পৃষ্ঠা:ময়না.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিচিতা

( ১ )

 বৃহস্পতিবাৰৰ বাৰবেলা বঙালী কবি দ্বিজেন্দ্ৰলাল ৰায়ৰ গানত ধন্য হই আছে। কিন্তু ই মানুহক একোটা থেকেচা নিদিয়াকৈনেৰে। মই বাৰবেলা-যাত্ৰাৰ এটা কাহিনী কম।

 ঘৰৰ পৰা যাত্ৰা কৰিলোঁ ঠিক বৃহস্পতিবাৰৰ বাৰবেলাত। ষ্টেচন পাই শুনিলোঁ, ৰেল সেইদিনা এক ঘণ্টা দেৰি।

 ৰেল আহিল, কাৰণ সময় যে ৰই নাথাকে ই সকলোৰে জানা কথা। ৰেল এৰি দিবৰো হল—গাৰ্ডে সেউজীয়া নিচান জোকাৰে, ড্ৰাইভাৰে কিন্তু গাৰ্ডৰ ফালে নাচায়; যেতিয়া ড্ৰাইভাৰে গাৰ্ডৰ ফালে চায়, তেতিয়া আকৌ গাৰ্ডে ই মুখ কৰে। এইদৰে প্ৰায় আৰু আধা ঘণ্টা। শেষত বোলে ৰেলৰ ‘ভেকুৰাম’ নে কি বেয়া হল, ৰেল আৰু নাযায়। আগলৈ বাৰবেলাত যাত্ৰা নকৰিম বুলি মনে মনে ঠিক কৰি ষ্টেছনৰ পৰা গুচি আহিলোঁ। ঘৰ পাই আহি চাওঁ যে মোৰ জলপানৰ জাপা আৰু পানী নিয়া ঘটীটো ৰেলতে ৰই আহিল।

( ২ )

 ক্ষুধাতুৰ মানুহে যি দৰে ভাতক খং কৰিলে ৰান্ধনীৰ হে জয় হয়, মোকৰ্দমা-লাগা মানুহে যি দৰে উকীলক খং কৰা অৰ্থ নিজৰ পৰাজয় মাতি আনা, সেইদৰে যি ৰেলত যাব লগীয়া তেনে মানুহে ৰেলৰ পৰা গুচি গলেই নচলে, একদিন নে একদিন অৱশ্য ৰেলৰ ‘শৰণ পশিব’ লাগে। এই বেলি দিন-বাৰ চাই যাত্ৰা কৰা হল। নিৰ্বিঘ্নে ৰেলে ডাঙৰ জংচন এটা পালে হি। গাড়ীৰ যি খোঁটালীটোত আছিলোঁ তাতে উঠিল একজন বঙালী বাবু আৰু তেওঁৰ ‘পৰিবাৰ’ আৰু পৰিয়াল, চাৰিজনমান মানুহ। আগেয়ে অলপ আয়মত আহিছিলোঁ; এতিয়া কিছু দিগদাৰি হল। কিন্তু কাকো মোৰ দখলত থাকা বেঞ্চখনৰ ওচৰ চাপিবলৈ নিদিবৰ মনে মেৰাই থোৱা বিছনাখন মেলি ললোঁ; আৰু নিতান্ত নিৰ্লিপ্তভাবে সেইদিনাৰ Statesman কাগজখন খুলি লই তাৰ বিজ্ঞাপনৰ Column কেইট৷ চাব ধৰিলোঁ।

 খবৰৰ কাগজৰ বিজ্ঞাপন চোৱাৰ যাৰেই অভ্যাস আছে, সেয়ে জানে যে চখু যায় প্ৰথমে ‘কৰ্মখালি’ৰ ঠাইলৈ আৰু তাৰ পাছতে বিক্ৰীৰ জিনিছলৈ। ইয়াৰ কাৰণ এয়ে হব পায় যে কোনো মানুহেই নিজৰ অৱস্থাত সুখী নহয়, আৰু কি জানি আন কৰবাত কিবা এটা ভাল মিলেই,এই ভাবি সকলোৰে মনে অজানিত ভাবে অজানিত ভালৰ অনুসন্ধান কৰি ফুৰে। জিনিছৰ সম্বন্ধে, কত সস্তাত কি জিনিছ পায়, কেনেকৈ এক পইচা খৰচ কৰি চাৰি পইচাৰ জিনিছ আনি আমি লাভৱান হব পাৰোঁএইটোৱে সকলোৰে আন্তৰিক ইচ্ছা।

 যি হক “শিক্ষা সম্পৰ্কীয়” স্তম্ভটোত এখন বিজ্ঞাপন দেখিলোঁ – ছোৱালী এজনী পঢ়াবলৈ তিনি মাহৰ কাৰণে উপযুক্ত শিক্ষক বা শিক্ষয়িত্ৰীৰ আৱশ্যক। স্থাস্থ্যকৰ পৰ্বতৰ ওপৰৰ ঠাই। দৰমহা মাহে এক শত টকা; খোৱা আৰু থাকাৰ কাৰণে একো দিব নালাগে। উত্তম চৰিত্ৰ আৰু ভাল লেখা-পঢ়া থকা মানুহ লাগে। “ষ্টেটচ্ম্যান” বিজ্ঞাপন বাকচ নং ৫৫৭০৩।”