সমললৈ যাওক

শ্ৰীমদ্ভগৱদগীতা/দ্বিতীয় অধ্যায় – সাংখ্যযোগ

ৱিকিউৎসৰ পৰা

সঞ্জয় উৱাচ -

তং তথা কৄপয়াৱিষ্টমশ্ৰুপুৰ্ণাকুলেক্ষণম |
বিষীদন্তমিদং বাক্যমুৱাচ মধুসুদন: || ১

সঞ্জয়ে ক’লে - শোকাকুল হৈ চকুপানী টুকি থকা দয়াৰ্দ্ৰ হৄদয় অৰ্জ্জুনক ভগৱান শ্ৰীকৄষ্ণই ক’লে |

শ্ৰীভগৱান উৱাচ -

কুতস্ত্বা কশ্মলমিদং বিষমে সমুপস্থিতম |
অনাৰ্য্যজুষ্টমস্বৰ্গ্যমকীৰ্ত্তিকৰমৰ্জ্জুন || ২

ভগৱানে ক’লে - হে অৰ্জ্জুন, এনে বিষম সঙ্কট কালত এনে মুঢ়জনোচিত কথা স্বৰ্গ প্ৰাপ্তিৰ প্ৰতিবন্ধক আৰু কীৰ্ত্তিনাশক | তোমাৰ এনে মোহ কিয় হ’ল ?

ক্লৈৱ্যত্‍ মাস্ম গম: পাৰ্থ নৈতত্‍ ত্বয্যুপপদ্যন্তে |
ক্ষুদ্ৰং হৄদয়দৌৰ্ব্বল্যং ত্যক্ত্বোত্তিষ্ঠ পৰস্তপ || ৩

হে পাৰ্থ, পুৰুষৰ পুৰুষাৰ্থ ত্যাগেই ক্লীৱত্ব | ক্লীৱত্ব তোমাত শোভা নাপায় | হৄদয়ৰ ক্ষুদ্ৰ দুৰ্ব্বলতা পৰিহাৰ কৰি যুদ্ধ কৰিবলৈ সাজু হোৱা |

অৰ্জ্জুন উবাচ -

কথং ভীষ্মমহং সংখ্যে দ্ৰোণঞ্চ মধুসুদন |
ইষুভি: প্ৰতিষোত্‍স্যামি পূজাৰ্হাৱৰিসুদন || ৪

অৰ্জ্জুনে ক’লে - হে মধুসুদন, এই যুদ্ধত পূজনীয় গুৰুজন ভীষ্ম-দ্ৰোণৰ লগত ধনু-শৰ লৈনো কোন সতে যুদ্ধ কৰো ?

গুৰুনহত্বা হি মহানুভাৱান
শ্ৰেয়ো ভোক্তুং ভৈক্ষ্যমপীহলোকে |
হত্বাৰ্থকামাংস্তু গুৰূনিহৈৱ
ভুঞ্জঈয় ভোগান ৰুধিৰপ্ৰাদিগ্ধান || ৫

হে মহানুভৱ, গুৰুজনক বধ কৰি ৰাজ্য ভোগ কৰাতকৈ ভিক্ষা কৰি খোৱাও ভাল | গুৰুজনক বধ কৰি যি ধন-সম্পত্তি লাভ হ’ব তাৰে যি অন্ন খাম সি ৰুধিৰাক্ত অন্নহে হ’ব | (অৰ্থাত্‍ গুৰুজনৰ তেজ খোৱা তুল্য হ’ব |)

ন চৈতদ্বিদ্ম: কতৰন্নো গৰীয়ো
যদ বা জায়েম যদি বা নো জয়েয়ু: |
যানেৱ হত্বা ন জিজীৱিষাম
স্তেত্‍ৱস্থিতা: প্ৰমুখে ধাৰ্ত্তৰাষ্ট্ৰা: || ৬

জয়-পৰাজয় আমাৰ কাৰণে কোনটো ভাল হ’ব মই বুজিব পৰা নাই, কাৰণ যিসকলক বধ কৰি আমাৰো জীয়াই থকাৰ প্ৰবৄত্তি নাই - সেই ধৄতৰাষ্ট্ৰৰ পুত্ৰসকল সন্মুখ যুদ্ধত উপস্থিত |

কাৰ্পণ্য্দোষোপহতস্বভাৱ:
পৄচ্ছামি ত্বাং ধৰ্ম্ম সত্‍মূঢ়চেতা: |
যচ্ছ্ৰেয়: স্যান্নিশ্চিতং ব্ৰৄহি তম্মে
শিষ্যস্তেত্‍হং শাধি মাং ত্বাং প্ৰপন্নম || ৭

কুলক্ষয় দোষ আৰু স্বজনৰ প্ৰতি মমতা - এই চিন্তাত মোৰ হিতাহিত জ্ঞান লোপ পাইছে | মই ক্ষত্ৰিয় ধৰ্ম্মৰ পৰা বিচলিত হৈছো | হে জনাৰ্দ্দন, মই তোমাৰ শিষ্য, শৰণাগত | মোক তুমি ধৰ্ম্ম কি, অধৰ্ম্ম কি ভালকৈ বুজাই দিয়া |

ন হি প্ৰপশ্যামি মমাপনুদ্যাদ
যচ্ছোকমুচ্ছোষণমিন্দ্ৰিয়াণাম |
অৱাপ্য ভূমাৱসপত্নমৄদ্ধং
ৰাজ্যং সুৰাণামপি চাধিপত্যাম || ৮

মই সসাগৰা পৄথিৱীৰ একচ্ছত্ৰী ৰজা হলেও, আনকি স্বৰ্গৰ ইন্দ্ৰত্ব প্ৰাপ্ত হলেও যে মোৰ শোক দূৰ হ’ব মই তাৰ আশা দেখা নাই |

