মোৰ গানত আছে সোণ সপোনৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মোৰ গানত আছে সোণ সপোনৰ
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জ্যোতি সংগীত


মোৰ গানত আছে
সোণ সপোনৰ
          সাৰ নোপোৱা ৰূপ
মোৰ গানত উৰে
বিশ্ব পূজাৰ
          গন্ধময়ী ধূপ৷
মোৰ গানত আছে
নতুন দিনৰ
          ন কইনা শুই
তাই বুকুত আছে
          তিনিও ভুৱন
                   পোহৰ কৰা জুই৷
অহা কালিৰ ধলপুৱাতেই
          তাই যে সাৰ পাব
                   নতুন দিনৰ নতুন ফুলৰ
                             গুটি সিঁচি যাব৷৷