শ্ৰীমদ্ভগৱদগীতা/দ্বাদশ অধ্যায় – ভক্তিযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

অৰ্জ্জুন উৱাচ -

এবং সততযুক্তা যে ভক্তাস্ত্বাং পৰ্য্যুপাসতে |
যে চাপ্যক্ষৰমব্যক্তং তেষাং কে যোগবিত্তমা: || ১

অৰ্জ্জুনে ক’লে - এইদৰে যিসকল ভক্তই সৰ্ব্বদা অনন্যপৰায়ণ হৈ তোমাক (সগুণ ব্ৰক্ষ্মক - বিশ্বৰূপক) উপাসনা কৰে আৰু যিসকলে ইন্দ্ৰিয়াদিৰ অগোচৰ (নাম-ৰূপ বৰ্জ্জিত) অক্ষৰ পৰব্ৰক্ষ্মক (নিৰ্গুণ ব্ৰক্ষ্মক) উপাসনা কৰে - এই উভয়বিধ উপাসকৰ ভিতৰত কোনবিধ শ্ৰেষ্ঠ যোগী ?

শ্ৰীভগৱান উৱাচ -

ময্যাবেশ্য মনো যে মাংস নিত্যযুক্তা উপাসতে |
শ্ৰদ্ধয়া পৰয়োপেতাস্তে মে যুক্ততমা মতা: || ২

শ্ৰীভগৱানে ক’লে - হে অৰ্জ্জুন, যিসকলে মোতে (সগুণ ঈশ্বৰ ৰূপত) চিত্ত নিবিষ্ট কৰি নিত্যযুক্ত হৈ পৰম শ্ৰদ্ধা সহকাৰে মোৰ উপাসনা কৰে সেই সকলেই শ্ৰষ্ঠ যোগী বুলি মই বিবেচনা কৰোঁ |

যে ত্বক্ষৰমনিৰ্দ্দেশ্যমব্যক্তং পৰ্য্যুপাসতে |
সৰ্ব্বত্ৰগমচিন্ত্যঞ্চ কুটস্থমচলং ধ্ৰুবম || ৩
সংনিয়ম্যেন্দ্ৰিয়গ্ৰামং সৰ্ব্বত্ৰ সমবুদ্ধয়: |
তে প্ৰাপ্নু মামেব সৰ্ব্বভূতহিতে ৰতা: || ৪

কিন্তু যিসকলে সৰ্ব্বত্ৰ ব্ৰক্ষ্ম দৃষ্টি পৰায়ণ হৈ সকলো জীৱৰ হিতসাধনত নিজক নিযুক্ত কৰি, ইন্দ্ৰিয়বোৰক (বাহ্যবিষয়ৰ আকৰ্ষণৰ পৰা) যথাযথভাৱে সংযত ৰাখি সৰ্ব্বগামী, অচিন্ত্যনীয়, নিৰ্ব্বিকাৰ, নিষ্ক্ৰিয়, সনাতন, অনিৰ্দ্দেশ্য আৰু অব্যক্ত অক্ষৰ ব্ৰক্ষ্মক উপাসনা কৰে, তেওঁলোকেও মোকেই লাভ কৰে |

ক্লেশোত্‍ ধিকতৰস্তেষামব্যক্তাসক্তচেতসাম |
অব্যক্তা হি গতিৰ্দু:খং দেহৱদ্ভিৱাপ্যতে || ৫

সেই অব্যক্ত অৰ্থাত্‍ নিৰুপাধি ব্ৰক্ষ্মত চিত্ত আসক্ত হোৱা সকলৰ (সিদ্ধিলাভ কৰিবলৈ) ক্লেশ অধিকতৰ হয় | কাৰণ যেতিয়ালৈকে দেহাভিমান থাকে, তেতিয়ালৈকে অব্যক্ত উপাসনাত সিদ্ধি লাভ কৰা অতি কষ্টসাধ্য হয় |

যে তু সৰ্ব্বাণি কৰ্ম্মাণি ময়ি সংন্যস্য মত্পাৰা: |
অনদ্যেনৈৱ যোগেন মাং ধ্যায়ন্ত উপাসতে || ৬
তেষামহং সমুদ্ধৰ্ত্তা মৃত্যুসংসাৰসাগৰাত্‍ |
ভৱামি ন চিৰাত্‍ পাৰ্থ ম ষ্যাবেশিতচেতসাম || ৭

