শ্ৰীমদ্ভগৱদগীতা/দশম অধ্যায় – বিভূতিযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


শ্ৰীভগৱান উৱাচ -

ভুয় এৱ মহাবাহো শৃণু মে পৰমং বচ: |
যত্তেত্হংা প্ৰীয়মাণায় বক্ষামি হিতকাম্যয়া || ১

শ্ৰীভগৱানে ক’লে - হে মহাবাহু, তোমাৰ (মোৰ কথা শুনি) ভাল লাগিছে বাবে তোমাৰ মঙ্গল কামনাৰে মই যি কথা কম, সেই মোৰ সৰ্ব্বোত্কৃাষ্ট কথাবিলাক (মনোযোগেৰে) শুনা |

ন মে বিদু: সুৰগণা: প্ৰভৱং মহৰ্ষয়: |
অহমাদিৰ্হি দেৱানাং মহৰ্ষীণাঞ্চ সৰ্ব্বশ: || ২

ব্ৰক্ষ্মাদি দেৱতাসকলৰ আৰু মহৰ্ষিসকলেও মোৰ উত্পইত্তিৰ ৰহস্য অৱগত নহয়, কাৰণ মই দেৱতা আৰু মহৰ্ষিসকলৰো সৰ্ব্বপ্ৰকাৰে আদি (অৰ্থাত্‍ কাৰণ) |

যো মামজমনাদিঞ্চ বেত্তি লোকমহেশ্বৰম |
অসংমূঢ়: স মৰ্ত্তেষু সৰ্ব্বপাপৈ: প্ৰমচ্যুতে || ৩

যি জনে মোহ পৰবশ নহৈ মোক অনাদি, জন্মৰহিত আৰু সকলো পৰমেশ্বৰ বুলি বুজে, মৰ্ত্ত্যলোকত তেওঁ সকলো পাপৰ পৰা মুক্ত হয় |

বুদ্ধিৰ্জ্ঞানসন্মোহ: ক্ষমা সত্যং দম: শম: |
সুখং দুখং ভাবোত্ভােবো ভয়ঞ্চাভয়মেৱ || ৪
অহিংসা সমতা তুষ্টিস্তপো দানং যশোত্যঞশ: |
ভৱন্তি ভাৱা ভূতানাং মত্ত এৱ পৃথ গ বিধা: || ৫

বুদ্ধি, জ্ঞান, অসত্‍ মোহ, ক্ষমা, সত্য, দম, শম, সুখ, জন্ম, মৃত্যু, ভয়, অভয়, অহিংসা, সমতা, তুষ্টি, তাপ, দান, যশ, অযশ - প্ৰাণীজগতৰ এই বিভিন্ন ভাববোৰ মোৰ পৰাই উত্প ন্ন হয় |

মহৰ্ষয়: সপ্ত পূৰ্ব্বে চত্বাৰো মনৱস্তথা |
মদ্ভাৱা মানসা জাতা যেষাং লোক ইমা: প্ৰজা: || ৬

মদগত ভাবনা যুক্ত যি সাতজন (ভৄগু প্ৰভৄতি) মহৰ্ষি আৰু (সাবৰ্ণ বুলি প্ৰসিদ্ধ) যি চাৰিজন মনু তেওঁলোকে মোৰ মনৰ পৰাই উত্পৄন্ন হৈছিল, দৄশ্যজগতত স্থাৱৰ-জঙ্গমাত্মক সকলো জীৱই তেওঁলোকৰ প্ৰজা |

এতাং বিভূতিং যোগঞ্চ মম যো বেত্তি তত্বত: |
সোত্‍ বিকম্পেন যোগেন যুজ্যতে নাত্ৰ সংশয় || ৭

যি মোৰ এই বিভূতি আৰু সৰ্ব্বেশ্বৰ্য্য লক্ষণ যোগ আৰু তত্ত্ব বুজে তেওঁ অবিচলিত যোগ অৰ্থাত্‍ তত্ত্বজ্ঞানস্থৈৰ্য্য লাভ কৰে, তাত কোনো সন্দেহ নাই |

