শ্ৰীমদ্ভগৱদগীতা/চতুর্থ অধ্যায় – জ্ঞানযোগ

ৱিকিউৎসৰ পৰা

শ্ৰীভগৱান উৱাচ -

ইমং বিৱস্বতে যোগং প্ৰোক্তৱানহমব্যয়ম |
বিৱস্বান মনবে প্ৰাহ মনুৰিক্ষ্বাকবেহব্ৰবীত্‍ || ১

ভগৱানে ক’লে - মই সৃষ্টিৰ আদিতে এই চিৰন্তন কৰ্ম্মযোগৰ কথা সূৰ্য্যক কৈছিলো | সূৰ্য্যই বৈবশ্বত মনুক আৰু মনুৱে পুতেক ইক্ষ্বাকুক কৈছিল |

এবং পৰম্পৰাপ্ৰাপ্তমিমং ৰাজৰ্য্যয়ো বিদু: |
স কালেনেহ মহতা যোগো নষ্ট: পৰন্তপ || ২

হে অবিমৰ্দ্দন অৰ্জ্জুন, এই পৰম্পৰাই নিষ্কাম কৰ্ম্মযোগৰ শিক্ষা ৰাজৰ্ষিসকলে পাইছিল, কিন্তু এই ভাৰতবৰ্ষত সুদীৰ্ঘ কালৰ প্ৰভাৱত এই যোগ নষ্ট হৈ গৈছে |

স এবায়ং ময়া তেত্‍দ্য যোগ: প্ৰোক্ত: পুৰাতন: |
ভক্তোত্‍ সি মে সখা চেতি ৰহস্যং হ্যেতদুত্তমম || ৩

তুমি মোৰ ভক্ত আৰু সখা | সেই কাৰণে প্ৰাচীন লুপ্ত জ্ঞানৰ কথাখিনি তোমাকহে কলো | ই সৰ্ব্বসাধাৰণৰ কাৰণে অবোধ্যও |

অৰ্জ্জুন উৱাচ -

অপৰং ভৱতো জন্ম পৰং জন্ম বিৱস্বত: |
কথমেতদবিজানীয়াং ত্বমাদৌ প্ৰোক্তৱানিতি || ৪

অৰ্জ্জুনে সুধিলে - সূৰ্য্যৰ উত্‍পত্তিৰ বহুত পিছতহে তোমাৰ জন্ম | তেন্তে তুমিনো কেনেকৈ সূৰ্য্যক এই কথা কৈছিলা বুলি মই বুজো ?

শ্ৰীভগৱান উৱাচ -

বহুনি মে ব্যতীতানি জন্মানি তৱ চাৰ্জ্জুন |
তান্যহং বেদ সৰ্ব্বাণি ন ত্বং বেহ্বু পৰন্তপ || ৫

ভগৱানে ক’লে - হে অৰ্জ্জুন তোমাৰ আৰু মোৰ আগতে বহুবাৰ জন্ম হৈ গৈছে | সেইবিলাক জন্মৰ কথা মই জানো, কিন্তু তুমি নাজানা |

অজোত্‍ পি সন্নব্যয়াত্মা ভূতানামীশ্বৰোত্‍ পি সন |
প্ৰকৄতিং স্বামধিষ্ঠায় সম্ভৱাম্যাত্মমায়য়া || ৬

মোৰ কোনো জন্ম নাই | অবিনশ্বৰ সত্‍ আৰু সকলো প্ৰাণীৰে ঈশ্বৰ হৈয়ো নিজ মায়াৰ দ্বাৰা নিজ প্ৰকৄতিতে অধিষ্ঠিত হৈ জন্ম গ্ৰহণ কৰোঁ |

যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত |
অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম || ৭

হে অৰ্জ্জুন, যেতিয়া ধৰ্ম্মৰ হানি হয় আৰু অধৰ্ম্মৰ প্ৰভাৱ বাঢ়ে তেতিয়াই মই (ভূ-ভাৰতত) আত্মদেহৰ সৄষ্টি কৰোঁ (অৱতাৰ হওঁ) |

পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম |
ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে || ৮