সঞ্জয় উৱাচ -

এৱমুক্ত্বা হৄষীকেশং গুড়াকেশ: পৰম্তপ: |
ন যোত্‍স্য ইতি গোবিন্দমুক্ত্বা তুষ্ণীং বভুব হ || ৯

সঞ্জয়ে ক’লে - শত্ৰুহন্তা জিতেন্দ্ৰীয় অৰ্জ্জুনে হৄষীকেশ গোবিন্দক "মই যুদ্ধ নকৰো" বুলি মনৰ ভাব জনাই মৌন হৈ ৰ’ল |

তমুৱাচ হৄষীকেশ: প্ৰহসন্নিৱ ভাৰত |
সেনয়োৰুভয়োৰ্ম্মধ্যে বিষীদন্তনিদাং ৱচ: || ১০

হে ভৰত সন্তান (ধৄতৰাষ্ট্ৰ), উভয় সেনাদলৰ মাজত শোক-মোহাচ্ছন্ন হৈ বহি থকা অৰ্জ্জুনক সৰ্ব্বনিয়ন্তা ভগৱান শ্ৰীকৃষ্ণৈ হাঁহি মুখেৰে এইদৰে বুজনি দিবলৈ ধৰিলে |

শ্ৰীভগৱান উৱাচ -

অশোচ্যানম্বশোচস্ত্বং প্ৰজ্ঞাবাদাংশ্চ ভাষসে |
গতাসূনগতাসূংশ্চ নানুশোচন্তি পণ্ডিতা: || ১১

তুমি শোক কৰিব নলগাসকলৰ কাৰণে শোক কৰিছা, ইফালে পাণ্ডিত্যপূৰ্ণ কথাও কৈছা | পণ্ডিতসকলে জীৱিত বা মৄত কাৰো কাৰণে শোক নকৰে |

ন ত্বেৱাহং জাতু নাসং, ন ত্বং নেমে জনাধিপা: |
ন চৈৱ ন ভবিষ্যাম: সৰ্ব্বে বয়মত:পৰম || ১২

তুমি মই এই ৰাজন্যবৰ্গ আগেয়ে যে জন্ম গ্ৰহণ কৰা নাছিলোহঁক বা মৃত্যুৰ পাছত আকৌ জন্ম নলমহঁক সেই কথা মিছা |(অৰ্থাত্‍ সকলো জীৱৰ জীৱন-প্ৰবাহ চলিয়েই থাকে )

দেহিনোত্‍স্মিন যথা দেহে কৌমাৰং যৌৱনং জবা |
তথা দেহান্ত প্ৰাপ্তিৰ্ধীৰস্তত্ৰ ন মুহ্যতি || ১৩

দেহৰ যেনেকৈ লৰাকাল, যৌৱন, জৰা একোটা অৱস্থা, দেহান্তৰো আন এটা অৱস্থাহে মাথোন | জ্ঞানীলোকে তাৰ কাৰণে শোক নকৰে |

মাত্ৰাস্পৰ্শাস্তু কৌন্তেয় শীতোষ্ণসুখদু:খদা |
আগমাপায়িনোত্‍ নিত্যাস্তাংস্তিতিক্ষস্ব ভাৰত || ১৪

হে কুন্তীনন্দন, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ আদি বাহ্য বিষয়ৰ লগত ইন্দ্ৰিয় বৄত্তিৰ যেনেকৈ সংযোগ ঘটে তেনেকৈ শীত-তাপ, সুখ-দুখ আদিও ইন্দ্ৰিয়ৰ অনুভুতি মাত্ৰ, ইন্দ্ৰিয়ৰ ধৰ্ম্ম নহয় | ই অনিত্য | এই কাৰণে হৰ্ষ-বিষাদ আদি কোনো অৱস্থাতে উদিগ্ন হব নালাগে | সকলো অৱস্থাতে অচল-অটল হ’বলৈ অভ্যাস কৰাহে উচিত |

যং হি ন ব্যথয়ন্ত্যেতে পুৰুষং পুৰুষৰ্ষভ |
সমদু:খসুখং ধীৰং সোত্‍মৄতত্বায় কল্পতে || ১৫

হে পুৰুষ শ্ৰেষ্ঠ অৰ্জ্জুন, সুখ-দুখ সমজ্ঞান বিশিষ্ঠ ধীৰ-স্থিৰ পুৰুষক একোৱে তলাব নোৱাৰে | যিজনে সকলো অৱস্থাতে সমভাব ৰাখিব পাৰে তেওঁহে মোক্ষ লাভৰ অধিকাৰী হয় |

নাসতো বিদ্যতে ভাবো নাভাবো বিদ্যতে সত: |
ঊভয়োৰপি দৄষ্টোত্‍ ন্তস্ত্বনয়োস্তত্ত্বদৰ্শিভি: || ১৬

অসত্‍, অৰ্থাত্‍ অনিত্য বস্তু সদায় বিনাশশীল | সত্‍, অৰ্থাত্‍ নিত্য বস্তু বিনাশপ্ৰাপ্ত নহয় | তত্বদৰ্শীসকলে এই সত্‍ আৰু অসতৰ তত্ব উপলব্ধি কৰে |

অবিনাশি তু তদ্ধিদ্ধি যেন সৰ্ব্বমিদং ততম |
বিনাশমব্যয়স্যাস্য ন কশ্চিত্‍ কৰ্ত্তুমৰ্হতি || ১৭

যাৰ দ্বাৰা দেহাদি সমস্ত জগত পৰিব্যাপ্ত - সেই আত্মাক অবিনাশী বুলি জানিবা | সেই আত্মা অক্ষয় - কোনোৱেই ইয়াৰ বিনাশ ঘটাব নোৱাৰে |

অন্তৱন্ত ইমে দেহা নিত্যস্যোক্তা: শৰীৰিণ: |
অনাশিনোত্‍ প্ৰমেয়স্য তস্মাদ যুদ্ধ্যস্ব ভাৰত || ১৮

