শ্ৰীমদ্ভগৱদগীতা/নবম অধ্যায় – ৰাজযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


শ্ৰীভগৱান উৱাচ -

ইদস্তু তে গুহ্যতমং প্ৰবক্ষ্যাম্যনসূয়বে |
জ্ঞানং বিজ্ঞানসহিতং যজজ্ঞাত্বা
মোক্ষ্যসেত্‍ শুভাত্‍ || ১

শ্ৰীভগৱানে ক’লে - হে অৰ্জ্জুন, তুমি দোষদৃষ্টি ৰহিত পুৰুষ | গতিকে মই তোমাক অতি গোপনীয় পৰমাৰ্থিক জ্ঞানৰ বিষয়ে কম, যি জ্ঞান লাভ কৰিলে সৰ্ব্ব অশুভৰ (সংসাৰ বন্ধনৰ) পৰা মুক্ত হব পাৰিবা |

ৰাজবিদ্যা ৰাজগুহ্যং পবিত্ৰমিদমুত্তমম |
প্ৰত্যক্ষাবগমং ধৰ্ম্ম্যং সুসুখং কৰ্ত্তুমব্যয়ম || ২

এই জ্ঞান সকলো বিদ্যাৰ শ্ৰেষ্ঠ আৰু সকলো ৰহস্যৰ সাৰ | ই উত্তম পৱিত্ৰ, ই প্ৰত্যক্ষ অনিভৱৰ বিষয় আৰু ধৰ্ম্মৰ প্ৰবৃত্তিজনক, ই অনাসায়সাধ্য আৰু ইয়াৰ ফল অবিনশ্বৰ |

অশ্ৰদ্দধানাং পুৰুষা ধৰ্ম্মস্যাস্য পৰন্তপ |
অপ্ৰাপ্য মাং নিবৰ্ত্তন্তে মৃত্যুসংসাৰবৰ্ত্মনি || ৩

হে পৰন্তপ, এই ধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস নথকা পুৰুষে পৰমাত্মা লাভ কৰিব নোৱাৰি মৰণ ধৰ্ম্মী সংসাৰলৈ প্ৰত্যাৱৰ্ত্তন কৰে |

যয়া ততমিদং সৰ্ব্বং জগদব্যক্তমূৰ্ত্তিনা |
মত্স্থািনি সৰ্ব্ববুতানি ন চাগং তেষৄবস্থিত: || ৪

অব্যক্ত ৰূপী মই সমস্ত চৰাচৰ বিশ্বত পৰিব্যাপ্ত হৈ আছো আৰু সমস্ত প্ৰাণী মোতে অৱস্থিত, মই কিন্তু সেই সমস্ত ভূত বৰ্গতে কেৱল থকা নাই | (অৰ্থাত্‍ জগতৰ বাহিৰেও মোৰ স্থিতি বিদ্যামান |)

ন চ মত্স্থাবনি ভুতানি পশ্য মে যোগমৈশ্বৰম |
ভুতভূন্ন চ ভূতস্থো মমাত্মা ভুতভাৱন: || ৫

মোৰ ঐশী শক্তি বুজিবলৈ চেষ্টা কৰা - মোৰ নিজ স্বৰূপত ভূতসমূহ নাই (অৰ্থাত্‍ সেইবোৰৰ বাহিৰেও মই বৰ্ত্তমান আছো) | তথাপিও মোৰ আত্মা ভূতসমূহৰ ধাৰক আৰু উত্পাাদক, অথচ সিহঁতক অৱলম্বন কৰি অৱস্থিতি নকৰে |

যথাকাশস্থিতো নিত্যং বায়ু: সৰ্ব্বত্ৰগো মহান |
তথা সৰ্ব্বাণি ভুতানি মত্স্থা নীত্যুপধাৰয় || ৬

যেনকৈ সৰ্ব্বদা সৰ্ব্বত্ৰগামী অতি বেগী বায়ু আকাশত অৱস্থিত, (কিন্তু আকাশ বায়ুত নথাকে), সেই উপমাৰে ভূতগ্ৰাম মোতে (অসঙ্গভাৱে) অৱস্থিত বুলি বুজিবা |

সৰ্ব্বভুতানি কৌন্তেয় প্ৰকৃতিং যান্তি মামিকাম |
কল্পক্ষয়ে পুনস্তানি কল্পাদৌ বিসৃজাম্যহম || ৭