অহং সৰ্ব্বস্য প্ৰভৱো মত্ত: সৰ্ব্বং প্ৰৱৰ্ত্ততে |
ইতি মত্বা ভজন্তে মাং বুধা ভাৱসমম্বিতা: || ৮

ময়ে সমস্ত জগতৰ উত্পজত্তিৰ কাৰণ, মোৰ শক্তিৰ ক্ৰিয়াতে সমস্ত জগত ক্ৰিয়াশীল, এই বিবেচনাৰে মদগত ভাব যুক্ত হৈ তত্ত্বজ্ঞান সম্পন্নলোকে মোক ভক্তি কৰে |

মচ্চিত্তা মদগত প্ৰাণা বোধয়ন্ত: পৰস্পৰম |
কথয়ন্তশ্চ মাং নিত্যং তুষ্যন্তি চ ৰমন্তি চ || ৯

(সেই জ্ঞানীসকলে) মন আৰু প্ৰাণ মোতে সন্নিৱিষ্ট কৰি পৰস্পৰে মোৰ বিষয়ে উপদেশ প্ৰদান আৰু মোৰ গুণকীৰ্ত্তন কৰি সদায় সন্তুষ্ট আৰু আনন্দিত হৈ থাকে |

তেষাং সততযুক্তানাং ভজতাং প্ৰীতিপূৰ্ব্বকম |
দদামি বুদ্ধিযোগং তং যেন মামুপযান্তি তে || ১০

এইদৰে মোতে সদা সৰ্ব্বদা যুক্ত থাকি প্ৰীতিপূৰ্ব্বক মোকে ভজনা কৰা ভক্তসকলক মই সেই বুদ্ধি প্ৰদান কৰো যাৰ দ্বাৰা তেওঁলোকে মোকে লাভ কৰিব পাৰে |

তেষামেৱানুকম্পাৰ্থমহমজ্ঞানজং তম: |
নাশয়াম্যাত্মভাৱস্থো জ্ঞানদীপেন ভাৱ্বতা || ১১

সেই ভক্তসকলৰ প্ৰতি মই কৃপা কৰিয়েই তেওঁলোকৰ বুদ্ধিবৄত্তিত স্থিত হৈ উজ্জল জ্ঞান প্ৰদীপৰ দ্বাৰা অজ্ঞানৰ অন্ধকাৰ দূৰ কৰো |

অৰ্জ্জুন উৱাচ -

পৰং ব্ৰক্ষ্ম পৰং ধাম পৱিত্ৰং পৰমং ভৱান |
পুৰুষাং শাশ্বতং দিব্যবাদিদেৱমজং বিভূম || ১২
আহুস্ত্বামৃষয়: সৰ্ব্বে দেৱৰ্ষিৰ্নাৰদস্তথা |
অসিতো দেৱলো ব্যাস: স্বয়ঞ্চৈৱ ব্ৰবীষি মে || ১৩

অৰ্জ্জুনে ক’লে - (হে বাসুদেৱ) তুমি পৰম ব্ৰক্ষ্ম, পৰম আশ্ৰয়, পৰম পবিত্ৰ | দেৱৰ্ষি নাৰদ, অসিত, দেৱল, ব্যাস আদি সকলো ৠষি-মুনিসকলে তোমাক চিৰন্তন দিব্য পুৰুষ আৰু জন্মৰহিত সৰ্ব্বব্যাপক বুলি বৰ্ণনা কৰিছে আৰু তুমিও (সেইদৰেই) মোক কৈছা |

সৰ্ব্বমেতদৃতং মন্যে যম্মাং বদসি কেশৱ |
ন হি তে ভগৱন ব্যক্তিং বিদুৰ্দ্দেৱা ন দানৱা: || ১৪

