শ্ৰীমদ্ভগৱদগীতা/তৃতীয় অধ্যায় – কৰ্মযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

অৰ্জ্জুন উৱাচ -

জ্যায়সী চেত্‍ কৰ্ম্মণস্তে মতা বুদ্ধিৰ্জনাৰ্দ্দন |
তত্‍ কিং কৰ্ম্মণি ঘোৰে মাং নিয়োজয়সি কেশৱ || ১

অৰ্জ্জুনে সুধিলে, হে জনাৰ্দ্দন !যদি কৰ্ম্ম যোগতকৈ জ্ঞান যোগেই শ্ৰেষ্ঠ বুলি তুমি কোৱা তেন্তে এই হিংসাত্মক কাৰ্য্যত (যুদ্ধত) কিয় নিয়োজিত কৰিছা ?

ব্যামিশ্ৰেণেৱ বাক্যেন বুদ্ধিং মোহয়সীৱ মে |
তদেকং ৱদ নিশ্চিত্য যে শ্ৰেয়োত্‍হমাপ্নুয়াম || ২

তুমি সংশয়াত্মক কথাৰে মোৰ মতিভ্ৰম ঘটাইছা, তুমি মোক এটা পৰামৰ্শ দিয়া যিহৰ বলত মোৰ পৰম কল্যাণ হয় |

শ্ৰীভগৱান উৱাচ -

লোকেত্‍ স্মিন দ্বিৱিধা নিষ্ঠা পুৰা প্ৰোক্তা মায়ানঘ |
জ্ঞানযোগেন সাংখ্যানাং কৰ্ম্মযোগেন যোগিনাম || ৩

ভগৱানে কলে - শুনা অৰ্জ্জুন, মই আগতেই কৈছো যে সাংখ্যযোগীৰ কাৰণে জ্ঞানযোগ আৰু যোগী অৰ্থাত্‍ কৰ্ম্মাধিকাৰীসকলৰ কাৰণে কৰ্ম্মযোগ | মোক্ষলাভাৰ্থীসকলৰ কাৰণে অধিকাৰ ভেদে এই দুটা উপায় |

ন কৰ্ম্মাণামনাৰম্ভান্নৈষ্কৰ্ম্ম্যং পুৰুষোত্‍ শ্নুতে |
ন চ সংন্যসনাদেৱ সিদ্ধিং সমধিগচ্ছতি || ৪

কৰ্ম্ম নকৰিলেই নিষ্কৰ্ম্মতা (শান্তিময় অৱস্থা) লাভ নহয় আৰু কৰ্ম্মত্যাগ কৰিলেই অৰ্থাত্‍ সন্ন্যাস ললেই সিদ্ধি লাভ নহয় |

ন হি কশ্চিত্‍ ক্ষণমপি জাতু তিষ্ঠত্যকৰ্ম্মকৃত্‍ |
কাৰ্য্যতে হ্যৱশ: কৰ্ম্ম সৰ্ব্ব: প্ৰকৃতিজৈৰ্গুণ্যৈ: || ৫

কৰ্ম্ম নকৰাকৈ কেতিয়াও এখন্তেকো কোনে থাকিব নোৱাৰে | যিহেতু প্ৰাকৃতিক গুণৰ দ্বাৰা বশীভুত হৈ সকলো মানুহেই কৰ্ম্মত প্ৰবৃত্ত হ’বলৈ বাধ্য হয় |

কৰ্ম্মেন্দ্ৰিয়াণি সংযম্য য আস্তে মনসা স্মৰন |
ইন্দ্ৰিয়াৰ্থান বিমুঢ়াত্মা মিথ্যাচাৰ: স উচ্যতে || ৬

কৰ্ম্মেন্দ্ৰিয়সমূহক সংযত কৰি যি মনেৰে ইন্দ্ৰিয় ভোগ্য বিষয়সমূহৰ চিন্তাত নিমগ্ন থাকে তাক কপটাচাৰী বোলা হয় |

