শ্ৰীমদ্ভগৱদগীতা/প্রথম অধ্যায় – অৰ্জুন বিষাদযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


ধৄতৰাষ্ট্ৰ উৱাচ -

ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ: |
মামকা: পান্ডৱাশ্চৈব কিমকুৰ্ব্বত সঞ্জয় || ১

ধৄতৰাষ্ট্ৰই সুধিলে - হে সঞ্জয় ! দুৰ্যোধন আদি মোৰ লৰাহঁতে আৰু পান্ডৱহঁতে ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰত গোটখাই কি কৰিছে ?

সঞ্জয় উৱাচ -

দৄষ্ট্বা তু পান্ডৱানীকং ৰূঢ়ং দুৰ্যোধনস্তদা |
আচাৰ্য্যমুপসঙ্গম্য ৰাজা বচনমব্ৰবীৎ || ২

সঞ্জয়ে উত্তৰ দিলে - পান্ডৱ সেন্যসকলক বেহু ৰচনা কৰি য়ুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্য্যৰ ওচৰলৈ গৈ ক’লে ||

পাশ্যৈতাং পান্ডুপুত্ৰাণামাচাৰ্য্য মহতীং চমূম |
ব্যুঢ়াং দ্ৰুপদপুত্ৰেণ তৱ শিষ্যেণ ধীমতা || ৩

হে গুৰুদেৱ ! আপোনাৰ ধীমান শিষ্য দ্ৰুপদ নন্দন ধৄষ্টদ্যুম্ন ৰচিত বেহুত সুৰক্ষিত হৈ থকা পান্ডৱৰ বিপুল সৈন্যবাহিনীক লক্ষ্য কৰক |

অত্ৰ শুৰা মহেষৄসা ভীমাৰ্জ্জুনসমা যুধি |
যুযুধানো বিৰাটশ্চ ধ্ৰুপদশ্চ মহাৰথ: || ৪
ধৄষ্টকেতুশ্চেকিতান: কাশীৰাজশ্চ বীৰ্য্যবান |
পুৰুজিত কুন্তিভোজশ্চ শৈৱ্যশ্চ নৰপুঙ্গব: || ৫
যুধামন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্য্যবান |
সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব্ব এৱ মহাৰথা: || ৬

এই সৈন্যসকলৰ মাজত যুদ্ধত ভীম অৰ্জ্জুনৰ সমকক্ষ্ এইসকল বীৰ আছে, যেনে - যুযুধান (সাত্যকি), বিৰাট, মহাৰথী দ্ৰুপদ, বীৰ্য্যবান ধৄষ্টকেতু, চেতিকান কাশীৰাজ, নৰশ্ৰেষ্ঠ পুৰুজিত, কুন্তিভোজ, শৈব্য, মহাবিক্ৰমী যুধামন্যু, প্ৰৱল পৰাক্ৰমী উত্তমৌজা, সুভদ্ৰানন্দন অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল | এওঁলোক সকলোৱেই একো একোজন মহাৰথী |

আস্মাকং তু বিশিষ্টা যে তান্নিবোধ দ্বিজোত্তম |
নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থং তানব্ৰবীমি তে || ৭

হে দ্বিজোত্তম, আমাৰ পক্ষত যিসকল বিশিষ্ট বীৰে সৈন্য পৰিচালনা কৰিছে তেওঁলোকৰো নাম আপোনাক কৈ যাওঁ |

ভৱান ভীমশ্চ কৰ্ণশ্চ কৄপশ্চ সমিতিঞ্জয়: |
অশ্বত্থামা বিকৰ্ণশ্চ সোমদত্তিৰ্জয়দ্ৰথ: || ৮

আপুনি স্বয়ং আৰু পিতামহ ভীষ্ম, কৰ্ণ, কৄপাচাৰ্য্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত, ভূৰিশ্ৰবা আৰু জয়দ্ৰথ |