হে কেশৱ, তুমি মোক যিবোৰ কথা কৈছা সেই সকলোবোৰ মই সত্য বুলি ভাবিছো | যিহেতু তোমাৰ আত্মপ্ৰকাশ দেৱতায়ো নুবুজে, দানৱেই নুবুজে |

স্বয়মেৱাত্মনাত্মানং বেত্থ ত্বং পুৰুষোত্তম |
ভূতভাৱন ভূতেশ দেৱদেৱ জগত্পততে || ১৫

হে পুৰুষোত্তম, হে ভূতভাবন, হে ভূতেশ, হে দেৱদেৱ, হে জগত্পমতি, তুমি নিজেহে নিজ প্ৰভাৱেৰে নিজক জানা | (আনে তোমাৰ তত্ত্ব জানিব নোৱাৰে |)

ৰক্তু মৰ্হস্যশেষেণ দিব্যা হ্যাত্মবিভূতয়: |
যাভিৰ্ব্বিভূতিৰ্ভিলোকানিমাংস্ত্বং ব্যাপ্য তিষ্ঠসি || ১৬

তুমি যিবোৰ বিভূতি অৱলম্বন কৰি এই চতুৰ্দ্দশ ভূবন ব্যাপ্ত হৈ আছা তোমাৰ সেইবোৰ অলৌকিক আত্মপ্ৰকাশৰ বিভূতি সম্পূৰ্ণৰূপে বৰ্ণনা কৰা |

কথং বিদ্যামহং যোগিংস্ত্বাং সদা পৰিছঃইন্তয়ন |
কেষু কেষুচ ভাৱেষু চিন্ত্যোত্‍ সি ভগৱন্ময়া || ১৭

হে যোগিন, কেনেকৈ সদায় চিন্তা কৰিলে মই তোমাক জানিব পাৰিম আৰু কি কি পদাৰ্থত মই তোমাক চিন্তা কৰা উচিত ?

বিস্তৰেণাত্মনো যোগং বিভূতিঞ্চ জনাৰ্দ্দন |
ভূয়: কথয় তৃপ্তিৰ্হি শৄণ্বতো নাস্তি মেত্মৃপতম || ১৮

হে জনাৰ্দ্দন, তোমাৰ যোগৈশ্বৰ্য্য আৰু বিভূতিবোৰৰ কথা বিস্তাৰিত ৰূপে তুমি মোক আকৌ কোৱা | তোমাৰ অমৃতময় কথা শুনি মোৰ হেপাঁহ পলোৱা নাই |

শ্ৰীভগৱান উৱাচ -

হন্ত তে প্কথয়িষ্যামি দিব্যা হ্যাত্মবিভূতয়: |
প্ৰাধান্যত: কুৰুশ্ৰেষ্ঠ নাস্ত্যস্তো বিস্তৰস্য মে || ১৯

ভগৱানে ক’লে - বাৰু হে কুৰুশ্ৰেষ্ঠ, মোৰ দিব্য আত্মবিভূতিবোৰৰ যিবোৰ প্ৰধান সেইবোৰৰ কথা মই তোমাক ক’ম | বিস্তৃতভাৱে ক’বলৈ মোৰ বিভূতিৰ অন্ত নাই |

অহমাত্মা গুড়াকেশ সৰ্ব্বভুতাশয়স্থিত: |
অহমাদিশ্চ মধ্যঞ্চ ভূতানামন্ত এৱ চ || ২০

হে গুৰাকেশ, মই সকলো প্ৰাণীৰ হৃদয়ত অৱস্থিত আত্মা | সকলো ভুতৰে আদি, মধ্য আৰু অন্ত ময়েই | অৰ্থাত্‍ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ ময়ে একমাত্ৰ কাৰণ |

আদিত্যানামহং বিষ্ণুৰ্জ্জ্যোতিষাং ৰবিৰংশুমান |
মৰীচিৰ্মৰুতামস্মি নক্ষত্ৰাণামহং শশী || ২১

