শ্ৰীমদ্ভগৱদগীতা/চতুৰ্দশ অধ্যায় – গুণত্ৰয়বিভাগযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শ্ৰীভগৱান উৱাচ -

পৰং ভূয়: প্ৰৱক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম |
যজজ্ঞাত্বা মুনয়: সৰ্ব্বে পৰাং সিদ্ধিমিতো গতা: || ১

শ্ৰীভগৱানে ক’লে - পুনৰ (মই তোমাক) সকলো প্ৰকাৰ জ্ঞানতকৈ উত্কৃৰষ্ট (পৰমাৰ্থ) জ্ঞানৰ উপদেশ দিব খুজিছো, যি জ্ঞান লাভ কৰি মুনিসকলে এই সংসাৰত অতিক্ৰম কৰি পৰম সিদ্ধি লাভ কৰে |

ইদং জ্ঞানমুপাশ্ৰিত্য মম সাধৰ্ম্ম্যমাগতা: |
সৰ্গেত্‍ পি নোপজায়ন্তে প্ৰলয়ে ন ব্যথন্তি || ২

এই জ্ঞান লাভ কৰি মোৰ সমধৰ্ম্মী হোৱাসকলে সৃষ্টি কালতো জন্ম গ্ৰহণ নকৰে আৰু প্ৰলয় কালতো ব্যথিত হ’ব নালাগে |

মম যোনিৰ্ম্মহদ্ভৃব্ৰক্ষ্ম তস্মিন গৰ্ভং দধাম্যহম |
সম্ভৱ: সৰ্ব্বভূতানাং ততো ভৱতি ভাৰত || ৩

হে ভাৰত, মহত্‍ শব্দবাচ্য ব্ৰহ্ম (ত্ৰিগুণাত্মিক প্ৰকৃতি) মোৰ (পৰমেশ্বৰৰ) যোনি অৰ্থাত্‍ গৰ্ভধাৰণ স্থান (সমস্ত চৰাচৰৰ উত্পাণদনৰ কাৰণ)| মই তাত গৰ্ভ সঞ্চাৰ কৰো (অৰ্থাত্‍ বীজ নিক্ষেপ কৰো) | তাৰ পৰা সমস্ত ভূতৰ উত্পসত্তি হয় |

সৰ্ব্বযোনিষু কৌন্তেয় মূৰ্ত্তয়: সম্ভৱন্তি যা: |
তাসাং ব্ৰক্ষ্ম মহদযোনিৰহং বীজপ্ৰদ: পিতা || ৪

হে কুন্তীনন্দন, সকলো প্ৰকাৰ যোনিত যিবোৰ দেহাবিশিষ্ট মূৰ্ত্তি অভিব্যক্ত হয়, সেই সকলোবোৰৰে মহত্‍ শব্দ বাচ্য ব্ৰহ্ম (উপাদান কাৰণ) আৰু মই বীজদাতা পিতা (নিমিত্ত কাৰণ) |

সত্ত্বং ৰজস্তম ইতি গুণা: প্ৰকৃতিসম্ভৱা: |
নিবধ্নন্তি মহাবাহো দেহে দেহিনমব্যয়ম || ৫

হে মহাবাহো, প্ৰকৃতিৰ পৰা উত্পয়ন্ন হোৱা সত্ত্ব ৰজ: তম: এই তিনিটা গুণে দেহধাৰী অবিনাশী আত্মাক দেহত বান্ধি ৰাখে |

তত্ৰ সত্ত্বং নিৰ্ম্মলত্বাত্‍ প্ৰকাশকমনাময়ম |
সুখসঙ্গেন বধ্নাতি জ্ঞানসঙ্গেন চানঘ || ৬

হে নিষ্পাপ অৰ্জ্জুন, এই তিনিগুণৰ ভিতৰত সত্ত্ব গুণ নিৰ্ম্মল হেতুকে প্ৰকাশক আৰু উপদ্ৰৱ শূণ্য, ই দেহীক সুখাশক্তি আৰু জ্ঞানশক্তিৰ দ্বাৰা বন্ধন কৰে |

ৰজো ৰাগাত্মকং ৱিদ্ধি তৃষ্ণাসঙ্গসমুদ্ভৱম |
তন্নিৱধ্নাতি কৌন্তেয় কৰ্ম্মসঙ্গেন দেহিনম || ৭

