শ্ৰীমদ্ভগৱদগীতা/ত্ৰয়োদশ অধ্যায় – ক্ষেত্রক্ষেত্রজ্ঞবিভাগযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

অৰ্জ্জুন উৱাচ -

প্ৰকৃতিং পুৰুষঞ্চৈৱ ক্ষেত্ৰং ক্ষেত্ৰজ্ঞমেৱ চ |
এতদৱেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ঞ্চ কেশৱ || ১

অৰ্জ্জুনে ক’লে - হে কেশৱ, মই প্ৰকৃতি-পুৰুষ, ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, জ্ঞান-জ্ঞেয় এইবিলাকৰ তত্ত্ব জানিব খোজো |

শ্ৰীভগৱান উৱাচ -

ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে |
এতদ যো বেত্তি তং প্ৰাহু: ক্ষেত্ৰজ্ঞ ইতি তদবিদ: || ২

শ্ৰীভগৱানে ক’লে - হে কৌন্তেয়, এই ভোগায়তন শৰীৰক ক্ষেত্ৰ বুলি কোৱা হয় আৰু যি এই শৰীৰক জানে, অৰ্থাত্‍ উপভোগ কৰে সেইজনক ক্ষেত্ৰজ্ঞ বুলি তত্ত্ববিদসকলে কয় |

ক্ষেত্ৰজ্ঞঞ্চাপি মাং বিদ্ধি সৰ্ব্বক্ষেত্ৰেষু ভাৰত |
ক্ষেত্ৰক্ষেত্ৰজ্ঞয়োৰ্জ্ঞানং যত্তজজ্ঞানং মতং মম || ৩

হে ভৰতবংশোদ্ভৱ, সকলো ক্ষেত্ৰতে অৱস্থিত মোকে ক্ষেত্ৰজ্ঞ বুলি জানিবা | মোৰ মতে ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ জ্ঞানেই প্ৰকৃত জ্ঞান |

তত্‍ ক্ষেত্ৰং যচ্চ যাদৃক চ যদবিকাৰি যতশ্চ যত্‍ |
স চ যো যত্প্ৰ্ভাৱশ্চ তত্ৃ‍ সমাসেন মে শৃণু || ৪

সেই ক্ষেত্ৰ কি, কি ধৰ্ম্মবিশিষ্ট, কেনে বিকাৰযুক্ত, কিহৰ পৰা তাৰ উত্প্ত্তি আৰি ক্ষেত্ৰজ্ঞনো কোন আৰু তেওঁৰে বা কি প্ৰভাৱ এই সকলোবোৰ মোৰ পৰা সংক্ষেপে শুনা |

ঋষিভিৰ্বহুধা গীতং ছন্দোভিবিবিধৈ: পৃথক |
ব্ৰক্ষ্মসূত্ৰপদৈশ্চৈৱ হেতুমদ্ভিৰ্বিনিশ্চতৈ: || ৫

(এই ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিবেক) ঋষিসকলে বহু প্ৰকাৰে বৰ্ণনা কৰিছে, বেদ চতুষ্টয় আৰু তাৰ শাখাসমূহেও বেলেগ বেলেগ ইয়াৰ নিৰ্ণয় কৰিছে, নিশ্চয়াত্মক যুক্তিযুক্ত, ব্ৰক্ষ্মস্বৰূপ বোধক (উপনিষদ) বাক্যসমূহৰ দ্বাৰাও এই তত্ত্ব অসন্দিগ্ধভাৱে প্ৰতিপাদিত হৈছে |

মহাভূতান্যঙ্কাৰো বুদ্ধিৰব্যক্তমেৱ চ |
ইন্দ্ৰিয়াণি দশৈকঞ্চ পঞ্চ চেন্দ্ৰিয়গোচৰা: || ৬
ইচ্ছা দ্বেষ: সুখং দুখং সঙ্ঘাতশ্চেতনা ধৃতি: |
এতত্‍ ক্ষেত্ৰং সমাসেন সবিকাৰমুদ্ৰাহৃতম || ৭

