু: স্পৰ্শনঞ্চ ৰসনং ঘ্ৰাণমেৱ চ |
অধিষ্ঠায় মনশ্চায়ং বিষয়ানুপসেৱতে || ৯

এই ঈশ্বৰৰ অংশ জীৱই কাণ, চক্ষু, ছাল, জিভা, নাক আৰু মনত অধিষ্ঠিত থাকি বিষয়সমূহ উপভোগ কৰে |

উত্ক্ৰাকমন্তং স্থিতং বাপি ভুঞ্জানং বা গুণম্বিতম |
বিমূঢ়া নানুপশ্যন্তি পশ্যন্তি জ্ঞানচক্ষুষ: || ১০

দেহ পৰিত্যাগ কৰি যোৱা, অথবা গুণসমূহৰ সৈতে মিলিত হৈ দেহত থাকি বিষয় উপভোগ কৰা আত্মাক মোহান্ধবোৰে দেখিবলৈ নাপায়, কিন্তু জ্ঞানচক্ষুবিশিষ্ট লোকে দেখে |

যতন্তো যোগিনশ্চৈনং পশ্যন্ত্যাত্মন্যৱস্থিতম |
যতন্তোত্প্যনকৃতাত্মানো নৈনং পশ্যন্ত্যচেতস: || ১১

যোগীসকলে যত্নপৰ হৈ আত্মাত অৱস্থান কৰা এই আত্মাক দৰ্শন কৰে (ময়ে সেই পৰমাত্মা এই ভাৱত নিজ বুদ্ধিত প্ৰতিফলিত আত্মস্বৰূপ উপলব্ধি কৰে) | অজিতেন্দ্ৰিয় বিবেকহীনবোৰে যত্ন কৰিলেও এই আত্মাক দেখিবলৈ নাপায় |

যদাদিত্যগতং তেজো জগদ্ভাসয়তেত্‍ খিলম |
যচ্চন্দ্ৰমসি যচ্চাগ্নৌ তত্তোজো বিদ্ধি মামকম || ১২

সূৰ্য্যত প্ৰতিফলিত হোৱা যি তেজ বা দীপ্তিয়ে এই জগতক আলোকিত কৰে, চন্দ্ৰ আৰু অগ্নিত যি তেজ প্ৰকাশমান, সেই সকলো প্ৰকাৰ তেজ (প্ৰকাশ) মোৰ বুলি জানিবা |

গামাবিশ্য চ ভুতানি ধাৰয়াম্যহমোজসা |
পুঞ্চামি চৌষধী: সৰ্ব্বা: সোমো ভূত্ত্বা ৰসাত্মক: || ১৩

মই নিজ শক্তিৰ দ্বাৰা এই পৃথিৱীত প্ৰবেশ কৰি সকলো প্ৰাণীক ধাৰণ কৰি আছোঁ | ময়ে ৰসময় চন্দ্ৰৰূপে ঔষধিসকল অৰ্থাত্‍ গছ-লতা-ধান আদি শস্যৰ পুষ্টি সাধন কৰিছো |

অহং বৈশ্বানৰো ভূত্ত্বা প্ৰাণিনাং দেহমাশ্ৰিত: |
প্ৰাণাপানসমাযুক্ত: পচাম্যন্নং চতুৰ্ব্বিধম || ১৪

ময়ে বৈশ্বানৰ নামৰ জঠৰাগ্নি হৈ প্ৰাণীৰ দেহত আশ্ৰয় কৰি প্ৰাণ-অপ্ৰাণ বায়ুৰ সহযোগত চৰ্ব্ব্য, চোষ্য, লেহ্য, পেয় - এই চাৰিবিধ ভক্ষ্য পৰিপাক কৰোঁ |

সৰ্ব্বস্য চাহং হৃদি সন্নিবিষ্টো
মত্ত: স্মৃতিৰ্জ্ঞানমপোহনঞ্চ |
ৱেদৈশ্চ সৰ্ব্বৈৰহমেৱ ৱেদ্যো
ৱেদান্তকৃদ ৱেদবিদেৱ চাহম || ১৫

