বাকীছোৱা জীৱন/ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ

ৱিকিউৎসৰ পৰা
[ ৭০ ]

ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ

 ৩১ অক্টোবৰ ১৯৮৪ চন। সিদিনা গাটো ভাল নলগা বাবে মই কামলৈ যোৱা নাছিলো। হঠাতে চুবুৰিৰ ল’ৰা এজনে ক’লে ইন্দিৰা গান্ধী আততায়ীৰ গুলীৰ আঘাতত আহত হৈ হাস্পতালত আছে। তেতিয়াৰ দিনত আজিৰ দৰে অসংখ্য টিভি চেনেল নাছিল যদিও অলপ সময়ৰ পাছতে সঠিক বাতৰি পোৱা গ'ল। মুহূৰ্ততে কলকাতাৰ যান-বাহন অচল হৈ পৰিল। অফিচ-স্কুল-কলেজৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে খোজকাঢ়ি নিজ নিজ ঘৰলৈ উভতিবলৈ ধৰিলে। বিশাল মহানগৰীখনৰ হেজাৰ হেজাৰ মানুহৰ সিদিনা পানীত হাঁহ নচৰা অৱস্থা। লগে লগে দেশৰ একাংশ জুৰি আৰম্ভ হ’ল শিখ নিধন যজ্ঞ। কেৱল দিল্লীতে পুৰি মাৰিলে অসংখ্য শিখ সম্প্ৰদায়ৰ লোকক। যেনিবা আততায়ী শিখ হোৱা বাবে সকলো শিখেই হত্যাকাৰী। আমাৰ মানুহৰ মানসিকতা কেতিয়া যে মধ্য যুগৰ সীমা অতিক্ৰম কৰিব নাজানো। কলকাতাতো আৰম্ভ হৈছিল হিংসাত্মক কাণ্ড-কাৰখানা। পিছে চৰকাৰে কঠোৰ হাতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে।

 তথাপিতো মহানগৰীৰ বাতাৱৰণ অশান্ত হৈ আছিল কেইবাদিন ধৰি। মানুহে ঘৰৰ পৰা ওলোৱা-মেলা কমাই দিছিল যদিও এটা সময়ত সকলোৱে ওলাবলগীয়া হ'ল। কামলৈ গৈ শুনিলো এনথ্র’প’ল'জিকেল চাৰ্ভেৰ একমাত্ৰ শিখ বিষয়া যোগিন্দৰ সিঙৰ সন্ধানত এটা বিশাল শিখবিৰোধী দল তেওঁৰ ঘৰলৈ আহিছিল। এনে এটা পৰিস্থিতি হ’ব পাৰে বুলি ভাবি তেওঁক ওচৰৰ বঙালী মানুহকেইঘৰে আশ্রয় দি লুকুৱাই ৰাখিছিল। গুণ্ডাৰ দলটোৱে যোগিন্দৰক ঘৰত নাপাই চুবুৰীয়াৰ ঘৰবোৰতো তেওঁক [ ৭১ ] বিচাৰি আহিছিল। প্ৰত্যেক ঘৰৰ গৃহস্থকো ৱাৰ্নিং দিছিল যে যাৰ ঘৰত পোৱা যাব তেওঁকো শুদাই নেৰিব। কেইটামান ঘৰত তালাচী চলাই যোগিন্দৰক নোপোৱা বাবে এটা সময়ত সিহঁতে প্ৰস্থান কৰে। পিছে তেওঁ সেই চুবুৰীতে সুৰক্ষিত অৱস্থাত আছিল। সিদিনা মাজনিশা তেওঁক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হয়।

 এসপ্তাহমানৰ পাছত যোগিন্দৰৰ কোঠাৰ চকীখনত দেখিলো অচিনাকি মানুহ এজনক। ভাবিলো তেওঁ কলকাতা এৰিলে আৰু তেওঁৰ ঠাইলৈ আহিল নতুন মানুহ। যোগিন্দৰৰ কোঠাটো আছিল মোৰ কোঠাৰ কাষত। নতুন ডেকা বিষয়াজনে মোলৈ চাই মিচিক মিচিককৈ হঁহা দেখি ওচৰলৈ গৈছিলো চিনাকি হ’বলৈ। পিছে আমাক আচৰিত কৰি ডেকাজনে ক’লে তেঁৱে ডাঢ়ি-চুলি বিসৰ্জন দি অহা যোগিন্দৰ! বাংলা ভাষাত ইয়াকে কয়— 'চাচা, আপন প্ৰাণ বাচা’। প্ৰাণেই যদি যায় ধৰ্ম মানি লাভ কি? আমাৰ পুত্ৰৰ শিখ বন্ধু এজনে হেনো ডাঢ়ি-চুলি কাটি আহি বন্ধুসকলক কৈছিল ইন্দিৰা গান্ধীৰ নামত সেইবোৰ ‘ছেক্ৰিফাইছ’ কৰিলে বুলি।

 বেচেৰা শিখসকলৰ অৱস্থালৈ চাই ভাবিছিলো ১৯৪৭ চনত ভাৰত দ্বি-খণ্ডিত হৈ স্বাধীন হোৱাৰ সময়ত পশ্চিম পঞ্জাৱৰ হিন্দু আৰু শিখসকলৰ তেজেৰে ৰঞ্জিত হৈছিল ৰাজ্যখনৰ মাটি। কিছুমান পৰিয়ালে বিধৰ্মীৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ আশংকাত ভগ্নী-কন্যাসকলক নিজহাতে কাটি বা গুলীয়াই মাৰি অশেষ যাতনা ভুগি ভাৰতলৈ আহিছিল। আৰু ধীৰে ধীৰে এইখন দেশকে মাতৃভূমি বুলি আঁকোৱালি লৈছিল। মাজে মাজে ভাবো ধৰ্মই কৰে অধৰ্মৰ কাম। পৃথিৱীত এটা মাত্ৰ ধৰ্ম থকা হ'লে— যাৰ নাম মানৱধৰ্ম— এই বিশ্বখনত কিমান যে সুখ, শান্তি বিৰাজ কৰিলেহেঁতেন! আনহাতে সকলো ধৰ্মৰ মূল কথা একে হ’লেও নাজানো কিয় এটা ধৰ্মাৱলম্বীয়ে আনটোক সহিব নোৱাৰে!