(ক্ষিতি অপ তেজ: মৰুত্‍ ব্যোম) এই পঞ্চ মহাভূত, অহঙ্কাৰ বুদ্ধি (মহত্বত্ত্ব) অব্যক্ত (প্ৰকৃতি) মন, দশ ইন্দ্ৰিয় (নাসিকা, জিহ্বা, চক্ষু, ত্বক, কৰ্ণ, বাক, পাণি, পাদ, পায়ু, উপস্থ), পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ বিষয় (গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ) (যাক সাংখ্যকাৰসকলে চতুৰ্বিংশতি তত্ত্ব বুলি অভিহিত কৰিছে) ইচ্ছা, দ্বেষ, সুখ, দু:খ, সংঘাত, চেতনা, ধৃতি (ধৈৰ্য্য), বিকাৰ, এইবোৰ পদাৰ্থ আৰু যাৱতীয় সবিকাৰ বা পৰিণামী বস্তু সকলোৱেই সংক্ষেপত: ক্ষেত্ৰ বুলি অভিহিত হয় |

অমানিত্বমদদ্ভিত্বমহিংসা ক্ষান্তি ৰাৰ্জবম |
আচাৰ্যোপাসনং শৌচং স্থৈৰ্যমাত্মবিনিগ্ৰহ: || ৮
ইন্দ্ৰিয়াৰ্থেষু বৈৰাগ্যমনহঙ্কাৰ এৱ চ |
জন্ম-মৃত্যু-জৰা-ব্যাধি-দু:খ-দোষোনুদৰ্শনম || ৯
অসক্তিৰনভিষ্বঙ্গ: পুত্ৰদ্বাৰগৃহাদিষু |
নিত্যঞ্চ সমচিত্তত্বমিষ্টানিষ্টোপপত্তি ষু || ১০
ময়ি চানন্যযোগেন ভক্তিৰব্যভিচাৰিণী |
বিবিক্তদেশসেবিত্বমৰতিৰ্জনসংসদি || ১১
অধ্যাত্ম জ্ঞান নিত্যত্বং তত্ত্বজ্ঞানাৰ্থদৰ্শনম |
এতজ জ্ঞানমিতি প্ৰোক্তমজ্ঞানং যদতোত্ন্য্থা || ১২

অমানিত্ব (অভিমনন শূন্যতা), অদাম্ভিকতা, অহিংসা, সহিষ্ণুতা, সৰলতা, গুৰুসেৱা, সদাচাৰ, স্থিৰতা, আত্ম-সংযম, ইন্দ্ৰিয়ৰ ভোগ্যসমূহত বিৰাগ, নিৰহঙ্কাৰতা, জন্ম-মৃত্যু-জৰা-ব্যাধি, দুখ আদি দোষৰ পুন:পুন: আলোচনাৰ মানসিক প্ৰবৃত্তি, বিষয়ৰ প্ৰতি বিৰক্তি, পুত্ৰ-পত্নী, গৃহাদিত অনাসক্তি, ইষ্ট-অনিষ্ট লাভত সদায় সমচিত্ততা, একনিষ্ঠভাৱে মোৰ প্ৰতি অচলা ভক্তি, নিৰ্জ্জন বাসত ৰতি, লোক সমাজত অৰুচি, সদায় অধ্যাত্মজ্ঞানৰ অনুশীলন আৰু তত্ত্বজ্ঞানৰ ফল স্বৰূপ মোক্ষবিষয়ক আলোচনা, এইবোৰকেই জ্ঞান বুলি কোৱা হয় আৰু ইয়াৰ বিপৰীতে অন্য যিবোৰ আছে সেই সমস্তই অজ্ঞান |

জ্ঞেয়ং যত্‍ তত্‍ প্ৰৱক্ষ্যামি যজ জ্ঞাত্বাত্মৃ,তমশ্লুতে |
অনাদিমত্‍ পৰং ব্ৰক্ষ্ম ন সত্‍ তন্নাসদুচ্যতে || ১৩

যি জ্ঞেয় তাকো কৈছে - যাক জানিলে অমৃতত্ত্ব (মোক্ষ) লাভ হ’ব পাৰে সেয়ে জ্ঞেয় অনাদি শাশ্বত পৰব্ৰক্ষ্ম | তেওঁক ’সদ’ বা ’অসদ’ একোকে ক’ব নোৱাৰি |