দ্বাদশ আদিত্যৰ ভিতৰত মই কিৰণশালী সূৰ্য্য, মৰুত্সতকলৰ ভিতৰত মই মৰিচী, নক্ষত্ৰবোৰৰ ভিতৰত মই চন্দ্ৰ |

বেদানাং সামবেদোহন্মি দেৱানামস্মি বাসৱ: |
ইন্দ্ৰিয়াণাং মনশ্চাস্মি ভূতানামস্মি চেতনা || ২২

বেদৰ ভিতৰত মই সামবেদ, দেৱতাসকলৰ ভিতৰত মই ইন্দ্ৰ, ইন্দ্ৰিয়বোৰৰ ভিতৰত মই মন আৰু সকলো প্ৰাণীৰ মই চেতনা (বোধশক্তি) |

ৰুদ্ৰাণাং শঙ্কাৰশ্চাস্মি বিত্তেশো যক্ষৰক্ষসাম |
বসূনাং পাৱকশ্চাস্মি মেৰু: শিখাৰিণামগম || ২৩

একাদশ ৰুদ্ৰৰ ভিতৰত মই শঙ্কৰ, যক্ষ ৰাক্ষসৰ ভিতৰত মই কুবেৰ, অষ্টবসুৰ ভিতৰত মই অগ্নি আৰু পৰ্ব্বতসমূহৰ ভিতৰত মই সুমেৰু |

পুৰোধসাঞ্চ মুখ্যং মাং বিদ্ধি পাৰ্থ বৃহস্পতিম |
সেনানীনামহং স্কন্দ: সৰসামস্মি সাগৰ: || ২৪

পুৰোহিতসকলৰ ভিতৰত মোক দেৱগুৰু বৃহস্পতি বুলি জানিবা, সেনাপতিসকলৰ ভিতৰত মই দেৱ সেনাপতি কাৰ্ত্তিক, জলাশয়বোৰৰ ভিতৰত মই সাগৰ |

মহৰ্ষীণাং ভৄগুৰহং হিৰামস্ম্যেকমক্ষৰম |
যজ্ঞনাং জপষজ্ঞোত্‍ স্মি স্থাৱৰাণাং হিমালয়: || ২৫

মহৰ্ষিসকলৰ ভিতৰত মই ভৃগু, বাক্যৰ ভিতৰত মই একাক্ষৰ ওঙ্কাৰ, যজ্ঞৰ ভিতৰত মই জপ-যজ্ঞ, স্থাৱৰৰ ভিতৰত মই হিমালয় পৰ্ব্বত |

অশ্বত্থ: সৰ্ব্ববৃক্ষাণাং দেৱৰ্ষীণাঞ্চ নাৰদ: |
গন্ধৰ্ব্বণাং চিত্ৰৰথ: সিদ্ধানাং কপিলো মুনি: || ২৬

সকলো বৃক্ষৰ ভিতৰত মই অশ্বত্থ (আঁহত গছ), মই দেৱৰ্ষিসকলৰ ভিতৰত নাৰদ, গন্ধৰ্বসকলৰ ভিতৰত চিত্ৰৰথ, সিদ্ধসকলৰ ভিতৰত কপিল মুনি |

উচ্চে:শ্ৰৱসমশ্বানাং বিদ্ধি মামমৃতোদ্ভবম |
ঐৰাৱতং গজেন্দ্ৰাণাং নৰাণাঞ্চ নৰাধিপম || ২৭

অশ্ববোৰৰ ভিতৰত মই সমূদ্ৰ মন্থনত উদ্ভুত উচ্চৈশ্ৰৱা, হাতীৰ ভিতৰত মই ঐৰাৱত আৰু নৰ (মানুহ) সমজাত মোক ৰজা জানিবা |

আয়ুধানামহং বজ্ৰং ধেনূনামস্মি কামধুক |
প্ৰজানশ্চাস্মি কন্দৰ্প: সৰ্পাণামস্মি বাসুকি: || ২৮

অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত মই বজ্ৰ, গাইসকলৰ ভিতৰত মই কামধেনু, মই প্ৰজাসৃষ্টিৰ কাৰণ স্বৰূপ কামদেৱ আৰু সৰ্পৰ ভিতৰত মই বাসুকি |

অনন্তশ্চাস্মি নাহানাং বৰুণো যাদসামহম |
পিতৄণামৰ্য্য্মা চাস্মি যম: সংযমতামহম || ২৯

নাগ গণৰ মাজত মই অনন্ত, জলচৰসকলৰ ভিতৰত মই বৰুণ, পিতৃগণৰ মধ্যত মই অৰ্য্যমা আৰু শাসনকৰ্ত্তাসকলৰ ভিতৰত মই যম |

প্ৰহলাদশ্চাস্মি দৈত্যানাং কাল: কলয়তামহম |
মৄহাণাঞ্চ মৄগেন্দ্ৰোত্হংং বৈনতেয়শ্চ পক্ষিণাম || ৩০

মই দৈত্যগণৰ মধ্যত প্ৰহলাদ, গণনাকাৰীৰ মধ্যত কাল, পশুঅৰ ভিতৰত সিংহ আৰু পক্ষীৰ ভিতৰত গৰুড় |

পৱন পৱতামস্মি ৰাম: শস্ত্ৰভৄতামহম |
ঝষাণাং মকৰশ্চাস্মি স্ৰোতসামস্মি জাহ্নবী || ৩১

মই বেগশালীসকলৰ ভিতৰত পবন, শাস্ত্ৰধাৰীসকলৰ ভিতৰত ৰাম, জলচৰ প্ৰাণীৰ ভিতৰত মকৰ (মগৰ) আৰু নদীৰ ভিতৰত মই গঙ্গা |

সৰ্গাণামাদিৰন্তশ্চ মধ্যং চৈৱাহমৰ্জ্জুন |
অধ্যাত্মবিদ্যা বিদ্যানাং বাদ: প্ৰৱদতামহম || ৩২

অৰ্জ্জুন, ময়ে সৃষ্টিৰ আদি, মধ্য আৰু অন্ত, বিদ্যাৰ ভিতৰত মই আধ্যাত্মবিদ্যা আৰু বাদীসকলৰ ভিতৰত তৰ্কশাস্ত্ৰসন্মত ’বাদ’ |

অক্ষৰাণামকাৰোত্‍ স্মি দ্বন্দ্ব: সামাসিকস্য চ |
অহমেৱাক্ষয়: কালো ধাতাত্হং্ বিশ্বতোমুখ: || ৩৩

বৰ্ণমালাৰ ভিতৰত মই ’অ’ বৰ্ণ, সমাসৰ ভিতৰত দ্বন্দ্ব সমাস, ময়ে অক্ষয় কাল, মই সমদৰ্শী বিধাতা (কৰ্ম্মফল দাতা) |

মৃত্যু: সৰ্ব্বহৰশ্চাহমুদ্ভৱশ্চ ভবিষ্যতাম |
কীৰ্ত্তি: শ্ৰীৰ্বাক চ নাৰীণাং স্মৄতিৰ্ম্মেধা ধৄতি: ক্ষমা || ৩৪

মই সৰ্ব্বসংহাৰক মৃত্যু, ভবিষ্যতৰ সকলো পদাৰ্থৰ উত্পমত্তিৰ স্থলো মই আৰু নাৰীসকলৰ কীৰ্ত্তি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা ময়েই |

বৄহত্সাতম তথা সাম্নাং গায়ত্ৰীচ্ছন্দসামহম |
মাসানাং মাৰ্গশীৰ্ষোত্হংমৄতুনাং কুসুমাকৰ: || ৩৫

মই সাম গানসমূহৰ ভিতৰত প্ৰধান বৃহত্‍ সাম, ছন্দসমূহৰ ভিতৰত গায়ত্ৰী, মাহৰ ভিতৰত আঘোণ মাহ আৰু ঋতুৰ ভিতৰত বসন্ত |