যস্তিন্দ্ৰিয়াণি মনসা নিয়ম্যাৰভতেত্‍ অৰ্জ্জুন! |
কৰ্ম্মেন্দ্ৰিয়ৈ: কৰ্ম্মযোগমসক্ত: স বিশ্যিষ্যতে || ৭

হে অৰ্জ্জুন, যি ভোগত আসক্তি শূন্য হৈ ইন্দ্ৰিয়সমূহক মনে চিতে বশীভুত কৰি কৰ্ম্মেন্দ্ৰিয়বোৰক কৰ্ম্মযোগত নিয়োজিত ৰাখে তেওঁ শ্ৰেষ্ঠ |

নিয়তং কুৰু কৰ্ম্ম ত্বং কৰ্ম্ম জ্যায়ো হ্যকৰ্ম্মণ: |
শৰীৰযাত্ৰাপি চ তে ন প্ৰসিধ্যেদকৰ্ম্মণ: | ৮

তুমি সংযত (শাস্ত্ৰ নিৰ্দিষ্ট) কৰ্ম্ম কৰা, কাৰণ কৰ্ম্মত্যাগ কৰাতকৈ বিহিত কৰ্ম্মৰ অনুষ্ঠান শ্ৰেয় | কৰ্ম্মত্যাগ কৰিলে তোমাৰ শৰীৰ যাত্ৰাও (জীৱন ধাৰণ) অসম্ভৱ হৈ পৰিব |

য্জ্ঞাৰ্থাত্‍ কৰ্ম্মণোত্‍ ন্যত্ৰ লোকোত্‍ যং কৰ্ম্মবন্ধন: |
তদৰ্থং কৰ্ম্ম কৌন্তেয়! মুক্তসঙ্গ: সমাচাৰ || ৯

যজ্ঞৰ নিমিত্তে, অৰ্থাত্‍ পৰমেশ্বৰ প্ৰীতিৰ উদ্দেশ্যে কৰ্ম্ম নকৰি কামনা পুৰণৰ কাৰনে তুমি আসক্তি শূণ্য হৈ ঈশ্বৰ প্ৰীতিৰ উদ্দেশ্যে বিহিত কৰ্ম্মত প্ৰবৃত্ত হোৱা |

সহযজ্ঞা: প্ৰজা সৃষ্ট্বা পুৰোৱাচ প্ৰজাপতি: |
অনেন প্ৰসবিষ্যধ্বমেষ বোত্‍ স্ত্বিষ্ট্বকামধুক | ১০

পূৰ্ব্বে প্ৰজাপতি ব্ৰক্ষ্মাই যজ্ঞাদি কৰ্ম্মৰ লগতে প্ৰজাসকলক সৃষ্টি কৰি কৈছিল - এই যজ্ঞৰ দ্বাৰাই তোমালোকে বুদ্ধি প্ৰাপ্ত হ’বা আৰু এই যজ্ঞ তোমালোকৰ অভীষ্ট ফল দানত সামৰ্থ হওক |

দেৱান ভাৱয়তানেন তে দেৱা ভাৱয়ন্ত ৱ: |
পৰস্পৰং ভাৱয়ন্ত: শ্ৰেয়: পৰমৱাপ্স্যথ || ১১

যজ্ঞকৰ্ম্ম দ্বাৰা দেৱতাসকলক তুষ্ট কৰা আৰু পৰিতুষ্ট দেৱতাসকলেও তোমালোকৰ মঙ্গল সাধন কৰক | এইদৰে পৰস্পৰে পৰস্পৰৰ বৃদ্ধি সাধন কৰি পৰম কল্যাণ লাভ কৰা |

ইষ্টান ভোগান হি বো দেৱা দাস্যন্তে যজ্ঞভাৱিতা: |
তৈৰ্দত্তান প্ৰদায়ৈভ্যো যো ভুঙক্তে স্তেন এৱ স: || ১২

যজ্ঞৰ দ্বাৰা দেৱতাসকল সন্তুষ্ট হৈ তোমালোকে বিচৰা ভোগ্য বস্তু তোমালোকক দান কৰিব, কিন্তু সেই দেৱদত্ত বস্তু যি দেৱতাক নিদিয়াকৈ নিজেহে মাত্ৰ ভোগ কৰে সি চোৰ |

