তৃপ্তিৰ ৰহস্য

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তৃপ্তিৰ ৰহস্য

জ্ঞানহীন ! মৰণ কাষত ল'ই
       আন্ধাৰৰ সপোন ৰচনা
বন্ধুহীন ! মোহ লগা চেনেহৰ
       হৃদয়ৰ নাই বোল সনা ।
পুত্ৰহীন ! শূ্ন্যঘৰ শূন্যহিয়া
       তথাপিও লাগে ভাল
অসমীৰ পুত্ৰ আমি ক'ত মহাকাল ?
 
ধনৰ কঙালী তুমি সোণৰ মন্দিৰ সাজি
সৌৱা দেখোঁ মহামায়া আছে নাচি নাচি
যাচি দিবা লবা বাছি মণিমুক্তা পাচি পাচি
পাৰা যদি তৃপ্তি লভি থবা সাঁচি সাঁচি !
 
ধৰণীৰ ৰূদ্ধদ্বাৰ ধূলিৰ চাতুৰি
তৃপ্তি ক'ত ? অতৃপ্তিৰ উৰিছে বাতৰি
আকাশত জ্বলি সৌৱা প্ৰদীপ মাদলী
মুক্তিৰ পথত দিয়ে শত স্বাৰ্থ বলি ।।