শ্ৰীমদ্ভগৱদগীতা/একাদশ অধ্যায় – বিশ্বৰূপদৰ্শনযোগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


অৰ্জ্জুন উৱাচ -

মদনুগ্ৰহায় পৰমং গুহ্যমধ্যাত্মসংজ্ঞিতম |
যত্‍ ত্বয়োক্তং বচস্তেন মোহোত্য়ংী বিগতো মম || ১

অৰ্জ্জুনে ক’লে - মোৰ প্ৰতি তুমি কৃপাপৰবশ হৈ আধ্যাত্ম তত্ত্ব (আত্মা আৰু অনাত্মাৰ বিবেক প্ৰকাশক) বিষয়ক যিবোৰ পৰম গোপনীয় উপদেশ দিলা, তাৰদ্বাৰা মোৰ এই মোহ দূৰ হ’ল |

ভৱাপ্যয়ৌ হি ভুতানাং শ্ৰুতৌ বিস্তৰশো ময়া |
ত্বত্ত: কমলপত্ৰাক্ষ মাহাত্ম্যমপি চাব্যয়ম || ২

হে কমললোচন, মই তোমাৰ পৰা সকলো প্ৰাণীৰ উত্পাত্তি, প্ৰলয় আৰু তোমাৰ নিত্য ঐশ্বৰ্য্য বিষয়ক সমস্ত কথা বিস্তৃতভাৱে শুনিলো |

এৱমেতদ যথাত্থ ত্বমাত্মানং পৰমেশ্বৰ |
দ্ৰষ্টুমিচ্ছামি তে ৰূপমৈশ্বৰং পুৰুষোত্তম || ৩

হে পৰমেশ্বৰ, তুমি তোমাৰ ঐশ্বৰিক ৰূপ যি ভাবে বৰ্ণনা কৰিলা, সেই সকলো যথাৰ্থ বুলি মোৰ বিশ্বাস হৈছে | হে পুৰুষোত্ত্ম, তোমাৰ সেই ঐশ্বৰিক ৰূপ দৰ্শনৰ মোৰ অভিলাষ হৈছে |

মন্যসে যদি তচ্ছক্যং ময়া দ্ৰষ্টুমিতি প্ৰভো |
যোগেশ্বৰ ততো মে ত্বং দৰ্শয়াত্মানমব্যয়ম || ৪

হে প্ৰভু, মই যদি সেই ৰূপ দৰ্শনৰ উপযুক্ত পাত্ৰ বুলি ভাবা, তেন্তে হে যোগেশ্বৰ, তোমাৰ অবিনাশী নিজ স্বৰূপ দৰ্শন কৰোৱা |

শ্ৰীভগৱান উৱাচ -

পশ্য মে পাৰ্থ ৰূপাণি শতশোত্‍ থ সহস্ৰ: |
নানাবিধানি দিব্যানি নানাবৰ্ণাকৃতীনি চ || ৫

শ্ৰীভগৱানে ক’লে - হে পাৰ্থ, তুমি নানা বৰ্ণৰ, নানা আকৃতিৰ মোৰ নানাবিধ শ শ আৰু হাজাৰ হাজাৰ দিব্য ৰূপ দৰ্শন কৰা |

পশ্যাদিত্যান বসূন ৰুদ্ৰানশ্বিনৌ মৰুতস্তথা |
বহুন্যদৃষ্টপূৰ্ব্বাণি পশ্যাশ্চৰ্য্যাণি ভাৰত || ৬

হে ভাৰত, (মোৰ শৰীৰৰ ভিতৰত) দ্বাদশ আদিত্য, অষ্টবসু, একাদশ ৰুদ্ৰ, অশ্বিনীকুমাৰদ্বয়, ঊনপঞ্চাশত্‍ বায়ু আৰু আগেয়ে নেদেখা আশ্বৰ্য্যজনক বহু পদাৰ্থ চোৱাঁ |

ইহৈকস্থং জগত্‍ কৃত্স্নং পশ্যাদ্য সচৰাচৰম |
মম দেহে গুড়াকেশ যচ্ছান্যদ দ্ৰষ্টুমিচ্ছসি || ৭

হে গুৰাকেশ, মোৰ এই শৰীৰত সচৰাচৰ সমস্ত জগত্‍ একত্ৰিতভাৱে তুমি চোঁৱা | ইয়াৰ বাহিৰেও তোমাৰ যি চাবলৈ ইচ্ছা হয় তাকো চোঁৱা |

ন তু মাং শক্যসে দ্ৰষ্টুমননৈৱ স্বচক্ষুষা |
দিব্যং দদামি তে চক্ষু: পশ্য মে যোগমৈশ্বৰম || ৮

কিন্তু তোমাৰ এই চৰ্ম্ম চক্ষুৰ দ্বাৰা মোৰ এই ৰূপ দেখিবলৈ সমৰ্থ নহবা, সেই কাৰণে মই তোমাক (অলৌকিক) জ্ঞানময় চক্ষু প্ৰদান কৰিছো, তুমি মোৰ ঐশ্বৰ্য্যপূৰ্ণ যোগ সামৰ্থ দৰ্শন কৰা |

