বিধৱা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বিধৱা

হায় যৌৱনৰ ৰূপৰ জোৱাৰ
দুটি মোৰ নয়ন জুৰাই
আজি মই বালিকা বিধৱা
পীৰিতিৰ ৰীতি বুজা নাই,
এয়া মোৰ যুগলতি জোৱাৰ
যৌৱনৰ অবাধ আহ্বান
ৰূপ তৃষ্ণা হিয়াৰ পিয়াঁহ
সেয়ে মোৰ প্ৰীতি অভিমান
হে দেৱতা; ব্যৰ্থ জানো নৈবেদ্য সম্ভাৰ
পূজা আজি জানো অৱসান
এই জীৱনৰ উদ্দাম যৌৱন
কোনে প্ৰভু কোনে দিয়া দান
তেতিয়াৰ কুমাৰী বালিকা
শুনিছিলোঁ কিবা জানো কোৱা
জীৱনৰ অজান বাটত
মাণিকৰ মাধুৰী নোপোৱা
যৌৱনৰ ভৰ দুপৰীয়া
আজি তেনে কিয় পথহাৰা
নয়নৰ মুকুতা নিজৰে
জীৱনৰ শোক অশ্ৰুধাৰা
সপোনৰ সোণালী ৰাগত
দিঠকৰ মাধুৰীমা পাই
যৌৱনৰ পীৰিতি আহুতি
দেৱতাৰ চৰণ তিয়াই
আজি মোৰ জীৱন পথত
ফুলা ফুল মাণিক সৰিব
চেনেহৰ বসুধা খনিত
কোনোবাই সাৱটি ধৰিব
আজি মই অলকা পুৰীত
দৃষ্টিহীন সৃষ্টিৰ মাধুৰী
(মই) কিয় তেনে অকলশৰীয়া
প্ৰিয় হাৰা চেনেহ ভিখাৰী
অভিলাষী বিলাব চেনেহ
মিলনৰ সোণালী যামিনী
কাক তই বুকুত সাৱটি
অভিলাষী পূজাৰী হেঁপাহ
মিলনৰ প্ৰথম নিশাই
ফুলা ফুল হ'ল পাহ পাহ
তোৰ আৰু দেৱতাক তই
পূজাৰিণী নোৱাৰ আনিব
ফুলা ফুল ফুলি সৰি গ'ল
ভোমোৰাই কিমান কান্দিব।
(কিন্তু) তোৰ আৰু ভোমোৰাৰ কথা
কোনে বুজে কোনে পায় ব্যথা,
ভোমোৰাৰ প্ৰাণৰ প্ৰিয়াই
ফুলনিৰ ফুলে ফুলে গঁথা
মানৱৰ ফুলনি বাৰীত
কাঁইটীয়া সমাজ বনত
ভৰি তই পেলাবি কেনেকৈ
অতীতক পৰিব মনত
তোৰ ৰূপ যৌৱন মাধুৰী
অবিচাৰ যৌৱন জানি
অবিচাৰ সমাজৰ চকু
কলুষিণী কৰিব আনি
মহা পাপ ভাল পোৱা তোৰ
কাকো তই নোৱাৰ বিলাব?
চিৰ দিন বুকুৰ পোৰণি
পোৰণিত মৰিব লাগিব।
পুৰুষৰ যৌৱনৰ দাবী
তোক লাগে পিঁয়াহ পূৰাব
কোন তই কোন অনাথিনী
কিয় তোৰ বিচাৰ কৰিব !
কৰ তোৰ দেৱতাৰ পূজা
প্ৰয়োজন যৌৱনৰ ৰোধা
কামিনীৰ কামনা কাঞ্চন
সুখ তোৰ, পতিতা বিধৱা
সেয়ে তোৰ দাৰুণ বিচাৰ
হিয়া ভগা ভৰা যাতনাৰে
সুখ তোৰ দুখৰ ৰাতিত
নুপুৱক সমাজে বিচাৰে ।
 
হে দেৱতা!
দুচকুত বিচাৰ বিজুলী
চমকত বুকুৰ কঁপনি
প্ৰাণ ভৰা মিলন আশাৰ
হিয়া খনিত মধুৰ আমনি
এয়ে মোৰ বিধৱা জীৱন
তাকে ল'ই পূজা আয়োজন
তাকে ল'ই অৰ্পিম কামনা
বিধৱাৰ জীৱনৰ পণ ।।