মোৰ গানত আছে অময়া অৰ্থ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মোৰ গানত আছে অময়া অৰ্থ
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জ্যোতি সংগীত


মোৰ গানত আছে
অময়া অৰ্থ
                ব্যৰ্থ নহয়
                ব্যৰ্থ নহয় সি,
তোৰ প্ৰাণত আছে
          সোৱাদ বুজাৰ
                পৰশমণিটি৷
মোৰ যে গানৰ চিত্ৰলেখাই
          তোৰ মনতে আঁকে
সেই ছবিয়ে মোকেই ভুলাই
          বিয়াকুলকৈ ৰাখে৷৷