শৰীৰধাৰী আত্মা নিত্য, অৰ্থাত্‍ অবিনাশী, কিন্তু দেহ অনিত্য, বিনাশশীল | গতিকে হে অৰ্জ্জুন, তুমি উঠা, যুদ্ধত প্ৰবৃত্ত হোৱা |

য এনং বেত্তি হন্তাৰং যশ্চৈনং মন্যতে হতম |
উভৌ তৌ ন বিজানীতো নায়াং হন্তি ন হন্যতে || ১৯

যি ভাবে যে এই আত্মাই বধ কৰিছে বা এই আত্মাক বধ কৰা হৈছে - এই দুয়োটা কথা অসত্য | আত্মাৰ স্বৰূপ যি নাজানে সিহে এনে কথা কয় |

ন জায়তে ম্ৰিয়তে বা কদাচিত্‍
নায়াং ভূত্বা ভৱিতা ৱা ন ভূয়: |
অজো নিত্য: শাশ্বতোত্‍য়ং পুৰাণো
ন হন্যতে হন্যমানে শৰীৰে || ২০

আত্মাৰ জন্মও নাই মৃত্যুও নাই | ই অজ (অৰ্থাত্‍ জন্ম ৰহিত), নিত্য (অৰ্থাত্‍ সকলোকালতে একে), শাশ্বত (অৰ্থাত্‍ চিৰস্থায়ী), পুৰাণ (অৰ্থাত্‍ কোনোকালেই ৰূপান্তৰ গ্ৰহণ নকৰে) | দেহ নাশ হলেও আত্মা নাশ নহয় |

বেদাবিনাশিনং নিত্যাং য এনমজমব্যয়ম |
কথং স পুৰুষ: পাৰ্থ কং ঘাতয়তি হস্তিকম || ২১

হে অৰ্জ্জুন, যি জনে আত্মাক অবিনাশী, নিত্য, অজ, অব্যয় বুলি জানে তেওঁ কাক বধ কৰিব বা কৰাব |

বাসাংসি জীৰ্ণানি যথা বিহায়
নৱানি গৄহাতি নৰোত্‍ পৰাণি |
তথা শৰীৰাণি বিহায় জীৰ্ণা
নন্যানি সংযাতি নৱানি দেহী || ২২

মানুহে যেনেকৈ জৰাজীৰ্ণ কাপোৰ ত্যাগ কৰি নতুন কাপোৰ লয়, আত্মায়ো সেইদৰে জৰাগ্ৰস্ত দেহ এৰি নতুন দেহত আশ্ৰয় গ্ৰহণ কৰে |

নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱক: |
ন চৈনং ক্লেদয়ন্ত্যাপো ন শোষয়তি মাৰুত: || ২৩

এই আত্মাক কোনো অশ্ত্ৰ-শস্ত্ৰয়ো নাকাটে (অচ্ছেদ্য), অগ্নিয়েও দাহ নকৰে, পানীয়েও তিয়াব নোৱাৰে, বায়ুয়েও শুকোৱাব নোৱাৰে |

অচ্ছেদ্যোত্‍ য়মদাহ্যোত্‍ য়মক্লেদ্যোত্‍ শোষ্য এৱ চ |
নিত্য: সৰ্ব্বগত: স্থাণুৰচলোত্‍য়ং সনাতন: || ২৪

এই আত্মা অচ্ছেদ্য, অদাহ্য, অশোষ্য, ই নিত্য সৰ্ব্বব্যাপী, স্থাণু (স্থিৰ স্বভাবৰ), অধিকাৰী আৰু অনাদি |

অব্যক্তোত্‍ য়মচিন্ত্যোত্‍ য়মবিকাৰ্যোত্‍ য়মচ্য্তে |
তস্মাদেৱং বিদ্বিত্বৈনং নানুশোচিতুমৰ্হসি || ২৫

ই অব্যক্ত, অচিন্ত্যনীয় আৰু বিকাৰশূন্য বুলি কথিত | সেই কাৰণে আত্মাৰ স্বৰূপ এইদৰে বুজি তোমাৰ শোক কৰা উচিত নহয় |

অথ চৈনং নিত্যজাতং নিত্যং বা মন্যসে মৄতম |
তথাপিত্বং মহাবাহো নৈনং শোচিতুমৰ্হসি || ২৬

হে বীৰশ্ৰেষ্ঠ, তুমি যদি আত্মাক নিত্যজাত (দেহৰ উত্‍পত্তিৰ লগতে ইয়াৰো উত্‍পত্তি) আৰু নিত্যমৃত (দেহ নাশ হলে তাৰ লগতে নাশ হয়) বুলি ভাবা তথাপি তাৰ কাৰণে শোক কৰা উচিত নহয় |

জাতস্য হি ধ্ৰুৱো মৃত্যুৰ্ধ্ৰুবং জন্ম মৃতস্য চ |
তস্মাদপৰিহাৰ্য্যেত্‍ ৰ্থে ন ত্বং শোচিতুমৰ্হ সি || ২৭

যাৰ জন্ম আছে তাৰ মৃত্যুও আছে ই ধুৰূপ | গতিকে যিটো অপৰিহাৰ্য্য তাৰ কাৰণে অনুশোচনা অনাৱশ্যক |

অব্যক্তাদীনি ভুতানি ব্যক্তমধ্যানি ভাৰত |
অব্যক্তনিধনান্যেৱ তত্ৰ কা পৰিদেৱনা || ২৮

জীৱৰ জন্মৰ আগৰ অৱস্থাও অজ্ঞাত, মৃত্যুৰ পাচৰ অৱস্থাও অজ্ঞাত, মাত্ৰ জন্মৰপৰা মৃত্যুলৈকেহে প্ৰকাশমান, গতিকে তাৰ কাৰণে শোক বা অনন্দৰ কাৰণ কি ?

