ময়না/পৰিচিতা

ৱিকিউৎসৰ পৰা

[ ৩৬ ]

পৰিচিতা

( ১ )

 বৃহস্পতিবাৰৰ বাৰবেলা বঙালী কবি দ্বিজেন্দ্ৰলাল ৰায়ৰ গানত ধন্য হই আছে। কিন্তু ই মানুহক একোটা থেকেচা নিদিয়াকৈনেৰে। মই বাৰবেলা-যাত্ৰাৰ এটা কাহিনী কম।

 ঘৰৰ পৰা যাত্ৰা কৰিলোঁ ঠিক বৃহস্পতিবাৰৰ বাৰবেলাত। ষ্টেচন পাই শুনিলোঁ, ৰেল সেইদিনা এক ঘণ্টা দেৰি।

 ৰেল আহিল, কাৰণ সময় যে ৰই নাথাকে ই সকলোৰে জানা কথা। ৰেল এৰি দিবৰো হল—গাৰ্ডে সেউজীয়া নিচান জোকাৰে, ড্ৰাইভাৰে কিন্তু গাৰ্ডৰ ফালে নাচায়; যেতিয়া ড্ৰাইভাৰে গাৰ্ডৰ ফালে চায়, তেতিয়া আকৌ গাৰ্ডে ই মুখ কৰে। এইদৰে প্ৰায় আৰু আধা ঘণ্টা। শেষত বোলে ৰেলৰ ‘ভেকুৰাম’ নে কি বেয়া হল, ৰেল আৰু নাযায়। আগলৈ বাৰবেলাত যাত্ৰা নকৰিম বুলি মনে মনে ঠিক কৰি ষ্টেছনৰ পৰা গুচি আহিলোঁ। ঘৰ পাই আহি চাওঁ যে মোৰ জলপানৰ জাপা আৰু পানী নিয়া ঘটীটো ৰেলতে ৰই আহিল।

( ২ )

 ক্ষুধাতুৰ মানুহে যি দৰে ভাতক খং কৰিলে ৰান্ধনীৰ হে জয় হয়, মোকৰ্দমা-লাগা মানুহে যি দৰে উকীলক খং কৰা অৰ্থ নিজৰ পৰাজয় মাতি আনা, সেইদৰে যি ৰেলত যাব লগীয়া তেনে মানুহে ৰেলৰ পৰা গুচি গলেই নচলে, একদিন নে একদিন অৱশ্য ৰেলৰ ‘শৰণ পশিব’ লাগে। এই বেলি দিন-বাৰ চাই যাত্ৰা কৰা হল। নিৰ্বিঘ্নে ৰেলে ডাঙৰ জংচন এটা পালে হি। গাড়ীৰ যি খোঁটালীটোত আছিলোঁ তাতে উঠিল একজন বঙালী বাবু আৰু তেওঁৰ ‘পৰিবাৰ’ আৰু পৰিয়াল, চাৰিজনমান মানুহ। আগেয়ে অলপ আয়মত আহিছিলোঁ; এতিয়া কিছু দিগদাৰি হল। কিন্তু কাকো মোৰ দখলত থাকা বেঞ্চখনৰ ওচৰ চাপিবলৈ নিদিবৰ মনে মেৰাই থোৱা বিছনাখন মেলি ললোঁ; আৰু নিতান্ত নিৰ্লিপ্তভাবে সেইদিনাৰ Statesman কাগজখন খুলি লই তাৰ বিজ্ঞাপনৰ Column কেইট৷ চাব ধৰিলোঁ।