আন্যে চ বহৱ: শুৰা মদৰ্থে ত্যক্তজীবিতা: |
নানাশস্ত্ৰপ্ৰহৰণা: সৰ্ব্বে যুদ্ধবিশাৰদা: || ৯

এইসকলৰ উপৰিও (শল্য, কৄতবৰ্মা, ত্ৰিগৰ্ত, ভগদত্ত, বাহিলক) নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অনেক মহাবীৰে মোৰ হকে প্ৰাণ পৰ্য্যন্ত বিসৰ্জ্জন দিবলৈ স্স্জু হৈ আহিছে |

অপৰ্য্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম |
পৰ্য্যাপ্তং ত্বিদমেতেষাং বলং ভীমাভিৰক্ষিতম || ১০

পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আৰু পৰিচালিত আমাৰ সৈন্য সংখ্যাত অনেক, কিন্তু ভীম পৰিচালিত পান্ডৱ সৈন্য সংখ্যাত কম | (পান্ডৱৰ সৈন্য আছিল ৭ অক্ষৌহিণী আৰু কৌৰৱৰ আছিল ১১ অক্ষৌহিণী | ১০৯৩৫০ পদাতিক + ৬৫৬১০ ঘোঁৰা + ২১৮৭০ ৰথ + ২১৮৭০ হাতী = ১ অক্ষৌহিণী

অয়নেষু চ সৰ্ব্বেষু যথাভাগমৱস্থিতা: |
ভীষ্মমেৱাভিৰক্ষন্ত্ত ভবন্ত: সৰ্ব্ব এৱ হি || ১১

আপোনালোক সকলোৱে বেহুৰ সন্মুখত নিজ নিজ স্থান অধিকাৰ কৰি ভীষ্মক ৰক্ষা কৰক, কাৰন ভীষ্মৰ ওপৰতে আমাৰ জয়-পৰাজয় নিৰ্ভৰ কৰিছে |

তস্য সংজনয়ন হৰ্ষং কুৰুবৄদ্ধ: পিতামহ: |
সিংহনাদং বিনদ্যোচ্চৈ: শঙ্খং দধমৌ প্ৰতাপৱান || ১২

কুৰুবৄদ্ধ: পিতামহ ভীষ্মই দুৰ্য্যোধনৰ হৰ্ষ বৄদ্ধি কৰিবলৈ শঙ্খধ্বনি আৰু সিংহনাদ কৰিলে |

তত: শঙ্খাশ্চ ভেৰ্য্যশ্চ পণৱানকগোমুখা: |
সহসৈৱাভ্যহন্যম্ত স শব্দস্তুমুলোহভৱৎ || ১৩

তাৰ পিছত শঙ্খধ্বনি, ৰণভেৰি আদি নানা ৰণবাদ্যৰ ধ্বনিত এক তুমুল পৰিৱেশৰ সৄষ্টি হ’ল |

তত: শ্চেতৈৰ্হয়ৈৰ্যুক্তে মহতি স্যন্দনে স্থিতৌ |
মাধব: পান্ডৱশ্চৈৱ দিব্যৌ শঙ্খৌ প্ৰদধম্তু: || ১৪

তেতিয়া বগা ঘোঁৰাই টনা এখন বিশাল ৰথত অৱস্থিত শ্ৰীকৄষ্ণ আৰু অৰ্জ্জুনেও নিজ নিজ শঙ্খত ফুঁ দিলে |

পাঞ্চজন্যং হৄষীকেশো দেৱদত্তং ধনঞ্জয়: |
পৌণ্ডং দধমৌ মহাশঙ্খং ভীমকৰ্ম্মা বৄকোদৰ: || ১৫

শ্ৰীকৄষ্ণই পাঞ্চজন্য, অৰ্জ্জুনে দেৱদত্ত, মহাশক্তিশালী ভীমে পৌন্ড্ৰ নামৰ মহাশঙ্খ বাদন কৰিলে |