আশ্চৰ্য্যৱত্‍ পশ্চ্যতি কশ্চিদেন
মাশ্চৰ্য্যৱদ বদতি তথৈৱ চান্য: |
আশ্চৰ্য্যবচ্চৈনমন্য: শৃণোতি
শ্ৰুত্বাপ্যেনং বেদ ন চৈদ কশিচত্‍ || ২৯

কোনোৱে এই আত্মাক আশ্চৰ্য্য বা বিস্ময়জনক বুলি ভাবে, কোনোৱে এই দৰেই বৰ্ণনা কৰে, কোনোৱে আত্মাৰ বিষয়ে বিস্ময়জনক বুলি শুনিছেহে, কিন্তু শুনিও ধাৰণা কৰিব পৰা নাই (অৰ্থাত্‍ আত্মা অব্যক্ত) |

দেহি নিত্যমৱধ্যোত্‍ য়ং দেহে সৰ্ব্বস্য ভাৰত |
তস্মাত্‍ সৰ্ব্বাণি ভূতানি ন ত্বং শোচিতুমৰ্হসি || ৩০

হে ভাৰত (অৰ্জ্জুন), শুনা ! দেহী বা আত্মা সকলো জীৱৰ দেহত অবধ্য ৰূপে বিৰাজমান | সেই কাৰণে জীৱৰ বাবে শোক কৰা উচিত নহয় |

স্বধৰ্ম্মমপি চাৱেক্ষ্য ন বিকম্পিতুমৰ্হসি |
ধৰ্ম্মাদ্ধি যুদ্ধাচ্ছ্ৰেয়োত্‍ন্যত্‍ ক্ষত্ৰিয়স্য ন বিদ্যাতে || ৩১

যদি তুমি স্বধৰ্ম্মৰ প্ৰতি লক্ষ্য কৰা তেতিয়াও তুমি বিচলিত হোৱাৰ কাৰণ নাই, কিয়নো ধৰ্ম্মযুদ্ধত প্ৰবৃত্ত হোৱাই ক্ষত্ৰিয়ৰ ধৰ্ম্ম | তাতকৈ শ্ৰষ্ঠ ধৰ্ম্ম ক্ষত্ৰিয়ৰ নাই |

যদৄচ্ছয়া চোপপন্নং স্বৰ্গদ্বাৰমপাবৄতম |
সুখিন: ক্ষত্ৰিয়া: পাৰ্থ লভন্তে যুদ্ধমীদৃশম || ৩২

চোৱা পাৰ্থ, অবাৰিত স্বৰ্গদ্বাৰ স্বৰূপ এই যুদ্ধ অযাচিতভাৱে আজি তোমাক সুযোগ দিছেহি | ভাগ্যবান ক্ষত্ৰিয়ৰ ভাগ্যতহে এনে সুযোগ ঘটে |

অথ চেত্‍ ত্বমিমং ধৰ্ম্ম্যং সংগ্ৰামং ন কৰিষ্যসি |
তত: স্বধৰ্ম্মং কীৰ্ত্তিঞ্চ হিত্বা পাপমৱাপ্স্যসি || ৩৩

সেই কাৰণে তুমি তোমাৰ ধৰ্ম্ম, অৰ্থাত্‍ কৰ্ত্তব্য ধৰি এই যুদ্ধত যদি এই যুদ্ধত প্ৰবৃত্ত নোহোৱা তেন্তে তোমাৰ ক্ষত্ৰিয় ধৰ্ম্ম পৰিত্যাগ আৰু অযশষ্কৰ কামৰ পাপত লিপ্ত হবা |

অকীৰ্ত্তিঞ্চাপি ভূতানি কথয়িষ্যন্তি তেইব্যয়াম |
সম্ভাৱিতস্য চাৰ্কীৰ্ত্তিৰ্স্মৰণাদিতিৰিচ্যতে || ৩৪

মানুহে চিৰকাল তোমাৰ অপযশ ৰটনা কৰিব | যশস্বীজনৰ অপযশ মৃত্যুতকৈয়ো অধিক |

ভয়াদ ৰণাদুপৰতং মংস্যন্তে ত্বাং মহাৰথা: |
ষেষাঞ্চ ত্বং বহুমতো ভূ ত্বা যাস্যসি লাঘৱম || ৩৫

মহাৰথীসকলে ভাবিব তুমি ভয়তহে যুদ্ধৰ পৰা নিবৃত্তি হ’লা আৰু যিসকলে তোমাক মহাবীৰ বুলি সন্মান কৰি আছিল সেইসকলৰ ওচৰতো লঘু হ’বা |

অৱাচ্যৱাদাংশ্চ বহূন বদিষ্যন্তি তৱাহিতা: |
নিন্দন্তস্তৱ সামৰ্থ্যং ততো দু:খতৰং নু কিম || ৩৬

তোমাৰ শত্ৰুপক্ষই তোমাক অসমৰ্থ বুলি বহুতো অবাচ্য কুত্‍-সিত কথা ৰটনা কৰিব, তাতকৈ দুখৰ কথা আৰু কি হব পাৰে ?

হতো বা প্ৰাপ্স্যসি স্বৰ্গং জিত্বা বা ভোক্ষ্যসে মহীম |
তস্মাদুত্তিষ্ঠ কৌন্তেয় যুদ্ধায় কৃতনিশ্চয়: || ৩৭

হয় সন্মুখ সমৰত মৃত্যু বৰণ কৰি স্বৰ্গ লাভ কৰা, নহয় জয়ী হৈ ৰাজ্য ভোগ কৰা | সেয়ে অৰ্জ্জুন উঠা, যুদ্ধ কৰিবলৈ কৃত সংকল্প হোৱা |

সুখদু:খে সমে কৃত্বা লাভালাভৌ জয়াজয়ৌ |
ততো যুদ্ধায় যুজ্যস্ব নৈৱং পাপমৱাপ্স্যসি || ৩৮