হে অৰ্জ্জুন, কল্পৰ অন্তত সকলো প্ৰাণী মোৰ মায়া প্ৰকৃতিত লয় হয় আৰু কল্পৰ আৰম্ভত পুন: ময়ে সেইবোৰ সৃষ্টি কৰো |

প্ৰকৃতিং স্বামবষ্টভ্য বিসৄজামি পুন: পুন: |
ভূতগ্ৰামমিমং কৃত্স্ন মবশং প্ৰকৃতেৰ্বশাত্‍ || ৮

মই মোৰ স্বকীয় প্ৰকৃতিত অধিষ্ঠিত থাকি জন্ম-কৰ্ম্মাদি প্ৰকৃতিৰ সমস্ত অধীনতাত অবশ হৈ থকা এই সমস্ত প্ৰাণী জগতৰ পুন: পুন: সৃষ্টি কৰো |

ন চ মাং তানি কৰ্ম্মাণি নিবধ্নন্তি ধনঞ্জয় |
উদাসীনবদাসীনমসক্তং তেষু কৰ্ম্মসু || ৯

হে অৰ্জ্জুন, মই এই সকলোবোৰ কৰ্ম্মত অনাসক্ত আৰি উদাসীনৰ দৰে থকা মোক এই কৰ্ম্মসমূহে বন্ধন কৰিব নোৱাৰে |

ময়াধ্যক্ষেণ প্ৰকৃতি: সূয়তে সচৰাচৰম |
হেতুনানেন কৌন্তেয় জগদবিপৰিৱৰ্ত্ততে || ১০

হে অৰ্জ্জুন, মোৰ অধ্যক্ষতাত প্ৰকৃতিয়ে এই স্থাৱৰ জঙ্গমাত্মক জগত্‍ প্ৰসৱ কৰে | এই কাৰণেই জগতৰ পৰিবৰ্ত্তন হয় |

অৱজানন্তি মাং মুঢ়া মানুষীং তনুমাশ্ৰিতম |
পৰং ভাৱমজানন্তো মম ভুতমহেশ্বৰম || ১১

প্ৰাণীসমূহত পৰিব্যাপ্ত সৰ্ব্বপ্ৰকাৰ ঐশ্বৰ্য্যপূৰ্ণ মোৰ পৰম সত্বাৰ ৰোধত অসমৰ্থ অজ্ঞলোকে মনুষ্যমূৰ্ত্তিধাৰী মোক (সাধাৰণ জীৱ বুলি) অৱজ্ঞা কৰে |

মোধাশা মোঘ্কৰ্ম্মাণো মোঘজ্ঞানা বিচেতস: |
ৰাক্ষসীমাসুৰীঞ্চৈৱ প্ৰকৃতিং মোহিনীং শ্ৰিতাং || ১২

বিফল আশা, নিষ্ফল কৰ্ম্ম, আৰু নিষ্ফল শাস্ত্ৰজ্ঞানত হতবিবেক সেইসকল লোকে (মনুষ্যজ্ঞানে) মোক অবজ্ঞা কৰা সকল মোহকাৰী ৰাক্ষসী আৰু আসুৰী প্ৰকৃতিকে আশ্ৰয় কৰে |

মহাত্মানস্তু মাং পাৰ্থ দৈৱীং প্ৰকৃতিমাশ্ৰিতা: |
ভজন্ত্যনন্যমনসো জ্ঞাত্বা ভুতাদিমব্যয়ম || ১৩

কিন্তু হে পাৰ্থ, মহাত্মাসকলে দৈৱী প্ৰকৃতিক আশ্ৰয় কৰি মোকে সৰ্ব্বভূতৰ আদি কাৰণ আৰু অবিনশ্বৰ জানি একান্তচিত্তে ভজনা কৰে |

সততং কীৰ্ত্তয়ন্তো মাং যতস্তশ্চ দৃঢ়ব্ৰতা: |
নমস্যম্তশ্চ মাং ভক্ত্যা নিত্যযুক্তা উপসতে || ১৪

মহাত্মাসকলে নিৰন্তৰ মোৰ নাম কীৰ্ত্তন কৰি দৃঢ়ব্ৰতী হৈ (জ্ঞান লাভৰ কাৰণে) যত্নশীল হৈ আৰু ভক্তিৰে সৈতে সেৱা জনাই সৰ্ব্বদা যোগযুক্ত হৈ মোক আৰধনা কৰে |

