লুইতৰ পাৰৰে আমি ডেকা ল'ৰা

ৱিকিউৎসৰ পৰা


লুইতৰ পাৰৰে আমি ডেকা ল'ৰা
মৰিবলৈ ভয় নাই।
মুকুতি-মেধৰ মহান মেজিৰ
নেজাল ফিৰিঙতি ছাই
পুৰোহিতো যদি থিতাতে আঁতৰি
ত্ৰাসতে মূৰ্চ্ছা যায়-
আমি আগ বাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল যামে বোলাই।।
তাহানি লাচিতে এৰি থৈ যোৱাৰে
               পৰা জননী তোৰ--
লঘু-লাঞ্ছনাৰ দুঃখে বেজাৰৰে
               আজিও নপৰিল ওৰ।
কোনো কাপুৰুষ পুৰুষে সহিলেও
               আমাৰ যে নসহে গাই
আজিৰ ডেকা ল'ৰাই জীৱন পণ কৰিছে
মোহাৰ চকুলো কলিজাৰ আই।।