 খবৰৰ কাগজৰ বিজ্ঞাপন চোৱাৰ যাৰেই অভ্যাস আছে, সেয়ে জানে যে চখু যায় প্ৰথমে ‘কৰ্মখালি’ৰ ঠাইলৈ আৰু তাৰ পাছতে বিক্ৰীৰ জিনিছলৈ। ইয়াৰ কাৰণ এয়ে হব পায় যে কোনো মানুহেই নিজৰ অৱস্থাত সুখী নহয়, আৰু কি জানি আন কৰবাত কিবা এটা ভাল মিলেই,এই ভাবি সকলোৰে মনে অজানিত ভাবে অজানিত ভালৰ অনুসন্ধান কৰি ফুৰে। জিনিছৰ সম্বন্ধে, কত সস্তাত কি জিনিছ পায়, কেনেকৈ এক পইচা খৰচ কৰি চাৰি পইচাৰ জিনিছ আনি আমি লাভৱান হব পাৰোঁএইটোৱে সকলোৰে আন্তৰিক ইচ্ছা।

 যি হক “শিক্ষা সম্পৰ্কীয়” স্তম্ভটোত এখন বিজ্ঞাপন দেখিলোঁ – ছোৱালী এজনী পঢ়াবলৈ তিনি মাহৰ কাৰণে উপযুক্ত শিক্ষক বা শিক্ষয়িত্ৰীৰ আৱশ্যক। স্থাস্থ্যকৰ পৰ্বতৰ ওপৰৰ ঠাই। দৰমহা মাহে এক শত টকা; খোৱা আৰু থাকাৰ কাৰণে একো দিব নালাগে। উত্তম চৰিত্ৰ আৰু ভাল লেখা-পঢ়া থকা মানুহ লাগে। “ষ্টেটচ্ম্যান” বিজ্ঞাপন বাকচ নং ৫৫৭০৩।”

[ ৩৭ ]  মোৰ-যে চাকৰিৰ অভাৱ আছিল বা মই যে চাকৰি হে বিচাৰি ফুৰিছিলোঁ। তেনে নহয়। কিন্তু এই মাষ্টাৰিটোৰ কাৰণে দৰ্খাস্ত কৰিবলৈ মন গল। মাজতে ছুটী লই এখন Hill station ত থাকিম বুলিও ভাবিছিলোঁ; কাৰণ মোৰ স্বাস্থ্য তিমান ভাল নহয় বুলি বন্ধুসকলে কইছিল—কিহত যে বেয়া সেইটো মই নিজে যদিও ভাবি নাপাইছিলোঁ, এই সুযোগটো মনত লাগিল—Hill station, ছুটী আৰু উপৰঞ্চি মাহে একশ টকা। আকৌ—আকৌ কিজানি অজ্ঞাতা ছাত্ৰীয়েও অজানিত কৈশোৰৰ মাধুৰ্য্যইদি মোৰ অলপপান টানিছিলেই। বিজ্ঞাপন ডোখৰ ছিৰি জেপত সুমাই থলো।

( ৩ )