দ্যুতং ছলয়তাসস্মি তেজেস্তেজস্বিনামহম |
জয়োত্‍ স্মি ব্যৱসায়োত্‍ স্মি সত্বং সত্ত্বৱতামহম || ৩৬

মই ছলনাকাৰীসকলৰ পাশাখেলা, তেজস্বীসকলৰ তেজ, বিজয়ীসকলৰ বিজয়, উদ্যমীসকলৰ অধ্যৱসায় বা উদ্যম আৰু সত্পু্ৰুষসকলৰ সত্ত্বগুণ |

বৄষ্ণীনাং বাসুদেৱোত্‍ স্মি পাণ্ডৱানাং ধনঞ্জয়: |
মুনীনামপ্যহং ব্যাস: কৱীনামুশনা: কৱি: || ৩৭

মই বৃষ্ণি বংশৰ ভিতৰত বাসুদেৱ, পাণ্ডৱসকলৰ ভিতৰত অৰ্জ্জুন, মুনিসকলৰ ভিতৰত ব্যাস, কবিৰ ভিতৰত শুক্ৰাচাৰ্য্য |

দণ্ডো দময়তামস্মি নীতিৰস্মি জিগীষতাম |
মৌনং চৈৱাস্মি গুহ্যানাং জ্ঞানং জ্ঞানৱতামগম || ৩৮

মই দমনকাৰীসকলৰ দণ্ড, জয়াভিলাষী পুৰুষৰ নীতি, গোপনীয় বিষয়ত নীৰৱতা আৰু জ্ঞানীসকলৰ জ্ঞান |

যচ্চাপি সৰ্ব্বভূতানাং বীজং তদহৰ্জ্জুন |
ন তদস্তি বিনা যত্‍ স্যান্মায়া ভূতং চৰাচৰম || ৩৯

হে অৰ্জ্জুন, সকলো প্ৰাণীৰে যি উত্পাত্তি কাৰণ সি মই, য’ত মই নাই এনে চৰ বা অচৰ বস্তু অৰ্থাত্‍ স্থাৱৰ বা জঙ্গম একোৱই নাই |

নাম্তোত্‍ স্তি মম দিব্যানাং বিভূতিনাং পৰন্তপ |
এষ তুদ্দেশত: প্ৰোক্তো বিধূতেৰ্ব্বিস্ত্ৰো ময়া || ৪০

হে শত্ৰুৰ সন্তাপ দায়ক, মোৰ অলৌকিক বিভূতি সমূহৰ অন্ত নাই | মোৰ এই বিভূতিৰ বিস্তাৰৰ মই সংক্ষেপেহে বৰ্ণনা দিলো |

যদযদ্বিভূতিমত্‍ সত্ত্বং শ্ৰীমদুৰ্জ্জিতমেৱ ৱা |
তত্তদেৱাবগচ্ছ ত্বং মম তেজোত্ংতশসম্ভৱম || ৪১

যি যি বস্তু ঐশ্বৰ্য্যসম্পন্ন, শ্ৰীমন্ত, তেজস্বী আৰু প্ৰভাৱসম্পন্ন, সেই বস্তুকেই মোৰ তেজোময় অংশৰ পৰা উত্পযন্ন বুলি বুজিবা |

অথবা বহুনৈতেন কিং জ্ঞাতেন তবাৰ্জ্জুন |
বিষ্টভ্যাগমিদং কৄত্স্নতমেকাংশেন স্থিতো জগত্‍ || ৪২

অথবা হে অৰ্জ্জুন, এই বহুপ্ৰকাৰে জনাৰ পৰানো তোমাৰ কি লাভ ? (এইখিনি জানিলেই যথেষ্ট হব যে) মই নিজৰ একাংশ মাত্ৰ্ৰৰ দ্বাৰা এই সমূদায় বিশ্বব্যাপী বিদ্যামান আছো |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুয় ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
বিভূতিযোগো নাম দশমোত্ধ্যাৰয়: ||