সুখ, দুখ, লাভ, লোকচান, জয়, পৰাজয় সকলো অৱস্থাতে সমভাৱ ৰাখি যুদ্ধৰ কাৰণে অৰ্থাত্‍ কৰ্তব্য বোধেৰে যুদ্ধত প্ৰবৃত্ত হোৱা | তেতিয়া তোমাক পাপে চুব নোৱাৰে |

এষা তেত্‍ ভিহিতা সাংখ্যে বুদ্ধিৰ্য্যোগে ত্বিমাং শৃণু |
বুদ্ধ্যা যুক্তে যয়া পাৰ্থ কৰ্ম্মবন্ধং প্ৰহাস্যসি || ৩৯

তোমাক সাংখ্যযোগ অৰ্থাত্‍ আত্মতত্ব বিষয়ক কথা কোৱা হ’ল | এতিয়া কৰ্ম্মযোগ বিষয়ক জ্ঞান লাভ কৰিলে কৰ্ম্মবন্ধনৰ (সংসাৰ বন্ধন) পৰা মুক্ত হব পাৰিবা |

নেহাভিক্ৰমনাশোত্‍ স্তি প্ৰত্যৱায়ো ন বিদ্যতে |
স্বল্পমপ্যস্য ধৰ্ম্মস্য ত্ৰায়তে মহতো ভয়াত্‍ || ৪০

নিষ্কাম কৰ্ম্মযোগ সাধনত প্ৰবৃত্ত হলে আৱদ্ধ কৰ্ম্ম বিফল নহয় আৰু অনিষ্ট প্ৰাপ্তিও নহয় | এই ধৰ্ম্মৰ সামান্য আচৰণতো মহত্‍ ভয়ৰ (কৰ্ম্মবন্ধন) পৰা ত্ৰাণ পোৱা যায় |

ব্যৱসায়াত্মিকা বুদ্ধিৰেকেহ কুৰুনন্দন |
বহুশাখা হ্যনন্তাশ্চ বুদ্ধয়োত্‍ ব্যৱসায়িনাম || ৪১

হে কুৰুনন্দন, নিষ্কাম কৰ্ম্মযোগত নিশ্চয়াত্মিকা বুদ্ধি মাত্ৰ একপ্ৰকাৰ অৰ্থাত্‍ ভগৱানৰ ওপৰত অবিচলিত বিশ্বাস হয়, ভগৱানৰ ওপৰত নিষ্ঠাৰ পৰা বাসনাৰ ক্ষয় হয় | ফলাকাঙ্ক্ষী বহু কামনাযুক্ত পুৰুষৰ বহু প্ৰকাৰ বাসনাৰ দ্বাৰা চিত্ত বিক্ষেপ ঘটে |

যামিমাং পুষ্পিতাং ৱাচং প্ৰৱদন্ত্যৱিপশ্চিত: |
ৱেদবাদৰতা: পাৰ্থ নান্য দস্তীতিৱাদিন: || ৪২
কামাত্মান: স্বৰ্গপৰা জন্মকৰ্ম্মফলপ্ৰদাম |
ক্ৰিয়া-বিশেষবহুলাং ভোগৈশ্চৰ্য্য্গতিং প্ৰতি || ৪৩
ভোগৈশ্চৰ্য্য প্ৰসক্তানাং তয়াংহৄতচেতসাম |
ব্যৱসায়াত্মিকা বুদ্ধি: সমাধৌ ন ৱিধীয়তে || ৪৪

বিচাৰ-বুদ্ধিহীন অজ্ঞানীজনে নানা কৰ্ম্মৰ নানা মনোহৰ ফলশ্ৰুতিত মুগ্ধজনে, এই ফলবোৰতকৈ একো বিশেষ প্ৰাপ্তব্য নাই বুলি ভবাজনে, কামনা কুলিত চিত্ত আৰু যি স্বৰ্গলাভেই যথেষ্ট বুলি ভাবে তেওঁলোকে জন্ম-কৰ্ম্ম ফলদায়ক ক্ৰিয়া বহুল নানা কৰ্ম্মৰ কথা কয় আৰু এইবোৰে সধাৰণ মানুহৰ মনো সহজে আকৄষ্ট কৰে | এইবোৰ শুনি যাৰ অন্তৰত ভোগ-ঐশ্চৰ্য্যৰ প্ৰতি আসক্তি জন্মে তেওঁৰ নিশ্চয়াত্মিকা বুদ্ধি নোপজে | তেওঁ সমাধি লাভৰ যোগ্য নহয় | (গীতাই স্বৰ্গলাভেই যথেষ্ট বুলি নাভাবে | কিয়নো ই স্থায়ী নহয় | ভোগ অন্ত হ’লেই পুনৰ জন্ম লব লাগিব | গীতাত মোক্ষলাভনিৰ্ব্বাণ মুক্তিৰ কথা কোৱা হৈছে |)

ত্ৰৈগুণ্যবিষয়া ৱেদা নিস্ত্ৰৈগুণ্যো ভৱাৰ্জ্জুন |
নিৰ্দ্বন্দ্বো নিত্যসত্ত্বস্থো নিৰ্য্যোগক্ষেম আত্মৱান || ৪৫

হে অৰ্জ্জুন, বেদসমূহ, সত্ব ৰজ: তম: এই ত্ৰিগুণাত্মক বিষয়ৰ প্ৰতিপাদক | কিন্তু তুমি গুণাতীত হোৱা | ত্ৰিগুণৰপৰা উদ্ভৱ হোৱা শীত, তাপ, সুখ, দুখ আদি ভাববোৰত সমভাবাপন্ন হোৱা | লাভালাভৰ প্ৰতি অনাসক্ত হোৱা | ব্ৰক্ষ্মনিষ্ঠ হোৱা |

যাৱানৰ্থ উদপানে সৰ্ব্বত: সংপ্লুতোদকে |
তাৱান সৰ্ব্বেষু ব্ৰাক্ষ্মণস্য বিজানত: || ৪৬