 “দাও না গো! দাও না এঁঃ এঁঃ—দাওনা” কেং-কেং-মেন্-মেন্- এই আধা আদৰৰ মাত শুনি কাগজখনৰ পৰা চখু দুটা তুলি শব্দ-আহা ফাললৈ দিলো যে দেখোঁ, একজনী বাৰমান বছৰীয়া ছোৱালীএ ৰেলৰ খিৰিকীৰ কাঠৰ দুৱাৰ এখন খুলিব নোৱাৰি মেন্‌-মেনাইছে; ওচৰতে থাকা যুৱতীজনীয়ে তাইৰ এনেটো আবদাৰত টিপি টিপি হাঁহিছে। যিজন বঙালী বাবু ৰেলত উঠা বুলি কৈছিলো, তেওঁ ছোৱালীজনীৰ গালত ঠোকোনা এটা মাৰি দি দুৱাৰখন নামাই দিলে। খোলা খিৰিকীৰ মাজেদি আহা পোহৰে গাড়ীৰ ভিতৰখন মুকলি কৰি দিয়াৰ লগতে ছোৱালজনীৰো কুঞ্চিত কপাল আৰু অসন্তুষ্ট মুখখন মুকলি হই পৰিল। তাই,ইজনীৰ গলত সাবোটা মাৰি ধৰি দুয়ো গালে পাৰেমানে চপাচপ্ চুমা খাই বেচাৰীক ব্যতিব্যস্ত কৰিলে; আৰু পাছতে হাঁহিৰ ৰিণৰিণীয়া মধুৰ সুৰেৰে গোটাই গাড়ীখনকে মুখৰ কৰি তুলিলে। ছট্‌ফটীয়া নিপোটল ছাগল-ছানাৰ শৰৎ কালৰ ৰোদ পাই যেনে আনন্দৰ নাচন, ফট্‌ফটীয়া জোনাক নিশা বহল পানীৰ ঢৌৰ ভিতৰত জোনৰ যেনে তলবলীয়া কিৰণ, পূৰৱী ৰাগিনীৰ মাজত সুৰৰ যেনে মৃদু-মধুৰ কম্পন, এই আনন্দশীলা হাস্যময়ী ছোৱালীজনীৰ হাঁহি আৰু তামাচায়ো মোৰ মনত তেনে এটা কবিতাময়ী সৌন্দৰ্য্যৰ সুষমা ঢালি দিলে। তেওঁৰ খেল, হাঁহি, ডেকা-জনৰ ওচৰত আবদাৰ আৰু যুৱতীজনীৰ কোলাত ধেমালি——আটাইখিনি মোৰ মনত অতি সুন্দৰ লাগিল।

 ৰাতি হল, ৰেলত বিজুলী চাকি জলিল। অলপ কিবা খাই শুই থাকোঁ বুলি ভাবি খোৱা বস্তুটোৰ টোপোলাটে৷ উলিয়ালো। বাটত কিনাকুটা বস্তু বিশেষ একো নাই——খোৱা বস্তুৰ জাপাটো বাৰবেলাৰ যাত্ৰাই সামৰিয়ে থইছে, পানীও এটোপা নাই। পাছৰ ষ্টেছনত গাড়ী থামিল—ফেবিৱলাই ডাক দিলে—“চোড়া লিমনেড্।” মই এটা বোটল ললো। বাবুটোই কলে—“Kindly আমাদেৰ জন্য ও দুই বোটল নিন তো!”

 পৰিচয়ৰ এই সূত্ৰপাত হল! তেওঁ কলিকতাৰ মানুহ—জমিদাৰ আৰু সদাগৰ। গৰমৰ দিন কেইটা দাৰ্জিলিঙত থাকিবলৈ আহিছে। লগত থকা তিনজন কোন সুধিবলৈ অভদ্ৰামি; কিন্তু আৱশ্যকো নহল—আন্দাজতে বুজি ললো, তেওঁৰ ঘৈণীয়েক, জীয়েক আৰু পুতেক। পুতেকটি নিতান্ত সৰু, দুই বছৰমান বয়সৰ।

 বাবুজনৰ জলপানৰ ভাগকে ললো— লুচি, মিঠাই, কিবাকিবি ভাজা; যথেষ্টকৈ সুন্দৰৰূপে থোৱা হল। খাই-দাই উঠাত, ছোৱালীজনীৰ টোপনি আহিল——বেঞ্চৰ পৰা ভৰি নমাই, গাড়ীৰ [ ৩৮ ] গাত মূৰ থৈ তাই শুই পৰিল। আগেয়ে মোৰ বেঞ্চিখন কাকো এৰি নিদিবলৈ মনে মনে কৰা সংকল্প কৰবালৈ উৰি গল। মই তাইক আঙুলিয়াই কলোঁ—

 “ওকে আমাৰ বিছানায় ঘুমুতে দিন।”

 “আপনি?”

