তোলৈ আৰু তেওঁলৈ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তোলৈ আৰু তেওঁলৈ

ভাবে যদি আলোড়ন তুলি
কবিতাৰ ৰুদ্ধদ্বাৰ খুলি
কিবা কিবি পেলাই মনত
প্ৰণয়ৰ ছাঁ পৰি কোনোবা জনত
অজানিতে মিলি যায়
বুকুৰ বেদনা হায়
মধুময় কোনোবা ক্ষণত।
ভাষা যদি ওলাই সবলে
বিভ্ৰতাৰ ধুমুহা নবলে
ভাবিম কতনো কথা ৰঙা বগা কলা
গাঁথি গাঁথি কবিতাৰ মালা।
সুখৰ দুখৰ ক’ত
ৰচিম সপোন
বুকু ভৰি শিহৰণ তুলি
হৃদয়ৰ দুৱাৰ খুলি
আহিবা আহিবা বুলি
ক’ত বাট চাম।
আন্ধাৰ পাটীত পৰি
মিছাকৈয়ে ভাবি ভাবি
সপোন লহৰি বুলি
ক ’ত চুমা খাম।
তেও যদি নপলায় আশা
বুকু ভৰি সাবটিম
জীৱন মৰণ দিম
তুমি বুলি বিশ্ব জুৰি
শুনিম প্ৰাণৰ তান
শিকিম তোমাৰ সেই মান অভিমান।
তেও যদি আশাটি নুপুৰে
গুচি যাম অকলে অকলে
দূৰণিৰ দূৰ দেশলৈ
বুকু ভৰি আশাটিকে ল’ই
কিয় কিন্তু কবকে নোৱাৰোঁ
আশা কিনো বুজিব নোৱাৰোঁ
মাথো জানো ভাল পাওঁ মই
দুটি হিয়া একে লগে হ’ই
তাকো মাথো আঁতৰে আঁতৰে
একা-বেঁকা বিজুলী বাটেৰে
আশাটিকে আশা কৰি কৰি
ভাল পাম বুকু ভৰি ভৰি
তাকে লৈ জীৱনে মৰণে
গাঁথিম কবিতা মালা বিজয় কাননে!
আকুল পথিক
আকুল পথিক
কোন দূৰণিৰ
বাতৰি আনিছ তই,
হৃদয় মনৰ
আবেগ ভৰা
চেনেহ চেনেহ চাৱনি লৈ!
কোন দুখুনীৰ
উতলাবি প্ৰাণ
তুলিবি আনন্দৰ ঢ’উ,
ৰূপহ চাৱনি
দেখুৱাই তই
নিবিগৈ ফুলৰে ম’উ !
কোন পথিক
আবেগ ভৰা
সুৰটি বজাৱ তই,
আকুল মনত
আশা বিতৰাই
পেলাৱ কলিটি জঁয়!
তোৰ সি মাতত
হয় কণ্ঠৰোধ
নাবাজে হিয়াৰ বীণ,
অতীত কালৰ
মধুৰ স্মৃতি
হৃদয়তে হয় লীন!
নালাগে বজাব
অজান পথিক
নুশুনো তোৰ সুৰ
ভাগি যোৱা মোৰ
হিয়াখনি তই
নালাগে কৰিব জুৰ।।