পাপীবোৰৰ বিনাশৰ নিমিত্তে, সাধুসকলৰ পৰিত্ৰাণৰ কাৰণে আৰু ধৰ্ম্ম সংস্থাপন কৰিবলৈ যুগে যুগে মই অৱতাৰ ৰূপে জন্মগ্ৰহণ কৰোঁ |

জন্ম কৰ্ম্ম চ মে দিব্যমেৱং যো বেত্তি তত্বত: |
ত্যক্ত্বা দেহং পুনৰ্জ্জন্ম নৈতি মামেতি সোত্‍ ৰ্জ্জুন || ৯

হে অৰ্জ্জুন, ওপৰত কোৱাৰ দৰে মোৰ জন্ম আৰু অলৌকিক কৰ্ম্মৰ প্ৰকৄত ৰহস্য যি য্থাৰ্থতে বুজিব পাৰিছে তেওঁৰ দেহত্যাগৰ পাছত পুনৰ্জন্ম নহয় আৰু মুক্তিলাভ কৰে |

বীতৰাগভয়ক্ৰোধা মন্ময়া মামুপাশ্ৰিতা: |
বহৱো জ্ঞানতপসা পূতা মদ্ভাৱমাগতা: || ১০

বিষয়সিক্ত ভয় আৰু ক্ৰোধ পৰিত্যাগ কৰি মদগতচিত হৈ আৰু মোতে একান্ত শৰণ লৈ বহুত লোকে জ্ঞান আৰু তপস্যাৰ দ্বাৰা পবিত্ৰ হৃদয় হৈ মোক্ষ লাভ কৰিছিল |

যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম |
মম বৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যা: পাৰ্থ সৰ্ব্বশ: || ১১

যি মোক যেনেকৈ ভজনা কৰে (সকাম বা নিস্কাম ভাবে), মই তাক তেনেকৈয়ে অনুগ্ৰহ কৰো | মানুহে বিভিন্ন ৰকমে কৰা উপাসনাবোৰ ময়ে নিৰ্দ্দিষ্ট কৰি দিয়া, মোৰ ওচৰলৈকে অহা পথহে |

কাঙ্ক্ষন্ত: কৰ্ম্মাণাং সিদ্ধিং যজন্ত ইহ দেৱতা: |
ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভৱতি কৰ্ম্মজা || ১২

ফলাকাঙ্খী লোকসকলে স্বৰ্গাদি ভোগৰ কাৰণে দেৱতাৰ উপাসনাৰ দ্বাৰা অতি শীঘ্ৰে অভীষ্ট লাভ কৰে | (কিন্তু সে অনিত্য), সেই স্বৰ্গাদি ফল ভোগ শেষ হলে পুনৰ জন্ম গ্ৰহণ কৰি সংসাৰ বন্ধনত বান্ধ খাব লাগিব |

চাতুৰ্ব্বৰ্ণ্যং ময়া সৃষ্টং গুণকৰ্ম্মবিভাগশ: |
তস্য কৰ্ত্তাৰমপি মাং বিদ্ধ্যকৰ্ত্তাৰমব্যয়ম || ১৩

গুণ আৰু কৰ্ম্মৰ তাৰতম্য অনুসৰি চাৰিটা জাতি (বৰ্ণ) ময়ে সৃষ্টি কৰিছো (সেই কাৰণেই উপাসনা আদিৰ পদ্ধতিও বেলেগ হয়); কিন্তু এইবোৰ ময়ে কৰ্ত্তা হলেও মোক অকৰ্ত্তা আৰু অব্যয় বুলি ধৰিবা |

ন মাং কৰ্ম্মাণি লিম্পন্তি ন মে কৰ্ম্মফলে স্পৃহা |
ইতি মাং যোত্‍ ভিজানাতি কম্মভিৰ্ন স বধ্যতে || ১৪

কৰ্ম্মৈ মোক আসক্ত নকৰে, কৰ্ম্ম ফলতো মোৰ স্পৃহা নাই | যি মোক এইদৰে বুজে তেওঁৰ কৰ্ম্ম বন্ধন নহয় |