সঞ্জয় উৱাচ -

এবমুক্ত্বা ততো ৰাজন মহাযোগেশ্বৰো হবি: |
দৰ্শয়ামাস পাৰ্থায় পৰমং ৰূপমৈশ্বৰম || ৯

সঞ্জয়ে ক’লে - হে মহাৰাজ (ধৃতৰাষ্ট্ৰ), এইদৰে কৈ মহা যোগেশ্বৰ শ্ৰীকৃষ্ণই অৰ্জ্জুনক পৰম ঐশ্বৰিক ৰূপ দৰ্শন কৰালে |

অনেকবক্তনয়নমনেকাদ্ভুতদৰ্শনম |
অনেকদিব্যাভৰণং দিব্যানেকোদ্যতায়ুধম || ১০
দিব্যমাল্যাম্বৰধৰং দিব্যগন্ধানুলেপনম |
সৰ্ব্বাশ্চৰ্য্যময়ং দেৱমনন্তং বিশ্বতোমুখম || ১১

সেই ৰূপ অনেক মুখ আৰু অনেক নেত্ৰ বিশিষ্ট বহু বিস্ময়কৰ দৰ্শনীয়, অসংখ্য স্বৰ্গীয় আভৰণৰ দ্বাৰা সুশোভিত, অনেক উদ্যত দিব্য অস্ত্ৰ-শস্ত্ৰধাৰী | সেই দেহ দিব্য বস্ত্ৰ আৰু মাল্য শোভিত, স্বৰ্গীয় সুগন্ধি দ্ৰব্যৰ দ্বাৰা অনুলিপ্ত, জগতৰ যাৱতীয় বিস্ময়কৰ বস্তু সেই দেহত বিৰাজমান, সেই দেহ জ্যোতিৰ্ম্ময়, অনন্ত আৰু সৰ্ব্বতো মুখবিশিষ্ট |

দিবি সূৰ্য্যসহস্ৰস্য ভবেদ যুগপদুত্থিতা |
যদি ভা: সদৃশী সা স্যাদ্ভাসস্তস্য মহাত্মন: || ১২

আকাশত যদি সহস্ৰ সূৰ্য্য একেলগে উদয় হয় তেতিয়াহলে সেই প্ৰভা এই সৰ্ব্বব্যাপী পৰমেশ্বৰৰ প্ৰভাৱ কথঞ্চিত তুলনা হব পাৰে |

তত্ৰৈকস্থং জগত্‍ কৃত্স্নং প্ৰৱিভক্তমনেকথা |
অপশ্যদ্দেৱদেৱস্য শৰীৰে পাণ্ডৱস্তদা || ১৩

তেতিয়া অৰ্জ্জুনে দেৱতাৰো দেৱতা পৰমেশ্বৰৰ নানা ভাবে বিভক্ত সমস্ত বিশ্ব ব্ৰক্ষ্মাণ্ডখন একত্ৰ অৱস্থিত যেন দেখিবলৈ পালে |

তত: স বিস্ময়াৰিষ্টো হৃষ্টৰোমা ধনঞ্জয়: |
প্ৰণম্য শিৰসা দেৱং কৃতাঞ্জলিৰভাষত || ১৪

তেতিয়া বিস্ময়াপন্ন, ৰোমাঞ্চিত কলেৱৰ অৰ্জ্জুনে দেৱদেৱ শ্ৰীকৃষ্ণক অৱনত মস্তকে সেৱা কৰি কৃতাঞ্জলি হৈ স্তুতি কৰিবলৈ ধৰিলে |

অৰ্জ্জুন উৱাচ -

পশ্যামি দেৱাংস্তৱ দেৱ দেহে
সৰ্ব্বাংস্তথা ভূতবিশেষসঙ্ঘান |
ব্ৰক্ষ্মাণমীশং কমলাসনস্থ
মৃষীংশ্চ সৰ্ব্বানুৰগাংশ্চ দিব্যান || ১৫

অৰ্জ্জুনে ক’লে - হে দেৱ, মই তোমাৰ দেহত সমস্ত দেৱতা, সমস্ত প্ৰাণীসমূহ, কমলাসনত ব্ৰক্ষ্মা, মহেশ্বৰ, বাসুকি প্ৰভৃতি দিব্য সৰ্পজাতিসমূহ সকলো দেখিছোঁ |

অনেকবাহুদৰবক্ত্ৰ নেত্ৰং
পশ্যামি ত্বাং সৰ্ব্বতোত্ন স্তৰূপম |
নান্তং ন মধ্যাং ন পুনস্তৱাদিং
পশ্যামি বিশ্বেশ্বৰ বিশ্বৰূপ || ১৬

হে বিশ্বৰূপ, হে বিশ্বেশ্বৰ, সৰ্ব্বত্ৰ তোমাত অনেক বাহু, অনেক উদৰ, অনেক মুখ, অনেক চক্ষু বিশিষ্ট সৰ্ব্বপ্ৰকাৰ অনন্ত ৰূপ দেখিছোঁ | তোমাৰ আদি, মধ্য, অন্ত আদিৰ একোৱে উৱাদিহ পোৱা নাই |