মই সকলো প্ৰাণীৰ হৃদয়ত প্ৰবিষ্ট আছোঁ | স্মৃতি আৰু জ্ঞান উভয়ৰ উদ্ভৱ আৰু লোপ মোৰ পৰাই হয় | সকলো বেদৰ ময়েই জ্ঞেয় বিষয় | ময়ে বেদান্ত প্ৰণয়ন কৰ্ত্তা আৰু ময়ে যথাৰ্থতে তাত্পপৰ্য্য জানো |

দ্বাৱিমৌ পুৰুষৌ লোকে ক্ষৰশ্চাক্ষৰ এৱ চ |
ক্ষৰ: সৰ্ব্বাণি ভুতানি কূটস্থোত্ক্ষিৰ উচ্যতে || ১৬

এই সংসাৰত ক্ষৰ (বিনাশশীল) আৰু অক্ষৰ (অবিনাশী, নিত্য) এই দুজন মাত্ৰ পুৰুষ বিদ্যমান | সৰ্ব্বভুত অৰ্থাত্‍ জাগতিক সমস্ত কাৰ্য্য ক্ষৰ পুৰুষ আৰু কুটস্থ অৰ্থাত্‍ অপৰিণামী নিৰ্ব্বিকাৰ পুৰুষেই অক্ষৰ বুলি কথিত হয় |

উত্তম:পুৰুষ্যস্ত্বন্য: পৰমাত্মেত্যুদাহৃত: |
যো লোকত্ৰয়মাবিশ্য বিভৰ্ত্ত্যব্যয় ঈশ্বৰ: || ১৭

এই ক্ষৰ আৰু অক্ষৰ পুৰুষতকৈ ভিন্ন এজন উত্তম পুৰুষ আছে | তেওঁ পৰমাত্মা বুলি প্ৰসিদ্ধ | সেই অব্যয় পৰমাত্মাই এই ত্ৰৈলোক্যত প্ৰৱেশ কৰি সমস্তকে ধাৰণ পোষণ কৰিছে |

যৃস্মাত্‍ ক্ষৰমতীতোত্‍ হমক্ষৰাদপি চোত্তম: |
অতোত্‍‌‍স্মি লোকে ৱেদে প্ৰথিত: পুৰুষোত্তম: || ১৮

যিহেতু মই ক্ষৰক (জগতক) অতিক্ৰম কৰি আছোঁ, আৰু অক্ষৰতকৈ (ক্ষেত্ৰজ্ঞ বা জীৱতকৈ) উত্তম, সেয়ে মই (পৰমাত্মাই) সংসাৰত আৰু বেদত পুৰুষোত্তম বুলি প্ৰসিদ্ধ হৈছে |

যো মামেৱমসংমূঢ়ো জ্ঞানাতি পুৰুষোত্তমম |
স সৰ্ব্ববিদ্ভজতি মাং সৰ্ব্বভাৱেন ভাৰত || ১৯

হে ভাৰত, যি মোহশূন্য মানৱে মোক এই ভাব্ৱ পুৰুষোত্তম বুলি জানে, তেওঁ সকলো জানিলে, (আৰু সেই বাবেই) মোক সৰ্ব্বভাবেৰে ভজনা কৰে |

ইতি গুহ্যতমং শাস্ত্ৰমিদমুক্তং ময়াত্নমঘ |
এতদ বুদ্ধা বুদ্ধিমান স্যাত্‍ কৃতকৃত্যশ্চ ভাৰত || ২০

হে নিষ্পাপ ভাৰত, এই পৰম গোপনীয় শাস্ত্ৰ এইপ্ৰকাৰে মই তোমাক কলো | ইয়াক জানিলে মানুহ বুদ্ধিমান আৰু কৃতকৃত্য অৰ্থাত্‍ যাৱতীয় কৰ্ত্তব্য সম্পাদিত হোৱা বাবে জন্ম সাৰ্থক হয় |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সু্ ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
পুৰুষোত্তমযোগো নাম পঞ্চদশোত্ধ্যায়: ||