 “আমি ওপৰেৰ Berth এ শোব অখন।”

 “কেন মিছে কষ্ট কৰবেন! ও বেশ আছে।”

 “কেন কিশেৰ মশায়! আমি এখানে শুয়ে থাকব, আৰ ঐ মেয়েটি ওৰকম কৰে থাকবে! সে হতে পাৰে না।”

 কথাৰ লগত লাজৰ সম্পৰ্ক ৰাখি ছোৱালীজনীক দাঙি আনি মোৰ বিছনাখনতে শুৱাই থলোঁ। কিছুপৰৰ পাছত যুদ্ধ, হোমৰুল, লৰ্ড কাৰ্মাইকেল, আমাৰ কৃষক, ৰেলৰ তৃতীয় শ্ৰেণী ইত্যাদি ভাৰস্তৰ সকলো কথাৰ আলাপ সাং কৰি উপৰৰ বাৰ্থ এখনত শুলো। ৰাতি ৰেলে পাৰ্বতীপুৰ পালে। বাবুজনে ‘Good night” আৰু “Thank you very much for your kindness” কৰি গুচি গল।

( ৪ )

 তিনি মাহৰ ছুটী লই দাৰ্জিলিং অভিমুখে যাত্ৰা কৰিলোঁ যেতিয়া, তেতিয়া মোৰ মনটো খুব পাতল লাগিল। অনেক দিন নৰিয়াত পৰি থাকি চুলি-দাৰি খুৰাই প্ৰথম গা-ধুলে যেনে পাতল লাগে, বৰ ডাঙৰ সকাম এটা কৰি তাৰ সকলো লেঠ৷ মাৰি উঠিলে যেনে পাতল লাগে, তেনে পাতল লাগিল। ষ্টেটচ্ মেন কাকতত বিজ্ঞাপন দিয়া শিক্ষকৰ কামটো মোকেই দিছে। যাৰ মোক আৱশ্যক তেওঁ থাকে দাৰ্জিলিঙত। পাৰ্বতীপুৰত গাড়ী বদলাই ললোঁ; আকৌ শিলিগুৰিত বদলালোঁ। শিলিগুৰিৰ পৰা অঁকা-বেকা পৰ্বতীয়া বাটৰ মাজেদি ৰেলগাড়ীখন প্ৰকাণ্ড এটা কেৰেলুৱাৰ দৰে পৰ্বত বগাই যাব ধৰিলে। মাজে মাজে অভ্ৰভেদী পৰ্বতৰ শৃঙ্গ; মাজে মাজে অতলস্পৰ্শ গহ্বৰ। ঠায়ে ঠায়ে ঝোপ আৰু জাৰনিৰ মাজেদি পৰ্বতৰ ওপৰৰ পৰা ঠেক উপত্যকা বগাই বগাই ফটিকৰ নিজৰাই উঠি-নামি হাঁহি-কান্দি কিশোৰী বালিকাৰ দৰে গোটাইটো দৃশ্যক এক অপূৰ্ব মাধুৰ্য্যত পূৰ্ণ কৰি দিছে। শেষত যাই দাৰ্জিলিং পালোঁ। ষ্টেছনত এজন মানুহে অপেক্ষা কৰিছিল। মুটিয়াৰ মূৰত মালবস্তু দি যাৰ ঘৰত চখৰ চাকৰিটে৷ লইছিলোঁ তেওঁৰ ঘৰ ওলালোঁ।

 যিজন মানুহে ছোৱালীৰ শিক্ষকক একশ টাকা বেতন দিব পাৰে, তেওঁ নিতান্ত চাহাব বুলি মোৰ মনে মনে অলপ আশঙ্কা আছিল। সেই দেখি ৰেলতেই মই চাহাবী পোছাক এটা পিন্ধি লইছিলোঁ। আৰু মনে মনে কেনেকৈ Good morning দিম, Hand Shake কৰোঁতে কোনটো কায়দাত হাত জোকাৰিম, ইংৰাজী কওঁতে Sir Sir মুখত নাহাৰ কি উপায় কৰিম, Thanks Thanks বোলাৰ কি দৰে অভ্যাস কৰিম ইত্যাদি কথাৰ বিশেষ আলোচনা কৰি গইছিলো। মাজে মাজে ‘বেয়া পায় যদি পালে—মোৰ চাকৰিটো চখৰ হে, ইচ্ছা নহলে এৰি গুচি যাম’—ইত্যাদি ভাবি মনটোক ডাঠ কৰি লইছিলো। এই দৰে যাই গন্তব্য ঠাই পেলো।