কিৰীটিনং গদিনং চক্ৰিগঞ্চ
তেজোৰাশিং সৰ্ব্বতো দীপ্তিমন্তম |
পশ্যামি ত্বাং দুৰ্নিৰীক্ষ্যং সমন্তাদ
দীপ্তানলাৰ্কদ্যুতিম প্ৰমেয়ম ||১৭

কিৰীটি, গদা, চক্ৰধাৰী সৰ্ব্বত্ৰ দীপ্তমান তেজ:পুঞ্জবিশিষ্ট প্ৰদীপ্ত অগ্নি আৰু সূৰ্য্যৰ দৰে দুৰ্নীৰিক্ষ্যজ্যোতি: পৰিব্যাপ্ত তোমাক দেখিছোঁ | তুমি যে কিমান বৃহত্‍ তাম নিৰ্ণয় কৰিব নোৱাৰি |

ত্বমক্ষৰং পৰমং বেদতব্যং
ত্বমস্য বিশ্বস্য পৰং নিধানম |
ত্বমব্যয়: শাশ্বতধৰ্ম্মেগোপ্তা
সনাতনস্ত্বং পুৰুষো মতো মে || ১৮

তুমিয়েই পৰম জ্ঞাতব্য অক্ষৰ ব্ৰক্ষ্ম, তুমি এই বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ আশ্ৰয়, তুমি সনাতন ধৰ্ম্মৰ ৰক্ষাকৰ্ত্তা | মোৰ বিবেচনা মতে তুমিয়েই একনাত্ৰ সনাতন পুৰুষ |

অনাদিমধ্যান্তমনন্তবীৰ্য্য
মনন্তবাহুং শশিসূৰ্য্যনেত্ৰম |
পশ্যামি ত্বাং দীপ্তহুতাশবক্ত্ৰং
স্বতেজসা বিশ্বমিদং তপন্তম || ১৯

তোমাৰ আদি, মধ্য বা অন্ত একো নাই, তোমাৰ শক্তি অনন্ত, চন্দ্ৰ আৰু সূৰ্য্য তোমাৰ দুই চকু, প্ৰদীপ্ত হুতাশন তোমাৰ মুখ | মই দেখিছোঁ - তুমি নিজ তেজৰ প্ৰভাৱত এই বিশ্বক সন্তৰ্পিত কৰিছা |

দ্যাবাপৃথিব্যোবিদমন্তৰং হি
ব্যাপ্তং ত্বয়ৈকেন দিশশ্চ সৰ্ব্বা : |
দৃষ্ট্বাদ্ভুতং ৰূপমুগ্ৰং তবেদং
লোকত্ৰয়ং প্ৰব্যথিতং মহাত্মান || ২০

স্বৰ্গ আৰু পৃথিৱীৰ সকলো ঠাই আৰু দশোদিশ একমাত্ৰ তুমিয়েই ব্যাপী আছা, (সেই হেতুকে) হে মহাপুৰুষ, তোমাৰ অত্যাশ্চাৰ্য্য এই উগ্ৰৰূপ দেখি ত্ৰৈলোক্যবাসী জীৱসমূহ ভয়ত আতুৰ হৈ পৰিছে |

অমী হি ত্বাং সুৰসঙ্ঘা বিশন্তি
কেচিদ্ভীতা: প্ৰাঞ্জলয়ো গৃণন্তি |
স্বস্তীত্যুক্ত্বা মহৰ্ষিসিদ্ধসঙ্ঘা:
স্তুৱন্তি তাং স্তুতিভি: পুষ্কলাভি: || ২১

সৌ কিছুমান দেৱতা তোমাত প্ৰবিষ্ট হৈছে, কিছুমান দেৱতা ভয়ভীত হৈ বদ্ধাঞ্জলিভাবে তোমাক স্তুতি কৰিছে, মহৰ্ষি আৰু সিদ্ধসকলে ’স্বস্তি’ এই শব্দ উচ্চাৰণ কৰি অখণ্ড স্তোত্ৰৰাজিৰে তোমাক স্তুতি কৰিছে |

ৰুদ্ৰাদিত্যা বসবো যে সাধ্যা
বিশ্বেত্‍ শ্বিনৌ মৰুতশ্চোষ্মপাশ্চ |
গন্ধৰ্ব্বযক্ষাসুৰসিদ্ধসঙ্ঘা
বীক্ষন্তে ত্বাং বিস্মিতাশ্চৈৱ সৰ্ব্বে || ২২

ৰুদ্ৰগণ, আদিত্যগণ, বসুগণ, সাধ্যগণ, বিশ্বদেৱগণ, অশ্বিনীকুমাৰদ্বয়, মৰুদগণ, উষ্মপায়ী পিতৃগণ, গন্ধৰ্ব্ব, যক্ষ, অসুৰ, সিদ্ধগণ - সকলোৱেই বিস্মিত হৈ তোমালৈ চাই আছে |

ৰূপং মহত্তে বহুবক্ত্ৰ নেত্ৰং
মহাবাহো বহুবাহুৰুপাদম |
বহুদৰং বহুদংষ্ট্ৰাকৰালং
দৃষ্ট্বা লোকা: প্ৰব্যথিতাস্তথাহম || ২৩

