ভাল পোৱা

ৱিকিউৎসৰ পৰা
ভাল পোৱা

মোৰ জীৱনৰ
ৰঙা মদাৰৰ
ৰঙা পলসৰ
কেঁচা সেউজীয়া ধুন;
যৌৱনৰ মোৰ
শত কামনাৰ
শত লালসাৰ
ৰূপালী আশাৰ জোন,
দিনে দিনে জ্বলা
নতুন বিজুলী
নতুন তৰাৰ
মন নচুওৱা
ছন্দ কথাৰ গান;
নিজৰাৰ দৰে
লাস্যময়ী
জোনাকৰ দৰে
ঢৌৱে ঢৌৱে খেলা
নৃত্য নিপুণ প্ৰাণ ;
মোৰ জীৱনৰ
মানসৰ
বগা তেজ
কালৰ হেঁচাত
গোট মৰা তাৰ
শিলাকুটি কৰা
সপোনৰ কাৰু-কাজ
মোৰ জীৱনৰ চাকি;
ঢিমিক ঢামাক
জলোঁতে জলোঁতে
হিয়া পুৰি নিয়ো
চগাক ভুলোৱা ফাঁকি !
জীৱনৰ মোৰ শিল্পী সুন্দৰ
সুৰৰ ৰূপৰ
কবি,
সপোনতে নিতে
অঁকা বহি বহি
সৃজনৰ ছায়া-ছবি,
ৰূপ প্ৰকাশৰ নিজক নতুন কৰা
নতুন ছলনা !

 
মই ভালপোৱা হাঁহি
তোমাৰ চকুত
মোৰ লালসাৰ
ফুলৰ সুষমা কোমল উপমা
কঁপেহি ভাহি ।


ভাল পাওঁ বোলা
অভিলাষ মোৰ
অভিমানী তুমি
বুজিব নোৱাৰা ফাঁকি ।
দিনে দিনে যাওঁ
গালৰ চুমাত
ওঁঠৰ চুমাত
বুকুৰ চুমাত
আঁকি-
মোৰ হৃদয়ৰ মোৰ হৰষৰ
সৃজনৰ আশা;
প্ৰতি পৰমাণু বাকি !

 
দেখা নাই জানো
ভাল পোৱা মোৰ
ভাবুকৰ দৰে
নিজুম নিতাল আন্ধাৰৰ দৰে
অকলশৰীয়া গহীন দুপৰৰ ৰাতি ?
দেখা নাই জানো
ভালপোৱা মোৰ
সাতো সৰগৰ নীলা ঢউ যেন
খেলি খেলি যোৱা
পুৱাৰ কিৰণ
সানি?
 
আৰু-
ভাল পোৱা মোৰ
ভাল লগা সেই
চুচুক চামাক চোৰৰ দৰে
লোকে দেখা ভয় বুকুত কঁপা ?
 
পোহৰৰ দৰে
বগা প্ৰকাশৰ
কোমল
কঁপনি
কুঁৱলীৰে যেন ঢকা ?
 
চঞ্চল মই – চিৰ গতিময়
চিৰ চঞ্চল
ভাল পোৱা মোৰ
চঞ্চলা হেৰ !
আহা কাষ চাপি
কোৱাহি কথা !
ভা-ল-পা-ওঁ
বোলা
চাৰিটি আখৰে
তোমাৰ মুখৰ
কঁপাবাহি মোৰ
নীলা জীৱনৰ সিপাৰৰ সুখ ব্যথা !!