সৰ্ব্বত: পাণিপাদং তত্‍ সৰ্ব্বোতোত্‍ ক্ষিশিৰোমুখম |
সৰ্ব্ব: শ্ৰুতিমল্লোকে সৰ্ব্বমাবৃত্য তিষ্ঠতি || ১৪

সেই তেওঁ (জ্ঞেয় ব্ৰক্ষ্ম) সকলো দিশে (অনন্ত) হস্ত পদ যুক্ত, তেওঁৰ চকু, মূৰ, সকলো দিশতে (বিদ্যামান), সৰ্ব্বত্ৰ তেওঁৰ শ্ৰৱণেন্দ্ৰিয় বিৰাজমান, বিশ্বৰ সকলো প্ৰাণীৰ শৰীৰকেই নিজ সত্বাৰে (সম্পূৰ্ণভাৱে) আবৃত কৰি তেওঁ বৰ্ত্তমান আছে |

সৰ্ব্বেন্দ্ৰিয়গুণাভাসং সৰ্ব্বেন্দ্ৰিয়বিবৰ্জ্জিতম |
অসক্তং সৰ্ব্বভৃচ্চৈৱ নিৰ্গুণং গুণভোক্ত্ব চ || ১৫

(সেই জ্ঞেয় ব্ৰক্ষ্ম) সকলো ইন্দ্ৰিয় বৰ্জ্জিত, অথচ সমুদায় ইন্দ্ৰিয়সমূহৰ গুণৰাশি তেওঁত প্ৰতিভাত, তেওঁ একোতে সংলগ্ন নহয়, অথচ যাৱতীয় সকলো পদাৰ্থ ধাৰণ কৰি আছে, তেওঁত কোনো গুণ বিদ্যমান নাই, অথচ তেৱেঁই সকলো গুণ উপভোগ কৰে |

বহিৰন্তশ্চ ভূতানামচৰং চৰমেৱ চ |
সূক্ষ্মত্বাত্‍ তদবিজ্ঞেয়ং দুৰস্থং চান্তিকে চ তত্‍ || ১৬

(সেই জ্ঞেয় ব্ৰক্ষ্ম) সৰ্ব্বভূতৰ অন্তৰত আৰু বাহিৰতো বিৰাজমান | তেওঁ চৰ (গতিশীল) অথচ অচৰো (স্থিৰ), তেওঁ অতি সূক্ষ্ম হেতুকে জ্ঞানৰ অগোচৰ | তেওঁ (অজ্ঞানীৰ পক্ষে) দুৰস্থ আৰু (জ্ঞানীৰ পক্ষে) সমীপস্থ |

অবিভক্তঞ্চ ভুতেষু বিভক্তমিৱ চ স্থিতম |
ভূতভৰ্ত্তৃ চ তেজজ্ঞেয়ং গ্ৰসিষ্ণুং প্ৰভবিষ্ণু চ || ১৭

সেই জ্ঞেয় (ব্ৰক্ষ্ম) অবিভক্ত (সমগ্ৰ বিশ্ব তেওঁৰ এক অদ্বিতীয় প্ৰকাশ হেতুকে তেওঁৰ কোনো ভাগ নাই) | সমস্ত জীৱকুলত যেন তেওঁ ভাগ ভাগ হৈ আছে | তেওঁ (সমস্ত জীৱকুলত) প্ৰাণীসমূহৰ প্ৰতিপালক, (প্ৰলয় কালত) গ্ৰাস কৰোতা (সংহাৰক) আৰু (পুষ্টিকালত) তেৱেঁই সৃষ্টিকৰ্ত্তা |

জ্যোতিষামপি তজ্জ্যোতিস্তমস: পৰমুচ্যতে |
জ্ঞানং জ্ঞেয়ং জ্ঞানগম্যং হৃদি সৰ্ব্বস্য ধিষ্ঠিতম || ১৮

তেওঁ (জ্ঞেয় ব্ৰক্ষ্ম) জ্যোতিষ্ক মণ্ডলীৰ জ্যোতি, তেওঁ অজ্ঞান-স্বৰূপ অন্ধকাৰৰ অতীত, তেওঁ জ্ঞান, তেওঁ জ্ঞেয় আৰু জ্ঞানৰ ফলো তেৱেঁই | (এই তিনি ভাৱত) জ্ঞান, জ্ঞেয় আৰু জ্ঞানফল ৰূপে সকলো প্ৰাণীৰ হৃদয়ত তেৱেঁই (বুদ্ধিত) বিশেষভাৱে অৱস্থিত হৈ আছে |