হে মহাবাহো, তোমাৰ অনেক মুখ, অনেক নয়ন, অনেক বাহু, অনেক উৰু, অনেক পাদ, অনেক উদৰ আৰি বহু দাঁতসমূহৰে ভয়ানক এই বিৰাট ৰূপ দেখি সকলোলোকৰ প্ৰাণী ভয়ভীত হৈছে আৰু মোৰ অৱস্থাও তথৈবচ |

নভ:স্পৃশং দীপ্তমনেকবৰ্ণং
ব্যাত্তাননং দীপ্তবিশালনেত্ৰম |
দৃষ্ট্বা হি ত্বাং প্ৰব্যথিতান্তৰাত্মা
ধৃতিং ন বিন্দামি শমঞ্চ বিষ্ণো || ২৪

হে বিষ্ণো (সৰ্ব্বব্যাপক), তোমাৰ গগনস্পৰ্শী অনেক বৰ্ণযুক্ত বিকৃত মুখ জ্বলন্ত বিস্তৃত নেত্ৰবিশিষ্ট প্ৰদীপ্ত মূৰ্ত্তি দৰ্শন কৰি মোৰ অন্তৰাত্মা ব্যথিত হৈছে | মই ধৈৰ্য্য ৰক্ষা কৰিব পৰা নাই আৰু শান্তি লাভো কৰিব পৰা নাই |

দংষ্ট্ৰাকৰালানি চ তে মুখানি
দৃষ্ট্বেৱ কালানলসন্নিভানি |
দিশো ন জানে ন লভে চ শৰ্ম্ম
প্ৰসীদ দেৱেশ জগন্নিবাস || ২৫

তোমাৰ ভয়লগা দাঁতবিলাকেৰে বিকৃত প্ৰলয়াগ্নি সদৃশ মুখবোৰ দেখি মই দিগভ্ৰান্ত হৈছোঁ, মই কোনোমতেই সুখ পোৱা নাই | হে দেৱৰো ঈশ্বৰ, হে জগতৰ আশ্ৰয়, পৰমেশ্বৰ, তুমি প্ৰসন্ন হোৱা |

অমী চ ত্বাং ধৃতৰাষ্ট্ৰস্য পুত্ৰা:
সৰ্ব্বে সহৈবাবনিপালসঙ্ঘৈ: |
ভীষ্মো দ্ৰোণ: সুতপুত্ৰস্তথাত্‍ সৌ
সহাস্মদীয়ৈৰপি যোধমুখ্যৈ: || ২৬
বক্ত্ৰাণি তে ত্বৰমাণা বিশন্তি
দংষ্ট্ৰাকৰালানি ভয়ানকানি |
কেচিদ্বিলগ্না দশনান্তৰেষু
সংদৃশ্যন্তে চূৰ্ণিতৈৰুত্তমাঙ্গৈ: || ২৭

সৌ ৰাজন্যবৰ্গৰে সৈতে ধৃতৰাষ্ট্ৰৰ সকলোটি পুত্ৰ আৰু সৌৱা ভীষ্ম, দ্ৰোণাচাৰ্য্য আৰু সুতপুত্ৰ কৰ্ণও, আমাৰ পক্ষৰ প্ৰধান প্ৰধান যোদ্ধাবিলাকৰ সৈতে অতি বেগেৰে ধাবিত হৈ তোমাৰ দংষ্ট্ৰা কৰাল ভয়ানক মুখবিলাকত সোমাই পৰিছে | কিছুমান চূৰ্ণাকৃত মস্তকেৰে দাঁতৰ মাজত লাগি থকা দেখা গৈছে |

যথা নদীনাং বহবোত্ম্বুগবেগা:
সমূদ্ৰমেবাভিমুখা দ্ৰবন্তি |
তথা তবামী নৰলোকবীৰা
বিশন্তি বক্ত্ৰাণ্যভিবিজ্বলন্তি || ২৮

যেনেকৈ নৈবোৰৰ বহুধাৰাৰে বৈ যোৱা পানীৰ সোঁত সমূদ্ৰৰ ফালে ধাবিত হয়, তেনেকৈ সৌ নৰলোকৰ প্ৰসিদ্ধ বীৰসকলৰ তোমাৰ জ্বলন্ত মুখবোৰৰ অভিমুখে ধাবমান হৈছে |

যথা প্ৰদীপ্তং জ্বলনং পতঙ্গা
বিশন্তি নাশায় সমৃদ্ধবেগা: |
তথৈৱ নাশায় বিশন্তি লোকা
স্তৱাপি বক্ত্ৰাণি সমৃদ্ধবেগা: || ২৯

যেনেকৈ পতঙ্গবোৰ মৰণৰ নিমিত্তে অতি বেগেৰে আহি জ্বলন্ত জুইত পৰেহি, তদ্ৰূপ লোকসকলেও মৰণ নিমিত্তেই তোমাৰ মুখসমূহত অতি বেগেৰে প্ৰবেশ কৰিছেহি |

লেলিহ্যসে গ্ৰসমান: সমন্তাত্‍
লোকান সমগ্ৰান বদনৈৰ্জ্বলদ্ভি: |
তেজোভিৰাপূৰ্য্য জগত্‍ সমগ্ৰং
ভাসস্তবোগ্ৰা: প্ৰতপন্তি বিষ্ণো || ৩০