এৱং জ্ঞাত্বা কৄতং কৰ্ম্ম পূৰ্ব্বৈৰপি মুমুক্ষভি: |
কুৰু কৰ্ম্মৈৱ তস্মাত্‍ ত্বং পূৰ্ব্বৈ: পূৰ্ব্বতৰং কৃতম || ১৫

পূৰ্ব্ব কালৰ মুক্তি বাঞ্ছাকাৰীসকলে এই জ্ঞান লভি (অকৰ্তা বোধে) কৰ্ম্ম কৰিছিল | সেই কাৰণে তুমিও তেওঁলোকে পূৰ্ব্বতে কৰা কৰ্ম্ম আচৰণ কৰা |

কিং কৰ্ম্ম কিমকৰ্ম্মেতি কৱয়োত্‍ প্যত্ৰ মোহিতা: |
তত্তে কৰ্ম্ম প্ৰৱক্ষ্যামি যজ জ্ঞাত্বা মোক্ষ্যসেত্‍ শুভাত্‍ || ১৬

কৰ্ম্ম (কৰ্ত্তব্য) কি, অকৰ্ম্ম (অকৰ্ত্তব্য) কি, এই বিষয়ে নিৰ্ণয় কৰোতে জ্ঞানীসকলো বিমোৰত পৰে |গতিকে মই তোমাক কৰ্ম্ম বিষয়ে উপদেশ দিছো, যি কথা জানি (কৰ্ম্মচাৰণ কৰিলে) তুমি সংসাৰ বন্ধনৰ পৰা মুক্তিলাভ কৰিবা |

কৰ্ম্মনোহ্যপি বোদ্ধব্যং বোদ্ধব্যঞ্চ বিকৰ্ম্মণ: |
অকৰ্ম্মণ্শ্চ বোদ্ধব্যং গহনা কৰ্ম্মণো গতি: || ১৭

শাস্ত্ৰবিহিত কৰ্ম্মৰ বিষয়েও জানিব লাগিব, বিকৰ্ম্ম অৰ্থাত্‍ শাস্ত্ৰনিষিদ্ধ কৰ্ম্মৰ বিষয়েও জানিব লাগিব আৰু অকৰ্ম্ম অৰ্থাত্‍ কৰ্ম্মত্যাগ সম্বন্ধেও জানিব লাগিব | কৰ্ম্মতত্বৰ জ্ঞান অতি কষ্টসাধ্য |

কৰ্ম্মণ্যকৰ্ম্ম য: পশ্যেদকৰ্ম্মণি চ কৰ্ম্ম য: |
স বুদ্ধিমান মনুষ্যেষু স যুক্ত: কৄত্‍স্নকৰ্ম্মকৄত্‍ || ১৮

যি কৰ্ম্মত অকৰ্ম্মত কৰ্ম্ম দৰ্শন কৰে তেওঁ মনুষ্য জাতিৰ ভিতৰত বুদ্ধিমান আৰু সকলো কৰ্ম্ম কৰিও যোগযুক্ত পুৰুষ |

যজ্য সৰ্ব্বে সম্ভাৰম্ভা: কামসংকল্পবৰ্জ্জিতা: |
জ্ঞানাগ্নিদদ্ধকৰ্ম্মাণং তমাহু: পণ্ডিতং বুধা: || ১৯

সকলো প্ৰকাৰ কৰ্ম্ম কামনা আৰু সংকল্প বৰ্জ্জিত জ্ঞান লাভ কৰি যাৰ কৰ্ত্তৄত্ব বুদ্ধি বিলুপ্ত হৈছে, এনে লোককহে জ্ঞানীসকলে পণ্ডিত বোলে |

ত্যক্ত্বা কৰ্ম্মফলাসঙ্গং নিত্যতৃপ্তো নিৰাশ্ৰয়: |
কৰ্ম্মণ্যভিপ্ৰবৄত্তোত্‍ পি নৈৱ কিঞ্চিত্‍ কৰোতি স: || ২০