জল-প্লাৱনত যেনেকৈ ক্ষুদ্ৰ জলাশয় একো কামত নাহে, সেইদৰে ব্ৰক্ষ্মজ্ঞানীজনৰ বেদোক্ত কৰ্ম্ম আৰু তাৰ ফলৰ প্ৰয়োজন নকৰে | অৰ্থাত্‍ সীমাহীন মহাসমুদ্ৰস্বৰূপ ব্ৰক্ষ্মানন্দত বেদোক্ত ক্ৰিয়াকলাপসম্ভূত সীমাবদ্ধ ক্ষুদ্ৰানন্দসমূহ বিলীন হৈ যায় |

কৰ্ম্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন |
মা কৰ্ম্মফলহেতুৰ্ভূৰ্ম্মাতে সঙ্গোত্‍ স্ত্বকৰ্ম্মণি || ৪৭

এতেকে ফলাকাঙ্খী হৈ কোনো কামত প্ৰবৃত্ত নহবা আৰু কৰ্ম্ম পৰিত্যাগতো যেন তোমাৰ প্ৰবৃত্তি নহয় | অৰ্থাত্‍ অনাসক্তভাৱে ফলাফলৰ ভাৰ ভগৱানৰ ওপৰত অৰ্পণ কৰি কৰ্ম্ম কৰি যোৱা |

যোগস্থু: কুৰু কৰ্ম্মাণি সঙ্গং ত্যত্ত্বা ধনঞ্জয় |
সিদ্ধ্যসিদ্ধো: সমো ভুত্বা সমত্বং যোগ উচ্যতে || ৪৮

হে অৰ্জ্জুন, কৰ্তৄত্ব বুদ্ধি ত্যাগ কৰি ফলাকাঙ্খী নহৈ লাভালাভ উভয়তে সমবুদ্ধি কৰি কৰ্ম্ম কৰা | এনে সমবুদ্ধিক "যোগ" বোলে |

দূৰেণ হ্যৱৰং কৰ্ম্ম বুদ্ধিযোগাদ ধনঞ্জয় |
বুদ্ধৌ শৰণমন্বিচ্ছ কৃপণা: ফলহেতৱ: || ৪৯

হে ধনঞ্জয়, ফলাফলক সমবুদ্ধি হৈ ঈশ্বৰ প্ৰীতিৰ কাৰণে কৰা কৰ্ম্মতকৈ সকাম কৰ্ম্ম অত্যন্ত নিকৄষ্ট | তুমি নিষ্কাম ধৰ্ম্মত অৰ্থাত্‍ বুদ্ধিযোগত আশ্ৰয় লোৱা | ফলাকাঙ্খীসকল কৃপাৰ পাত্ৰ অৰ্থাত্‍ অতি হেয় |

বুদ্ধিযুক্তো জহাতীহ উভে সুকৄতদুষ্মৄঅতে |
তস্মাদ যোগায় যুজ্যস্ব যোগ: কৰ্ম্মসু কৌশলম || ৫০

বুদ্ধি-যোগনিষ্ঠ ঈশ্বৰ পৰায়্ণ পুৰুষে পাপ পুণ্য উভয়কে এই জন্মতে পৰিত্যাগ কৰি মুক্তি লভিব পাৰে | গতিকে তুমি কৰ্ম্মযোগত ব্ৰতী হোৱা | তেতিয়া তুমি কৰ্ম্ম কৰিও কৰ্ম্মত নিৰ্লিপ্ত হ’ব পাৰিবা | এইদৰে মোক্ষলাভ কৰা কৌশলেই "যোগ" |

কৰ্ম্মজং বুদ্ধিযুক্তা হি ফলং ত্যক্ত্বা মনীষিণ:
জন্মবন্ধবিৰ্মুক্তা: পদং গচ্ছন্ত্যনাময়ম || ৫১

জ্ঞানী পুৰুষে সমত্ব বুদ্ধিযুক্ত হৈ জন্মকৰ্ম্মৰূপ সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ পৰম অনায়াসে পৰমপদ লাভ কৰিব পাৰে |

যদা তে মোহকলিলং বুদ্ধিৰ্ব্যতিতৰিষ্যতি |
তদা গন্তাসি নিৰ্ব্বেদং শ্ৰোতব্যস্য শ্ৰুতস্য চ || ৫২

তোমাৰ বুদ্ধিয়ে যেতিয়া মায়া-মোহ অতিক্ৰম কৰিব তেতিয়া শ্ৰুতিমধুৰ কৰ্ম্মফল প্ৰদায়ক বেদোক্ত কৰ্ম্মবিলাকত আসক্তি শূণ্য হ’ব পাৰিবা |

শ্ৰুতিৱিপ্ৰতিপন্না তে যদা স্থাস্যতি নিশ্চলা |
সমাধাৱচলা বুদ্ধিস্তদা যোগমৱাপ্স্যসি || ৫৩

বেদৰ নানা কৰ্ম্মফলৰ কথা শুনি বিক্ষিপ্ত হোৱা তোমাৰ চিত্তই যেতিয়া পৰমেশ্বৰৰ বিষয়ে একাগ্ৰতা লাভ কৰিব তেতিয়াহে যোগাৱস্থা প্ৰাপ্ত হ’ব |

অৰ্জ্জুন উৱাচ -

স্থিতপ্ৰজ্ঞস্য কা ভাষা সমাধিস্থস্য কেশৱ |
স্থিতধী: কিং প্ৰভাষেত কিমাসীত ব্ৰজেত কিম || ৫৪

অৰ্জ্জুনে ক’লে - হে কৄষ্ণ, সমাধিস্থ স্থিতপ্ৰজ্ঞৰ লক্ষণ কি ? তেওঁ কেনেকৈ মনৰ ভাব প্ৰকাশ কৰে, কেনেকৈ সংসাৰত বিচৰণ কৰে ?