যজ্ঞাশিষ্টাশিন: সন্তো মুচ্যন্তে সৰ্ব্বকিন্বিষৈ: |
ভুঞ্জতে তে ত্বঘং পাপা যে পচন্ত্যাত্মকাৰণ্যত্‍ || ১৩

যিসকল সাধুলোকে যজ্ঞৰ অৱশিষ্ট অন্ন ভোজন কৰে সেইসকলে সকলো পাপৰ পৰা মুক্তি পায়, কিন্তু যি নিজস্ব পৰিতৄপ্তিৰ কাৰণে ভোজন কৰে সেই পাপিষ্ঠজনে কেৱল পাপহে ভোজন কৰে |

অন্নাদ্ভৱন্তি ভুতানি পৰ্জ্জন্যাদন্নসম্ভৱ: |
যজ্ঞাদ্ভৱতি পৰ্জ্জন্যো যজ্ঞ: কৰ্ম্ম সমুদ্ভৱ: || ১৪

প্ৰাণীসকল অন্নৰ দ্বাৰা জীয়াই থাকে, সেই অন্ন মঘে বৰষুণ দিয়াৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই মেঘ যজ্ঞৰ পৰা উত্‍পন্ন হয়, যজ্ঞৰ উত্‍পত্তি কৰ্ম্মৰ পৰা হয় |

কৰ্ম্মব্ৰক্ষ্মোদ্ভৱং বিদ্ধি ব্ৰক্ষ্মাক্ষৰসমুদ্ভৱম |
তস্মাত্‍ সৰ্ব্বগতং ব্ৰক্ষ্ম নিত্যং যজ্ঞে প্ৰতিষ্ঠিতম || ১৫

যজ্ঞাদি কৰ্ম্মৰ প্ৰৱৰ্ত্তক বেদ | বেদ পৰমেশ্চৰৰ পৰা উত্‍পন্ন | সেই কৰণে সৰ্ব্বাৰ্থ সাধক বেদ যজ্ঞতে প্ৰতিষ্ঠিত আছে |

এৱং প্ৰৱৰ্ত্তিতং চক্ৰং নানুৱৰ্ত্তয়তীহ য: |
অঘায়ুৰিন্দ্ৰিয়াৰামো মোঘং পাৰ্থ স জীৱতি || ১৬

এইদৰে পৰমেশ্চৰ প্ৰৱৰ্ত্তিত জগচ্চক্ৰৰ ৰহস্য যি নুবুজে আৰু অনুসৰণ নকৰে, তেওঁ পাপী, ইন্দ্ৰিয় তৃপ্তিকামী | তেওঁ জীয়াই থকা নিস্ফল |

যস্ত্বাত্মবতিৰেৱ স্যাদাত্মতৄপ্তশ্চ মানব: |
আত্মন্যেৱ চ সন্তুষ্টস্তস্য কাৰ্য্যাং ন বিদ্যতে || ১৭

কিন্তু যিজন পুৰুষ আত্মৰতি (বিষয়ত নহয়), আত্মতৃপ্ত: (অন্নপানাদি ৰসত নহয়), আত্মাতেই সন্তুষ্ট (অন্য সকলোতে অকাঙ্খা শূণ্য) তেওঁৰ কোনো বিহিত কৰ্ত্তব্য নাই |

নৈৱ তস্য কৃতেনাৰ্থো নাকৄতেনেহ কশ্চন |
ন চাস্য সৰ্ব্বভুতেষু কশ্চিদৰ্থব্যপাশ্ৰয়: || ১৮

এনে আত্মৰতি পুৰুষৰ ইহলোকত কৰিব লগা কৰ্ম্মত একো প্ৰয়োজন নাই, বিহিত কৰ্ম্ম নকৰিলেও একো প্ৰত্যব্যয় নহয় | তেওঁলোকৰ কোনো প্ৰাণীৰ ওচৰতেই একো প্ৰয়োজনৰ অপেক্ষা নাথাকে |