তুমি জ্বলি থকা মুখবোৰেৰে সমগ্ৰলোকসমূহক গ্ৰাস কৰিবলৈ ঘনে ঘনে জিভা চেলেকিছা | হে বিষ্ণো (বিশ্বব্যাপক), তোমাৰ তীব্ৰ দীপ্তিয়ে স্বীয় তেজ: পুঞ্জৰ দ্বাৰা সমগ্ৰ জগতক পৰিপূৰ্ণ কৰি উত্তপ্ত কৰিছে |

আখ্যাহি মে কো ভৱানুগ্ৰৰূপো
নমোত্স্তু তে দেৱবৰ প্ৰসীদ |
বিজ্ঞাতুমিচ্ছামি ভৱন্তমাদ্যং
ন হি প্ৰজানামি তৱ প্ৰবৃত্তিম || ৩১

উগ্ৰৰূপ তুমি কোন ? মোক কোৱা | মই তোমাক নমস্কাৰ কৰোঁ | হে দেৱবৰ, তুমি প্ৰসন্ন হোৱা | আদি পুৰুষ, তোমাক বিশেষভাৱে জানিবৰ ইচ্ছা হৈছে | তোমাৰ প্ৰবৃত্তি অৰ্থাত্‍ কৰ্ম্মচেষ্টা মই ভালদৰে বুজা নাই |

শ্ৰীভগৱান উৱাচ -

কালোত্‍ স্মি লোকক্ষয়কৃত্‍ প্ৰবৃদ্ধো
লোকান সমাহৰ্ত্তুমিহ প্ৰবৃত্ত: |
ঋতেত্‍ পি ত্বাং ন ভৱিষ্যন্তি সৰ্ব্বে
যেত্ব স্থিতা: প্ৰত্যনীকেষু যোধা: || ৩২

ভগৱানে ক’লে - লোকসমূহৰ ক্ষয়কাৰী বুদ্ধিপ্ৰাপ্ত (অতি পুৰাতন) এই কালসমূহক সংহাৰ কৰিবলৈ মই এতিয়া প্ৰবৃত্ত হৈছোঁ | এই প্ৰতিপক্ষ সেনাৰ মাজত যিমানবিলাক যোদ্ধা আছে তেওঁবিলাক সকলোৱেই বিনষ্ট হব | কেৱল তুমিহে থাকিবা |

তস্মাত্‍ ত্বমুত্তিষ্ঠ যশো লভস্ব
জিত্বা শত্ৰুন ভুঙ্ক্ষব ৰাজ্যত্‍ সমৃদ্ধম |
ময়ৈৱৈতে নিহতা: পূৰ্ব্বমেৱ
নিমিত্তমাত্ৰং ভৱ সৱ্যসাচিন || ৩৩

সেইকাৰণে তুমি উঠা, যশস্যা লাভ কৰা, শত্ৰুক জয় কৰি সমৃদ্ধিশালী ৰাজ্য ভোগ কৰা | মই ইহঁতক আগতেই মাৰিয়েই থৈছোঁ | সে সব্যসাচী, তুমি নিমিত্ত মাত্ৰ হোৱা |

দ্ৰোণঞ্চ ভীষ্মঞ্চ জয়দ্ৰথঞ্চ
কৰ্ণং তথাত্‍ ন্যানপি যোধবীৰান |
ময়া হতাংস্ত্বং জহি মা ব্যথিষ্ঠা
যুধ্যস্ব জেতাসি ৰণে সপত্নান || ৩৪

মোৰ দ্বাৰা আগতে নিহত হৈ থকা দ্ৰোণ, ভীষ্ম, জয়দ্ৰথ, কৰ্ণ আৰু অন্যান্য যুঁজাৰু বীৰসকলক তুমি বধ কৰা | তুমি ব্যথিত নহ’বা (ভয় নকৰিবা) | যুদ্ধ কৰা, যুদ্ধত শত্ৰুক পৰাস্ত কৰিব পাৰিবা |

সঞ্জয় উৱাচ -

এতচ্ছ্ৰতা বচনং কেশৱস্য
কৃতাঞ্জলিৰ্বেপমান: কিৰীটী |
নমস্কৃত্বা ভূয় এবাহ কৃষ্ণং
সগদগদং ভীতভীত: প্ৰণম্য || ৩৫

সঞ্জয়ে ক’লে - শ্ৰীকৃষ্ণৰ এই কথা শুনি কম্পিত কলেৱৰ অৰ্জ্জুনে কৃতাঞ্জলি হৈ কৃষ্ণক নমস্কাৰ কৰি অতিশয় ভীত হৈ আকৌ প্ৰণাম জনাই থোকাথোকি মাতেৰে ক’বলৈ ধৰিলে |

অৰ্জ্জুন উৱাচ -

স্থানে হৃষীকেশ তৱ প্ৰকীৰ্ত্ত্যা
জহত্‍ প্ৰহৃষ্যত্যনুৰজ্যতে চ |
ৰক্ষাংসি ভীতানি দিশো দ্ৰৱন্তি
সৰ্ব্বে নমস্যন্তি চ সিদ্ধসঙ্ঘা: || ৩৬

