পৃষ্ঠা:অনিমা গুহ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিচাৰি আহিছিল। প্ৰত্যেক ঘৰৰ গৃহস্থকো ৱাৰ্নিং দিছিল যে যাৰ ঘৰত পোৱা যাব তেওঁকো শুদাই নেৰিব। কেইটামান ঘৰত তালাচী চলাই যোগিন্দৰক নোপোৱা বাবে এটা সময়ত সিহঁতে প্ৰস্থান কৰে। পিছে তেওঁ সেই চুবুৰীতে সুৰক্ষিত অৱস্থাত আছিল। সিদিনা মাজনিশা তেওঁক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হয়।

 এসপ্তাহমানৰ পাছত যোগিন্দৰৰ কোঠাৰ চকীখনত দেখিলো অচিনাকি মানুহ এজনক। ভাবিলো তেওঁ কলকাতা এৰিলে আৰু তেওঁৰ ঠাইলৈ আহিল নতুন মানুহ। যোগিন্দৰৰ কোঠাটো আছিল মোৰ কোঠাৰ কাষত। নতুন ডেকা বিষয়াজনে মোলৈ চাই মিচিক মিচিককৈ হঁহা দেখি ওচৰলৈ গৈছিলো চিনাকি হ’বলৈ। পিছে আমাক আচৰিত কৰি ডেকাজনে ক’লে তেঁৱে ডাঢ়ি-চুলি বিসৰ্জন দি অহা যোগিন্দৰ! বাংলা ভাষাত ইয়াকে কয়— 'চাচা, আপন প্ৰাণ বাচা’। প্ৰাণেই যদি যায় ধৰ্ম মানি লাভ কি? আমাৰ পুত্ৰৰ শিখ বন্ধু এজনে হেনো ডাঢ়ি-চুলি কাটি আহি বন্ধুসকলক কৈছিল ইন্দিৰা গান্ধীৰ নামত সেইবোৰ ‘ছেক্ৰিফাইছ’ কৰিলে বুলি।

 বেচেৰা শিখসকলৰ অৱস্থালৈ চাই ভাবিছিলো ১৯৪৭ চনত ভাৰত দ্বি-খণ্ডিত হৈ স্বাধীন হোৱাৰ সময়ত পশ্চিম পঞ্জাৱৰ হিন্দু আৰু শিখসকলৰ তেজেৰে ৰঞ্জিত হৈছিল ৰাজ্যখনৰ মাটি। কিছুমান পৰিয়ালে বিধৰ্মীৰ দ্বাৰা ধৰ্ষিতা হোৱাৰ আশংকাত ভগ্নী-কন্যাসকলক নিজহাতে কাটি বা গুলীয়াই মাৰি অশেষ যাতনা ভুগি ভাৰতলৈ আহিছিল। আৰু ধীৰে ধীৰে এইখন দেশকে মাতৃভূমি বুলি আঁকোৱালি লৈছিল। মাজে মাজে ভাবো ধৰ্মই কৰে অধৰ্মৰ কাম। পৃথিৱীত এটা মাত্ৰ ধৰ্ম থকা হ'লে— যাৰ নাম মানৱধৰ্ম— এই বিশ্বখনত কিমান যে সুখ, শান্তি বিৰাজ কৰিলেহেঁতেন! আনহাতে সকলো ধৰ্মৰ মূল কথা একে হ’লেও নাজানো কিয় এটা ধৰ্মাৱলম্বীয়ে আনটোক সহিব নোৱাৰে!


জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ

 ১৯৮৫ চনত খড়গপুৰ আই আই টিৰ পৰা বি টেকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কেইমাহমানৰ ভিতৰতে জয় আমেৰিকামুখী হ’ল। উদ্দেশ্য গৱেষণা কৰা আৰু পি এইচ ডি ডিগ্ৰী অৰ্জন কৰা। তাৰ আগতে জি আৰ ই, টোৱেফল আদি প্ৰয়োজনীয় পৰীক্ষাবোৰ পাছ কৰিছিল খড়গপুৰত পঢ়ি থাকোতেই। কোৱা বাহুল্য, বিদেশত পঢ়ুৱাব পৰা আৰ্থিক ক্ষমতা আমাৰ নাই। যোৱাৰ আগতেই সি এটা ৰিছাৰ্চ এছিষ্টেণ্টশ্বিপ

বাকীছোৱা জীৱন /৭১