তস্মাদসক্ত: সততং কাৰ্য্যং কৰ্ম্ম সমাচাৰ |
অসক্তো হ্যাচৰন কৰ্ম্ম পৰমাপ্নোতি পুৰুষ || ১৯

(তুমি এইদৰে আত্মজ্ঞানী হোৱা নাই বাবে) অনাসক্তভাৱে কৰ্ত্তব্য পালন কৰি যোৱা | অনাসক্তভাৱে বিহিত কৰ্ম্ম কৰি মানুহে (কালত) পৰমাৰ্থ লাভ কৰে |

কৰ্ম্মণেৱ হি সং সিদ্ধিমাস্থিতা জনকাদয়: |
লোকসংগ্ৰহমেৱাপি সংপশ্যন কৰ্ত্তুমৰ্হসি || ২০

জনকাদি ৰাজৰ্ষিসকলে বিহিত কৰ্ম্মৰ অনুষ্ঠানৰ দ্বাৰায়েই যথাৰ্থ সিদ্ধি লাভ কৰিছিল | লোকশিক্ষাৰ কাৰণেও তুমি তোমাৰ কৰ্ত্তব্য কৰ্ম্ম কৰা আৱশ্যক |

যদ যদাচৰতি শ্ৰেষ্ঠস্তত্তদেৱেতৰো জন: |
স য্ত্‍ প্ৰমাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে || ২১

শ্ৰেষ্ঠজনে যি যি আচৰণ কৰে, সৰ্ব্বসাধাৰণে তাকেই অনুসৰণ কৰে | সেই শ্ৰেষ্ঠজনে যিটো প্ৰমাণ বুলি স্থিৰ কৰে, সাধাৰণলোকেও তাকে প্ৰমাণ বুলি বিবেচনা কৰি সেইমতে চলিবলৈ প্ৰয়াসী হয় |

ন মে পাৰ্থাস্তি কৰ্ত্তব্যং ত্ৰিষু লোকেষু কিঞ্চন |
নানাৱাপ্তমৱাপ্তব্যং ৱৰ্ত্ত এৱ চ কৰ্ম্মাণি || ২২

হে অৰ্জ্জুন, এই ত্ৰৈলোক্যত মোৰ কৰ্ত্তব্য কৰ্ম্ম একো নাই | মোৰ অপ্ৰাপ্ত বা প্ৰাপ্তব্যও একো নাই | (মই আপ্তকাম) | তথাপি মই কৰ্ম্মতেই প্ৰৱৰ্ত্তিত আছো |

যদি হ্যহং ন বৰ্ত্তেয়ং জাতু কৰ্ম্মণ্যতন্দ্ৰিত: |
মম বৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যা: পাৰ্থ সৰ্ব্বশ: || ২৩

হে অৰ্জ্জুন, কোনো সময়তে মই যদি এলাহত কৰ্ম্ম কৰাৰ পৰা বিৰত থাকো তেনেহলে মানুহে মোৰ আদৰ্শকে সৰ্ব্ব প্ৰকাৰে অনুসৰণ কৰিব |

উত্‍সীদেয়ুৰিমে লোকা ন কুৰ্য্যাং কৰ্ম্ম চেদহম |
সঙ্কৰস্য চ কৰ্ত্তা স্যামুপহন্যামিমা: প্ৰজা: || ২৪

(গতিকে) মই যদি কৰ্ম্ম নকৰো, তেনেহলে এই সকলো লোক উত্‍পন্ন হ’ব আৰু মই বৰ্ণসঙ্কৰৰ কাৰণ হৈ পৰিম, (তাৰ দ্বাৰাই) সকলো প্ৰ্জাৰ ধ্বংসৰ ভাগী ময়ে হব লাগিব |

সক্তা: কৰ্ম্মণবিদ্বাংসো যথা কুৰ্ব্বন্তি ভাৰত |
কুৰ্য্যাদ্বিদ্বাংস্তথাসক্তশ্চিকীৰ্যুৰ্লোকসংগ্ৰহম || ২৫