শ্ৰীভগৱান উৱাচ -

প্ৰজাহাতি যদা কামান সৰ্ব্বান পাৰ্থ মনোগতান |
আত্মন্যেৱাত্মনা তুষ্টং স্থিতপ্ৰজ্ঞস্তদোচ্যতে || ৫৫

ভগৱানে ক’লে - সকলো কামনা-বাসনা ত্যাগ কৰি ভগৱানত বুদ্ধি স্থিৰ হৈ আত্মতৃপ্ত হোৱা জনকে স্থিতপ্ৰজ্ঞ বোলে |

দু:খেষ্ববুদ্বিগ্নমনা: সুখেষু বিগতস্পৄহ: |
ৱীতৰাগভয়ক্ৰোধ: স্থিতধীৰ্মুনিৰুচ্যতে || ৫৬

দুখতো যাৰ মনত উদিগ্নতা নাই, সুখ-ভোগৰ কাৰণেও যাৰ স্পৃহা নাই, ভয়, ক্ৰোধ, আসক্তি যি ত্যাগ কৰিছে এনে মননশীল মনোবৄত্তি সম্পন্নজনক স্থিতপ্ৰজ্ঞ বোলে |

য: সৰ্ব্বত্ৰানভিস্নেহস্তুত্তত্‍ প্ৰাপ্য শুভাশুভম |
নাভিনন্দতি দ্বেষ্টি তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিঅত || ৫৭

যাৰ সংসাৰত কোনো বস্তুতে মোহ নাই, শুভা-শুভ সকলো অৱস্থাতে সমভাবাপন্ন তেওঁৰে প্ৰজ্ঞা প্ৰতিস্থিত অৰ্থাত্‍ স্থিতপ্ৰজ্ঞ |

যদা সংহৰতে চায়ং কুৰ্ম্মোত্‍ ঙ্গানীৱ সৰ্ব্বশ: |
ইন্দ্ৰিয়াণীন্দ্ৰিয়াৰ্থেভ্যস্তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিত || ৫৮

কাছই যেনেকৈ অঙ্গ-প্ৰত্যঙ্গবোৰ আৱশ্যক মতে কোচাই শৰীৰৰ ভিতৰত লুকুৱাই ৰাখিব পাৰে, সেইদৰে যিজনে বিষয়ৰ পৰা ইন্দ্ৰিয়বোৰক প্ৰত্যাহাৰ কৰিব পাৰিছে, তেওঁৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছে |

বিষয়া বিনিবৰ্ত্তন্তে নিৰাহাৰস্য দেহিন: |
ৰসৰ্বজ্জং ৰসোহপস্য পৰং দৃষ্ট্বা নিবৰ্ত্ততে || ৫৯

পীড়াজনিত কাৰণবশত: ইন্দ্ৰিয়ৰ দৌৰ্ব্বল্যৰ কাৰণে বিষয় ভোগৰ পৰা বিৰত থাকিলেও মনৰ পৰা ভোগৰ কামনা দূৰ নহয়, কিন্তু স্থিতপ্ৰজ্ঞ লোকে আত্মাৰ সাক্ষাত্‍ লাভ কৰি বাসনাৰ পৰাও নিবৃত্ত হয় |

যততো হ্যপি কৌন্তেয় ! পুৰুষস্য বিপশ্চিত: |
ইন্দ্ৰিয়াণি প্ৰমাখীনি হৰন্তি প্ৰসভং মন: || ৬০

হে কৌন্তেয় (অৰ্জ্জুন), ইন্দিয়সমূহ মহাবলবান, জ্ঞানীজনৰো মতিভ্ৰম ঘটাই মন মোহাচ্ছন্ন কৰে |

তানি সৰ্ব্বাণি সংযম্য যুক্ত আসীত মত্‍পৰ: |
বশে হি যস্যেন্দ্ৰিয়াণি তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিতা || ৬১

সেই জ্ঞানীপুৰুষ যিসকলে ইন্দ্ৰিয় সংযম কৰি অৰ্থাত্‍ বাসনা শূণ্য হৈ মোতে আত্মসমৰ্পণ কৰি আত্মাৰাম হ’ব পাৰিছে তেওঁৰে প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছে |

ধ্যায়তো বিষয়ান পুংসং সঙ্গস্তেষু পজায়তে |
সঙ্গাত্‍ সণ্ঞ্জায়তে কাম: কামাত্‍ ক্ৰোধোত্‍ ভিজায়তে || ৬২

বিষয় বাসনাত চিন্তাত থকাসকলৰ মন তাতে নিৱিষ্ট থাকে | এনে আসক্তিৰ পৰা কাম বা বাসনাৰ উত্‍পত্তি | তাতে কোনো বাধা-বিঘিনি হলে ক্ৰোধৰ উত্‍পত্তি হয় |

ক্ৰোধদ্ভৱতি সন্মোহ: সন্মোহাত্‍ স্মৃতিবিভ্ৰম: |
স্মৃতিভ্ৰংশাদ বুদ্ধিনাশো বুদ্ধিনাশাত্‍ প্ৰণশ্যতি || ৬৩

ক্ৰোধৰ পৰা সন্মোহ আৰু সন্মোহৰ পৰা স্মৃতি বিভ্ৰম ঘটে | তেতিয়া হিতাহিত জ্ঞান লোপ হয় | জ্ঞানলোপ হলে বিনাশ প্ৰাপ্ত হয় |

ৰাগদ্বেষবিষুক্তৈস্তু বিষয়ানিন্দ্ৰিয়ৈশ্চৰন |
আত্মৱৈশ্যৰ্বিধেয়াত্মা প্ৰসাদমধিগচ্ছতি || ৬৪

ৰাগ-দ্বেষ বিহীন আত্মজয়ী পুৰুষে অনাসক্তভাৱে ইন্দ্ৰিয়ৰ কৰ্ম্মৰূপ বিষয় ভোগ কৰিলেও শোক শূণ্য শান্তিময় অৱস্থাপ্ৰাপ্ত হয় |