সেইজনে কৰ্ম্মফলত অনাসক্ত হৈ সদায় আত্মতৃপ্ত হৈ থাকে, নিজৰ সুখ সুবিধাৰ কাৰণে কাৰো আশ্ৰয় বাঞ্ছা নকৰে, তেওঁ কৰ্ম্মত নিৰত থাকিও আচলতে অকৰ্ত্তা |(কাৰণ তেওঁৰ কৰ্ত্তৄত্বৰ অভিমান লোপ পাইছে |)

নিৰাশীৰ্ষতচিত্তাত্মা ত্যক্তসৰ্ব্বপৰিগ্ৰহ: |
শাৰীৰং কেৱলং কৰ্ম্ম কুৰ্ব্বন্নাপ্নোতি কিন্বিষম || ২১

কামনা বাসনা শূণ্য, জিতেন্দ্ৰিয় আৰু সকলো ভোগোপকৰণ ত্যাগ কৰা জনে কেৱল শৰীৰস্থিতিমাত্ৰহেতু কৰ্ম্মানুষ্ঠান কৰিলেও কৰ্ম্মজনিত পাপ বা পুণ্য ভোগ কৰিব লগা নহয় |

যদৄচ্ছালাভসন্তুষ্টো দ্বন্দ্বাতীতো বিমত্‍সৰ: |
সম: সিদ্ধাৱসিদ্ধৌ চ কৄত্বাপি ন নিবধ্যতে | ২২

যিজনে যি পায় তাতে সন্তুষ্ট, সুখ, দুখ, ক্ষুধা, তৄষ্ণা, শীত, তাপ সকলো অৱস্থাতে সমভাৱাপন্ন, যাৰ অন্তৰত কাৰো প্ৰতি বৈৰীভাৱ নাই, সিদ্ধি অসিদ্ধিত ক্ষোভ নাই, তেওঁৰ কৰ্ম্ম কৰিলেও কৰ্ম্ম বন্ধন নহয় |

গতসঙ্গস্য মুক্তস্য জ্ঞানাৱস্থিতচেতস: |
যজ্ঞায়াচৰত: কৰ্ম্ম সমগ্ৰং প্ৰৱিলীয়তে || ২৩

অসক্তি শূণ্য পুৰুষৰ, মত্ত পুৰুষৰ, ব্ৰক্ষ্মজ্ঞানী পুৰুষৰ আৰু যজ্ঞৰ উদ্দেশ্যে (যজ্ঞো বৈ বিষ্ণু:) অৰ্থাত্‍ বিষ্ণু প্ৰীতিৰ উদ্দেশ্যে কৰ্ম্মাচৰণ কৰা জনৰ সকলো কৰ্ম্ম লয় প্ৰাপ্ত হয় | (কৰ্ম্মৰ পৰা বন্ধন পুৰ্নজন্ম নহয় |)

ব্ৰজ্ঞাৰ্পণং ব্ৰক্ষ্মাহবিৰ্ব্ৰক্ষ্মাগ্নৌ ব্ৰক্ষ্মণা হুতম |
ব্ৰক্ষৈৱ তেন গন্তব্যং ব্ৰক্ষ্মকৰ্ম্মসমাধিনা || ২৪

যাৰ দ্বাৰা অৰ্পণীয় দ্ৰব্য অগ্নিত অৰ্পিত হয় সেই সকলোবোৰ বস্তু (দ্ৰব্যাদি) ব্ৰক্ষ্ম, হবনীয় (ঘৄতাদি) দ্ৰব্য ব্ৰক্ষ্ম, অগ্নিও ব্ৰক্ষ্ম, আহুদিদাতাও ব্ৰক্ষ্ম | (এইদৰেই হবন ক্ৰিয়া আৰু তাৰ ফল ৰূপেও ব্ৰক্ষ্ম ) সৰ্ব্বত্ৰ এনে ব্ৰক্ষ্মদৰ্শী পুৰুষৰেই ব্ৰক্ষ্মলাভ হয় |

দৈৱমেৱাপৰে যজ্ঞং যোগিন: পৰ্য্যুপাসতে |
ব্ৰক্ষ্মাগ্নাৱপৰে যজ্ঞং যজ্ঞেনৈৱোপজুহ্বতি || ২৫