অৰ্জ্জুনে ক’লে - হে হৃষীকেশ, তোমাৰ কীৰ্ত্তনত সমস্ত জগত আনন্দত আপ্লুত আৰু অনুৰক্ত হয়, তোমাৰ প্ৰতি ৰাক্ষসবোৰো ভয়াৰ্ত্ত হৈ চৌদিশে পলাই যায় আৰু সিদ্ধসমূহে নমস্কাৰ কৰে | এই সকলোবোৰ নিশ্চয় সমুচিত কথা |

কস্মাচ্চ তে ন নমেৰস্মহাত্মন
গৰীয়সে ব্ৰক্ষ্মণোত্‍ প্যাদিকৰ্ত্ৰে |
অনন্ত দেৱেশ জগন্নিবাস
ত্বমক্ষৰং সদসত্‍ তত্‍ পৰং যত্‍ || ৩৭

হে মহাত্মন, (সকলোতকৈ) গৰীয়ান, ব্ৰক্ষ্মৰো আদি কৰ্ত্তা তোমাক (জগদ্বাসীয়ে) কিয় নমস্কাৰ নকৰিব ? হে অনন্ত, হে দেৱেশ, হে জগদাধাৰ, তুমি সদ, অসদো তুমি আৰু সেই সদ অসদৰ অতীত ৰূপে যি অবিনাশী পুৰুষ, সিও তুমি |

ত্বমাদিদেৱ: পুৰুষ: পুৰাণ
স্ত্বমস্য বিশ্বস্য পৰং নিধানম |
বেত্তাসি বেদঞ্চ পৰঞ্চ ধাম
ত্বয়া ততং বিশ্বমনস্তৰূপ || ৩৮

তুমি আদি দেৱতা, তুমি কালাতীত পুৰুষ, তুমি এই বিশ্বৰ আশ্ৰয় স্থল | তুমি জ্ঞাতা, জ্ঞাতব্যও তুমি, পৰম স্থিতি - স্থান (বিষ্ণুৰ পৰম পদ) হে অনন্ত ৰূপ, তুমি সমস্ত বিশ্ব (অনন্ত ৰূপেৰে) ব্যাপ্ত হৈ আছা |

বায়ুৰ্যমোত্‍ গ্নিৰ্বৰুণাং শশাঙ্ক:
প্ৰজাপতিস্ত্বং প্ৰপিতামহশ্চ |
নমো নমস্তেত্স্তু সহপ্ৰকৃত্ব:
পুনশ্চ ভুয়োত্‍ পি নমো নমস্তে || ৩৯

বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ আৰু প্ৰপিতামহ, তোমাক সহস্ৰবাৰ নমস্কাৰ | পুন: পুন: নমস্কাৰ | আকৌ নমস্কাৰ |

নম: পুৰস্তাদথ পৃষ্ঠতস্তে
নমোত্স্তু তে সৰ্ব্বত এৱ সৰ্ব্ব |
অনন্তবীৰ্য্যামিতবিক্ৰমস্ত্বং
সৰ্ব্বং সমাপ্নোষি ততোত্‍ সি সৰ্ব্ব: || ৪০

হে সৰ্ব্বস্বৰূপ, তোমাৰ আগফালে পিঠিফালে সকলো ফালৰ পৰাই তোমালৈ নমস্কাৰ | হে অনন্ত শক্তিৰ অধীশ্বৰ, অপৰিমিত বিক্ৰম তুমি সমস্ত জগত্‍ বিয়পি আছা | সেই কাৰণে তুমিয়েই সকলো | (তোমাৰ বাহিৰে একো নাই |)

সখেতি মত্বা প্ৰসভং যদুক্তং
হে কৃষ্ণ হে যাদৱ হে সখেতি |
অজানতা মহিমানং তৱেদং
প্ৰমাদাত্‍ প্ৰণয়ে ন বাপি || ৪১
যচ্চাবহাসাৰ্থমসত্কৃংতোত্‍ সি
বিহাৰশয্যাসনভোজনেষু |
একোত্‍ থৱাপ্যচ্যুত তত্স|মক্ষং
তত্‍ ক্ষাময়ে ত্বামহমপ্ৰমেয়ম || ৪২

এই বিশ্ব তোমাৰ মহিমা | এই কথা নাজানি সখি বুলি ভাবি অজ্ঞতা বা স্নেহবশত: মই তোমাক হে কৃষ্ণ, হে যাদব, হে সখি ইত্যাদি বুলি যি কৈছিলো; আকৌ হে অচ্যুত, তুমি আমোদত, শয়নত, আসনত, ভোজন আদিত থাকোতে অকলেই থাকা বা সমজুৱাভাবেই থাকা, পৰিহাসৰ চলত মই যে তোমাৰ প্ৰতি (অনুচিত ব্যৱহাৰ কৰি) যি অসন্মান কৰিছিলো, অচিন্ত্য প্ৰভাৱশালী তোমাক মই তাৰ বাবে (সেইবোৰ অপৰাধৰ বাবে) ক্ষমা মাগিছো |

পিতাত্‍ সি লোকস্য চৰাচৰস্য
ত্বমস্য পূজ্যশ্চ গুৰুৰ্গৰীয়ান |
ন ত্বত্স মোত্স্ত্য ভ্যধিক: কুতোত্‍ ন্যো
লোকত্ৰয়েত্প্যৰপ্ৰতিমপ্ৰভাৱ || ৪৩

হে অপ্ৰতিম প্ৰভাৱশালী কৃষ্ণ,তুমি চৰাচৰ বিশ্বৰ পিতা (পৰিপাক) পূজনীয় আৰু শ্ৰেষ্ঠতম গুৰু | ত্ৰিভূবনতেই তোমাৰ সমান কোনো নাই, তোমাতকৈ আৰু অধিক কোন হ’ব পাৰে ?