জ্ঞানযজ্ঞেন চাপ্যন্যে যজন্তো মামুপাসতে |
একত্বেন পৃথকত্বন বহুধা বিশ্বতোমুখম || ১৫

জ্ঞান যজ্ঞৰে পূজা কৰি কোনোৱে মোক উপাসনা কৰে | সেই জ্ঞান এক অদ্বিতীয় ব্ৰাক্ষ্মবিষয়ক, বা ঈশ্বৰ বিষয়ক, বা বহুভাৱে অৱস্থিত সৰ্ব্বব্যাপক ভাৱ্না |

অহং ক্ৰুতৰহং যজ্ঞ স্বধাহহমহমৌষধম |
মন্ত্ৰোহহমহমেমৰাজ্যমহামগ্নিৰহং হুতম || ১৬

মই ত্ৰুতু (অগ্নিষ্টোম আদি বৈদিক যজ্ঞ), মই যজ্ঞ (স্বাৰ্ত্ত পঞ্চ মহাযজ্ঞাদি), মই স্বধা (পিত্ৰৰ্থ শ্ৰদ্ধাদি), মই ঔষধ (ঔষধী অন্ন আদি), মই মন্ত্ৰ, মই আৰ্য্য (ঘৃত আদি হবনীয় সামগ্ৰী), মই অগ্নি আৰু ময়ে হোম (অৰ্থাত্‍ দৃশ্য জগতত মোৰ বাহিৰে একো নাই) |

পিতাহহমস্য জগতো মাতা ধাতা পিতামহ: |
বেদ্যং পবিত্ৰমোঙ্কাৰ ঋক সাম যজুৰেৱ চ || ১৭

ময়ে এই জগতৰ পিতা, মাতা, পালনকৰ্ত্তা, সৃষ্টিকৰ্ত্তা, জ্ঞেয় বস্তু, পবিত্ৰ প্ৰণৱ আৰু ৠক, সাম, যৰ্জ্জুৰ্ব্বেদ |

গতিৰ্ভৰ্ত্তা প্ৰভু সাক্ষী নিবাস: শৰণং সুহৄত্‍ |
প্ৰভৱ: প্ৰলয়: স্নানং নিধানং বীজমব্যয়ম || ১৮

ময়ে সমস্ত জগতৰ গতি, স্বামী, ঈশ্বৰ, দ্ৰষ্টা, বাসস্থান, আশ্ৰয়স্থান, সুহৄদ, সৃষ্টিকৰ্ত্তা, প্ৰলয়কৰ্ত্তা, পালনকৰ্ত্তা, ভোগস্থান আৰু অবিনাশী বীজ |

তপাম্যহমহং বৰ্ষং নিগৃহ্নাম্যুত্সৃ জামি চ |
অমৃতঞ্চৈৱ মৃত্যুশ্চ সদাসচ্চাহমৰ্জ্জুন || ১৯

মই (সূৰ্য্যৰূপে) তাপ দান কৰো, পানী আকৰ্ষণ কৰি নি পুনৰ বৃষ্টি হিচাপে পৃথিৱীত পানীৰ যোগান দিওঁ | ময়ে জীৱৰ জীৱন আৰু ময়ে মৃত্যু | ময়ে সদ আৰু ময়ে অসদ |

ত্ৰৈবিদ্যা মাং সোমপা: পূতপাপা
যজ্ঞৈৰিষ্টা স্বৰ্গতিং প্ৰাৰ্থয়ন্তে |
তে পুণ্যমাসাদ্য সুৰেন্দ্ৰলোক
মশ্নন্তি দিব্যান দিবি দেৱভোগান || ২০

ত্ৰিবেদোক্ত কৰ্ম্মকাণ্ডৰ অনুষ্ঠানকাৰীসকলে যজ্ঞসমূহৰ দ্বাৰা মোক অৰ্চ্চনা কৰি, সোমপান কৰি পাপযুক্ত হৈ স্বৰ্গবাসী হ’বলৈ অভিলাষ কৰে | তেওঁলোকে পুণ্যজনক সুৰেন্দ্ৰলোক প্ৰাপ্ত হৈ স্বৰ্গত দিব্য দেৱভোগ্য বস্তু উপভোগ কৰে |