কোনো কোনো যোগীয়ে দৈৱ যজ্ঞ কৰে | অৰ্থাত্‍ দেৱতাসকলৰ সন্তুষ্টিৰ কাৰণে যজ্ঞ কৰে | কোনোৱে ব্ৰক্ষ্মৰূপ অগ্নিত সকলো কৰ্ম্ম সমৰ্পণৰ দ্বাৰা যজ্ঞ কৰে (এইদৰে ব্ৰক্ষ্ম কৰ্ম্ম সমৰ্পণো এক জ্ঞান যজ্ঞ ) |

শ্ৰোত্ৰাদীনীন্দ্ৰিয়াণ্যন্যে সংযমাগ্নিষু জুহ্বতি |
শব্দাদীন বিষয়ানন্য ইন্দ্ৰিয়াৰ্গ্নিষু জুহ্বতি || ২৬

নিষ্ঠাবান ব্ৰক্ষ্মচাৰীসকলে সংযম-ৰূপ অগ্নিত ইন্দ্ৰিয়ৰূপ হবি আহুতি দিয়ে আৰু মুক্তিকালী গৄহস্থীয়ে ভোগত অনাসক্ত হৈ ইন্দ্ৰিয়ৰূপ অগ্নিত শব্দাদি বিষয়সমূহক আহুতি দিয়ে |

সৰ্ব্বাণীন্দ্ৰিয়কৰ্ম্মাণি প্ৰাণকৰ্ম্মাণি চাপৰে |
আত্মসংযমযোগাগ্নৌ জুহ্বতি জ্ঞানদীপিতে || ২৭

অন্য কিছুমান সাধকে সকলো ইন্দ্ৰিয় কৰ্ম্ম আৰু প্ৰাণ কৰ্ম্মক আত্মজ্ঞানৰ দ্বাৰা দেদীপ্যমান আত্মসংযম-স্বৰূপ যোগাগ্নিত আহুতি দিয়ে |

দ্ৰব্যযজ্ঞাস্তপোযজ্ঞা যোগযজ্ঞাস্তথাপৰে |
স্বাধ্যায়জ্ঞানযজ্ঞাশ্চ যতয়: সংশিতব্ৰতা: || ২৮

কিছুমান সাধক দ্ৰব্যদানৰূপা যজ্ঞকাৰী, কিছুমান তপস্যা আচৰণৰূপ যজ্ঞকাৰী, কিছুমান যোগ অৰ্থাত্‍ চিত্তবৃত্তি নিৰোধৰ দ্বাৰা সমাধিৰূপ যজ্ঞকাৰী | আন কিছুৱে আকৌ বেদধ্যয়ন আৰু তদৰ্থচিন্তন স্বৰূপ জ্ঞানযজ্ঞৰ অনুষ্ঠানত দৃঢ়ব্ৰতী হৈ যত্নশীল হয় |

অপানে জুহ্বতি প্ৰাণং প্ৰাণেত্‍ পানং তথাপৰে |
প্ৰাণাপানগতী ৰুদ্ধা প্ৰাণায়ামপৰায়ণা: || ২৯
অপৰে নিয়তাহাৰা: প্ৰাণান প্ৰাণেষু জুহ্বতি |
সৰ্ব্বত্‍ প্যেতে যজ্ঞৱিদো যজ্ঞক্ষয়িত কল্মষা: ||৩০

আকৌ অন্য কিছুমান প্ৰণায়াম পৰায়ণ যোগীসকল অপান বায়ুত (পুৰকৰ দ্বাৰা) প্ৰাণ বায়ুক আহুতি দিয়ে | (কুম্ভকৰ যোগে) প্ৰাণ অপ্ৰাণ উভয়ৰে গতিৰোধ কৰি স্থিৰ চিত্ত হয় | অন্য কোনো সাধকে পৰিমিতাহাৰী হৈ ইন্দ্ৰিয়বোৰৰ প্ৰাণ বায়ু সংযত ৰাখে |

যজ্ঞশিষ্টামৄতভুজো যান্তি ব্ৰক্ষ্ম সনাতনম |
নায়ং লোকেত্‍ স্ত্যযজ্ঞস্য কুতোত্‍ ন্য: কুৰুসত্তম || ৩১