হে কুন্তীপুত্ৰ, ৰজো গুণ বিষয়াসক্তি ৰঞ্জিত | ই অপ্ৰাপ্ত বিষয়ৰ প্ৰতি অভিলাষ আৰু প্ৰাপ্ত বিষয়ত প্ৰীতি জন্মায় | সেই ৰজোগুণে দেহীক কৰ্ম্মাসক্তিৰে আবদ্ধ কৰে |

তমস্ত্বজ্ঞানজং ৱিদ্ধি মোহনং সৰ্ব্বদেহিনাম |
প্ৰমাদালস্যনিদ্ৰাভিস্তন্নিৰধাতি ভাৰত || ৮

হে ভাৰত, তমোগুণ অজ্ঞানৰ পৰা উদ্ভৱ হয় | ই সকলো প্ৰাণীৰে মোহজনক | সেই তমোগুণ কৰ্ত্তব্য বিমুখতা, আলস্য, নিদ্ৰাৰ দ্বাৰা জীৱক আবদ্ধ কৰি ৰাখে |

সত্ত্বং সুখে সঞ্জয়তি ৰজ: কৰ্ম্মণি ভাৰত |
জ্ঞানমাবৃত্য তু তম: প্ৰমাদে সঞ্জয়ত্যুত || ৯

সত্ত্ব গুণে দেহীক সুখত নিমগ্ন ৰাখে, ৰজ গুণে বিভিন্ন কামনাৰে কৰ্ম্মত আসক্তি বঢ়ায় আৰু তমোগুণে বিবেকেক আচ্ছাদিত কৰি অৱসাদৰূপ প্ৰমাদগ্ৰস্ত কৰে |

ৰজস্তমশ্চাভিভুয় সত্ত্বং ভবতি ভাৰত |
ৰজ: সত্ত্বং তমশ্চৈৱ তম: সত্বং ৰজস্তথা || ১০

হে ভাৰত, সত্ত্ব গুণে ৰজো আৰু তমো গুণক, ৰজো গুণে সত্ত্ব আৰু তমোগুণক আৰু তমো গুণে সত্ত্ব আৰু ৰজোগুণক অভিভূত কৰি প্ৰবল হৈ উঠে |

সৰ্ব্বদ্বাৰেষু দেহেত্‍ স্মিন প্ৰকাশ উপজায়তে |
জ্ঞানং যদা তদা বিদ্যাদবিবৃদ্ধং সত্ত্বমিত্যুত || ১১

যেতিয়া এই দেহৰ সমুদায় ইন্দ্ৰিয়ত প্ৰকাশ স্বৰূপ জ্ঞান আবিৰ্ভুত হয় তেতিয়া সত্ত্ব গুণ বৃদ্ধি প্ৰাপ্ত হৈছে বুলি বুজিব লাগে |

লোভ: প্ৰবৃত্তিৰাৰম্ভ: কৰ্ম্মণামশম: স্পৃহা |
ৰজস্যেতানি জায়ন্তে বিবৃদ্ধে ভৰতৰ্ষভ || ১২

হে ভাৰতৰ্ষভ, ৰজোগুণ বৃদ্ধিপ্ৰাপ্ত হ’লে লোভ আদি নানা কৰ্ম্মৰ আৰম্ভ আৰু ভোগ ইচ্ছা উত্পভন্ন হয় |

অপ্ৰকাশোত্‍ প্ৰবৃত্তিশ্চ প্ৰমাদো মোহ এৱ চ |
তমস্যেতানি জায়ন্তে বিবৃদ্ধে কুৰুনন্দন || ১৩

হে কুৰুনন্দন, তমোগুণ বৰ্দ্ধিত হলে অবিবেক, কৰ্ত্তব্য কৰ্ম্মৰ প্ৰতি অবহেলা, প্ৰমাদ আৰু মোহ উত্প,ন্ন হয় |

যদা সত্ত্বে প্ৰবৃদ্ধে তু প্ৰলয়ং যাতি দেহভৃত্‍ |
তদোত্তমৱিদাং লোকানমলাম প্ৰতিপদ্যতে || ১৪