যিসকলে সকলো কৰ্ম্ম মোতে সমৰ্পণ কৰি একান্তভাৱে মোতে চিত্তযুক্ত কৰি মোৰ ধ্যানতে ৰত হৈ মোৰ উপাসনা কৰে, হে অৰ্জ্জুন, সেই মদগতচিত্ত ভক্তসকলৰ মই মৃত্যু ৰূপ সংসাৰ সাগৰৰ পৰা অচিৰে উদ্ধাৰ কৰ্ত্তা হওঁ |

ময্যেৱ মন আধত্স্বা ময়ি বুদ্ধিং নিৱেশয় |
নিৱসিষ্যসি ময্যেৱ অত ঊৰ্ধ্বং ন সংশয়: || ৮

তুমি মোতে মন স্থিৰ কৰী, মোতে বুদ্ধি সন্নিবিষ্ট কৰা, তাৰ পাচত দেহান্ত হ’লে মোতে বাস কৰিবা তাত কোনো সংশয় নাই |

অথ চিত্তং সমাধাতুং ন শক্লোষি ময়ি স্থিৰম |
অভ্যাসযোগেন ততো মামিচ্ছাপ্তুং ধনঞ্জয় || ৯

হে ধনঞ্জয়, তুমি যদি মোতে স্থিৰভাৱে চিত্তক সমাহিত কৰিব নোৱাৰা, তেন্তে অভ্যাস যোগৰ দ্বাৰা চিত্তক অন্য সকলো বিষয়ৰ পৰা পত্যাহাৰ কৰি মোক লাভ কৰিবলৈ যত্ন কৰা |

অভ্যাসেত্‍ প্যসমৰ্থোত্‍ সি মত্ক ৰ্ম্মপৰমো ভৱ |
মদৰ্থমপি কৰ্ম্মাণি কুৰ্ব্বন সিদ্ধিমৱাপ্স্যসি || ১০

যদি অভ্যাস যোগতো অসমৰ্থ হোৱা, তেন্তে মোৰ প্ৰীতিৰ নিমিত্তে যাৱতীয় কৰ্ম্ম কৰাতো তোমাৰ লক্ষ্য কৰি লোৱা | মোৰ নিমিত্তে কৰ্ম্মসমূহৰ আচৰণ কৰোতে কৰোতেই সিদ্ধি লাভ কৰিব পাৰিবা |

অথৈতদপ্যশক্তোত্‍ সি কৰ্ত্তুং মদযোগমাশ্ৰিত: |
সৰ্ব্বকৰ্ম্মফলত্যাগং তত: কুৰু যতাত্মবান || ১১

যদি ইয়াকো কৰিবলৈ অসমৰ্থ হোৱা, মোৰ যোগ আশ্ৰয় কৰি (অৰ্থাত্‍ সকলো ঈশ্বৰৰ কৰ্ম্ম মোৰ দ্বাৰা কৰাইছে এই ভাৱনাৰে) সংযত চিত্ত হৈ সৰ্ব্ব কৰ্ম্মৰ ফলত্যাগ কৰা | অৰ্থাত্‍ ঈশ্বৰহে কৰ্ম্মফল দাতা এই বিশ্বাস কৰি সকলো কৰ্ম্মৰ ফল মোত অৰ্পণ কৰা |

শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাদ্ধ্যানং বিশিষ্যতে |
ধ্যানাং কৰ্ম্মফলত্যাগস্ত্যাগাচ্ছান্তিৰনন্তৰম || ১২

অবিবেক পূৰ্ব্বক অভ্যাস যোগতকৈ জ্ঞান শ্ৰেষ্ঠ, জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ, ধ্যানতকৈ কৰ্ম্মফল ত্যাগ শ্ৰেষ্ঠ, ত্যাগৰ পাছত শান্তি লাভ হয় (কৰ্ম্মফলৰ আকাঙ্ক্ষা থাকিলে শান্তি লাভ কৰিব নোৱাৰে) |

অদ্বেষ্টা সৰ্ব্বভূতানাং মৈত্ৰ: কৰুণ এৱ চ |
নিৰ্ম্মমো নিৰহঙ্কাৰ: সমদু:খ ক্ষমী || ১৩
সন্তুষ্ট: সততং যোগী যতাত্মা দৃঢ়নিশ্চয়: |
ময্যৰ্পিতমনোবুদ্ধিৰ্য্যো মদ ভক্ত: স মে প্ৰিয়: || ১৪

