পৃষ্ঠা:ময়না.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ময়না


 মোৰ-যে চাকৰিৰ অভাৱ আছিল বা মই যে চাকৰি হে বিচাৰি ফুৰিছিলোঁ। তেনে নহয়। কিন্তু এই মাষ্টাৰিটোৰ কাৰণে দৰ্খাস্ত কৰিবলৈ মন গল। মাজতে ছুটী লই এখন Hill station ত থাকিম বুলিও ভাবিছিলোঁ; কাৰণ মোৰ স্বাস্থ্য তিমান ভাল নহয় বুলি বন্ধুসকলে কইছিল—কিহত যে বেয়া সেইটো মই নিজে যদিও ভাবি নাপাইছিলোঁ, এই সুযোগটো মনত লাগিল—Hill station, ছুটী আৰু উপৰঞ্চি মাহে একশ টকা। আকৌ—আকৌ কিজানি অজ্ঞাতা ছাত্ৰীয়েও অজানিত কৈশোৰৰ মাধুৰ্য্যইদি মোৰ অলপপান টানিছিলেই। বিজ্ঞাপন ডোখৰ ছিৰি জেপত সুমাই থলো।

( ৩ )

 “দাও না গো! দাও না এঁঃ এঁঃ—দাওনা” কেং-কেং-মেন্-মেন্- এই আধা আদৰৰ মাত শুনি কাগজখনৰ পৰা চখু দুটা তুলি শব্দ-আহা ফাললৈ দিলো যে দেখোঁ, একজনী বাৰমান বছৰীয়া ছোৱালীএ ৰেলৰ খিৰিকীৰ কাঠৰ দুৱাৰ এখন খুলিব নোৱাৰি মেন্‌-মেনাইছে; ওচৰতে থাকা যুৱতীজনীয়ে তাইৰ এনেটো আবদাৰত টিপি টিপি হাঁহিছে। যিজন বঙালী বাবু ৰেলত উঠা বুলি কৈছিলো, তেওঁ ছোৱালীজনীৰ গালত ঠোকোনা এটা মাৰি দি দুৱাৰখন নামাই দিলে। খোলা খিৰিকীৰ মাজেদি আহা পোহৰে গাড়ীৰ ভিতৰখন মুকলি কৰি দিয়াৰ লগতে ছোৱালজনীৰো কুঞ্চিত কপাল আৰু অসন্তুষ্ট মুখখন মুকলি হই পৰিল। তাই,ইজনীৰ গলত সাবোটা মাৰি ধৰি দুয়ো গালে পাৰেমানে চপাচপ্ চুমা খাই বেচাৰীক ব্যতিব্যস্ত কৰিলে; আৰু পাছতে হাঁহিৰ ৰিণৰিণীয়া মধুৰ সুৰেৰে গোটাই গাড়ীখনকে মুখৰ কৰি তুলিলে। ছট্‌ফটীয়া নিপোটল ছাগল-ছানাৰ শৰৎ কালৰ ৰোদ পাই যেনে আনন্দৰ নাচন, ফট্‌ফটীয়া জোনাক নিশা বহল পানীৰ ঢৌৰ ভিতৰত জোনৰ যেনে তলবলীয়া কিৰণ, পূৰৱী ৰাগিনীৰ মাজত সুৰৰ যেনে মৃদু-মধুৰ কম্পন, এই আনন্দশীলা হাস্যময়ী ছোৱালীজনীৰ হাঁহি আৰু তামাচায়ো মোৰ মনত তেনে এটা কবিতাময়ী সৌন্দৰ্য্যৰ সুষমা ঢালি দিলে। তেওঁৰ খেল, হাঁহি, ডেকা-জনৰ ওচৰত আবদাৰ আৰু যুৱতীজনীৰ কোলাত ধেমালি——আটাইখিনি মোৰ মনত অতি সুন্দৰ লাগিল।

 ৰাতি হল, ৰেলত বিজুলী চাকি জলিল। অলপ কিবা খাই শুই থাকোঁ বুলি ভাবি খোৱা বস্তুটোৰ টোপোলাটে৷ উলিয়ালো। বাটত কিনাকুটা বস্তু বিশেষ একো নাই——খোৱা বস্তুৰ জাপাটো বাৰবেলাৰ যাত্ৰাই সামৰিয়ে থইছে, পানীও এটোপা নাই। পাছৰ ষ্টেছনত গাড়ী থামিল—ফেবিৱলাই ডাক দিলে—“চোড়া লিমনেড্।” মই এটা বোটল ললো। বাবুটোই কলে—“Kindly আমাদেৰ জন্য ও দুই বোটল নিন তো!”

 পৰিচয়ৰ এই সূত্ৰপাত হল! তেওঁ কলিকতাৰ মানুহ—জমিদাৰ আৰু সদাগৰ। গৰমৰ দিন কেইটা দাৰ্জিলিঙত থাকিবলৈ আহিছে। লগত থকা তিনজন কোন সুধিবলৈ অভদ্ৰামি; কিন্তু আৱশ্যকো নহল—আন্দাজতে বুজি ললো, তেওঁৰ ঘৈণীয়েক, জীয়েক আৰু পুতেক। পুতেকটি নিতান্ত সৰু, দুই বছৰমান বয়সৰ।

 বাবুজনৰ জলপানৰ ভাগকে ললো— লুচি, মিঠাই, কিবাকিবি ভাজা; যথেষ্টকৈ সুন্দৰৰূপে থোৱা হল। খাই-দাই উঠাত, ছোৱালীজনীৰ টোপনি আহিল——বেঞ্চৰ পৰা ভৰি নমাই, গাড়ীৰ