যেতিয়া সত্ত্বগুণৰ বৃদ্ধিপ্ৰাপ্ত সময়ত দেহাৰ মৃত্যু ঘটে, তেতিয়া সেইজনৰ তত্ত্বজ্ঞানীসমূহৰ নিৰ্ম্মল লোকসমূহ প্ৰাপ্ত হয় |

ৰজসি প্ৰলয়ং গত্বা কৰ্ম্মসঙ্গিষু জায়তে |
তথা প্ৰলীনস্তমসি মূঢ়যোনিষু জায়তে || ১৫

ৰজোগুণৰ বৃদ্ধিকালত মৃত্যু হ’লে কৰ্ম্মাসক্ত মনুষ্যলোকত জন্ম হয়, তেনেকৈয়ে তমোগুণৰ বৃদ্ধিকালত মৃত্যু হ’লে পশু আদি মূঢ় যোনিত জন্ম হয় |

কৰ্ম্মণ: সুকৃতস্যাহু: সাত্ত্বিকং নিৰ্ম্মলং ফলম |
ৰজসস্তু ফলং দু:খমজ্ঞানং তমস: ফলম || ১৬

জ্ঞানীসকলে কয় - সাত্ত্বিক কৰ্ম্মৰ ফল নিৰ্ম্মলতা (চিত্তশুদ্ধি), ৰাজসিক কৰ্ম্মৰ ফল দুখ আৰু তামসিক কৰ্ম্মৰ ফল অজ্ঞান |

সত্ত্বাত্‍ সঞ্জায়তে জ্ঞানং ৰজসো লোভ এৱ চ |
প্ৰমাদমোহৌ তমসো ভৱতোত্জ্ঞাতনমেৱ চ || ১৭

সত্ত্বগুণৰ পৰা জ্ঞান আৰু ৰজোগুণৰ পৰা লোভ উত্প ত্তি হয় | তমোগুণৰ পৰা প্ৰমাদ, মোহ আৰু অজ্ঞান উত্পঞন্ন হয় |

ঊৰ্দ্ধং গচ্ছন্তি সত্ত্বস্থা মধ্যে তিষ্ঠন্তি ৰাজসা: |
জঘন্যগুণবৃত্তস্থা অধো গচ্ছন্তি তামসা: || ১৮

সত্ত্বগুণৰ লোকসকল মৃত্যুৰ পাছত ঊৰ্ধ্বলোকলৈ যায়, ৰজোগুণীসকলে মনুষ্যাদি লোকত থাকে আৰু জঘণ্য গুণোদ্ভৱ নিদ্ৰা আলস্যাদিত প্ৰৱৰ্ত্তিত তামসিক লোকবোৰে অধোগামী হয় অৰ্থাত্‍ পশু আদি যোনিত জন্ম গ্ৰহণ কৰে |

নান্যং গুণেভ্য: কৰ্ত্তাৰং যদা দ্ৰষ্টাত্নুাপশ্যতি |
গুণেভ্যশ্চ পৰং বেত্তি মদ্ভাৱং সোত্‍ ধিগচ্ছতি || ১৯

যেতিয়া গুণবোৰৰ বাহিৰে অন্য কোনো কৰ্ত্তা যিজনে নেদেখে আৰু গুণবোৰৰো ওপৰত থকা (গুণ নিয়ন্তা) পৰম তত্ত্ব আত্মাক জানে, তেতিয়া সেইজনে ঈশ্বৰৰূপ প্ৰাপ্ত হয় |

গুণানেতাতীত্য ত্ৰীন দেহী দেহসমুদ্ভৱান |
জন্মমৃত্যুজৰাদু:খৈৰ্বিমুক্তোত্মৃ্তমশ্নুতে || ২০

দেহীয়ে দেহোত্পতত্তিৰ বীজস্বৰূপ এই তিনি গুণক অতিক্ৰম কৰিব পাৰিলে জন্ম, মৃত্যু আৰু জৰা জনিত দুখৰ পৰা মুক্ত হৈ অমৃতত্ত্ব লাভ কৰে |

অৰ্জ্জুন উৱাচ -

কৈৰ্লিঙ্গৈস্ত্ৰীন গুণানেতানতীতো ভৱতি প্ৰভো |
কিমাচাৰ: কথং চৈতাংস্ত্ৰীন গুণানতিৱৰ্ত্ততে || ২১

অৰ্জ্জুনে ক’লে - হে প্ৰভু, কোনবোৰ লক্ষণৰ দ্বাৰা এজন লোকে এই গুণত্ৰয় অতিক্ৰম কৰিছে বুলি বুজা যায়, তেওঁৰ আচৰণ কেনে আৰু কি কি উপায়ে তেওঁ এই তিনি গুণক অতিক্ৰম কৰে ?