অনন্তবিজয়ং ৰাজা কুন্তীপুত্ৰো যুধিস্থিৰ: |
নকুল: সহদেৱশ্চ সুঘোষমণিপুষ্পকৌ || ১৬

কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় আৰু নকুল-সহদেৱে গুৰু-গম্ভীৰ মাতৰ সুঘোষ আৰু মণিপুষ্পক নামৰ শঙ্খ বজালে |

কাশ্যশ্চ পৰমেষ্বাস: শিখণ্ডী চ মহাৰথ: |
ধৄষ্টদ্যুম্নো বিৰাটশ্চ সাত্যকিশ্চাপৰাজিত: || ১৭
দ্ৰুপদো দ্ৰৌপদেয়াশ্চ সৰ্ব্বশ: পৄথিৱীপতে |
সৌভদ্ৰশ্চ মহাবাহু: শঙ্খান দধমু: পৄথক পৄথক ||১৮

মহাধনুৰ্দ্ধৰ কাশীৰাজ, মহাৰথী শিখন্ডী, ধৄষ্টদ্যুম্ন, বিৰাট, অপৰাজেয় সাত্যকি, দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰসকল, সুভদ্ৰানন্দন মহাবাহু অভিমণ্যু, সকলো বীৰেই নিজ নিজ শঙ্খ বজাবলৈ ধৰিলে |

স ঘোষো ধাৰ্ত্তৰাষ্ট্ৰাণাং হৄদয়ানি ব্যাদাৰয়ৎ
নভশ্চ পৄথিৱীঞ্চঐৱ তুমুলোতভ্যনুনাদয়ন || ১৯

এই শঙ্খৰ শব্দই পৄথিৱী আৰু নভোমন্ডল খলক লগাই ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলৰ মনত ত্ৰাসৰ সৄষ্টি কৰিলে |

অথ ব্যৱস্থিতান দৄষ্টা ধাৰ্ত্তৰাষ্টান কপিধ্বজ: |
প্ৰবৄত্তে শস্ত্ৰসম্পাতে ধনুৰুদ্যম্য পান্ডৱ: |
হৄষীকেশং তদা বাক্যমিদমাহ মহীপতে || ২০

কৌৰৱসকলক যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি শৰ সন্ধানৰ বাবে হাতত গান্ডীৱ তুলি লৈ কপিধ্বজ অৰ্জ্জুনে শ্ৰীকৄষ্ণক কলে -

অৰ্জ্জুন উৱাচ -

সেনয়োৰুভয়োৰ্মধ্যে ৰথং স্থাপয় মেত চ্যুত || ২১
যাৱদেতান্নিৰীক্ষেত হং যোদ্ধুকামানৱস্থিত্ন |
কৈৰ্ম্ময়া সহ যোদ্ধব্যমস্মিন ৰণসমুদ্যমে || ২২

অৰ্জ্জুনে কলে - হে অচ্যুত, এই যুদ্ধত মই কাৰ কাৰ সৈতে যুঁজ কৰিব লাগিব তাক যাতে চাই লব পাৰো, সেয়ে উভয় সৈন্যদলৰ মাজলৈ মোৰ ৰথ লৈ ব’লা |

য়োৎস্যমানানবেক্ষৎ হং য এতেৎত্ৰ সমাগতা: |
ধাৰ্তৰাষ্ট্ৰস্য দুৰ্ব্বুদ্ধেৰ্যুদ্ধে প্ৰিয়চিকীৰ্যৱ: || ২৩

দুষ্টবুদ্ধি দুৰ্য্যোধনৰ প্ৰিয় কাৰ্য্য সাধনত সহায় হ’বলৈনো কোন কোন আহিছে মই তাকো যাতে ভালকৈ চাই লব পাৰো |

সঞ্জয় উৱাচ -

এৱমুক্তো হৄষীকেশো গুড়াকেশেন ভাৰত |
সেনয়োৰুভয়োৰ্ম্মধ্যে স্থাপয়িত্বা ৰথোত্তমম || ২৪
ভীষ্মদ্ৰোণপ্ৰমুখত: সৰ্ব্বেষাঞ্চ মহীক্ষিতাম |
উৱাচ পাৰ্থ পশ্চৈতান সমৱেতান কুৰূনিতি || ২৫