হে ভাৰত (অৰ্জ্জুন), কৰ্ম্মত আসক্ত অজ্ঞলোকসকলে যেনকৈ সকাম কৰ্ম্মত ৰত থাকে আত্মতত্ব জ্ঞানীসকলেও সেইদৰে ফলাকাঙ্ক্ষা বিবৰ্জিত হৈ লোকশিক্ষাৰ (মানুহক ধৰ্ম্মপথত প্ৰৱৰ্ত্তোৱাৰ) অভিলাষী হৈ কৰ্ম্মত ৰত থকা উচিত |

নবুদ্ধিভেদং জনয়েদজ্ঞানাং কৰ্ম্মসঙ্গিনাম |
যোজয়েত্‍ সৰ্ব্বকৰ্ম্মাণি বিদ্যান যুক্ত: সমাচাৰন || ২৬

কৰ্ম্মত আসক্ত অজ্ঞলোকসকলৰ বুদ্ধি ভেদ ঘটোৱা উচিত নহয় | বৰং আত্মতত্ত্বলোকে অভিনিবিষ্ট যেন দেখুৱাই নিজে কৰ্ম্মচাৰণ কৰি অন্যান্য লোকক বৈধ কৰ্ম্মত ব্যাপৃত ৰাখিবলৈ চেষ্টা কৰিব লাগে |

প্ৰকৃতে: ক্ৰিয়মাণানি গুণৈ: কৰ্ম্মাণি সৰ্ব্বশ: |

অহঙ্কাৰবিমূঢ়াত্মা কৰ্ত্তাহমিতি মন্যতে || ২৭ প্ৰকৃতিৰ গুণত অৰ্থাত্‍ ঈশ্বৰৰ ইচ্ছাতে সকলো কাম হৈ আছে, কিন্তু অহং ভাবাপন্ন অজ্ঞ মানুহে নিজকে কৰ্তা অৰ্থাত্‍ মই কৰিছো বুলি ভাবে |

তত্ববিত্তু মহাবাহো গুণকৰ্ম্মবিভাগয়ো: |
গুণ গুণেষু বৰ্ত্তন্ত ইতি মত্বা ন সজ্জতে || ২৮

কিন্তু হে বীৰ অৰ্জ্জুন, গুম আৰু কৰ্ম্মৰ তত্ত্ববিদসকলে গুণ গুণতে বৰ্ত্তি আছে অৰ্থাত্‍ ইন্দ্ৰিয়বিলাকহে বিষয়ত আসক্ত হয়, আত্মা নহয় এই কথা উপলব্ধি কৰি একোতে আসক্ত নহয় |

প্ৰকৄতেগুৰ্ণসংমূঢ়া: সজ্জন্তে গুণকৰ্ম্মসু |
তানকৄত্‍স্নবিদোমন্দান কৄত্‍স্নবিন্ন বিচলয়েত্‍ || ২৯

প্ৰকৃতিৰ গুণসমূহৰ প্ৰভাৱত মোহগ্ৰস্ত পুৰুষে গুণৰ কাৰ্য্যকে নিজৰ বুলি ভাবি কৰ্ম্মত নিৰত হয় | আত্মজ্ঞানীসকলে সেই অল্পজ্ঞ মূঢ়লোকৰ কৰ্ম্মৰ প্ৰতি যি বিশ্বাস আছে তাৰ পৰা বিচলিত নকৰিব |

ময়ি সৰ্ব্বাণি কৰ্ম্মাণি সংন্যস্যাধ্যাত্মচেতসা |
নিৰাশীৰ্নিৰ্ম্মমো ভুত্বা যুধ্যস্ব বিগতজ্বৰ: || ৩০

বিবেক বুদ্ধিৰ সহায়ত সকলো কৰ্ম্মতেই মোত সমৰ্পণ কৰি আশা আৰু ক্ষমতা ত্যাগ কৰি শোক মোহ পৰিত্যাগ কৰি যুদ্ধ কৰা |

যে মে মতমিদং নিত্যমনুতিষ্ঠন্তি মানৱা: |
শ্ৰদ্ধাৱন্তোত্‍নসূয়ন্তো মুচ্যতে তেত্‍ পি কৰ্ম্মভি: || ৩১