তস্মাত্‍ প্ৰণম্য প্ৰণিধায় কায়ং
প্ৰসাদয়ে ত্বামহমীশমীড্যম |
পিতেব পুত্ৰস্য সখেব সখ্যু:
প্ৰিয়: প্ৰিয়ায়াৰ্হসি দেৱ সোঢ়ম || ৪৪

অতএব হে দেৱ, মই দণ্ডৱতে পৰি প্ৰণাম পূৰ্ব্বক জগত্‍ আৰাধ্য ঈশ্বৰ তোমাক প্ৰসন্ন কৰিব খোজিছোঁ | পিতাই যেনেকৈ পুত্ৰৰ, সখিয়ে যেনেকৈ সখিৰ, প্ৰিয়ই যেনেকৈ প্ৰিয়াৰ অপৰাধ মাৰ্জ্জনা কৰে তুমিও মোৰ অপৰাধ মাৰ্জ্জনা কৰিব লাগে |

অদৃষ্টপূৰ্ব্বং হৃষিতোত্‍ স্মি দৃষ্টা
ভয়েন চ প্ৰব্যথিতং মনো মে |
তদেৱ মে দৰ্শয় দেৱ ৰূপং
প্ৰসীদ দেৱেশ জগন্নিবাস || ৪৫

হে দেৱ, তোমাৰ অদৃষ্টপূৰ্ব্ব (আগেয়ে নেদেখা) ৰূপ দেখি মই হৰ্ষান্বিত হৈছোঁ, অথচ মোৰ মন ভয়ত আতঙ্কিতো হৈছে | তোমাৰ পূৰ্ব্বৰ ৰূপটিক মোক দৰ্শন কৰোৱা | হে দেৱেশ, হে জগন্নিবাস, তুমি প্ৰসন্ন হোৱা |

কিৰীটিনং গদিনং চক্ৰহস্ত
মিচ্ছামি ত্বাং দ্ৰষ্টুমহং তথৈৱ |
তনৈব ৰুপেণ চতুৰ্ভুজেন
সহস্ৰবাহো ভৱ বিশ্বমুৰ্ত্তে || ৪৬

মই তোমাক সেই পূৰ্ব্বৰ দৰে কিৰীটি ভূষিত, গদাধাৰী আৰু চক্ৰপাণি ৰূপে দেখিবলৈ ইচ্ছা কৰিছোঁ | হে বিশ্বমূৰ্ত্তি, হে সহস্ৰবাহু, তুমি সেই নিজ চতুৰ্ভুজ ৰূপেৰে আবিৰ্ভুত হোৱা |

শ্ৰীভগৱান উৱাচ -

ময়া প্ৰসন্নেন ভৱাৰ্জ্জুনেদং
ৰূপং পৰং দৰ্শিতমাত্মযোগাত্‍ |
তেজোময়ং বিশ্বমনন্তমাদ্যং
যন্মে ত্বদন্যেন ন দৃষ্টপুৰ্ব্বম || ৪৭

শ্ৰীভগৱানে ক’লে - অৰ্জ্জুন, মই প্ৰসন্ন হৈ মোৰ স্ব-ৰূপত অৱস্থিত হৈ মোৰ যি তেজোময়, বিশ্বাত্মক, অনাদি, অনন্ত পৰম ৰূপ তোমাক দৰ্শন কৰালো, এই ৰূপ তোমাৰ বাহিৰে কোনেও আগেয়ে দেখা নাছিল |

ন বেদযজ্ঞাধ্যয়নৈৰ্ন দানৈ
ৰ্ন চ ক্ৰিয়াভিৰ্ন তপোভিৰুগ্ৰৈ: |
এবংৰূপ: শক্য অহং নৃলোকে
দ্ৰষ্টুং ত্বদন্যেন কুৰুপ্ৰৱীৰ || ৪৮

হে কুৰুপ্ৰবীৰ, মনুষ্যলোকত তোমাৰ বাহিৰে অন্য কোনোলোকে বেদ-যজ্ঞাদিৰ অধ্যয়নৰ দ্বাৰা বা (তুলা পুৰুষ দানাদি) বিশিষ্ট দানৰ দ্বাৰা, বা (অগ্নিহোত্ৰ আদি বৈদিক) ক্ৰিয়াকাণ্ডৰ দ্বাৰা, বা (চান্দ্ৰায়ণ আদি) কঠোৰ তপস্যাৰ দ্বাৰা মোৰ এই বিশ্বৰূপ দৰ্শন কৰিবলৈ সমৰ্থ হোৱা নাই |