সঞ্জয়ে কলে - হে মহাৰাজ, জিতেন্দ্ৰিয় অৰ্জ্জুনে এইদৰে কোৱাত শ্ৰীকৄষ্ণই উভয় সেনাদলৰ মাজত ভীষ্ম, দ্ৰোণ আৰু অন্যান্য ৰজাসকলৰ সন্মুখত সেই উত্তম ৰথখন ৰখাই কলে - "হে পাৰ্থ, এই সমবেত কৌৰৱ সেনানীসকলক চোৱা" |

তত্ৰাপশ্চাৎ স্থিতান পাৰ্থ: পিতৄনথ পিতামহান |
আচাৰ্য্যম্মাতুলান ভ্ৰাতৄন পুত্ৰান পৌত্ৰান সখীংস্তথা ||
শ্বশু ৰান সুহৄসশ্চৈৱ সেনয়োৰুভয়োৰপি || ২৬

অৰ্জ্জুনে তেতিয়া উভয় সৈন্যদলৰ ভিতৰত পিতামহ, পিতৃস্থানীয়, খুড়াক, আচাৰ্য্য, মাতুল, ভাই, ককাই, পো, নাতি, শহুৰ, ইষ্টমিত্ৰ, কুটুম্ব আদিক দেখা পালে |

তান সমীক্ষ্য স কৌন্তেয়: সৰ্ব্বান বন্ধু নৱস্থিতান |
কৄপয়া পৰয়াবিষ্টো বিষীদন্নিদমব্ৰবীৎ || ২৭

সকলো বন্ধু-বান্ধৱ, ইষ্টকুটুম্ব আদি আহি পৰস্পৰে যুদ্ধ কৰিবলৈ উদ্যত হোৱা দৃশ্যত দয়া পৰৱশ অৰ্জ্জুনে শোকাকুল হৈ কবলৈ ধৰিলে |

অৰ্জ্জুন উৱাচ -

দৄষ্ট্বেমান স্বজনান কৄষ্ণ যুযুৎসুন সমৱস্থিতান |
সীদন্তি মম হাত্ৰাণি মুখঞ্চ পৰিশুষ্যতি || ২৮

অৰ্জ্জুনে কলে - হে কৃষ্ণ, পৰস্পৰে যুদ্ধ কৰিবলৈ গোট খোৱা আপোন মানুহবোৰ দেখি মোৰ গোটেই শৰীৰ অৱশ হৈ পৰিছে আৰু মুখ শুকাই গৈছে |

বেপথুশ্চ শৰীৰে মে ৰোমহৰ্ষশ্চ জায়তে |
গান্ডীৱং স্ৰংসতে হস্তাং ত্বক চৈৱ পৰিদহ্যতে || ২৯

মোৰ শৰীৰত কঁপনি উঠিছে | নোমবিলাক শিয়ঁৰি উঠিছে | হাতৰ গান্ডীৱ ধনু খহি পৰিছে আৰু গাত পোৰণি উঠিছে |

ন চ শক্লোম্যৱস্থাতুং ভ্ৰমতীৱ চ মে মন: |
নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ || ৩০

হে কেশৱ, মই অস্থিৰ হৈ পৰিছো আৰু নমৰ ভ্ৰম ঘটিছে | মই অনেক ৰকমৰ কুলক্ষণ দেখা পাইছো |

ন চ শ্ৰেয়োৎনুপশ্যামি হত্বা স্বজনমাহৱে |
ন কাঙেক্ষ বিজয়ং কৄষ্ণ ন চ ৰাজ্যং সুখানি চ || ৩১

যুদ্ধত আত্মীয় স্বজনক বধ কৰি একো মঙ্গল নহয় | মই জয়ী হ’বলৈকো নিবিচাৰো, ৰাজ্য আৰু সুখ ভোগো নালাগে |

