অকলশৰীয়া বুলি কোনে ক’লে

ৱিকিউৎসৰ পৰা

অকলশৰীয়া বুলি কোনে ক’লে?
মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে
চকুলো তোৰ
পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ।

তোৰ ভিতৰে বাহিৰে আছে
তাকে আঁকোৱালি
তোৰ চিৰসখা চিৰসুন্দৰ

তোৰ, প্ৰাণে মনে ব্যাপি আছে
তোৰ চিৰলগৰীয়া
যুগ যুগান্তৰ।

ৰূপে ৰসে গানে গন্ধে
সুৰ-শবদৰ ছন্দে ছন্দে
বিচিত্ৰ প্ৰবন্ধে
তোৰে সতে কত কথা তাৰ

অনন্ত সংখ্যাত যি এটি ৰূপ ধৰে
সিয়ে তোৰ লগৰীয়া
পুৱা দুপৰীয়া সন্ধিয়াৰ
আঁউসী নিশাৰ॥