এই সকলোৱেই জ্ঞানবিদ | এওঁলোকে (পূৰ্ব্বোক্ত যিকোনো) যজ্ঞৰ দ্বাৰা পাপৰূপ বাসনা ক্ষয় কৰে আৰু যজ্ঞাবশিষ্ট ভক্ষণ কৰি সনাতন ব্ৰক্ষ্ম প্ৰাপ্তি হয় | হে অৰ্জ্জুন, কোনো প্ৰকাৰৰে যজ্ঞ নকৰাজনৰ পৰলোকত কথাই নাই, ইহলোকতো কোনো কল্যাণ নাই |

এবং বহুবিধা যজ্ঞা বিততা ব্ৰক্ষ্মণো মুখে |
কৰ্ম্মজান বিদ্ধিতান সৰ্ব্বানেৱং জ্ঞাত্বা বিমোক্ষ্যসে || ৩২

বেদত বহুবিধ যজ্ঞৰ কথা বিস্তৃতভাৱে বৰ্ণিত আছে | সেই সকলোবোৰ কায় মন বাক্য আদিৰ কৰ্ম্মৰ দ্বাৰা সম্পাদিত হয় বুলি জানিবা | এনেকৈ জানিলেহে মুক্তিলাভ কৰিবা | (কৰ্ম্ম বা যজ্ঞাদিৰ দ্বাৰা চিধা আত্মজ্ঞান নহয় | কিন্তু কৰ্ত্তব্য বুদ্ধিৰে অনুষ্ঠিত যজ্ঞাদি কৰ্ম্মৰ দ্বাৰা চিত্তশুদ্ধি হৈ আত্মাৰ স্বৰূপ উপলব্ধি হ’লে মোক্ষলাভ হ’ব এইদৰে জনা আৱশ্যক |)

শ্ৰেয়ান দ্ৰব্যময়াদ যজ্ঞাজ জ্ঞানযজ্ঞ: পৰন্তপ |
সৰ্ব্ব কৰ্ম্মাখিলং পাৰ্থ জ্ঞানে পৰিসমাপ্যতে || ৩৩

হে অৰ্জ্জুন, দ্ৰব্যময় যজ্ঞতকৈ জ্ঞানযজ্ঞ শ্ৰেষ্ঠ | কিয়নো সকলো যজ্ঞকৰ্ম্মই জ্ঞান উত্‍পাদন কৰি শেষত জ্ঞানতেই লয় প্ৰাপ্ত হয় |

তদবিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্চেন সেৱয়া |
উপদেক্ষ্যন্তি তে জ্ঞানং জ্ঞানিনস্তত্ত্বদৈৰ্শিন: || ৩৪

(জ্ঞানীজনক) প্ৰণিপাতৰ দ্বাৰা, (অৱসৰ সময়ত) বিনীত প্ৰশ্নৰ দ্বাৰা আৰু সেৱা শুশ্ৰূষাৰ দ্বাৰা জ্ঞান কি তাক জানিবা | তত্বদৰ্শী জ্ঞানীসকলে তোমাক যথাবিধি জিজ্ঞাসিত হ’লে জ্ঞানৰ উপদেশ দিব |

যজজ্ঞাত্বা ন পুনৰ্মোহমেৱং যাস্যহি পাণ্ডৱ |
যেন ভুতান্যশেষেণ দ্ৰক্ষ্যস্যাত্মন্যথো ময়ি || ৩৫

হে অৰ্জ্জুন, তোমাৰ এই জ্ঞান লাভ হ’লে মোহৰ পৰা নিষ্কৃতি লভিবা আৰি সকলো প্ৰাণীকে নিজ আত্মাৰ লগত অভেদ দেখিবা আৰু শেষত আত্মা-পৰমাত্মাৰ অভিন্ন জ্ঞান উত্‍পন্ন হ’ব |

অপি চেদসি পাপেভ্য: সৰ্ব্বেভ্য: পাপকৄত্তম: |
সৰ্ব্বং জ্ঞানপ্লৱেনৈৱ বৃজিনং সন্তৰিষ্যসি || ৩৬