তে তং ভুক্তা স্বৰ্গলোকং বিশালং |
ক্ষীণে পুণ্যে মৰ্ত্ত্যলোকং বিশন্তি |
এবং ত্ৰয়ীধৰ্ম্মমনুপ্ৰপন্না
গতাগতং কামকামা লভন্তে || ২১

তেওঁলোকে অতিবিস্তৃত স্বৰ্গলোক ভোগ কৰি পুণ্যক্ষয় হলে আকৌ মৰ্ত্ত্যলোকলৈ ঘুৰি আহে | কাম্যফলাকাঙ্খী বেদোক্ত কৰ্ম্মানুষ্ঠানকাৰীয়ে এনেকৈয়ে সংসাৰলৈ গমনাগমন কৰি থাকিব লগা হয় |

অনন্যাশ্চিন্তয়ন্তো মাং যে জনা: পৰ্য্যুপাসতে |
তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম || ২২

যি সকলে মোক অভিন্ন ভাবত ধ্যানপৰায়ণ হৈ উপাসনা কৰে, সেই মোত নিত্যযুক্ত হৈ থকা সকলৰ সকলো অভাৱ পুৰণ কৰো আৰু যোগক্ষেম অৰ্থাত্‍ ভগৱত্‍ প্ৰাপ্তি উপায়ো ময়ে দিওঁ |

যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়াহন্বিতা |
তেহপি মামেৱ কৌন্তেয় যজন্ত্যবিধিপূৰ্ব্বকম || ২৩

হে অৰ্জ্জুন, যি সকলে শ্ৰদ্ধাযুক্ত হৈ অন্য দেৱতাক ভজে তেওঁলোকে অজ্ঞান পূৰ্ব্বক মোকেহে পূজে |

অহং হি সৰ্ব্বজ্ঞানাং ভোক্তা চ প্ৰভুৰেৱ চ |
ন তু মামভিজানন্তি তত্ত্বেনাতশ্চ্যৱন্তি তে || ২৪

ময়ে যে সকলো যজ্ঞৰ ভোক্তা আৰু ঈশ্বৰ তেওঁলোকে যথাৰ্থভাৱে মোক (এইদৰে) বুজিব নোৱাৰে | ফলত পৰম শ্ৰেয়োজনক পথৰ পৰা ভ্ৰষ্ট হয় |

যান্তি দেৱব্ৰতা দেৱান পিতৃন যান্তি পিতৃব্ৰতা: |
ভূতানি যান্তি ভূতেজ্যা
যান্তি মদযাজিনোহপি মাম || ২৫

দেৱতাক পূজকে দেৱলোক পায়, পিতৃ পূজকে পিতৃলোক পায়, ভূত পূজকে ভূতলোক পায়, আৰু মোৰ পূজকে মোক লাভ কৰে |

পত্ৰং পুষ্পং ফলং তোয়ং যো মে ভক্ত্যা প্ৰযচ্ছতি |
তদহং ভক্ত্যুপহৃতমশ্মামি প্ৰযতাত্মন: || ২৬

পত্ৰ, পুষ্প, ফল, জল, ভক্তি সহকাৰে মোক যি যিহকে দিয়ে সংযত চিত্তজনৰ সেই ভক্তিৰে অৰ্পিত দ্ৰব্য মই গ্ৰহণ কৰো |

যত্‍ কৰোষি শদশ্নাসি যজ্জুহোসি দদাসি যত্‍ |
যত্‍ তপস্যসি কৌন্তেয় ত‍ কুৰুস্ব মদৰ্পণম || ২৭

হে কৌন্তেয়, তুমি যি কৰা, যি উপভোগ কৰা, যি হোম কৰা, যি দান কৰা, যি তপস্যা কৰা - সেই সকলো মোত অৰ্পণ কৰা | (নিজক অকৰ্ত্তা জ্ঞান কৰি মোৰ নিয়োগ পালন কৰিছা বুলি বিশ্বাস কৰা |)

শুভাশুভফলৈৰেৱং মোক্ষ্যসে কৰ্ম্মবন্ধনৈ: |
সন্ন্যাসযোগযুক্তাত্মা বিমুক্তো মামুপৈষ্যসি || ২৮