যি সকল লোকে শ্ৰদ্ধাযুক্ত আৰু অসুয়া পৰিহাৰ কৰি মোৰ এই মত অনুসৰণ কৰে, তেওঁলোকো কৰ্ম্মবন্ধনৰ পৰা মুক্ত হয় |

যে ত্বেতদভ্যসুয়ন্তো নানুতিষ্ঠন্তি মে মতম |
সৰ্ব্বজ্ঞানবিমূঢ়াংস্তান বিদ্ধি নষ্টানচেতস: || ৩২

যি অসূয়া পৰবশ হৈ মোৰ এই মতৰ বিৰুদ্ধাচৰণ কৰে সেই অবিবেকী লোকৰ সকলো পুৰুষাৰ্থ অথলে যায় |

সদৃশং চেষ্টতে স্বস্যা: প্ৰকৄতেৰ্জ্ঞানৱানপি |
প্ৰকৄতিং যান্তি ভূতানি নিগ্ৰহ: কিং কৰিষ্যতি || ৩৩

জ্ঞানবান হলেও পুৰুষে নিজ প্ৰকৃতি অনুসৰিহে কৰ্ম্ম কৰিব পাৰে | সকলো প্ৰাণীয়েই নিজ প্ৰকৃতি অনুসৰণ কৰি চলে | গতিকে প্ৰকৃতিক ৰোধ কৰিবলৈ চেষ্টা কৰাৰ লাভ কি ?

ইন্দ্ৰিয়স্যেন্দ্ৰিয়স্যাৰ্থে ৰাগদ্বেষৌ ব্যৱস্থিতৌ |
তয়োৰ্ন ৱশমাগচ্ছেত্‍ তৌ হ্যস্য পৰিপন্হিনৌ || ৩৪

প্ৰত্যেক ইন্দ্ৰিয়ৰ নিজ স্বভাৱজাত বিষয় ভোগৰ অনুকুল বা প্ৰতিকুল অৱস্থাৰ প্ৰতি অনুৰাগ বা বিদ্বেষ থাকিবই | এই কোনোটোৰে বশৱৰ্ত্তী নহ’বা | ৰাগ আৰু দ্বেষ পুৰুষাৰ্থ সিদ্ধিৰ প্ৰতিবন্ধক |

শ্ৰেয়ানস্বধৰ্ম্মো বিগুণ: পৰধৰ্ম্মত্‍ স্বনুষ্ঠিতাত্‍ |
স্বধৰ্ম্মে নিধনং শ্ৰেয় পৰধৰ্ম্মো ভয়াবহ: || ৩৫

সুচাৰুৰূপে অনুষ্ঠিত পৰধৰ্ম্মতকৈ দোষমুক্ত হলেও স্বধৰ্ম্ম (স্বভাবগত ধৰ্ম্ম) শ্ৰেষ্ঠ | স্বধৰ্ম্মত মৃত্যুও বৰণীয়, পৰধৰ্ম্ম কিন্তু ভয়ৰ কাৰণ হোৱা স্বাভাবিক |

অৰ্জ্জুন উৱাচ -

অথ কেন প্ৰযুক্তোত্‍য়ং পাপং চৰতি পুৰুষ: |
অনিচ্ছন্নপি বাৰ্ষ্ণেয় বলাদিৱ নিয়োজিত || ৩৬

অৰ্জ্জুনে সুধিলে - হে বৃষ্ণিবংশ সম্ভূত কৃষ্ণ, মই তোমাৰ পৰা জানিব খোজো যে পাপাচৰণত ইচ্ছা নাথাকিলেও কোনে বলপূৰ্ব্বক টানি আনি কৰ্ম্মত নিয়োজিত কৰে ?

