মই জানো ইমান নিঠুৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মই জানো ইমান নিঠুৰ

মই ভাবোঁ মোৰ হিয়াখনি
       সীমাহীন মৰমেৰে পূৰ;
তুমি ভাবা হিয়খনি মোৰ
       হিয়াহীন তেনেই নিঠুৰ !
ভুল সখী তোমাৰেই ভুল
       বুজা হলে হিয়াখনি মোৰ,
নকলাহেঁতেন বুলি তুমি
       ‘হিয়াহীন ইমান নিঠুৰ !'
পৰাণৰ প্ৰতিটি ধ্বনিত
       বাজি উঠে সুৰ সুমধুৰ,
সিয়ো যদি নহয় আপোন
       হব নেকি দূৰ বহুদূৰ !
মই ভাবোঁ মোৰেই সুৰত
       বাজি উঠে বাহিৰত গান ;
বাজি উঠে মোৰ সুৰ লয়ে
       হিয়া ভৰা কেতেকীৰ তান !
তুমি ভাবা নিঠুৰ পৰাণে
       নুবুজাৰ ভাও ধৰি মই,
উপহাসি তোমাৰ হৃদয়
       গুচি যাওঁ নিমৰমী হ'ই !
পচোৱায়ো ভাঙে খুন্দা মাৰি
       তুমি ভাবা হিয়া খনি মোৰ,
তেনেহলে আজি কোনে কয়-
       “হিয়া হীন ইমান নিঠুৰ” !
শুনিছাতো বলিয়া অলিৰ
       গুণ গুণ মিঠা মধু সুৰ,
সিও বাৰু হব নেকি সখী
       হিয়া হীন তেনেই নিঠুৰ ?
সীমাহীন প্ৰেমৰ ফুলনি
       তুমি হলা তাৰে এটি ফুল
মই হলোঁ অলিয়া বলিয়া
       মতলীয়া অলি বিয়াকুল !
তথাপিও নুবুজাৰ দৰে
       ভয় কৰা হিয়া খনি মোৰ,
ভয় কৰে মৰম চেনেহ
       ভাবি তুমি তেনেই নিঠুৰ !
কব পাৰা অভিমান কৰি
       হিয়া হীন মোৰ হিয়াখনি,
আৰু তোমাৰেই হিয়াখনি
       সেউজীয়া কোমল বননি !
ময়ো তেনে কম আজি সখী
       নীলিমাৰ কোমলতা সনা
মোৰ এই সৰু হিয়াখনি
       আলসুৱা নিয়ৰৰ কণা !
তুমি যদি কোৱা কান্দি কান্দি
       হলোঁ বুলি তেনেই নিঠুৰ,
ময়ো তেনে উচুপি শুধিম

       মই জানো ইমান নিঠুৰ ।।