এই দৰে দান কৰিলে অৰ্থাত্‍ সকলো কৰ্ম্মৰে ময়ে নিয়ন্তা বুলি কৰ্ম্ম কৰিলে তুমি কৰ্ম্মজনিত বন্ধনৰ কাৰণ সকলো শুভ আৰু অশুভ ফলৰ পৰা মুক্ত হবা | তেতিয়া কৰ্ম্মফল ত্যাগ স্বৰূপ যোগ মুক্ত হৈ মোক লাভ কৰিবা |

সমোহহং সৰ্ব্বভুতেষু ন মে দেষ্যোহস্তি ন প্ৰিয়: |
যে ভজন্তি তু মাং ভক্ত্যা মযি তে তেষু চাপ্যহম || ২৯

মই সৰ্ব্বভূততে সমদৰ্শী | মোৰ শত্ৰুও নাই, প্ৰিয়ও নাই | কিন্তু যি মোক ভক্তি ভাবে ভজনা কৰে তেওঁ মোতে অৱস্থান কৰে আৰু ময়ো তেওঁতে অৱস্থান কৰো |

অপি চেত্‍ সুদুৰাচাৰো ভজতে মামনন্যভাক |
সাধুৰেৱ স মন্তব্য: সম্যগ্ব্যৰসিতো হি স: || ৩০

অতি দুৰাচাৰজনেও যদি অনন্য মনে মোক ভজনা কৰে তথাপি তেওঁ সাধু বুলি পৰিগণিত হয় | যিহেতু "পৰমেশ্বৰৰ কৃপাত মোৰ মুক্তি সুনিশ্চিত" এনে নিশ্চয়াত্মিকা বুদ্ধি তেওঁৰ আছে |

ক্ষিপ্ৰং ভৱতি ধৰ্ম্মাত্মা শশ্বচ্ছান্তিং নিগচ্ছতি |
কৌন্তেয় প্ৰতিহানীহি ন মে ভক্ত: প্ৰণশ্যন্তি || ৩১

এনে মানুহো শীঘ্ৰে ধৰ্ম্মাত্মা হয় আৰু চিৰশান্তি লাভ কৰে | হে অৰ্জ্জুন, তুমি নিশ্চয় জানিবা মোৰ ভক্তৰ বিনাশ নাই |

মাং হি পাৰ্থ ব্যপাশ্ৰিত্য যেহপি
স্যু: পাপযোনয়: |
স্ত্ৰিয়ো বৈশ্যাস্তথা শূদ্ৰাস্তেহপি |
যান্তি পৰাং গতিম || ৩২

হে পাৰ্থ, যিসকল অতি নিকৃষ্ট চণ্ডাল আদি নিকৃষ্ট জাতি আৰু বৈশ্য, শূদ্ৰ, স্ত্ৰী আদিয়েও যদি মোৰ শৰণাগত হয়, সেই সকলেও পৰম গতি লাভ কৰে |

কিং পুনৰ্ব্ৰাক্ষ্মণা: পুণ্যা: ফক্তা ৰাজৰ্ষয়স্তথা |
অনিত্যমসুখং লোকমিমং প্ৰাপ্য ভজস্ব মাম || ৩৩

গতিকে পুণ্যাত্মা ব্ৰক্ষ্মণ আৰু ৰাজৰ্ষিসকলৰ যে পৰম গতি হবই তাত সন্দেহ কৰিবলগীয়া কি আছে ? এতেকে এই অনিত্য দু:খময় সংসাৰলৈ আহি নিত্য বস্তু মোক ভজনা কৰা |

মন্মনা ভৱ মদ্ভক্তো মদযাজী মাং নমস্কুৰু |
মামেবৈষ্যসি যুক্তৈৱমাত্মানং মত্পসৰায়ণ: || ৩৪

’তুমি’ মদগতচিত্ত হোৱা, মোৰ ভক্ত হোৱা, মোৰ অৰ্চ্চনাত নিযুক্ত থাকা, মোত আত্মসমৰ্পণ কৰা | এইদৰে নিজক মোত যুক্ত ৰাখি (মোতে একনিষ্ঠ হৈ) মোত শৰণাগত হলেই মোক লাভ কৰিবা |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুত ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
ৰাজবিদ্যা-ৰাজগুহ্যযোগো নাম নবমোত্ধ্যাৰয়: ||