শ্ৰীভগৱান উৱাচ -

কাম এষ ক্ৰোধ এষ ৰজোগুণসমুদ্ভৱ: |
মহাশনো মহাপাপ্না বিদ্ধ্যেনমিহ বৈৰিণম || ৩৭

ভগৱানে ক’লে - ৰজোগুণৰ পৰা উত্‍পন্ন হোৱা কাম অতৃপ্ত | ইয়াৰ পৰা মহাপাপৰ উত্‍পত্তি হয় | এই কাম আৰি কামৰ পৰিণাম ক্ৰোধক সই সংসাৰত মহাশত্ৰু বুলি জানি থোৱা |

ধুমেনাব্ৰিয়তে বহ্নিৰ্যথাদৰ্শো মলেন চ |
যথোল্বেনাবৃতো গৰ্ভস্তধা তেনেদমাবৃঅতম || ৩৮

ধোঁৱাই যেনেকৈ অগ্নি ঢাকি ৰাখে, মলিয়ে যেনেকৈ দৰ্পণত প্ৰতিবিম্ব দেখাত বাধা দিয়ে, গৰ্ভ যেনেকৈ জৰায়ুৰ দ্বাৰা বেষ্টিত থাকে সেইদৰে কামেও আত্মজ্ঞান সমাছন্ন কৰি ৰাখে |

আবৃতং জ্ঞানমেতেন জ্ঞানিনো নিত্যবৈৰিণা |
কামৰূপেণ কৌন্তেয় দুষ্পুৰেণানলেন চ || ৩৯

হে কুন্তিপুত্ৰ অৰ্জ্জুন, জ্ঞানীৰ চিৰ শত্ৰু কাম কোনো কাহানিও তৃপ্ত নহয়, অথচ বাঢ়েহে | এই বৰ্ধমান কামেই জ্ঞানত্ব আবৰি থাকে |

ইন্দ্ৰিয়াণি মনো বুদ্ধিৰস্যাধিষ্ঠানমুচ্যতে |
ঐতিৰ্ব্বিমোহয়ত্যেষ জ্ঞানমাবৃত্য দেহিনম || ৪০

ইন্দ্ৰিয়সমূহ মন আৰু বুদ্ধি কামৰ অধিস্থান, এইবোৰকে অৱলম্বন কৰি কামে প্ৰাণীসমূহৰ জ্ঞান ঢাকি ৰাখি মোহাচ্ছন্ন কৰে |

তস্মাত্‍ ত্বমিন্দ্ৰিয়াণ্যাদৌ তিয়ম্য ভাৰতৰ্ষভ |
পাপ্নানং প্ৰজহি হ্যেনং জ্ঞানবিজ্ঞান-নাশনম || ৪১

সেই কাৰণে হে অৰ্জ্জুন, তুমি প্ৰথমে ইন্দ্ৰিয়সমূহক বশীভুত কৰি জ্ঞান বিজ্ঞান নাশক পাপৰ নিদান এই কাম ৰিপুক জয় কৰা |

ইন্দ্ৰিয়াণি পৰাণ্যাহুৰিন্দ্ৰিয়েভ্য: পৰং মন: |
মনসস্তু পৰা বুদ্ধিৰ্যো বুদ্ধে: পৰতস্তু স: || ৪২

ইন্দ্ৰিয়বোৰে দেহ চলায় | ইন্দিয়ক চলায় মনে, মন চলে বুদ্ধিৰ দ্বাৰা, আৰু বুদ্ধিৰ ওপৰত হ’ল সৰ্ব্বদ্ৰষ্টা আত্মা |

এৱং বুদ্ধেং পৰং বুদ্ধা সংস্তভ্যাত্মানমাত্মনা |
জহি শত্ৰুং মহাবাহো কামৰূপং দুৰাসদম || ৪৩

হে অৰ্জ্জুন, তুমি এই ৰূপে বুদ্ধিতকৈয়ো আত্মাক শ্ৰেষ্ঠ বুলি জানি আত্মাৰ সৰ্ব্বপ্ৰধানত্ব হৃদয়ঙ্গম কৰি নিশ্চয়াত্মিকা বুদ্ধিৰ দ্বাৰা আত্মাত সমাহিত হৈ কামৰূপী এই মহা বলৱন্ত শত্ৰুক নিপাত কৰা |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্মবিদ্যায়াং
যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
কৰ্ম্মযোগো নাম তৃতীয়োত্‍ধ্যায়: ||