মোৰ যিজন ভক্ত সকলো প্ৰাণীৰ প্ৰতি হিংসাশূন্য, মিত্ৰ ভাৱাপন্ন আৰু দয়ালু, যাৰ মোৰ (মন) আৰু মই (অহঙ্কাৰ) ভাব নাই, যাৰ দুখ সুখ সমান, যি ক্ষমাশীল, সদাসন্তুষ্ট, সংযত স্বভাৱ আৰু (তত্ত্বজ্ঞান লাভৰ কাৰণে) দৃঢ় অধ্যাৱসায়ী, যাৰ মন আৰু বুদ্ধি মোত সমৰ্পিত তেৱেঁই মোৰ প্ৰিয় |

যস্মান্নোদ্বিজতে লোকো লোকান্নোদ্বিজতে চ য: |
হৰ্ষামৰ্ষভয়োদ্বেগৈৰ্মুক্তো য: স চ মে প্ৰিয়: || ১৫

যাৰ পৰা জগতৰ কোনো প্ৰাণীয়ে উদ্বেগ নহয় আৰু যি নিজেও কোনো প্ৰাণীৰ পৰা উদ্বেগ বোধ নকৰে, যি আনন্দ, ক্ৰোধ, ভয় আৰু উদ্বেগৰ পৰা মুক্ত তেওঁ মোৰ প্ৰিয় |

অনপেক্ষ: শুচিৰ্দক্ষ: উদাসীনো গতব্যথ: |
সৰ্ব্বাৰম্ভপৰিত্যাগী যো মদ্ভক্ত: স মে প্ৰিয়: || ১৬

মোৰ যিজন ভক্ত নিস্পৃহ, পৱিত্ৰ, কৰ্ম্মকুশল, উদাসীন, ব্যাথাহীন আৰু সকাম কৰ্ম্ম পৰিত্যাগী, তেওঁ মোৰ প্ৰিয় |

যো ন হৃষ্যতি ন দ্বেষ্টি ন শোচতি ন কাঙ্ক্ষতি |
শুভাশুভপৰিত্যাগী ভক্তিমান য: স মে প্ৰিয়: || ১৭

যাৰ (ইষ্ট প্ৰাপ্তিত) আনন্দ নাই, (অনিষ্ট লাভত) ক্ৰোধ নাই, (প্ৰিয় বিয়োগত) শোক নাই আৰু (অপ্ৰাপ্ত বস্তুলৈ) আকাঙ্ক্ষা নাই, যি শুভ-অশুভ উভয়কে পৰিত্যাগ কৰিছে, যি ভক্তিমান, তেওঁ মোৰ প্ৰিয় |

সম: শত্ৰৌ চ মিত্ৰে চ তথা মানাপমানয়ো: |
শীতোষ্ণসুখদু:খেষু সম: সঙ্গবিবৰ্জ্জিত: | ১৮
তুল্যনিন্দাস্তুতিৰ্ম্মৌনী সন্তুষ্টো যেন কেনচিত্‍ |
অনিকেত: স্থিৰমতিৰ্ভক্তিমান মে প্ৰিয়ো নৰ: || ১৯

যি সকলো প্ৰকাৰ বিষয়াসক্তি পৰিত্যাগ কৰি শত্ৰু-মিত্ৰ, মান-অপমান, জাৰ-জহ, সুখ-দুখ, নিন্দা-প্ৰশংসা সকলোতে সমভাৱাপন্ন, যাৰ বাক্য সংযত, যাৰ সকলো অৱস্থাতে সন্তুষ্ট, যাৰ নিৰ্দ্দিষ্ট বাসস্থান নাই, যাৰ চিত্ত অবিচলিত সেই ভক্তিমান পুৰুষ মোৰ প্ৰিয় |

যে তু ধৰ্ম্মামৃতমিদং যথোক্তং পৰ্য্যুপাসতে |
শ্ৰদ্দধানা মত্পতৰমা ভক্তাস্তৈত্তীাৱ মে প্ৰিয়া: || ২০

যি সকল শ্ৰদ্ধাশীল ভক্তই এই অমৃতময় ধৰ্ম্মোপদেশ যথোক্ত ভাবে গ্ৰহণ কৰি পালন কৰিব পাৰে, তেওঁলোক মোৰ অতিশয় প্ৰিয় হয় |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সুল ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
ভক্তিযোগো নাম দ্বাদশোত্ধ্যা য়: ||