ভুলৰ পূজা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ভুলৰ পূজা

দেৱতা নিঠুৰ? কয় কোনে? ভুল কিয় কৰা
       বুজিও নুবুজা;
পুৱাৰ কিৰণ সানি গধূলি মৰহি পৰা ফুলৰেই
       দেৱতাৰ পূজা।
নগলে পাষাণ? গলে কাৰ প্ৰাণ? মানুহৰ?
       মানুহক দিবা,
আদিম মানৱে পোৱা দেৱতাৰ প্ৰেম উপহাৰ
       তাৰে উমলিবা?
হায় অভাগিনি ! এয়ে শেষ ভুলৰ বিচাৰ
       তাৰে অধিকাৰ;
বিচাৰিছা ধৰণীৰ ধূলিৰ বুকুত মোৰ
       মিলনৰ হাৰ
দেৱতা নিঠুৰ নগলে পাষাণ মানুহৰ পালা জানো প্ৰাণ
       ইমান আশাৰ?
নিয়তিৰ অন্ধ আৱৰণে লুকুৱাই ৰাখিছে যাক
       কিনো দোষ তাৰ?
মাটিৰ মানুহ আমি নিয়তিৰ হাতৰ পুতলা
       কৰে অবিচাৰ,
জীৱনৰ আঁৰে আঁৰে মৰণৰ ছাঁ লুকুৱাই
       এই অভিসাৰ?
অনৰ্থক মাথো এই আমি যচা মৰতৰ
       প্ৰেমৰ সম্ভাৰ,
চিনিব পাৰিবা জানো নিজকেই তুমি হেৰা বিচাৰিছা
       আজি প্ৰাণ যাৰ?
শুনিলাতো বুজিলাতো মই কোৱা কথা?
       কিয় নুবুজিবা?
ফুল যাচি ভুলৰ মাজত ভুলেকৰা তুমি দেৱতাক
       আৰু নুপুজিবা ।।