তুমি যদি অতি পাপীউ হোৱা এই জ্ঞানৰূপ নৌকাত আৰোহণ কৰি অনায়াসে পাপ-ৰূপ সমূদ্ৰ পাৰ হব পাৰিবা |

যথৈধাংসি সমিদ্ধোত্‍ গ্নিৰ্ভস্মাত্‍ কুৰুতেত্‍ অৰ্জ্জুন |
জ্ঞানাগ্নি সৰ্ব্বকৰ্ম্মাণি ভস্মসাত্‍ কুৰুতে তথা || ৩৭

যেনেকৈ জ্বলন্ত অগ্নিয়ে কাষ্ঠ ৰাশি ভস্মীভূত কৰে সেইদৰে হে অৰ্জ্জুন জ্ঞান-ৰূপ অগ্নিয়ে প্ৰাৰদ্ধ কৰ্ম্ম ব্যতিৰেকে সমুদায় কৰ্ম্মকে ভস্মীভুত কৰে |

ন হি জ্ঞানেন সদৄশং পবিত্ৰমিহ বিদ্যতে |
তত্‍ স্বয়ং যোগসংসিদ্ধ: কালেনাত্মনি বিন্দতি || ৩৮

এই সংসাৰত জ্ঞানৰ সদৃশ পবিত্ৰ বস্তু নাই | সেই জ্ঞান যোগসিদ্ধ পুৰুষৰ আত্মাত সময়ত আপোনা আপুনি উদয় হয় |

শ্ৰদ্ধাবান লভতে জ্ঞানং তত্‍পৰ: সংযতেন্দ্ৰিয় |
জ্ঞানংলব্ধা পৰাং শান্তিমচিৰেণাধিগচ্ছতি || ৩৯

গুৰুৰ উপদেশত শ্ৰদ্ধাবান নিষ্ঠাবান আৰু জিতেন্দ্ৰিয় পুৰুষে আত্মজ্ঞান লাভ কৰি অচিৰে পৰম শান্তি লাভ কৰে |

অজ্ঞশ্চাশ্ৰদ্দধানশ্চ সংশয়াত্মা বিনশ্যতি |
নায়াং লোকোত্‍ স্তি ন পৰো ন সুখং সংশয়াত্মন: || ৪০

অজ্ঞ, অশ্ৰ্দ্ধাপৰায়ণ আৰু যাৰ মনৰ পৰা সংশয় গুচা নাই, তেওঁ নষ্ট হয় | সেই সন্দেহ নুগুচা জনৰ ইহলোকো নাই, পৰলোকো নাই, সুখো নাই |

যোগসংন্যস্তকৰ্ম্মাণং জ্ঞানসংচ্ছিন্নসংশয়ম |
আত্মৱন্তং ন কৰ্ম্মাণি নিৱধ্নন্তি ধনঞ্জয় || ৪১

হে ধনঞ্জয়, যি পৰমেশ্বৰৰ আৰাধনৰূপ যোগ সাধনাৰে কৃত কৰ্ম্মসমূহ পৰমেশ্বৰতে অৰ্পণ কৰি নিশ্চয়াত্মিকা জ্ঞানৰ দ্বাৰা সংশয় শূণ্য হৈছে তেনে আত্মদৰ্শীজনৰ কৰ্ম্ম বন্ধনৰ ভয় নাই |

তস্মাদজ্ঞানসম্ভুতং হৃত্‍স্থং জ্ঞানাসিনাত্মন: |
ছিত্ত্বৈনাং সংশেয়ং যোগমাতিষ্ঠোত্তিষ্ঠ ভাৰত || ৪২

অতএৱ হে অৰ্জ্জুন, উঠা, জ্ঞান খড়্গেৰে হৃদয়ৰ অজ্ঞান সংশয় (মোহ) ছেদন কৰি যোগ আশ্ৰয় কৰি যুদ্ধলৈ সাজু হোৱা |

ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
জ্ঞানযোগো নাম চতুৰ্থোত্‍ধ্যায়: ||