মোৰ গানৰ সতে তোৰ

ৱিকিউৎসৰ পৰা


মোৰ গানৰ সতে তোৰ
                 সুৰৰ চিনাকি
          সেইহে মোৰ জীৱনত জ্বলিল জোনাকী৷
ইমান চিনাকী হৈও তই
          অচিনাকী হৈ
                 নিতৌ পুৱতি আহ
চিৰ চিনাকী নিচিনিলোঁ বুলি
          মিচিকি মিচিকি হাঁহ
চিনা নিচিনাৰ
          খেলা পাতিলো কতনা কালৰে পৰা
জীৱনে জীৱনে লুকা-ভাকু খেলি
          আজিহে পৰিলি ধৰা৷৷