ইতি ক্ষেত্ৰং তথা জ্ঞানং জ্ঞেয়ঞ্চোক্তং সমাসত |
মদ্ভক্ত একদবিজ্ঞায় মদ্ভাবায়োপপদ্যতে || ১৯

ক্ষেত্ৰ, জ্ঞান আৰি জ্ঞেয় বস্তুৰ স্বৰূপ সম্বন্ধে সংক্ষেপে কোৱা হ’ল | মোৰ ভক্তই এই তিনিওটিৰ স্বৰূপ ভালকৈ বুজিলে মোক লাভ কৰিবৰ যোগ্য হয় |

প্ৰকৃতিং পুৰুষঞ্চৈৱ বিদ্ধ্যনাদী উভাৱপি |
বিকাৰাংশ্চ গুণাংশ্চৈৱ বিদ্ধি প্ৰকৃতিসদ্ভাবান || ২০

প্ৰকৃতি আৰু এই উভয়কে অনাদি বুলি জানিবা | দেহ, ইন্দ্ৰিয় আদি বিকাৰসমূহে আৰু সুখ-দুখ আদি গুণসমূহো প্ৰকৃতিৰ পৰাই উদ্ভৱ হৈছে বুলি বুজিবা |

কাৰ্য্যকাৰণকৰ্ত্তৃত্বে হেতু: প্ৰকৃতিৰুচ্যতে |
পুৰুষ: সুখদু:খানাং ভোক্তৃত্বে হেতুৰুচ্যতে || ২১

কাৰ্য্য কাৰণ আৰু কৰ্ত্তৃত্ব বোধৰ প্ৰতি প্ৰকৃতিক হেতু বুলি কোৱা হয় - (জাগতিক ক্ৰমপৰিণতিৰ স্বাভাবিক নিয়মানুসাৰে কাৰ্য্য-কৰণসমূহ সংঘটিত হ’ব লাগিছে আৰু পুৰুষৰ কৰ্ত্তৃত্বাভিমান বা অহং বুদ্ধিও প্ৰাকৃতিক নিয়মেই উত্পিন্ন হয়) আৰু সুখ-দুখ আদি ভোগৰ বিষয়ে (ক্ষেত্ৰজ্ঞ) হেতু বুলি কয় | (পুৰুষ কেৱল ভোক্তা, দ্ৰষ্টা বা সাক্ষী | সাংখ্যাচাৰ্য্যসকলেও এইদৰেই কয় |)

পুৰুষ: প্ৰকৃতিস্থো হি ভুঙক্তে প্ৰকৃতিজান গুণান |
কাৰণং গুণসঙ্গোত্‍ স্য সদসদযোনিজন্মসু || ২২

যি হেতুকে পুৰুষে প্ৰকৃতিক আশ্ৰয় কৰি প্ৰকৃতিজাত গুণবোৰ সুখ-দুখ আদি বিষয় ভোগ কৰে, সেই কাৰণে প্ৰকৃতিজাত গুণসমূহত আসক্তিয়েই এই পুৰুষৰ সত্‍ বা অসত্‍ যোনিসমূহত জন্ম লাভৰ কাৰণ হৈ পৰে |

উপদ্ৰষ্টানুমন্তা চ ভৰ্ত্তা ভোক্তা মহেশ্বৰ: |
পৰমাত্মেতি চাপ্যুক্তো দেহেত্‍ স্মিন পুৰুষ: পৰ: || ২৩

এই দেহত প্ৰকৃতিৰ সকলো ক্ৰিয়াৰ প্ৰত্যক্ষদৰ্শী, অনুমোদনকাৰী, পৰিপালক, ভোক্তা আৰু প্ৰকৃতিৰো নিয়ন্তা (মহেশ্বৰ), পৰম পুৰুষ বিদ্যামান আছে | তেওঁক (শ্ৰুতিত) পৰমাত্মা বুলিও কোৱা হৈছে |