কিং নো ৰাজ্যেন গোবিন্দ কিং ভোগৈৰ্জীৱিতেন বা |
যেষামৰ্থে কাঙিক্ষতং নো ৰাজ্যং ভোগা: সুখানি চ || ৩২
ত ইমেৎ ৱস্থিতা যুদ্ধে প্ৰাণাংস্ত্যক্ত্বা ধনানি চ |
আচাৰ্য্যা: পিতৰ: পুত্ৰাস্তথৈৱ চ পিতামহা: |
মাতুলা: শ্বশুৰা: পৌত্ৰা: শ্যালা: সম্বন্ধিনস্তথা || ৩৩
এতান্ন হস্তমিচ্ছামি ঘ্নাতোৎপি মধুসুদন |
অপি ত্ৰৈলোক্যৰাজ্যস্য হেতো: কিং নু মহীকৄতে || ৩৪

হে গোবিন্দ, যাৰ কাৰনে ৰাজ্যসম্পদ, সুখ, ভোগ আদি কামনা কৰো, সেই গুৰুজন, পিতৃ-পিতামহ, ভাই-ককাই, মোমাই, শহুৰ, পুত্ৰ, নাতি, মিতিৰ, কুটুম্ব, সেই সকলোৱে ধন প্ৰাণ বিসৰ্জন দি যুদ্ধ কৰিবলৈ আহিছে | আমাৰ ৰাজ্যৰে বা প্ৰয়োজন কি ? জীৱনৰে বা প্ৰয়োজন কি ? হে মধুসুধন, এওঁলোকে আমাক বধ কৰিলেও, পৃথিৱী লাভৰ কাৰণে যে নকৰোৱেই, তিনিওলোকৰ ৰাজত্ব লাভৰ কাৰনেও মই যুদ্ধ নকৰো | ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে আমাৰ কি সুখ হব ?

নিহত্য ধাৰ্ত্তৰাষ্ট্ৰান ন: কা প্ৰীতি: স্যাজ্জনাৰ্দ্দন |
পাপমেৱাশ্ৰয়েদস্মান হত্বৈতানাততায়িন: || ৩৫
তস্মান্নাৰ্হা: বয়ং হন্তুং ধাৰ্ত্তৰাষ্ট্ৰান স্ববান্ধবান |
স্বজনং হি কথং হত্বা সুখিন: শ্যাম মাধৱ || ৩৬

এওঁলোক আততায়ী হলেও সবান্ধৱে ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে পাপেহে চুব | এওঁলোক আমাৰ আপোনজন - গতিকে বধ কৰিনো কি সুখ পাম ?

যদ্যপ্যেতে ন পশ্যন্তি লোভোপহতচেতস: |
কুলক্ষয়কৄতং দোষং মিত্ৰদ্ৰোহে চ পাতকম || ৩৭
কথং ন জ্ঞেয়মস্মাভি: পাপাদস্মান্নিৱৰ্ত্তিতুম |
কুলক্ষয়কৄতং দোষং প্ৰপশ্যদ্ভিৰ্জনাৰ্দ্দন || ৩৮

যদিও তেওঁলোকে লোভত পৰি হতবুদ্ধি হৈ কুলক্ষয় আৰু মিত্ৰদ্ৰুহৰ পাপ দেখা নাই, কিন্তু আমিতো কুলক্ষয়ৰ দোষ জানো |

কুলক্ষয়ে প্ৰণশ্যন্তি কুলধৰ্ম্মা: সনাতনা: |
ধৰ্ম্মে নষ্টে কুলং কৄৎস্নমধৰ্ম্মোৎ ভিভৱত্যুত || ৩৯

কুলক্ষয় হ’লে সনাতন ধৰ্ম অৰ্থাৎ পৰম্পৰা প্ৰাপ্ত প্ৰচলিত আচাৰ নীতি নাশ হৈ ভ্ৰষ্টাচাৰে সমস্ত কুলধৰ্ম কলুষিত কৰে |