মা তে ব্যথা মা চ বিমূঢ়ভাবো
দৃষ্ট্বা ৰূপং ঘোৰমীদৃঙমমেদম |
ব্যপেতভী: প্ৰীতমনা: পুনস্ত্বং
তদেৱ মে ৰূপমিদং প্ৰপশ্য || ৪৯

মোৰ এনে ঘোৰ ৰূপ দেখি তুমি ভয়াতুৰ নহ’বা আৰু বিবুদ্ধিও নহ’বা | তুমি ভয় পৰিত্যাগ কৰি প্ৰসন্ন চিত্তেৰে পুনৰ মোৰ সেই (তোমাৰ বাঞ্চিত) ৰূপকেই দৰ্শন কৰা |

সঞ্জয় উৱাচ -

ইত্যৰ্জ্জুনং বাসুদেৱস্তথোক্ত্বা
স্বকং ৰূপং দৰ্শমায়ামাস ভুয়: |
আশ্বাসয়ামাস চ ভীতমেনং
ভূত্বা পুন: সৌম্যবপুৰ্মহাত্মা || ৫০

সঞ্জয়ে ক’লে - মহাত্মা বাসুদেৱে অৰ্জ্জুনক এইদৰে কৈ আকৌ নিজ ৰূপে (অৰ্থাত্‍ চতুৰ্ভুজ ৰূপ) দৰ্শন কৰালে আৰু সৌম্য মূৰ্ত্তি ধাৰণ কৰি সেই ভয়বিহ্বল অৰ্জ্জুনক আশ্বাস দিলে |

অৰ্জ্জুন উৱাচ -

দৃষ্ট্বেদং মানুষং ৰূপং তৱ সৌম্যং জনাৰ্দ্দন |
ইদানীমস্মি সংবৃত্ত: সচেতা: প্ৰকৃতিং গত: || ৫১

অৰ্জ্জুনে ক’লে - হে জনাৰ্দ্দন, তোমাৰ এই শান্ত মনুষ্য ৰূপ দেখি মই এতিয়া সুস্থচিত্ত হৈ প্ৰকৃতিস্থ হ’ব পাৰিছোঁ |

শ্ৰীভগৱান উৱাচ -

সুদুৰ্দ্দশমিদং ৰূপং দৃষ্টৱানসি যম্মম |
দেৱা অপ্যস্য ৰূপস্য নিত্যং দৰ্শনকাঙিক্ষণ: || ৫২

ভগৱানে ক’লে - তুমি মোৰ যি ৰূপ দেখিলা, সেই ৰূপ দেখা অতি কষ্টসাধ্য | দেৱতাসকলেও মোৰ এই ৰূপ দেখা পাবৰ কাৰণে সদায় আকাঙ্খা কৰে |

নাহং বেদৈৰ্ন তপসা ন দানেন ন চেজ্যয়া |
শক্য এবংবিধো দ্ৰষ্টুং দৃষ্টাৱানসি মাং যথা || ৫৩

তুমি মোক যি ৰূপত দেখিলা এই ৰূপ বেদাধ্যয়ন, তপস্যা, দান, যজ্ঞ আদিৰ দ্বাৰা দৰ্শন সম্ভৱ নহয় |

ভক্ত্যা ত্বনন্যয়া শক্য অহমেৱংবিদোত্‍ ৰ্জ্জুন |
জ্ঞাতুং দ্ৰষ্টুঞ্চ তত্ত্বেন প্ৰৱেষ্টুঞ্চ পৰন্তপ || ৫৪

হে শত্ৰুৰ সন্তাপক অৰ্জ্জুন, কেৱল অনন্যা ভক্তিৰ দ্বাৰা মই যে এনেকুৱা (বিশ্বৰূপী), তাক বুজিবলৈ, সাক্ষাত্‍ কৰিবলৈ আৰু স্বৰূপত প্ৰৱেশ কৰিবলৈ (অৰ্থাত্‍ মোক্ষ লভিবলৈ) সমৰ্থ হ’ব পাৰে |

মত্ক)ৰ্ম্মকৃম্মত্পনৰমো মদ্ভক্ত: সঙ্গবৰ্জ্জিত: |
নিৰ্ব্বেৰ: সৰ্ব্বভুতেষু য: স মামেতি পাণ্ডৱ || ৫৫

হে পাণ্ডৱ, যিজনে মোৰ প্ৰীতিৰ বাবে সকলো কৰ্ম্ম কৰে, যি মোকেই সৰ্ব্বোত্কৃষ্ট বুলি মোতেই আশ্ৰয় লয়, যি মোৰ ভক্ত অৰ্থাত্‍ যাৰ ময়েই একমাত্ৰ প্ৰীতিৰ পাত্ৰ, যাৰ বিষয়ৰ প্ৰতি আসক্তি নাই, যাৰ কোনো প্ৰাণীৰ প্ৰতি শত্ৰুতা নাই, সেই পুৰুষেই মোক লাভ কৰে (মোক্ষ লাভ কৰে) |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
বিশ্বৰূপদৰ্শনযোগো নাম একাদশোত্ধ্যায়: ||