প্ৰীতি উপহাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
প্ৰীতি উপহাৰ

আয়ৈ বহাগী ঐ কৰেণো বতাহী বাতৰি
আনিলি বুকুতে নধৰা কই
কতনো যুগৰে চেনায়ে বুকুতে নুবুজা
চেনেহী মাতেৰে মাতিলি তই
প্ৰাণতে উঠিলে প্ৰাণৰে কঁপনি
গীতৰে সুৰতে কঁপালি বননি
চেনেহৰ মউতে মাখিটি বুৰিলে
এঠানি এবানি আমনি নলগা হই
আয়ৈ প্ৰাণৰে বান্ধৈ মোৰ
শিকালি কিটিনো অমিয়া মহিমা
ল'ৰালিত উমলা যৌৱনৰ পীৰিতি
শেষেৰে মৰণক লই
শ্যামলা বসুধা চিকুনি অপৰা
ৰূপ জোৱাৰৰ মাধুৰি গৰিমা
পাতে বনে বনে প্ৰাণে গানে গানে
ফুটোনে নুফুটো উৰুলি সুষমা
আয়ৈ বহাগী ঐ তোৰ প্ৰাণৰ বান্ধৈটি
কলীয়া কুলিৰে গীতৰে লহমা ।
ৰূপহীৰ ৰাঙলী চিকুণী ওঁঠতে
যাচিলে চেনেহৰ চুমা
যৌৱনৰ জোৱাৰৰ বুকুতে আমনি
বিৰিণাৰ তলতে নেঠনি মাৰিলি
নাচনী বহাগী আগতে ওলালি
শুনিবি নুশুনা সুৰ।
আমনি নালাগে জামনি নালাগে
চিৰতি উলাহে পূৰ।
আয়ৈ সাতাম পুৰুষীয়া বহাগী সুৰীয়া
হেঁপাহৰ পেঁপাটিৰ মাত
(মোৰ) বুকুতে উঠিছে সমীৰ পুৰীৰে
লাৱনিৰ নমৰে জাত
কৰেনো বহাগী ক'লৈনো আহিলি
লগতে আনিলি কাক
ফুতুকাৰ তলতে টকাই টকে টকায়
গাভৰুৰ নাচৰে পাক
মালিনী অসমীক কৰি গৰবিনী
ৰাখিলি তয়েহে চিন
মিৰি নাগিনীয়ে চাপৰি বজালে
জগতত অসমৰ দিন
পাহাৰৰ সিপাৰৰ চেনায়ে মাতিলে
ভৈয়ামত ফুটিলে উকি
পাহাৰৰ নিজৰা ভৈয়ামত নিজৰি
চেনেহৰ মাধুৰী বাকি
বহাগীৰ বুকুৰে চেনেহৰ উমতে
পাহাৰৰ নাগিনী আমি
ভৈয়ামৰ গাভৰুৰ বুকু জুৰ কৰিলে
অসমৰ গাভৰু আমি
আয়ৈ মোৰ জনমৰ চিকুণী বিহুটি
নুফুলা মুকুলক ফুলটি কৰিলি
নুফুটা লহৰত সুষমা সানিলি
জগতত ৰচিলি চিন।
পাহাৰী ভৈয়ামী সবাকো শিকালি
আমি অসমীয়া তিয়াগা মিছালি
জগতত আমাৰে দিন,
কাৰনো তোৰ দীপক ঐ সুৰ
নুমুৱা চাকিটিৰ শলিতা জ্বলালি
অসমী আইৰে বুকু উজলালি
নুপুৱাই সুখৰে ৰাতি
অসমৰ আকাশত দীপালী পাতিলে
ৰূপহী জোনায়ে হাঁহিটি মাৰিলে
বেলিটি নিদিয়ে ভাটি ।।