প্ৰসাদে সৰ্ব্বদু:খানাং হানিৰস্যোপজায়তে |
প্ৰসন্নচেতসো হ্যাসো বুদ্ধি: পৰ্য্যৱতিষ্ঠতে || ৬৫

চিত্তৰ প্ৰসন্নতা জন্মিলে সকলো দুখ নাশ হয়, বুদ্ধি স্থিৰ হয় অৰ্থাত্‍ কামনা বাসনাই চিত্তৰ বিক্ষিপ্ততা জন্মিবলৈ নিদিয়ে | এনে পুৰুষৰ শীঘ্ৰেই আত্মতত্ব জ্ঞান লাভ হয় |

নাস্তি বুদ্ধিৰযুক্তস্য ন চাযুক্তস্য ভাৱনা |
ন চাভাৱয়ত: শান্তিৰশান্তন্য কুত: সুখম || ৬৬

ইন্দ্ৰিয় জয় কৰি কামনা বাসনা ক্ষয়প্ৰাপ্ত হ’লে যি আত্মা তুষ্টি লাভ হয় সেয়ে আচল সুখ | যাৰ এনে অৱস্থাপ্ৰাপ্ত হোৱা নাই তাৰ সুখ ক’ত ?

ইন্দ্ৰিয়াণাং হি চৰতাং যম্মনোত্‍ নুবিধীয়তে |
তদস্য হৰতি প্ৰজ্ঞাং বাৰ্য়ুনাৱমিৱাম্ভসি || ৬৭

প্ৰতিকুল বতাহে যেনেকৈ পানীত নাও আওবাটে নি বিপদত পেলাই, অস্থিৰ চিত্ত লোকৰ যি কোনো এটা ইন্দ্ৰিয়য়ো মনক পৰাভুত কৰি চিত্তৰ বিক্ষিপ্ততা ঘটায় |

তস্মাদ যস্য মহাবাহো নিগৄহীতানি সৰ্ব্বশ: |
ইন্দ্ৰিয়াণীন্দ্ৰিয়াৰ্থেভ্যস্তস্য প্ৰজ্ঞা প্ৰতিষ্ঠিতা || ৬৮

সেই কাৰণে হে বীৰ, যাৰ ইন্দ্ৰিয়সমূহ ইন্দ্ৰিয় ভোগ বিষয়ত সৰ্ব্বতোভাৱে প্ৰত্যাহৃত হৈছে তেৱেঁই স্থিতপ্ৰজ্ঞ |

যা নিশা সৰ্ব্বভুতানাং তস্যাং জাগৰ্ত্তি সংযমী |
যস্যাং জাগ্ৰাতি ভুতানি সা নিশা পশ্যতো মুনেং || ৬৯

সাধাৰণ মানুহৰ কাৰণে ৰাতি (অন্ধকাৰ) অৰ্থাত্‍ শোক, দুখ, অসুখ, অশান্তি, অভাৱ-অনাতন আদিৰ ঘাত-প্ৰতিঘাতে চিত্ত ভ্ৰম ঘটায় | সংযমী অৰ্থাত্‍ ইন্দ্ৰিয়জয়ী পুৰুষ তাৰ কাৰণে সজাগ | সুখশান্তি ভোগ ঐশ্বৰ্য্য যিবোৰ সৰ্ব্বসাধাৰণ মানুহে বিচাৰে, আত্মজ্ঞানী পুৰুষে সেইবোৰকো দু:স্বপ্ন (নিশা) বুলি জ্ঞান কৰে |

আপুৰ্যমাণমচল প্ৰতিষ্ঠং
সমুদ্ৰমাপ: প্ৰৱিশম্তি যদ্বত্‍ |
তদ্বত্‍ কামা যং প্ৰৱিশন্তি সৰ্ব্বে
স শান্তিমাপ্নোতি ন কাম্কামী || ৭০

যেনেকৈ অসংখ্য নৈ, হ্ৰদ, বিল, বৰষুণৰ পানী আদি সমুদ্ৰত পৰিলেও পানীৰ গুণ বঢ়া-টুটা নহয় - তেনেকৈ যাৰ চিত্ত স্থিৰ হৈছে বৈষয়িক সুখ-দুখে তেওঁক তলাব নোৱাৰে | তেওঁহে সুখী | যাৰ হৄদয় ভোগকামনা পৰায়ণ সি শান্তি লাভ কৰিব নোৱাৰে |

বিহায় কামান য: সৰ্ব্বান পুমাংশ্চৰতি নি:স্পৄহ: |
নিৰ্ম্মমো নিৰহঙ্কাৰ: স শান্তিমধিগচ্ছতি || ৭১

যি পুৰুষে সকলো কামনা পৰিত্যাগ কৰি সকলো বিষয়ে নিস্পৃহ, মমতাশূণ্য, নিৰহঙ্কাৰ হব পাৰে তেওঁ শান্তি লাভৰ অধিকাৰী হয় |

এষা ব্ৰাক্ষ্মী স্থিতি: পাৰ্থ নৈনাং প্ৰাপ্য বিমুহ্যতি |
স্থিত্বাত্‍স্যামন্তকালেত্‍ পি ব্ৰক্ষ্মনিৰ্ব্বাণমৄচ্ছতি || ৭২

হে পাৰ্থ, এয়ে ব্ৰক্ষ্মনিষ্ঠা | এই ব্ৰক্ষ্মজ্ঞান উদয় হ’লে মানুহক বৈষয়িক সংসাৰ মোহে বিমোহিত কৰিব নোৱাৰে | মৃত্যু কালতো ব্ৰক্ষ্মনিৰ্ব্বাণ লাভ হয় |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
সাংখ্যযোগো নাম দ্বিতীয়োত্‍ধ্যায়: ||