অধৰ্ম্মাভিভৱাৎ কৃষ্ণ প্ৰদুষ্যন্তি কুলস্ত্ৰিয়:
স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্ণেয় জায়তে বৰ্ণ-সংকৰ: | ৪০

হে কৃষ্ণ, বংশত অধৰ্ম্ম সোমালে তিৰোতাবোৰ ব্যাভিচাৰিণী হয় | ব্যাভিচাৰিণী হলে বৰ্ণ সঙ্কৰৰ উত্‍পত্তি হয় |

সঙ্কবো নৰকায়ৈৱ কুলঘ্নানাং চ |
পতন্তি পিতৰো হ্যেষাং লুপ্তপিণ্ডোদকক্ৰিয়া || ৪১

বৰ্ণ সঙ্কৰবোৰ কুলঘাতীসকলৰ নিজৰ আৰু গোটেই বংশৰ নৰকগামী হোৱাৰ কাৰণ হয় | কাৰণ পিতৄসকলৰ জলপিণ্ড লুপ্ত হৈ নৰক বাস হয় |

দোষৈৰেতৈ: কুলঘ্নানাং বৰ্ণসঙ্কৰকাৰকৈ: |
উত্‍সাদ্যন্তে জাতিধৰ্ম্মা: কুলধৰ্ম্মাশ্চ শাশ্চতা: || ৪২

কুলঘাতীসকলৰ বৰ্ণ সঙ্কৰ উত্‍পাদন কৰ্ম্মৰ দোষতে চিৰাচৰিত কুলধৰ্ম্ম আৰু জাতি ধৰ্ম্ম নাশ হয় |

উত্‍সন্নকুলধৰ্ম্মানাং মনুষ্যাণাং জনাৰ্দ্দন |
নৰকে নিয়তং বাসো ভবতীত্যনুশুশ্ৰুম || ৪৩

হে জনাৰ্দ্দন, আমি শুনিছো যে কুলধৰ্ম্ম নষ্ট হলে চিৰকাল নৰক বাস হয় |

অহো বত মহত্‍ কৰ্ত্তুং ব্যৱসিতা বয়ম |
যদ ৰাজ্যসুখলোভেন হন্ত্তুং স্বজনমুদ্যতা: || ৪৪

হায় হায়, আমি ৰাজ্য লোভত জ্ঞাতিবধ জনিত মহাপাপ কৰিবলৈ ওলাইছো |

যদি মাম প্ৰতীকাৰমশস্ত্ৰং শস্ত্ৰপাণয়: |
ধাৰ্ত্ত ৰাষ্ট্ৰা ৰণে হন্যুস্তন্মে ক্ষেমতৰং ভৱেত্‍ || ৪৫

মোক যদি নিৰস্ত্ৰ বা আত্মৰক্ষা কৰিবলৈ কোনো চেষ্টা নকৰা অৱস্থাত কৌৰৱগণে ৰণত বধো কৰে সিও মোৰ কল্যানৰ কাৰণেহে হ’ব |

সঞ্জয় উৱাচ -

এৱমুক্তাৰ্জ্জুন: সঙ্খ্যে বথোপস্থ উপাবিশত্‍ |
বিসৄজ্য সশৰং চাপং শোকসং বিগ্নমানস: || ৪৬

সঞ্জয়ে ক’লে - শোক কাতৰচিত্ত অৰ্জ্জুনে এইদৰে নিজৰ হৄদয় বেদনা কৄষ্ণৰ আগত প্ৰকাশ কৰি যুদ্ধক্ষেত্ৰত ধনু-শৰ ত্যাগ কৰি শোকাভিভুত হৈ বিষণ্ণ মনে ৰথৰ ওপৰত বহি পৰিল |

ইতি শ্ৰীমহাভাৰতে শতসাহাস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম-
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুন-সম্বাদে
অৰ্জ্জুনবিষাদযোগো নাম প্ৰথমোত্‍অধ্যায় |