যা এৱং বেত্তি পুৰুষং প্ৰকৃতিঞ্চ গুণৈ: সহ |
সৰ্ব্বথা বৰ্ত্তমানোত্‍ পি ন স ভুয়োত্‍ ভিজায়তে || ২৪

যি এইদৰে পুৰুষক আৰু গুণসমূহেৰে সৈতে বৰ্ত্তমান প্ৰকৃতিক জানিব পাৰে, তেওঁ সৰ্ব্বপ্ৰকাৰে প্ৰৱৰ্ত্তন আচৰণ কৰিলেও আকৌ এই সংসাৰত জন্ম গ্ৰহণ নকৰে |

ধ্যানেনাত্মনি প্ৰশ্যন্তি কেচিদাত্মানমাত্মনা |
অন্যে সাংখ্যেন যোগেন কৰ্ম্মযোগেন চাপৰে || ২৫

কোনো কোনো সাধকে বিশুদ্ধ অন্ত:কৰণৰ সহায়ত ধ্যানৰ দ্বাৰা আত্মাত পৰমাত্মাক দেখিবলৈ পায় | কোনোৱে সাংখ্যাযোগৰ (চতুৰ্ব্বিংশতি তত্ত্বাভ্যাসৰ) দ্বাৰা (আত্মদৰ্শন কৰে) আৰু অন্য কিছুমান সাধকে কৰ্ম্মযোগৰ দ্বাৰা (আত্মদৰ্শন লাভ কৰে) |

অন্যে ত্বেবমজানন্ত: শ্ৰুতাত্‍ ন্যেভ্য উপাসতে |
তেত্‍ পি চাতিতৰন্ত্যেৱ মৃত্যুং শ্ৰুতিপৰায়ণা: || ২৬

আকৌ অন্য কিছুমান সাধকে (পৰমাত্মাদৰ্শনৰ) এইবিলাক পন্থাৰ কোনোটোকে নাজানিলেও আনৰ পৰা (আচাৰ্য্য গুৰু আদিৰ পৰা) শুনি শ্ৰদ্ধাৰে সৈতে উপাসনা কৰে | আচাৰ্য্যসকলৰ উপদেশ বাণীকে বিশ্বাসেৰে সৰোগত কৰি লোৱা সেইসকলেও মৃত্যুক নিশ্চিত অতিক্ৰম কৰিব পাৰে |

যাৱত্‍ সঞ্জায়তে কিঞ্চিত্‍ সত্বং স্থাৱৰজঙ্গমম |
ক্ষেত্ৰক্ষেত্ৰসংযোগাত্‍ তদবিদ্ধি ভৰতৰ্ষভ || ২৭

হে ভাৰত কুল প্ৰদীপ, স্থাৱৰ আৰু জঙ্গমত যি কোনো বস্তু উত্পেন্ন হয়, সেই সমস্তই ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ সংযোগত উত্পআন্ন বুলি জানিবা |

সমং সৰ্ব্বেষু ভূতেষু তিষ্ঠন্তং পৰমেশ্বৰম |
বিনশ্যত্‍ স্ববিনশ্যন্তং য: পশ্যতি স পশ্যতি || ২৮

ব্ৰক্ষ্মাদি স্থাৱৰান্ত সকলো বিনাশশীল প্ৰাণীত অবিনাশী আৰু সমভাৱে বিদ্যমান থকা পৰমেশ্বৰক যিজনে দেখিবলৈ পায়, তেওঁ (প্ৰকৃততে পৰমাত্মাতত্ত্ব) দৰ্শন কৰে |

সমং পশ্যম হি সৰ্ব্বত্ৰ সমৱস্থিতমীশ্বৰম |
ন হিতস্ত্যাত্মনাত্মানং ততো যাতি পৰাং গতিম || ২৯

যি হেতুকে সকলো প্ৰাণীত সমভাৱে অৱস্থান কৰা ঈশ্বৰক দেখিবলৈ পোৱা জনে নিজে নিজক হিংসা নকৰে তাৰ ফলত তেওঁ পৰম গতি (মোক্ষ) লাভ কৰে |