শ্ৰীভগৱান উৱাচ -

প্ৰকাশঞ্চ প্ৰবৃত্তিঞ্চ মোহমেৱ চ পাণ্ডৱ |
ন দ্বেষ্টি সম্প্ৰবৃত্তানি ন নিবৃত্তানি কাঙ্ক্ষতি || ২২

শ্ৰীভগৱানে ক’লে - হে পাণ্ডৱ, সত্ত্বগুণৰ উদয়ত প্ৰকাশ, ৰজোগুণৰ উদয়ত কৰ্ম্মচেষ্টা আৰু তমোগুণৰ উদয়ত অজ্ঞানতা উপস্থিত হ’লে যি জনে ইয়াৰ কোনোটোকে দ্বেষ নকৰে আৰু সেইবোৰ নিবৃত্ত হ’লেও কোনোটোকে আগ্ৰহ নকৰে |

উদাসীনৱদাসীনো গুণৈৰ্য্যো ন বিচাল্যতে |
গুণা ৱৰ্ত্তন্ত ইত্যেবং যোত্ৱিতিষ্ঠতি নেঙ্গতে || ২৩

যিজন নিৰপেক্ষৰ দৰে থাকে, গুণসমূহে যাক বিচলিত কৰিব নোৱাৰে, গুণবোৰেই সকলো কামতে ব্যাপৃত আছে বুলি বুজি লৈ যি নিজে স্থিৰ ভাৱে থাকে আৰু আত্মাস্বৰূপৰ পৰা বিচলিত নহয় |

সমদু:খসুখ: স্বস্থ: সমলোষ্টাশ্মকাঞ্চন: |
তুল্যপ্ৰিয়াপ্ৰিয়ো ধীৰস্তুল্যনিন্দাত্মসংস্তুতি: || ২৪

যি দুখ সুখত সমজ্ঞানী, আত্ম প্ৰতিষ্ঠা, মাটি, শিল আৰু সোণৰ প্ৰতি একে ভাবাপন্ন, প্ৰিয় আৰু অপ্ৰিয়ত সমবুদ্ধি, ধীৰ স্বভাৱ আৰু নিন্দা বা প্ৰশংসাত সমভাবাপন্ন |

মানাপমানয়োস্তুল্যস্তল্যো মিত্ৰাৰিপক্ষয়ো: |
সৰ্ব্বাৰম্ভপৰিত্যাগী গুণাতীত: স: উচ্যতে || ২৫

যিজনে মান, অপমানক সমান বুলি ভাবে, মিত্ৰপক্ষ আৰু শত্ৰুপক্ষক একে বিবেচনা কৰে, সকলো দৃষ্টাদৃষ্ট ফলজনক কৰ্ম্ম পৰিত্যাগ কৰে সেইজন গুণাতীত বুলি কথিত হয় |

মাঞ্চ যোত্ব্যদভিচাৰেণ ভক্তিযোগেন সেৱতে |
স গুণান সমতীত্যৈতান ব্ৰক্ষ্মভূয়ায় কল্পতে || ২৬

আৰু যিজনে একান্ত ভক্তি সহকাৰে মোক সেৱা কৰে তেওঁ এই গুণবোৰ অতিক্ৰম কৰি ব্ৰহ্ম স্বৰূপতা লাভৰ যোগ্য হয় |

ব্ৰক্ষ্মণো হি প্ৰতিষ্ঠাত্‍ হমমৃতস্যাবয়স্য চ |
শাশ্বতস্য চ ধৰ্ম্মস্য সুখস্যৈকান্তিকস্য চ || ২৭

যিহেতু মই অবিনাশী, পৰম ব্ৰহ্মৰ প্ৰতিষ্ঠান, সনাতন ধৰ্ম্ম আৰু ঐক্যকান্তিক সুখৰো ময়ে আশ্ৰয় |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুধ ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
গুণত্ৰয়বিভাগযোগো নাম চতুৰ্দ্দশোত্ধ্যা য়: ||