[ ৩৯ ]  এটা সুন্দৰ সৰু বঙলা ঘৰ, অলপ ওখ টিলা এটাৰ উপৰত। পুৱাই পৰিষ্কাৰ ৰোদ উঠি বঙলাটো জিক-মিকাই দিছে। বঙলাৰ সমুখৰ বাৰাণ্ডাৰ পৰা কাঞ্চন-জঙ্ঘাৰ দৃশ্য কি মনোৰম!বিশাল বপু মহাদেৱৰ দৰে জ্যোতিৰ্ময় মূৰটো আকাশলৈ দাঙি কি গম্ভীৰ মনোমুগ্ধকৰ শোভা ধাৰণ কৰি আছে—হিমালয়ৰ এই বৰ পুত্ৰই!

 বাবু ঘৰত নাই—কাৰ্য্যান্তৰত কলিকতাক গইছে। চাহাব বোলাৰ সকাম নাই, কাৰণ যদিও প্ৰাইভেট টিউটৰকে একশ টাকা যাচিছে, তথাপি ঘৰৰ ভিতৰৰ আদব কায়দা তেনেই বঙলুৱা। সেই মাছৰ ঝোল ভাজি আঞ্জা, আলুৰ চৰ্চৰি আৰু ভাত, সেই কুশাসন আৰু ঘটিৰ পানীৰ আচমন।

( ৪ )

 সৰু এটি খোঁটালীত বহিছোঁ, মাজতে এখন সৰু ধুনীয়া গদি দিয়া চেয়াৰ, ওচৰতে একচেট দেৰাজ—ওক কাঠৰ—চিক্‌চিকাই আছে। বেৰাত এখন নল-দময়ন্তীৰ, এখন সীতাৰ আৰু এখন অজ ইন্দুমতীৰ ছবি? সমুখৰ বেৰাত এজনী যুৱতীৰ ছবি, ওচৰতে দহ বছৰীয়ামান ছোৱালী এজনী। এই ছবি দুটা কিহৰ কব নোৱাৰিলো; কৰবাত যেন দেখিছোঁ অথচ মনত নপৰে।

 মনত কিমান ভাবিছোঁ— ছাত্ৰীজনী মোৰ কেনে, কিজানি বেছ ধুনীয়া ফুট্‌ফুটীয়া হব! মই কি সুধিম! এনেতে বগা চেমিজ এটাৰ ওপৰত ৰঙা পাৰী দিয়া ধপ্ ধপীয়া বগা শাৰী এখন পিন্ধি, পিঠিত দীঘল চুলিৰ বেণী ওলমাই, শৰৎ কালৰ পুৱাৰ শেৱালী ফুলৰ দৰে, সন্ধ্যা আৰতিৰ দীপ শিখাৰ দৰে, মোৰ ছাত্ৰী আহি খোঁটালীত সোমাল।

 কিন্তু—এইজনী যে সেইজনী ছোৱালী; যাক মই ৰেলত সিদিনাখন পাইছিলো আৰু যাক নি মোৰ বিছনাখনত শুৱাই নিজক ধন্য বুলি ভাবিছিলো! সমুখৰ বেৰৰ ছবি চিনিলো।

 তেওঁ “মা মা এ যে···বাবু” বুলি লৰি ভিতৰলৈ সোমাই গল।

—:০:—