প্ৰকৃতৈব্য চ কৰ্ম্মাণি ক্ৰিয়মাণানি সৰ্ব্বশ: |
য: পশ্যতি তথাত্মানমকৰ্ত্তাৰং স পশ্যতি || ৩০

জাগতিক সকলো কৰ্ম্ম প্ৰকৃতি দ্বাৰায়েই সৰ্ব্বপ্ৰকাৰে সম্পাদিত হৈ আছে, আত্মাই (ক্ষেত্ৰজ্ঞই) একো নকৰে, যি এইদৰে জানে, তেওঁ (প্ৰকৃততে পৰমাত্মা) দৰ্শন কৰে |

যদা ভূতপৃথগ ভাৱমেকস্থমনুপশ্যতি |
তত এৱ চ বিস্তাৰং ব্ৰক্ষ্ম সম্পদ্যতে তদা || ৩১

যেতিয়া সাধকে প্ৰাণসমূহৰ পৃথকভাবক (নানা ভাবক) একমাত্ৰ ব্ৰক্ষ্মতে অৱস্থিত দেখে আৰু (এই সমগ্ৰ জগতৰ) ব্ৰক্ষ্মৰ পৰাই উত্পনত্তি বা বিকাশ ঘটিছে বুলি অনুভৱ কৰে, তেতিয়া তেওঁ ব্ৰক্ষ্ম স্বৰূপ হয় (অৰ্থাত্‍ মোক্ষলাভ কৰে) |

অনাদিত্বান্নিৰ্গুণত্বাত্‍ পৰমাত্মাত্য়উমব্যয়: |
শৰীৰস্থোত্‍ পি কৌন্তেয় ন কৰোতি ন লিপ্যতে || ৩২

হে কুন্তীনন্দন, এই পৰমাত্মা অনাদি আৰু নিৰ্গুণ | সেই কাৰণে ই অবিনাশী (নিত্য) | (এই পৰমাত্মা ক্ষেত্ৰজ্ঞ বা জীৱাত্মা স্বৰূপে) জীৱ শৰীৰত অৱস্থিত হলেও একো নকৰে আৰু একোতে (পাপ পুণ্যৰ দ্বাৰা) লিপ্ত নহয় |

যথা সৰ্ব্বগতং সৌক্ষ্ম্যাদাকাশং নোপলিপ্যতে |
সৰ্ব্বত্ৰাৱস্থিতো দেহে তথাত্মা নোপলিপ্যতে || ৩৩

যেনেকৈ আকাশ সৰ্ব্বত্ৰ বিদ্যমান হ’লেও অতি সূক্ষ্মভাৱে কোনো বস্তুত লিপ্ত নহয়, সেইদৰে আত্মাও জীৱ শৰীৰত সৰ্ব্বব্যাপী থাকিলেও (সমগ্ৰ দেহত আত্মাৰ অস্তিত্বৰ বিদ্যামানতা সত্বেও) একোতে সম্বন্ধ নহয় |

যথা প্ৰকাশয়ত্যেক: কৃত্স্নং লোকমিমং ৰবি: |
ক্ষেত্ৰং ক্ষেত্ৰী তথা কৃত্স্নংত প্ৰকাশয়তি ভাৰত || ৩৪

হে ভাৰত, যেনেকৈ এক সূৰ্য্যই সমস্ত জগত প্ৰকাশ কৰে, সেইদৰে ক্ষেত্ৰজ্ঞ পুৰুষেও (আত্মাই) সমস্ত (দেহকে) প্ৰকাশ কৰে |

ক্ষেত্ৰক্ষেত্ৰজ্ঞয়োৰেৱমন্তৰং জ্ঞানচক্ষুষা |
ভূতপ্ৰকৃতিমোক্ষঞ্চ যে বিদুৰ্যান্তি তে পৰম || ৩৫

এইদৰে ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ প্ৰভেদ আৰু প্ৰাণীসমূহৰ প্ৰকৃতিৰ বন্ধনৰ পৰা মুক্তিলাভ যিসকলে জ্ঞানচক্ষুৰে হৃদয়ঙ্গম কৰিব পাৰে, সেইসকলে পৰম পদ (ব্ৰক্ষ্ম) লাভ কৰে |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগযোগো নাম ত্ৰয়োদশোত্ধ্যা্য়: ||